শ্ৰম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাৰ বহলভাৱে ব্য়ৱহাৰ হয়।
হাঁহ, কুকুৰা, শিয়ালৰ প্ৰিয় খাদ্য়। কিন্তু হাঁহ-কুকুৰাবোৰ আপোনা-আপোনিকৈ শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ ধৰিব লাগে। নানান চেষ্টা কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনৰ সুখ-শান্তিত থাকিবলৈ হ'লে তেওঁ পৰিশ্ৰম কৰিব লাগে। নিজে ধন অৰ্জন কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আলস্য়ত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদগতি কৰিব নোৱাৰে। সেয়ে উদগতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।