Kenekoi

বিষাদ যোগ

মহাৰথী কাক বোলে?
কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল?
আততায়ী কাক বোলে?
কুলক্ষয় দোষ কি?
তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা।
কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
"জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.......।" এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখাঃ নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমঙ্গল, বান্ধৱ।
শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।
ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
ভট্টদেৱৰ পিতৃ-মাতৃৰ নাম কি?
ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
ভট্টদেৱে আগতে কোনখন ভাগৱত ভাঙনি কৰিছিল?
ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা?
ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল?
ধৃষ্টদ্য়ুম্ন কাৰ পুত্ৰ আাছিল?
সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
পাণ্ডৱসকলৰ পিতৃৰ নাম কি আাছিল?
'বিষাদ যোগ' পাঠটো ক'ৰ পৰা লোৱা হৈছে?