Posted by u_bull • 1 day ago

স্বাধীনোত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলােচনা কৰা ।

সৰ্বভাৰতীয় ভিত্তিত স্থাপন কৰা মুডালিয়াৰ কমিছন কোঠাৰী কমিছন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্তসমূহেও অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে।
১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত পূৰ্বৰ অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ কলিকতা বিশ্ববিদ্যালয়ৰ হাতৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ অনা হৈছিল। তাৰ ফলত প্ৰৱেশিকা পৰীক্ষাৰো ফলাফল ভাল হৈছিল আৰু ১৯৪৭-৪৮ চনৰ ১৯১ খন হাইস্কুলৰ পৰা ১৯৫৩-৫৪ চনৰ ভিতৰত সংখ্যা বাঢ়ি গৈ ৩৩৮ খন হৈছিল আৰু সেই অনুপাতে ছাত্ৰৰ সংখ্যাও বাঢ়িছিল।
১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষা সংক্রান্তত দিয়া পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ শৈক্ষিক, সাংগাঠনিক আৰু প্ৰশাসনীক পৰিবৰ্তন কৰিছিল। আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য স্বাধীন দেশৰ গণতান্ত্রিক আদৰ্শত ভিত্তি কৰি এক নতুন ৰূপত গঢ় দি তোলে। পাঠ্যক্রম সম্বন্ধে এক পৰিসৰৰ ধাৰণা আয়োগে প্ৰদান কৰে। অধ্যয়নৰ বিষয়সূচীত বৰ্তমান সময়ৰ উপযোগী নতুন নতুন বিষয় অন্তর্ভূক্ত কৰি সাতটো গোটত বিভক্ত কৰিছিল। মাধ্যমিক শিক্ষাৰ গাঠনি ১১ বছৰীয়া কৰি তুলিছিল আৰু পূৰ্বৰ দুবছৰীয়া ইন্টাৰমিডিয়েট পর্যায় তুলি দি ইয়াৰ প্ৰথম বছৰটো স্কুলৰ লগত আৰু দ্বিতীয় বছৰটো প্ৰাক্‌-বিশ্ববিদ্যালয় শিক্ষা পর্যায় স্বৰূপে কলেজৰ লগত সংযোগ কৰিছিল। ইয়াৰ উপৰি মাধ্যমিক শিক্ষা প্রশাসন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক শিক্ষা-সংস্থা (State Board of Secondary Education) গঠনৰ পৰামৰ্শ দিছিল।
এই আয়োগৰ পৰামৰ্শক্রমে অসমত ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা প্রবর্তন কৰা হয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰা হয়। ১৯৫২ চনলৈকে ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰা হয়। পাঠ্যক্ৰম সাতটা গোটৰ, ভিতৰত কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ ক'লা আৰু গার্হস্থ্য বিজ্ঞান আদি গোটৰ বাবে অধ্যয়নৰ ব্যৱস্থা কৰা হয়। এবছৰীয়া প্ৰাক্‌-বিশ্ববিদ্যালয়ৰ শ্ৰেণী ডিগ্রী কলেজবোৰত খোলা হয়।
Accepted answer by u_bull