১৮৬১ চনৰ ফুলগুৰিত হোৱা কৃষক বিদ্ৰোহৰ পৰা ইংৰাজ চৰকাৰে একো শিক্ষা লোৱা নাছিল। তাৰ পৰিৱৰ্তে কৃষকৰ ওপৰত খাজানাৰ পৰিমাণ বৃদ্ধি কৰি গৈ থাকিল। ১৮৯২ চনত অসমৰ চীফ কমিচনাৰ ৱৰ্ডে খাজানা হাৰ পূৰ্বতকৈ ১০০% লৈ বৃদ্ধি কৰাত কৃষকসকলৰ ধৈৰ্য হেৰাল। তাৰে পৰিণামস্বৰূপে ১৮৯৩ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত এলানি কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল। উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমাত কেইবাটাও অঞ্চলৰ লোকে খাজানা নিদিয়াৰ সিদ্ধান্ত লৈছিল। ৰাইজমেল অনুষ্ঠিত কৰি ৰাইজে বিৰোধিতা সাব্যস্ত কৰিছিল আৰু যিসকল কৃষকে চৰকাৰক খাজানা আদায় দিছিল সেইসকলক সমাজচ্যুত কৰা হ'ব বুলিও ঘোষণা কৰিছিল। ইয়াৰ লগে লগে কৃষকসকলে মাটি বন্ধকত লৈ কৃষকসকলক ধাৰ দিয়া মাৰোৱাৰী লোকৰ বিৰুদ্ধেও যুঁজ দিছিল।
১৮৯৩ চনৰ ২৪ ডিচেম্বৰ দিনা ৰঙিয়া বজাৰত লুটপাতৰ বিদ্ৰোহৰ আৰম্ভণি হয়। ৩০ ডিচেম্বৰৰ ৰঙিয়া আৰু ওচৰৰ কৃষকসকলে অঞ্চলটোৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক লঘু লাঞ্চনা কৰে আৰু মাৰোৱাৰী মহাজনৰ হাতত থকা মাটিৰ বন্ধকীৰ নথি লুটপাত কৰে। সিদিনা চৰকাৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰিত হয়। কৃষকসকল সুসংগঠিত হৈ থকাৰ বাবে পুলিচ প্ৰশাসনে প্ৰথম অৱস্থাত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৮৯৪ চনৰ ৮ জানুৱাৰীত কৃষকসকলে নিজৰ অভাৱ অভিযোগ উপায়ুক্তক জনাবলৈ এখন ৰাইজমেল অনুস্থিত কৰিছিল। তাৰ পৰা ১৫ জন কৃষকক পুলিচে আটক কৰে। ১০ জানুৱাৰীত পুনৰ অনুস্থিত এখন ৰাইজমেলত বিভিন্ন মৌজাৰ প্ৰায় ৩,০০০ কৃষক আহি সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বন্দীসকলক মোকলাই দিবলৈ দাবী উপায়ুক্তক জনায়। উপায়ুক্তই আলোচনাৰ বাবে তেওঁলোকৰ মাজৰ পৰা এজন প্ৰতিনিধি বিচৰাত কৃষকসকলে চিঞৰি চিঞৰি বৰ্ধিত খাজানা দিয়া নহ'ব জনাই দিয়ে আৰু জোৰ কৰি থানাত প্ৰৱেশৰ চেষ্টা চলাই। উপায়ুক্ত মেক কেবে গুলী চালনাৰ নিৰ্দেশ দিয়াত কৃষকসকলে সেই স্থান ত্যাগ কৰে। তাৰ পিছত উপায়ুক্তই এখন জাননী দাবী কৰি তেওঁৰ আগতীয়া অনুমতি অবিহনে কোনেও ক'তো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰী কৰে। উপায়ুক্তই চক্ৰান্তৰে কৃষকৰ মাজৰে পৰা কিছু ব্যক্তিক কনিষ্টবল পদত নিযুক্তি দি তেওঁলোকৰ সহায়েৰে কৃষকক খাজানা দিবলৈ ৰাজী কৰোৱাৰ লগতে ৰায়তত শান্তি স্থাপনৰ চেষ্টা চলাইছিল। অৱশ্যে চৰকাৰৰ এই পদক্ষেপবোৰৰ পিছতো ৰাইজমেলবোৰ বন্ধ হোৱা নাছিল। উত্তৰ-কামৰূপৰ অন্য প্ৰান্তত প্ৰতিবাদ অব্যাহত আছিল।