প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ - লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি।