April 9, 2025, 4:08 a.m.
অসম কৃষি বিশ্ববিদ্যালয়ঃ- ১৯২৩ চনত কৰিমগঞ্জত আৰু তাৰ পিছত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি পদক্ষেপ আছিল। এই কেন্দ্ৰসমূহে যদিও গৱেষণা আৰু প্ৰশিক্ষণ আবিৰামভাৱে চলাই গৈছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয়ৰ আৱশ্যকীয় হৈ পৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত বৰদলৈ মন্ত্ৰীসভাৰ দিনত ১৯৪৮ চনত নগাঁওত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৱৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।
এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ হৈছে 一
(ক) কৃষিত মানৱ সম্পদৰ বিকাশ সাধন কৰা।
(খ) কৃষিত বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।
(গ) প্ৰযুক্তিবিদ্যাৰ উন্নতি আৰু ইয়াৰ ৰাজহুৱা প্ৰচাৰ কৰা।
(ঘ) কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা।
(ঙ) কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ লোকৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তাৰ সৃষ্টি কৰা।
গুৱাহাটী বিশ্ববিদ্যালয়ঃ- উত্তৰ-পূৱ ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটীত বিশ্ববিদ্যালয় স্থাপন কৰাৰ সম্ভৱ বুলি পোনতে মত প্ৰকাশ কৰিছিল কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। এই সম্পৰ্কত ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত আছাম এছ’চিয়েচনৰ বাৰ্ষিক সভাতো এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। পৰৱৰ্তী সময়ত যাবতীয় তথ্যপাতি আৰু স্থান নিৰ্বাচন কৰিবলৈ ১৯৪০ চনত সূৰ্য কুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হয়। প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নাতকোত্তৰ বিভাগ আছিল।
অসম চিকিৎসা মহাবিদ্যালয়ঃ- ডিব্ৰুগড়ত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ১৯০০ চনত ডিব্ৰুগড়ত ডঃ জন বেৰী হোৱাটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে "বেৰী হোৱাইট মেডিকেল স্কুল" স্থাপন হৈছিল। ডঃ জন বেৰী হোৱাট আছিল লখিমপুৰৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ বাবে ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি অনা হৈছিল আৰু ৰেডিঅ'লজী বিভাগ আৰম্ভ কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে "অসম চিকিৎসা মহাবিদ্যালয়" নামেৰে নামাংকিত কৰা হয় ।