স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে 一
(i) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দেশৰ সমূহ জনগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হ'লে গণ আন্দোলনত যে বিজয় নিশ্চিত, সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল।
(ii) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।
(iii) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।