“উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী।" - কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

By u255f5c61b2 on 3 days ago
April 1, 2025, 9:07 a.m.

জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত নিমগ্ন হৈ থাকি শেষত মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰে। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু বহুতো তীৰ্থস্থান ভ্ৰমণ কৰে, যাতে তেওঁলোকে মুক্তি লাভ কৰিব পাৰে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ এটা প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। ভগৱানক পাবলৈ বেলেগে ধ্যান কৰাৰ প্ৰয়োজন নাই। একান্তচিন্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিক মৰম কৰি, প্ৰকৃতিৰ উপাদানবোৰক নষ্ট নকৰি, তাৰ যত্ন লব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথৰ যাত্ৰী সকলো মানৱকেই প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ নিৱাস।