নিয়ৰ

Questions / প্ৰশ্নবোৰ 👇🏻
৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
Answer
উত্তৰঃ- প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' এটা ৰোমাণ্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান 'নিয়ৰ'ক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল-'নিয়ৰ'। মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ-বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিয়ে 'নিয়ৰ'ক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা, নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে।
বা
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নিয়ৰ’ এটি ৰোমাণ্টিক কবিতা, য’ত কবিয়ে নিয়ৰক বিষয় হিচাপে লৈ সুন্দৰ কল্পনা উপস্থাপন কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্যে মানুহৰ মনত আনন্দ আনে, আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা দিয়ে। নিয়ৰক কবিয়ে নিশাৰ সৰি পৰা তৰা, পৃথিৱীৰ পৰা ছিগি পৰা মণি বা পুৱাৰ পোহৰত চকুপানীৰ সৈতে তুলনা কৰিছে, যি কবিতাটোৰ মোহময়তা বৃদ্ধি কৰিছে।
৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ''নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি।''
Answer
উত্তৰঃ- “নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি”। উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত 'নিয়ৰ' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ তুপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে। সেই প্ৰসংগত উক্ত কবিতা ফাকি তুলি দিয়া হৈছে। প্ৰকৃতিৰ ৰূপ-বৈচিত্ৰ্য়ই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা। এই বৰ্ণময় বাৰ্তাৰ অন্য়তম বাহক হ'ল 'নিয়ৰ'। নিয়ৰৰ তুপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে। আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটীয়ে যেন সৰগত টোপনিতে সপোন দেখিছে। সেই সপোনত হাঁহি হাঁহি নৃত্য় কৰোঁতে যেন মণি ছিগি ৰৈ গ'ল।
বা
উক্ত অংশটো চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘নিয়ৰ’ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপে কল্পনা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য্যই মানুহৰ মনত আনন্দ আনে, আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা নিয়ে। কবিৰ ভাবনাত, নিয়ৰৰ তুপালবোৰ যেন আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটীৰ সপোনৰ মণি, যি নৃত্যৰ আনন্দতে ছিগি পৰিছে।
১৩। 'নিয়ৰ’ কবিতাটিত পােৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপােন, চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ডবাক্যবােৰেৰে বাক্য ৰচনা কৰা। তৰা-নৰা ছিঙি - (বৰকৈ বেগাই, ইমান বেগাই যে উজুটিত বন আদি ছিঙি যায়) আকাশত চাং পতা - (অস্বাভাৱিক কল্পনা কৰা) পানী তলৰ কাঁইট - (নেদেখা বিপদ, অজ্ঞাত শত্রু) কথা চহকী - (বেছিকৈ কথা কোৱা লােক) হিয়াৰ আমঠু - (অতি আদৰৰ) অলীক সপােন - (অমূলক কল্পনা) চকু চৰহা - (লােকৰ ভাল দেখিব নােৱৰা)
Answer
উত্তৰঃ-
তৰা-নৰা ছিঙি (বৰকৈ বেগাই)ঃ খুড়াকৰ মৃত্য়ুৰ খবৰটো পাই পল্লৱ তৰা-নৰা ছিঙি ঘৰলৈ আহিল।
আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা) = আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে।
পানীৰ তলৰ কাঁইট (নেদেখা বিপদ, অজ্ঞাত শত্ৰু) = ৰমেনে জনাই নাছিল যে, বন্ধুৰ বেশেৰে তাৰ ঘৰতেই পানীৰ তলৰ কাঁইট লুকাই আছিল।
কথা চহকী (বেছিকৈ কথা কোৱা লোক) = অভিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকী।
হিয়াৰ আমঠু (অতি আদৰৰ) = প্ৰত্য়েক সন্তানেই নিজৰ মাক-দেউতাকৰ হিয়াৰ আমঠু।
অলীক সপোন (অমূলক কল্পনা) = অলীক সপোন দেখি সময় নষ্ট কৰিব নালাগে।
চকু- চৰহা (লোকৰ ভাল দেখিব নোৱাৰা) = চকু- চৰহা লোক সকলোৱে অপ্ৰিয় হয়।
জানাে আহাঃ
ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি,
ছিগিঃ আপােনা-আপুনি ছিগি যােৱা। আনে ইচ্ছা বা জোৰ কৰি ছিঙি থৈ যােৱা নহয়।
ছিঙিঃ দুই বা অধিক খণ্ড বা টুকুৰা কৰি বেলেগ কৰা। যেনে- কেচুঁৱাটোৱে মাকৰ ডিঙিৰ মালাধাৰী ছিঙি পেলালে। ঠিক তেনেদৰে一
ভাগিৰ অৰ্থ আপােনা-আপুনি ভাগি যােৱা আৰু ভাঙি মানে অইন কাৰক বা আনে ডােখৰ ডােখৰ কৰা। যেনে一 (ক) ভাগি গ'ল বীণ খনি ছিগি গ'ল তাঁৰ, ৰই গ'ল অৱশেষ অমিয়া জোঁকাৰ। (খ) “ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্ লােহাৰ শিকলি ভাঙ্। ছিঙ্ ছিঙ্ ছিঙ্ ছিঙ্ দাসৰ বান্ধোন ছিঙ্।