সৰস্বতীৰ বৰ

Questions / প্ৰশ্নবোৰ 👇🏻
২। বিদ্যাৱতী আৰু কালিদাসৰ মাজত হোৱা তর্ক-যুদ্ধখনৰ বৰ্ণনা তোমাৰ ভাষাৰে লিখা। তর্ক-যুদ্ধখনত কাৰ জয় হৈছিল?
Answer
মূর্খ কালিদাসক পণ্ডিতসকলে শিকাই-বুজাই আনি বিদ্যাৱতীক ক'লে যে এজন নতুন পণ্ডিত আহিছে, কিন্তু এই পণ্ডিতজন মৌন, মুখেৰে নামাতে, ঠাৰে-চিয়াৰেহে তৰ্ক কৰিব লাগিব। এই কথা শুনি বিদ্যাৱতীয়ে কালিদাসৰ লগত তর্ক আৰম্ভ কৰিলে। প্ৰথমতে ৰাজকন্যাই এটা আঙুলি দেখুৱালে। কালিদাসে ভাবিলে, ৰাজকন্যাই তেওঁৰ এটা চকু কাঢ়ো বুলিছে। কালিদাসে ৰাজকন্যাৰ দুয়োটা চকু কাঢ়িব বুলি ভাবি দুটা আঙুলি দেখুৱালে। তেতিয়া পণ্ডিতসকলে আনন্দত হাত চাপৰি মাৰি ক'লে যে কালিদাসে জিকিছে কাৰণ ৰাজকন্যাই এটা আঙুলি দেখুৱাই বুজাইছিল যে সৃষ্টিকর্তা এজন, কিন্তু কালিদাসে দুটা আঙুলি দেখুৱাই সৃষ্টিকর্তা প্রকৃতি আৰু পুৰষ এই দুজন বুলি দেখুৱাইছিল।
বিদ্যাৱতীয়ে এইবাৰ আঙুলি এটা মাটিৰ ফালে টোৱাই দেখুৱালে। কালিদাসে ভাবিলে ৰাজকন্যাই তেওঁক মাটিত মুখ ঠেকেৰিব খুজিছে, গতিকে কালিদাসে আঙুলি এটা ওপৰলৈ তুলি ঘূৰাবলৈ ধৰিলে, অর্থাৎ ৰাজকন্যাক এইদৰে তেওঁ চাৰিপাক খুৱাব। পণ্ডিতসকলে হাত-চাপৰি বজাই ক'লে যে কালিদাসে জিকিছে, কাৰণ বিদ্যাৱতীয়ে আঙুলিটো মাটিৰ ফালে টোৱাই বুজাইছিল যে পৃথিৱী থিৰ হৈ আছে কিন্তু কালিদাসে আঙুলি ঘুৰাই কলে যে পৃথিৱী ঘূৰি আছে থিৰ হৈ থকা' নাই। এইদৰে বিদ্যাৱতী আৰু কালিদাসৰ মাজত তর্ক যুদ্ধ হৈছিল।
৩। কালিদাস জধামুর্খ বুলি বিদ্যাৱতীয়ে কিদৰে জানিব পাৰিলে?
Answer
বিয়াৰ পিছত প্ৰথম ৰাতি কালিদাসে শুবলৈ যাওতে ঢাৰি-পাটিৰ ওপৰতআঁঠুৱা তৰা দেখি বৰ অবাক হ'ল। কাৰণ কালি'মাসে আগতে কেতিয়াও আঁঠুৱা তৰা দেখা নাছিল। কালিদাসে সোমাবলৈ বাট বিছাৰি নেপাই ওপৰেদি সোমাবলৈ বাট আছে বুলি ভাবি আঁঠুৱাৰ ওপৰত জাপ মাৰি দিলে। কালিদাসৰ কাণ্ড দেখি বিদ্যাৱতী অবাক হ'ল আৰু জানিব পাৰিলে যে পণ্ডিতসকলে ছল কৰি তেওঁক এটা জধামূর্খৰ লগত বিয়া দিয়ালে। এনেতে বাহিৰত এটা উটে চিঞৰিলে। ৰাজকন্যাই সংস্কৃতত সুধিলে যে সেইয়া কিহে চিঞৰিছে। কালিদাসে সংস্কৃত ভালকৈ নাজানিছিল বাবে এবাৰ 'উট্ৰ' বুলি কলে। বিদ্যারতীয়ে আকৌ সোধাত 'উষ্ট' বুলি ক'লে। তেতিয়া বিদ্যাৱতীয়ে ভালকৈ জানিব পাৰিলে যে কালিদাস এটা জধামুর্খ।
৪। কালিদাসে কিদৰে বিদগ্ধ পণ্ডিত হৈছিল?
