বৰগীত

Questions / প্ৰশ্নবোৰ 👇🏻
২। কবিতাটিৰ মূলভাৱ লিখা।
Answer
এদিনাখন ৰাতিপুৱা চন্দ্ৰবদন কৃষ্ণই শুই উঠা নাছিল। তেতিয়া মাক যশোদাই তেওঁক বাৰে বাৰে জগাই আছিল। ৰাতিপুৱা সময়ত ধীৰে ধীৰে মলয়া বতাহ বৈ আছিল, সুললিত সুৰত কুলিয়ে মাতি আছিল, সুৰ্যৰ কিৰণ ধৰাত আহি পৰাৰ লগে লগে এন্ধাৰ আতৰি গৈছিল। গতিকে মাকে কৃষ্ণক উঠিবলৈ কৈ আছিল। আনহাতে কৃষ্ণৰ লগৰীয়া বিলাক কৃষ্ণৰ লগত গৰু চাৰিবলৈ যোৱাৰ কাৰণে তেওঁলোকৰ ঘৰত একগোট হৈছিল। যশোৱা মাকে কৃষ্ণক পথাৰত খোৱাৰ বাবে দৈ, গাখীৰ, ঘিউ, ভাত-আঞ্জা, এছাৰি, শিঙা, বেত, বেণু আদি লৈ লগৰীয়াহঁতৰ লগত গৰু চাৰিবলৈ যাবলৈ কৈছিল। মাকৰ কথা শুনি কৃষ্ণই কৈছে যে এই সংসাৰত হৰি বিনে ত্রাণকর্তা অন্য কোনো নাই। বায়া সকলৰ সৈতে গৰু চৰাবলৈ পথাৰলৈ যাত্রা কৰিছিল। আবশেষত কবিয়ে
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ (ক) ববি পৰশন তিমিৰ নাশি সংগহি বালক সব মিলিল আমি।
Answer
উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্য পুথি 'আপোন পাঠ'ৰ মহাপুৰুষ মাধবদেৱে ৰচনা কৰা 'বৰগীত' নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ দ্বাৰা কবিয়ে ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে।
ৰাতিপুৱা সূৰ্য্য উদয়ৰ লগে লগে এন্ধাৰ আতৰি যায়। গোটেই ৰাতি আন্ধাৰে সূৰ্য্য অবিহনে পৃথিৱী গ্রাস কৰে। এন্ধাৰত কতো একো নেদেখি, সেইবাবে সকলো পশু-পক্ষী বাইত সোমাই থাকে। মানুহেও নিজৰ ঘৰত আশ্রয় লয়। কিন্তু সূৰ্য্যৰ পৰশ পৰাৰ লগে লগে সকলো আন্ধাৰ আতৰি যায়। পুনৰ সকলোৱে নিজৰ কর্ম কৰিবলৈ ওলাই আহে। কৃষ্ণৰ লগৰীয়া সকলো এন্ধাৰ নাইকিয়া হোৱাৰ লগে লগে বিছনাৰ পৰা উঠিল আৰু কৃষ্ণৰ লগত গৰু চৰাবৰ বাবে সাজু হৈ আহি যশোদাৰ গৃহত লগ লাগিবহি। সেই বাবে যশোদাই কৃষ্ণক বাৰে বাৰে মাতি আছে।
(খ) দীন মাধবে কহয় পৰমাণ। হৰি বিনে নাহি তাৰক আন।।
Answer
উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুঠি "আপোন পাঠ”ৰ মহাপুৰুষ মাধবদেবে ৰচনা কৰা 'বৰগীত' নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।
এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নিজকে অতি নিঃকিন বুলি পৰিচয় দি হৰি বিনে সংসাৰত যে তৰিবৰ অন্য উপায় নাই সেইকথা প্রকাশ পাইছে।
