Posted by u_abhijit • 1 day ago
৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
উত্তৰঃ- প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' এটা ৰোমাণ্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান 'নিয়ৰ'ক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল-'নিয়ৰ'। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে 'নিয়ৰ'ক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে।
বা
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নিয়ৰ’ এটি ৰোমাণ্টিক কবিতা, য’ত কবিয়ে নিয়ৰক বিষয় হিচাপে লৈ সুন্দৰ কল্পনা উপস্থাপন কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্যে মানুহৰ মনত আনন্দ আনে, আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা দিয়ে। নিয়ৰক কবিয়ে নিশাৰ সৰি পৰা তৰা, পৃথিৱীৰ পৰা ছিগি পৰা মণি বা পুৱাৰ পোহৰত চকুপানীৰ সৈতে তুলনা কৰিছে, যি কবিতাটোৰ মোহময়তা বৃদ্ধি কৰিছে।
Accepted answer by u_abhijit