Loading
Book contents

Chapter 11 — অৰণ্যযাত্ৰা

Activity 1 · Question and answer

Question

বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

Answer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ।
Activity 2 · Question and answer

Question

পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?

Answer

পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে।
Activity 3 · Question and answer

Question

পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

Answer

ঘৰ সাৰা, বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি-বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি।
Activity 4 · Question and answer

Question

লৰ্ড কাৰ্জন কোন?

Answer

লৰ্ড কাৰ্জন হ'ল ইংৰাজ ভাইচৰয়।
Activity 5 · Question and answer

Question

ল'ৰা-ছোৱলীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

Answer

পাহিয়ে মাকক ল'ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি ল'ৰা-ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। তাই নিজে ককায়েকৰ দৰে পঢ়া-শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কাম কেইটাও নিজে কৰি নলয়। মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে ল'ৰাই নিজৰ কামকেইটা নিজে কৰিব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি মাকক সুধিছিল।

ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে, তেওঁ ল'ৰা-ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে, ল'ৰাই হওক বা ছোৱালীয়েই হওঁক যিমানেই পঢ়া-শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয় নিজৰ কামখিনি নিজে কৰিবলৈ শিকিব লাগিব। নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ খাব লাগিব।
Activity 6 · Question and answer

Question

প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

Answer

প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা-প্ৰীতিয়ে বাস কৰে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, দুজোপা ভিন্ন গছ ওচৰা-ওচৰিকৈ মিলা-প্ৰীতিয়ে থাকে। আকৌ, কল গছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাঁইটে কল গছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে।
Activity 7 · Question and answer

Question

কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

Answer

কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে, তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে, শিক্ষকে যি কথা কয় সেইমতে যাতে চলে। লগতে মাকে নিজৰ বয় বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে, অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে। গতিকে, তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত।
Activity 8 · Question and answer

Question

"কামত লৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।" 一 কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল আঁতিগুৰি মাৰি লিখা।

Answer

এই কথাষাৰৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা।

পলহঁতৰ পঢ়া বিদ্যালয়খনৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। দুখন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা নেতা-নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওঁক, সৌৰভ আৰু আফতাবে সিহতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি ক'লে, আমি যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহো চাব পাৰিম।

সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাৰ খং উঠিল আৰু তেখেতে উক্ত কথাষাৰেৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে, ল'ৰা-ছোৱালী সমান। ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব লাগিব।
Activity 9 · Question and answer

Question

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

Answer

বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পিছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি ল'বলