মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ হ'ল-
(১) গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা ঃ- মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতন্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্য়েকজন নাগৰিকৰ থাকিব লাগিব (ক) সুস্থ চিন্তাধাৰা, (খ) সুস্থ সামাজিক সমাযোজনা, (গ) সামাজিক ন্যায়, (ঘ) বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা, (ঙ) সহনশীলতা, (চ) প্ৰকৃত দেশপ্ৰেম।
(২) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ- আমাৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা বৃদ্ধি কৰিব লাগিব। এই দিশবোৰৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব দিব লাগিব। কোনো এটা বৃত্তি বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব। জীৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব, কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি পাব।
(৩) ব্যক্তিত্বৰ বিকাশঃ- মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিত্ব শাৰীৰিক, মানসিক, আনভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগে।
(৪) নেতৃত্বৰ শিক্ষাঃ- গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱেই বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব লাগিব।