গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন [Developing democratic citizenship] :
●গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ’ল এক বৃহৎ প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানতাৰে প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্রহণ ক্ষমতা বিকশাই তুলিব লাগিব। ছাত্র-ছাত্ৰী সকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে।
● চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অবিহনে গণতন্ত্র কেতিয়াও সফল হ’ব নোৱাৰে। গতিকে মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথন আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্থাৰ সৃষ্টি কৰিব লাগে।
● প্ৰতিজন লোকৰ মৰ্যাদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বর্তি থাকে। সেয়েহে প্রতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনেঃ মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে।
এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব অথবা বিকাশ লাভ কৰিব নোৱাৰে। তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে মানুহে আইনৰ সৈতে বসবাসৰ শিক্ষা লাভ কৰিব লাগে। সামাজিক জীৱনৰ বাবে প্রয়োজনীয় গুণসমূহ যেনেঃ অনুশাসন, সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা লব লাগিব।