Chapter 1 — বৰগীত
Question
তোমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত বৰগীতটোত কবিয়ে `বান্ধৱ' বুলি কাক সম্বোধন কৰিছে?
Answer
হৰিক সম্বোধন কৰিছে।
Question
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
Answer
নামঘোষা।
Question
বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।
Answer
বৰগীতৰ তিনিটা লক্ষণ হল-
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।
Question
চমুটোকা লিখা : ব্ৰজাৱলী ভাষা
Answer
ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ত গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী।
Question
“....... নেৰিবা বান্ধৱ মোক জীৱনে মৰণে"
- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?
Answer
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে।
Question
মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি? ভাগকেইটাৰ নাম লিখা।
Answer
মাধৱদেৱৰ ৰচনাসমূহক চাৰিটা ভাগত ভগাব পাৰি।
১) আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
২) তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
৩) নাট - অৰ্জুন ভঞ্জন বা দধিমথন।
৪) ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।

“সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায় ॥"
- ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?
সকল নিগমে যাক বিচাৰি নাপায় ॥"
- ইয়াত কবিয়ে কি প্ৰসংগত, কাৰ বিষয়ে আৰু কিয় এনেদৰে কৈছে?
Answer
ওপৰত উল্লেখিত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে হৰিৰ মহিমাৰ কথা কবলৈ বিচাৰিছে।
হৰিৰ মহিমা অপাৰ। যুগসিদ্ধ পুৰুষে তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিৰ সাধাৰণ মানুহৰ বাবে লাভ কৰাটো তেনেই অসম্ভৱ। সনক, সনন্দ যোগী সকলেও তেওঁক ধ্যান কৰি লাভ কৰিব নোৱাৰে। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি কবিয়ে ভগৱান পাৰ্থনা কৰিছে যাতে হৰিয়ে তেওঁক জীৱনে মৰণে এৰা নিদিয়ে।

মোহ- পাশ মানে কি?
Answer
মায়াৰ বন্ধন।
Question
মাধৱদেৱৰ জন্মস্থান কি?
Answer
লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত।
Question
মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
Answer
১৯১ টা।
Question
`ছোড়' শব্দৰ অৰ্থ কি?
Answer
ছিঙি দিয়া।
Question
মাধৱদেৱৰ বিৰচিত কাব্য খনৰ নাম কি?
Answer
ৰাজসূয় কাব্য।
Question
মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয় শিষ্য আছিল?
Answer
শংকৰদেৱৰ।
Question
`নামঘোষা' ক আৰু কি নামেৰে জনা যায়?
Answer
হেজাৰী ঘোষা।
Question
`অৰ্জুন ভঞ্জন' নাটকখন কোনে ৰচনা কৰিছিল?
Answer
শ্ৰী শ্ৰী মাধৱদেৱে।
Question
কবি কিহত আতুৰ হোৱা বুলি কৈছে?
Answer
বিষয় বাসনাত।
Question
বৰগীতটিত কবিয়ে কাৰ চৰণত শৰণ লব বিচাৰিছে?
Answer
হৰিৰ চৰণত।
Question
“সনক সনন্দ যোগী যাহাকু ধিয়ায়।"
- সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
- সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
Answer
হৰিক।
Question
শব্দাৰ্থ লিখা।
Answer
যাহাকু - যিজনক
ধিয়ায় - ধ্যান কৰে।
নিগম - নিগম শাস্ত্ৰ।
বিষয় বিকলে - সাংসাৰিক দুখ।
শৰণ - চৰণ।
ছোড় - ছিঙি দিয়া।
মোহ পাশ - মায়াৰ বন্ধন।
ধিয়ায় - ধ্যান কৰে।
নিগম - নিগম শাস্ত্ৰ।
বিষয় বিকলে - সাংসাৰিক দুখ।
শৰণ - চৰণ।
ছোড় - ছিঙি দিয়া।
মোহ পাশ - মায়াৰ বন্ধন।
Question
মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল?
Answer
মাধৱদেৱৰ পিতৃ হ'ল গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা।
Question
মাধৱদেৱে ক'ত ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল?
Answer
মাধৱদেৱে বাৰাদি, গণককুছি, সুন্দৰীদিয়া আৰু ভেলাডাংগাত ধৰ্ম প্ৰচাৰ কৰিছিল।
Question
মাধৱদেৱে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
Answer
অৰ্জুন ভঞ্জন বা দধিমথন।
Question
মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ কি কি?
Answer
মাধৱদেৱে ৰচনা কৰা তত্ত্বমূলক ৰচনাসমূহ হল জন্মৰহস্য, ভক্তি ৰত্নাৱলী আৰু নামমালিকা।
Question
বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।
Answer
বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হল -
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।
১) শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
২) বৰগীতৰ ভাষা ব্ৰজাৱলী।
৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।
Question
“আতুৰ ভৈলোহো হৰি বিষয় বিকলে।" - ইয়াত বিষয় বিকলে মানে কি বুজাইছে?
Answer
ইয়াত বিষয় বিকল মানে সাংসাৰিক দুখ, কষ্ট বুজাইছে।
Question
“তোমাৰ চৰণ দুই মোৰ মহাধন।"- ইয়াত উল্লেখ কৰা মহাধন মানে কি?
Answer
ইয়াত মহাধন বুলি ভগৱানৰ চৰণৰ কথা কোৱা হৈছে।
Question
“কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ।"- ইয়াত কি মোহপাশৰ কথা কোৱা হৈছে?
Answer
ইয়াত হৰিৰ মায়াৰ বন্ধনৰ কথা কোৱা হৈছে।
Question
বৰগীতৰ ৰচকৰ চমু পৰিচয় দিয়া।
Answer
নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীৰ ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰে। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল নামঘোষা। এহেজাৰটা ঘোষা থকাৰ বাবে এইখন হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হল -
আখ্যানমূলক ৰচনা - ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।
তত্ত্বমূলক ৰচনা - জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।
নাট - অৰ্জুন ভঞ্জন বা দধিমথন।
ঝুমুৰা - চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি- লেটোৱা, ভোজন বিহাৰ।