এই পৃথিৱী মায়াৰে আবৃত। জীৱই জন্ম লাভ কৰাৰ পাছত মায়াৰ দ্বাৰা মোহিত হৈ বিভিন্ন পাপ কার্যত নিমগ্ন হয়। বিষয়- বাসনাৰে প্ৰণুব্ধ হৈ অন্যায় কাম কৰিবলৈ মনৰ দ্বাৰা দুখ-কষ্ট ভোগ কৰিব লগা হয়। কবি গুৰুজনাই মানুহক মুক্তিৰ পথ দেখুৱাই দিবলৈ যত্ন কৰিছে। নিজকে এজন অতি নিঃকিন মানব বুলি পৰিচয় দি ভগবানৰ চৰণত নিজেও শৰণ লৈছে আৰু আনকো মুক্তিৰ পথ পাবলৈ ভগবানৰ নাম লৈ তেওঁৰ চৰণত শৰণ লবলৈ অনুৰোধ জনাইছে। সমস্ত জগতৰ একমাত্ৰ গুৰু হ'ল ভগবানেই আৰু তেৱেই মানুহক মুক্তিৰ পথ দেখুৱাব পাৰে। ভগবানৰ বাহিৰে এই সংসাৰৰ পৰা ত্ৰানকর্তা আন কোনো নাই।
৪। চমুটোকা লিখা: (ক) বৰগীত (খ) ব্রজাবলী ভাষা
Answer
(ক) বৰগীত: এক শৰণ নাম ধর্ম বা নববৈষ্ণব ধর্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শংকৰদেব আৰু মহাপুৰুষ মাধবদেবে ব্রজাবলী ভাষাও ৰচনা কৰা একশ্ৰেণীৰ ৰাগ-তাল সম্বন্বিত গীতকে বৰগীত বোলা হয়। বৰগীতসমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। মহাপুৰুষ শংকৰদেবে বাৰকুৰি আৰু মাধবদেবে নকুৰি এঘৰটা বৰগীত ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ বেচিভাগ বৰগীতেই নষ্ট হৈ যোৱাত তেওঁ মনত আঘাত পায় আৰু নতুনকৈ বৰগীত ৰচনা নকৰি প্রিয় শিষ্য মাধবদেৱক বৰগীত ৰচনা কৰিবলৈ নিৰ্দেশ দিয়ে। শংকৰদেৱৰ বৰগীতসমূহ শস্য ভাৱেৰে শিক্ত আৰু মাধৱদেৱৰ ব্ৰগীতসমূহ শ্ৰীকৃষ্ণৰ বাল্যকালৰ খেলা-ধূলা মান-অভিমান, শিশুৰ ছল-চাতুৰী আদিৰ মাজেৰে ভগৱানৰ ঐশ্বৰিক মাহাত্ম্য প্রকাশ পাইছে। বৰগীত সমূহত ইয়াৰ বিষয় বস্তুৰ গাম্ভীর্য, ভাষা, ভাব, সুৰ আদি বৈশিষ্ট সমূহৰ কাৰণেই আন বৰগীতসমূহ গুৰু দুজনাৰ এক অনুপম সৃষ্টি।

(খ) ব্ৰজাৱলী ভাষা: ব্ৰজাৱলী ভাষা সৰ্বভাৰতীয় আর্যভাষা। ইকোনো বিশেষ
অঞ্চলত প্রচলিত ভাষা নহয়। অসমীয়া, ভোজপুৰী, মৈথিলী, মাগধী, উৰিয়া আদি ভাষাৰ সংমিশ্রণত সৃষ্টি হোৱা এক প্রকাৰ কৃত্রিম ভাষা। মাহাপুৰুষ শংকৰদেব আৰু মাধদেব সৰ্বভাৰতীয় আবেদন লাভ কৰিবলৈ নববৈষ্ণব ধর্ম প্ৰচাৰৰ অৰ্থে ৰচিত নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্রয়োগ কৰিছিল। গুৰু দুজনাৰ নাট আৰু গীতৰ বিষয়বস্তু হৈছে বিশেষকৈ ত্রেতাযুগৰ অবতাৰ ৰাম আৰু দ্বাপৰৰ শ্ৰীকৃষ্ণ। গতিকে সৰ্বসাধাৰণ মানুহৰ মুখৰ ভাষাত ভগবানৰ কথা বৰ্ণনা নকৰি ব্ৰজাৱলী নামৰ ভাষাত বৰ্ণনা কৰিছে। এই ব্ৰজাৱলী ভাষাই নিঃসন্দেহে গুরু দুজনাৰ নাট আৰু গীতক যথেষ্ট গম্ভীৰ্য প্রদান কৰিছে।