Answer
বিদ্যাৱতীয়ে কালিদাসক জধামূর্খ বুলি গম পাই ঘৰৰ পৰা উলিয়াই দিয়ে আৰু ক'লে যে সৰস্বতীৰ বৰ লৈ পণ্ডিত নোহোৱালৈকে সেই ঘৰত থাকিব নোৱাৰে। ঘৈণীয়েকৰ পৰা এনে অপমান পাই কালিদাসে সেই ৰাতিয়ে ঘৰৰ পৰা বাহিৰ হৈ হাবিৰ ফালে খোজ ল'লে।
কালিদাসে হাবিৰ মাজে মাজে গৈ ৰাতি পুৱাবৰ সময়ত এটা সৰোবৰ পালে। সেই সৰোবৰৰ দাঁতিত তেওঁ সৰস্বতীক একান্ত মনে আৰাধনা কৰিবলৈ বহিল। কিন্তু কঠোৰ তপস্যা কৰিও কালিদাসে সৰস্বতীক দেখা নেপালে। অৱশেষত নিৰাশ হৈ সৰোবৰৰ দ পানীত পৰি মাৰিবলৈ থিৰ কৰি পানীত জাপ মারি দিলে। এনেতে সৰস্বতী দেৱীয়ে কালিদাসক দেখা দিলেহি আৰু কলে যে কালিদাসে আপেনাঘাতী হব নালাগে, সেইদিনাৰ পৰা কালিদাসে সৰস্বতীৰ বৰ পুত্ৰ। এইদৰে কালিদাসে সৰস্বতীৰ বৰ লাভ কৰি বিদগ্ধ পণ্ডিত হ'ল।
৫। মহাকবি কালিদাসৰ সাহিত্যকৃত্তিৰ বিষয়ে শিক্ষকৰ সহায়ত জানি লোৱা।
Answer
কালিদাস সংস্কৃত সাহিত্যৰ বিদগ্ধ পণ্ডিত। ভাৰত গৌৰৱ কালিদাসৰ নাম সাহিত্য জগতত সুপৰিচিত! 'ৰঘুবংশ' আৰু 'কুমাৰ সম্ভৱ' কাব্য দুখন তেওঁৰ অনুপম সৃষ্টি। তেওঁৰ তিনিখন নাটক ক্রমে 'অভিজ্ঞানম্ শকুন্তলম', 'মালবিকাগ্নিমিত্রম্' 'বিক্রমোবৰ্ণীয়'। ইয়াৰ ভিতৰত অভিজ্ঞানম্ শকুন্তলম্' নাটকখনে বিশ্বসাহিত্যত শ্রেষ্ঠ স্থান অধিকাৰ কৰি আহিছে। কোৱা হয় "কাব্যেযু নাটকম্ ৰম্যং তত্ৰ ৰম্যা শকুন্তলা" এইবোৰৰ উপৰিও 'ঋতুসংহাৰ”, মেঘদূত' নামৰ খণ্ডকাব্য দুখন দালিদাসৰ অপূর্ব সৃষ্টি 'শ্রুতবোধ', 'নলোদয়' শৃঙ্গাৰ তিলক' এই গ্রন্থ সমূহো তেওঁৰেই কৃতি বুলি কোনো কোনো মনিষীয়ে কব খোজে।