ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা

Questions / প্ৰশ্নবোৰ 👇🏻
মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে লিখা ।
Answer
গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন [Developing democratic citizenship] :
●গণতান্ত্রিক দেশৰ নাগৰিকত্ব হ’ল এক বৃহৎ প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰতিজন নাগৰিকক সাৱধানতাৰে প্ৰশিক্ষণ দিব লাগিব। ইয়াৰ বাবে শিক্ষাই চিন্তাৰ মুক্ততা আৰু নতুন ধ্যান ধাৰণাৰ গ্রহণ ক্ষমতা বিকশাই তুলিব লাগিব। ছাত্র-ছাত্ৰী সকলৰ মাজত এক বিজ্ঞান ভিত্তিক আৰু বস্তুনিষ্ঠ মনোভাবৰ গঢ় দি তুলিব লাগিব যাতে তেওঁলোকে পুৰণি ৰীতি-নীতি, বিশ্বাস আদিৰ মাজত আবদ্ধ হৈ নাথাকে।
● চিন্তাৰ স্পষ্টতা, কথন আৰু লিখনৰ মুক্ততা অবিহনে গণতন্ত্র কেতিয়াও সফল হ’ব নোৱাৰে। গতিকে মাধ্যমিক শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মুক্ত আলোচনা আৰু ধ্যান ধাৰণাৰ বিনিময় কৰিব পৰা তথা কথন আৰু লিখনৰ যোগেদি সুস্থ জনমত গঢ় দি তুলিব পৰা এক অৱস্থাৰ সৃষ্টি কৰিব লাগে।
● প্ৰতিজন লোকৰ মৰ্যাদা আৰু মূল্যৰ ওপৰত ভিত্তি কৰি গণতন্ত্র বর্তি থাকে। সেয়েহে প্রতিজন লোকৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ গণতান্ত্রিক দেশৰ শিক্ষাৰ লক্ষ্য হোৱা উচিত। গতিকে শিক্ষাই ব্যক্তিৰ প্ৰতিটো প্ৰয়োজন, যেনেঃ মনোবৈজ্ঞানিক, সামাজিক, আবেগিক আৰু বাস্তবিক, পুৰণৰ ব্যৱস্থা কৰিব লাগে।
এজন ব্যক্তিয়ে অকলে কেতিয়াও জীয়াই থাকিব অথবা বিকাশ লাভ কৰিব নোৱাৰে। তেওঁৰ নিজৰ আৰু সমাজৰ মংগলৰ বাবে মানুহে আইনৰ সৈতে বসবাসৰ শিক্ষা লাভ কৰিব লাগে। সামাজিক জীৱনৰ বাবে প্রয়োজনীয় গুণসমূহ যেনেঃ অনুশাসন, সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতাৰ বিকাশৰ ক্ষেত্ৰত শিক্ষাই মুখ্য ভূমিকা লব লাগিব।
মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা ।
Answer
মাধ্যমিক শিক্ষা আয়ােগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবােৰ হ'ল-
(১) গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণা ঃ- মুডালিয়াৰ আয়োগে উল্লেখ কৰিছে যে মাধ্যমিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ'ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতন্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্য়েকজন নাগৰিকৰ থাকিব লাগিব (ক) সুস্থ চিন্তাধাৰা, (খ) সুস্থ সামাজিক সমাযোজনা, (গ) সামাজিক ন্যায়, (ঘ) বাক্-পটুতা আৰু লিখনিৰ স্পষ্টতা, (ঙ) সহনশীলতা, (চ) প্ৰকৃত দেশপ্ৰেম।
(২) বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ- আমাৰ ছাত্ৰ-ছাত্ৰীৰসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্যৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা বৃদ্ধি কৰিব লাগিব। এই দিশবোৰৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব দিব লাগিব। কোনো এটা বৃত্তি বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ'ব। জীৱিকা উপাৰ্জনৰ বাট বিচাৰি পাব, কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি পাব।
