Posted by u_abhijit • 1 day ago

১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অর্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা।
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো গ'ল।
(খ) ধুমুহাই ঘৰটো পেলালে।
(গ) পুৰণি হােৱা বাবে ৰছীডাল থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল গ'ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো গ'ল।
(চ) বানপানীয়ে মথাউৰিটো পেলালে।

উত্তৰঃ-
(ক) মেৰামতি নকৰা বাবে জহি-খহি ঘৰটো ভাগি গ'ল।
(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।
(গ) পুৰণা হোৱা বাবে ৰছীডাল ছিগি থাকিল।
(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ'ল।
(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ছিগি গ'ল।
(চ) বানপানীয়ে মথাউৰিটো ছিঙি পেলালে।
Accepted answer by u_abhijit