“আচমানৰ কুটুব তৰা আদমৰ জাত। সজাত মইনা আছে ঘনে লগায় মাত॥" -- অন্তৰ্নিহিত অৰ্থটো বুজাই লিখা।
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথি 'অসমীয়া সাহিত্য় চয়নিকা'ৰ আজান ফকিৰৰ 'জিকিৰ' পাঠটিৰ পৰা তুলি লোৱা হৈছে।
সংগতিঃ ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক'বলৈ বিচাৰিছে।
ব্য়াখ্য়াঃ আচমান অৰ্থাৎ আকাশৰ তৰাৰ লগত সম্পৰ্ক আছে। আকাশ হ'ল মহাশূন্য়, তৰাইহে তাক পোহৰাই তোলে। তৰাৰ তিৰবিৰণি নহ'লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দৰ্যহীন তথা মূল্য়হীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীৰো সৌন্দৰ্য নাথাকে। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দী মইনাটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে স-প্ৰতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ'লে যেনেদৰে সজাটো মূল্য়হীন হৈ পৰে, একেদৰে আত্মা নোহোৱাত মানৱ দেহো কোনো কামৰ হৈ নাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপী আত্মা ওলাই যোৱাৰ পাছত দেহটোৰ কোনো অস্তিত্ব নোহোৱা হয়। মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগোৱাৰ দৰে আত্মাইও যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দৰ্য থাকে। আত্মা ওলাই যোৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অৰ্থাৎ, প্ৰাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যোৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কৰ্ম, সৎ চিন্তাৰে আল্লাৰ নাম ল'লেহে সকলোৰে কল্য়াণ হয় বুলি কবিতাটিত কোৱা হৈছে।