সজাৰ মইনাটিৰ অনেক যুগুতি। দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি॥ - প্ৰসংগ, সংগতি দৰ্শাই ব্য়াখ্য়া কৰা।

By u255f5c61b2 on 3 days ago
April 1, 2025, 1:40 a.m.

প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত `জিকিৰ' ৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ মানুহৰ দেহটোৰ পৰা প্ৰাণবায়ু ওলাই যোৱাৰ পাছত যে সেই দেহটোৰ প্ৰতি থকা মৰম-চেনেহ সকলো ত্যাগ কৰে। তাকে ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে। ব্য়াখ্য়াঃ মানৱ জীৱন হ'ল ক্ষন্তেকীয়া। এই আছে এই নাই। কিন্তু মানুহে এই ক্ষন্তেকীয়া জীৱনত সংসাৰৰ মায়া-মোহত আৱদ্ধ হৈ নিজৰ দেহটোক লৈ গৌৰৱ কৰে। অথচ তেওঁ কেতিয়াও ভাবি নাছাই যে মৃত্যুৰ পাছত মানুহৰ দেহটোৰ কোনো মূল্য নাথাকে। আত্মাই দেহ ত্যাগ কৰি যোৱাৰ পাছত সেই দেহ পচি এদিন মাটিৰ লগত মিহলি হৈ যাব।

দেহৰ পৰা ওলাইযোৱা আত্মাই দূৰৰ পৰা দেহটোৰ অৱস্থা চাই থাকে। দেহত সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে দেহ এৰি যোৱাৰ লগে লগে সেইজনৰ প্ৰতি থকা সকলোৰে মৰম-চেনেহ আদি ভাগ কৰে।