Add Book Write Article
Cancel

১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 3:36 a.m.

(ক) জয়ন্তীয়া ৰাজ্যখন ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিংৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। ইংৰাজৰ লগত চামিল হোৱাৰ বাবে স্বাধীনচিতিয়া জয়ন্তীয়াসকল বিক্ষুব্ধ হৈ পৰে।

(খ) ৰাজনৈতিক প্ৰতিনিধিৰ তলত দেৱানী আৰু ফৌজদাৰী বিচাৰ তেওঁলোকে নিজেই কৰিছিল। কিন্তু ইংৰাজ প্ৰশাসনে তাত দোষ উলিয়াই।

(গ) জনজাতি লোকসকলে মুকলিকৈ সামূহিকভাৱে মাছধৰা, খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহত নিষেধাজ্ঞা আৰোপ কৰি ব্ৰিটিছে ৰাজহ সংগ্ৰহৰ বাট মুকলাই। তাৰোপৰি তেওঁলোকৰ ওপৰত কৰ্তৃত্ব জাৰি কৰিবলৈ ব্ৰিটিছে আয়কৰ, ঘৰকৰ বহুৱাইছিল। ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান আৰু সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰে পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনেও জয়ন্তীয়াসকলক ইংৰাজৰ বিৰোধী কৰি তুলিছিল।

(ঘ) প্ৰথমে ব্ৰিটিছে ঘৰকৰ প্ৰৰ্ৱতন কৰাৰ সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰে। লগে লগে জয়ন্তীপুৰ, মূলাগোল, জাফলং, চেৰা আদিতো বিদ্ৰোহৰ সূত্ৰপাত হয়।

(ঙ) ১৮৬১ চনত উকিয়াং নবাৰ নেতৃত্বত জয়ন্তীয়া ব্ৰিটিছৰ বিৰুদ্ধে সজোৰে বিদ্ৰোহ ঘোষণা কৰে।

(চ) ১৮৬২ চনৰ ১৭ জানুৱাৰীত জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনী আক্ৰমণ কৰে আৰু জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰ পথ দুটা অৱৰোধ কৰে।

(ছ) জয়ন্তীয়াসকলক নিয়ন্ত্ৰণৰ বাবে ইংৰাজ চৰকাৰে প্ৰেৰণ কৰা বিশেষ সৈন্য বাহিনীয়ে প্ৰজাৰ ওপৰত অমানসিক অত্যাচাৰ চলাইছিল। বিদ্ৰোহীসকলেও প্ৰতিপক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল।

(জ) জয়ন্তীয়াসকলৰ অঞ্চলত ইংৰাজে প্ৰশাসনিক দিশত ব্যাপক সালসলনি কৰে। নেৰা-নেপেৰা চৰকাৰী আক্ৰমণৰ বাবে বিদ্ৰোহীসকলৰ শক্তি কমি আহিল।

(ঝ) অৱশেষত বিদ্ৰোহৰ নেতা উকিয়াং নবা ইংৰাজৰ হাতত ধৰা পৰে আৰু বহু লোকৰ উপস্থিতিত ব্ৰিটিছে তেওঁক ফাঁচীকাঠত ওলোমাই। পৰৱৰ্তী সময়ত বহু বিদ্ৰোহীয়ে স্ব-ইচ্ছাৰে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে। ১৮৬৩ চনৰ ভিতৰত জয়ন্তীয়া বিদ্ৰোহৰ অৱসান ঘটে।