আমাৰ দেহটো এটা সঁজাৰ দৰে। যেতিয়ালৈকে এই সঁজাত অৰ্থাৎ আমাৰ দেহটোত জীৱটো সোমাই থাকে, তেতিয়ালৈকে মানুহে নিজ ইচ্ছামতে চলি থাকে আৰু নিজৰ দেহটোকলৈ গৌৰৱবোধ কৰে। মানুহে নিজৰ সংসাৰৰ মায়ামোহত বন্দী হৈ থাকে। কিন্তু মানৱ জীৱন হ'ল ক্ষন্তেকীয়া। দেহৰ পৰা যেতিয়া জীৱটো ওলাই যায় তেতিয়াই জীৱনকাল শেষ হয়। দেহৰ পৰা ওলাই যোৱা জীৱই আঁতৰৰ পৰাই চাই থাকে। দেহত জীৱটো সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে, দেহৰ পৰা ওলাই যোৱাৰ পাছত দেহটোৰ প্ৰতি থকা মৰম- চেনেহো ত্যাগ কৰে।