বৰগীতটিৰ মূলভাৱ লিখা।
Answer
হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰি চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণযুগল হল পৰমধন আৰু ভকতৰ বাবে হৰি হ'ল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদদি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ আগত অজস্ব ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিব বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে প্ৰাৰ্থনা কৰে। যাতে হৰিৰ চৰণযুগলত আশ্ৰয় লব পাৰে। আৰু জীৱনৰ শেষ সময়খিনি তেওঁৰ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁলোকে কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে যাতে হৰিয়ে জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে।
Question
“সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকলে নিগমে যাক বিচাৰি নাপায়।" - তাৎপৰ্য বাখ্যা কৰা।
সকলে নিগমে যাক বিচাৰি নাপায়।" - তাৎপৰ্য বাখ্যা কৰা।
Answer
হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায়। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক পাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। তেওঁৰ মহিমা সনক, সনন্দ আদি যোগী সকলোৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰ ভাৱে প্ৰাৰ্থনা কৰিছে, যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে।
Question
প্ৰসংগ, সংগতি দৰ্শাই বাখ্যা কৰা।
সনক, সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।
সনক, সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।
Answer
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
হৰিৰ চৰণযুগল লাভ কৰাটো যে ইমাণ সহজ কাম নহয় সেই কথা কবলৈ গৈ কবিয়ে উপৰোক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
হৰিৰ মহিমাৰ অপাৰ। তেওঁ পৰম ব্ৰহ্ম। তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। সনক, সনন্দ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি । এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰ ভাৱে হৰিক প্ৰাৰ্থনা কৰে, যাতে তেওঁ হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণযুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰি। হৰি মহিমাময়। হৰিৰ মহিমাৰ তৎ ধৰিব নোৱাৰি সনক, সনন্দ আদি যোগীসকলে হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে তেওঁ জীৱনে মৰণে কেতিয়াও ভক্তৰ লগ নেৰে।

সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
Answer
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
হৰিৰ মহিমাৰ কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।
হৰিৰ মহিমা অপাৰ। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰে। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। কিছু কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত, পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে, হৰিৰ মহিমাক লাভ কৰিবলৈ। কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মান্দৰ সৃষ্টি কৰিছে, স্থিতি - স্থিতিলয়ৰ গৰাকী সেই গৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰহ্মা, মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ।

আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ॥
আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে ॥
Answer
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত 'বৰগীত' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মায়ামোহত আৱদ্ধ কবিয়ে মুক্ত বিচাৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনোৱাৰ প্ৰসংগত উক্ত গীতফাঁকি উল্লেখ কৰিছে।
পৰম ব্ৰহ্ম পৰমেশ্বৰ নিম্ভৰ্ণ, নিৰাকাৰ। নিগুৰ্ণ ব্ৰহ্মাই গুণ ৰূপে অৱতাৰ গ্ৰহণ কৰি জগতৰ তৰণৰ হেতু বিভিন্ন লীলা প্ৰকাশ কৰে। হৰিৰ ভক্ত সকলে বিশ্বাস কৰে যে হৰিৰ চৰণত স্থান লাভ কৰিব পাৰিলে সংসাৰ মায়ামোহ, বিষয় - বাসনাৰ পৰা মুক্তি লাভ কৰিব পাৰি। ভক্তি কবি সংসাৰৰ মায়া মোহ, বিষয়- বাসনাত আৱদ্ধ। সেইবাবে তেওঁ হৰিক কাতৰ ভাৱে পাৰ্থনা কৰিছে যাতে হৰিয়ে নিজৰ চৰণত কবিক স্থান দি এই সংসাৰৰ মায়া- মোহ, বিষয়- বাসনাৰ পৰা উদ্ধাৰ কৰে।

তোমাৰ চৰণ দুই মোৰ মহাধন।
ভকত জনেৰ নিজ তুমিসে জীৱন ॥
তোমাৰ চৰণ দুই মোৰ মহাধন।
ভকত জনেৰ নিজ তুমিসে জীৱন ॥
Answer
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা কবলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।
হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত। হৰিক বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হল জীৱনস্বৰূপ। ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন- বিত, সা- সম্পতি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণকমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ব ধন সম্পত্তিতকৈও অধিক মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ, আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকেই জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়।