Add Book Write Article
Cancel

১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 3:32 a.m.

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমৰ শাসনভাৰ ইংৰাজৰ হাতলৈ যায়। এই ঘটনাৰ দ্বাৰা অসমৰ জনসাধাৰণৰ জাতীয় চেতনা আৰু আত্মসন্মানত যথেষ্ঠ আঘাত জন্মিছিল। সেয়ে তেওঁলোক সংগঠিত হৈ বিদ্ৰোহৰ সূত্ৰপাত ঘটায়। ইয়াৰ উপৰিও আহোম ৰাজবংশৰ উচ্চপদসহ বিষয়া সকলে কন্দপেশ্বৰ সিংহক পুনৰ সিংহাসনত বহোৱাৰ যো-জা কৰিছিল আৰু তাৰ ফলশ্ৰুতিতো বিদ্ৰোহৰ জুই জ্বলিছিল।

সাধাৰণ জনতাৰ ওপৰত ইংৰাজে জধে-মধে কৰ আৰোপ কৰিছিল। মাটিৰ খাজানা বৃদ্ধি কৰিছিল। কৰ পৰিশোধ কৰিব নোৱাৰা জনতাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল।ইংৰাজসকল অসমলৈ অহাৰ সময়লৈকে ব্ৰাহ্মণ, গোঁহাই আৰু সত্ৰাধিকাৰসকলে বিনা খাজানাত লাখেৰাজ ভূমি লাভ কৰিছিল। ইংৰাজে তেওঁলোকৰ পৰা সেই ভূমি কাঢ়ি লয়।অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে ব্ৰিটিছ শাসনৰ লগত নিজকে জড়িত কৰিবলৈ চেষ্টা কৰিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে বিফল হ'বলগীয়া হৈছিল। ইংৰাজ শাসনত বংগদেশৰ পৰা শিক্ষিত ব্যক্তি আনি অসমৰ অফিচ কাছাৰীত নিয়োগ কৰা হৈছিল। ফলত অসমৰ অভিজাত শ্ৰেণীৰ ডা-ডাঙৰীয়াসকলে নিজৰ নিজৰ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছিল। কিছুসংখ্যকে মৌজাদাৰ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্ব পাইছিল যদিও বংগদেশ আৰু পশ্চিম ভাৰতৰ পৰা অহা বঙালি আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক বেছিভাগ দায়িত্ব অৰ্পণ কৰা হৈছিল। ইংৰাজ শাসনৰ তলত বিদ্ৰোহৰ নেতা মণিৰাম দেৱানেও নিজৰ চৰকাৰী পদবী হেৰুৱাবলগীয়া হৈছিল। আহোমৰ ৰাজবংশৰ পৰিয়ালৰ ব্যক্তি, উচ্চ পদস্থ বিষয়া, পুৰোহিত, ব্ৰাহ্মণ ইত্যাদি লোকসকলে নিজৰ লগত লগুৱা, চাকৰ, বান্দী, বেটী ৰাখিব পাৰিছিল। ইংৰাজে সেই পৰম্পৰা উঠাই দিয়ে। ইয়াৰ ফলতো সমাজৰ আঢ্যৱন্ত লোকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট আছিল।