(৩) ব্যক্তিত্বৰ বিকাশঃ- মাধ্যমিক শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিত্বৰ পূৰ্ণ বিকাশ কৰিবলৈ হ'লে ব্যক্তিত্ব শাৰীৰিক, মানসিক, আনভূতিক, সামাজিক আৰু ব্যৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগে।
(৪) নেতৃত্বৰ শিক্ষাঃ- গণতন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য, কলা, বাণিজ্য, কাৰিকৰী, উদ্যোগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্যালয়ৰ কাম। কিন্তু সকলোৱেই বিশ্ববিদ্যালয়লৈ যাব নোৱাৰে। এনেস্থলত মাধ্যমিক শিক্ষাই মাধ্যমিক পৰ্যায়ত সাহিত্য, কলা, ৰাজনীতি, উদ্যোগ, বাণিজ্য আদি ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব লাগিব।
মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগ আগবঢ়োৱা ছয়টা পৰামর্শ উল্লেখ কৰা ।
Answer
(১) ১৯৮৬ চনৰ ভিতৰত ২০% নিম্ন মাধ্যমিক স্তৰৰ আৰু ৫০% দশম শ্রেণীৰ ওপৰৰ শিক্ষার্থীক বৃত্তিমূলক শিক্ষাৰ অংশকালীন বা পূর্ণকালীন পাঠ্যক্রমত অন্তর্ভুক্ত কৰিব লাগে।
(২) বিদ্যালয়সমূহত শিক্ষান্ত পৰীক্ষাৰ সময়লৈ ব্যৱসায়িক শিক্ষাৰ পাঠ্যক্রম চলাব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত মেধা ছাত্ৰ-ছাত্ৰীসকলে উচ্চ পর্যায়ৰ ব্যৱসায়িক শিক্ষা লাভ কৰিব পাৰে।
(৩) ভাৰতীয় ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানবোৰত (IIT) সা-সুবিধা বৃদ্ধি কৰিব লাগিব আৰু চতুর্থ পৰিকল্পনাৰ সময়ত ১৪ বছৰৰ শিক্ষার্থীক এই প্রতিষ্ঠানত প্ৰৱেশ কৰিব দিব লাগে।
(৪) জুনিয়ৰ টেকনিকেল স্কুলবোৰক টেকনিকেল হাইস্কুল নাম দি পূৰ্ণ পৰ্যায়ৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
(৫) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান আৰু টেক নিকেল স্কুল-সমূহত উৎপাদনমুখী প্রশিক্ষণ দিব লাগিব।
(৫) টেকনিকেলসমূহৰ দশম শ্রেণীৰ তলৰ শ্ৰেণীত নামভৰ্তিৰ সুবিধা দি নিপুণ কর্মীক প্রশিক্ষণ দিব লাগিব।
স্বাধীনোত্তৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলােচনা কৰা ।
Answer
সৰ্বভাৰতীয় ভিত্তিত স্থাপন কৰা মুডালিয়াৰ কমিছন কোঠাৰী কমিছন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আদিৰ পৰামৰ্শ আৰু সিদ্ধান্তসমূহেও অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰে।
১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাৰ পিছত পূৰ্বৰ অসমৰ মাধ্যমিক শিক্ষাৰ ভাৰ কলিকতা বিশ্ববিদ্যালয়ৰ হাতৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হাতলৈ অনা হৈছিল। তাৰ ফলত প্ৰৱেশিকা পৰীক্ষাৰো ফলাফল ভাল হৈছিল আৰু ১৯৪৭-৪৮ চনৰ ১৯১ খন হাইস্কুলৰ পৰা ১৯৫৩-৫৪ চনৰ ভিতৰত সংখ্যা বাঢ়ি গৈ ৩৩৮ খন হৈছিল আৰু সেই অনুপাতে ছাত্ৰৰ সংখ্যাও বাঢ়িছিল।
