আজান ফকীৰঃ- ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম "হজৰত শ্বাহ মিলন"। জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি অজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমত আজান ফকিৰে বহুত শাস্তিৰ সন্মুখীন হৈছিল। পিছত তেওঁৰ মাহাত্ম্যৰ কথা বুজি পাই আহোম ৰজা গদাধৰ সিংহই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম-চৰ্চা আৰম্ভ কৰে। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল। সেই ঠাইতে তেওঁৰ মৃত্যু হয়।