প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত "জিকিৰ" ৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ থাকিলে যে মক্কা বা ত্ৰিবেণীলৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰি, সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে।
ব্য়াখ্য়াঃ তিৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দু সকলৰ পৱিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী এই তিনিখন নদীৰ সংগম স্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পাব পাৰি বুলি বিশ্বাস কৰে। মক্কাক এই ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। কাৰণ ত্ৰিবেণী যিদৰে হিন্দুসকলৰ পৱিত্ৰ স্থান, ঠিক সেইদৰে মক্কাও মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান। সেয়েহে মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হয় আৰু মুক্তি লাভ কৰিব পাৰি। কিন্তু যিসকল লোক সংসাৰৰ মায়া- মোহত আৱদ্ধ তেওঁলোকে মক্কালৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰে। কিয়নো সংসাৰৰ মায়া-মোহৰ পৰা ওলাব নোৱাৰিলে আল্লাক প্ৰকৃত অন্তৰেৰে বিচাৰিব নোৱাৰি। সংসাৰৰ মায়া মোহে তেওঁলোকক আৱদ্ধ কৰি ৰাখিছে। সেয়েহে সংসাৰৰ মায়ামোহে তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত তেওঁলোকে মুক্তি বিচাৰিলে সুখৰ পৰিৱৰ্তে দুখহে পায়।