১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষা সংক্রান্তত দিয়া পৰামৰ্শই অসমৰ মাধ্যমিক শিক্ষাৰ শৈক্ষিক, সাংগাঠনিক আৰু প্ৰশাসনীক পৰিবৰ্তন কৰিছিল। আয়োগে এই পৰ্যায়ৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য স্বাধীন দেশৰ গণতান্ত্রিক আদৰ্শত ভিত্তি কৰি এক নতুন ৰূপত গঢ় দি তোলে। পাঠ্যক্রম সম্বন্ধে এক পৰিসৰৰ ধাৰণা আয়োগে প্ৰদান কৰে। অধ্যয়নৰ বিষয়সূচীত বৰ্তমান সময়ৰ উপযোগী নতুন নতুন বিষয় অন্তর্ভূক্ত কৰি সাতটো গোটত বিভক্ত কৰিছিল। মাধ্যমিক শিক্ষাৰ গাঠনি ১১ বছৰীয়া কৰি তুলিছিল আৰু পূৰ্বৰ দুবছৰীয়া ইন্টাৰমিডিয়েট পর্যায় তুলি দি ইয়াৰ প্ৰথম বছৰটো স্কুলৰ লগত আৰু দ্বিতীয় বছৰটো প্ৰাক্‌-বিশ্ববিদ্যালয় শিক্ষা পর্যায় স্বৰূপে কলেজৰ লগত সংযোগ কৰিছিল। ইয়াৰ উপৰি মাধ্যমিক শিক্ষা প্রশাসন আৰু নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক শিক্ষা-সংস্থা (State Board of Secondary Education) গঠনৰ পৰামৰ্শ দিছিল।
এই আয়োগৰ পৰামৰ্শক্রমে অসমত ১১ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা প্রবর্তন কৰা হয় আৰু বহুমুখী বিদ্যালয় স্থাপন কৰা হয়। ১৯৫২ চনলৈকে ৬৭ খন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ ৰূপান্তৰ কৰা হয়। পাঠ্যক্ৰম সাতটা গোটৰ, ভিতৰত কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ ক'লা আৰু গার্হস্থ্য বিজ্ঞান আদি গোটৰ বাবে অধ্যয়নৰ ব্যৱস্থা কৰা হয়। এবছৰীয়া প্ৰাক্‌-বিশ্ববিদ্যালয়ৰ শ্ৰেণী ডিগ্রী কলেজবোৰত খোলা হয়।
অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবোৰ কি কি ?
Answer
অসমৰ মাধ্যমিক শিক্ষাৰ প্রধান সমস্যাবােৰ হ'ল-
  1. আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই ।
  2. অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়. এই পাঠ্যক্ৰম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পৰ্কহীন ।
  3. মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে ।
  4. শিক্ষকসকল প্ৰশিক্ষণ প্ৰাপ্ত নোহোৱাৰ বাবে শ্ৰেণীত গতানুগতিকভাৱে পঢ়ুৱায় । তেখেতসকলে কিতাপত থকা বিষয়বস্তুৰ বাহিৰে পাঠ প্ৰস্তুতিৰ ক্ষেত্রত আন আন বিষয়বস্তু উপস্থাপন কৰাৰ কথা নাভাবে ।
  5. মাধ্যমিক স্কুলবিলাকত কেৱল জ্ঞান অৰ্জনৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণে ব্যক্তিৰ বিভিন্নতালৈ বেছি মনোযোগ দিব নোৱাৰে. ফলত ব্যক্তিৰ বিশেষ শক্তি, অনুৰাগ আৰু অভিৰুচিসমূহে এতিয়াও বিকাশৰ সুবিধা পোৱাৰ ব্যৱস্হা কৰা হোৱা নাই । ব্যক্তিৰ বিভিন্নতাই স্বীকৃতি নোপোৱাৰ কাৰণে বহুতো শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব নোৱাৰে ।
অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ সমাধানৰ উপায়বোৰ আলোচনা কৰা ।
Answer
অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবােৰ সমাধানৰ উপায়বােৰ তলত আলোচনা কৰা হ'ল-
  1. মাধ্যমিক স্কুলবোৰৰ বৈষয়িক অৱস্হা উন্নত কৰি তোলাৰ কাৰ্যকৰী আঁচনি প্ৰস্তুত কৰি তুলিব লাগে। উন্নত গুণমানৰ শিক্ষা নিশ্চিত কৰি তুলিবলৈ এই স্কুলবোৰৰ শৈক্ষিক পৰিবেশ উন্নত কৰি তুলিব লাগে।
  2. দুৰ্বল স্কুলবোৰৰ প্ৰশাসনীয় ব্যৱস্থা উন্নত কৰি তুলিবৰ বাবে পৰিচালন সমিতিবোৰ অধিক শক্তিশালী কৰি তুলিব লাগে। এনে সমিতিবোৰত চৰকাৰৰ অনুমতি প্ৰভাৱ গুচাব লাগে।
  3. অসমীয়া মাধ্যমৰ স্কুলবোৰত ইংৰাজী বিষয় উন্নত পদ্ধতিৰে শিক্ষা দিয়াত জোৰ দিব লাগে।
  4. স্কুলত শিক্ষক নিযুক্তিৰ ব্যলস্হা উন্নত কৰি তুলিব লাগে। স্কুলবোৰত উপযুক্ত প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে।