Posted by u_bull • 1 day ago

অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবোৰ কি কি ?

অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবােৰ হ'ল-
  1. আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই ।
  2. অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়. এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন ।
  3. মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে ।
  4. শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱাৰ বাবে শ্ৰেণীত গতানুগতিকভাৱে পঢ়ুৱায় । তেখেতসকলে কিতাপত থকা বিষয়বস্তুৰ বাহিৰে পাঠ প্ৰস্তুতিৰ ক্ষেত্রত আন আন বিষয়বস্তু উপস্থাপন কৰাৰ কথা নাভাবে ।
  5. মাধ্যমিক স্কুলবিলাকত কেৱল জ্ঞান অৰ্জনৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে ব্যক্তিৰ বিভিন্নতালৈ বেছি মনোযোগ দিব নোৱাৰে. ফলত ব্যক্তিৰ বিশেষ শক্তি, অনুৰাগ আৰু অভিৰুচিসমূহে এতিয়াও বিকাশৰ সুবিধা পোৱাৰ ব্যৱস্হা কৰা হোৱা নাই । ব্যক্তিৰ বিভিন্নতাই স্বীকৃতি নোপোৱাৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব নোৱাৰে ।
Accepted answer by u_bull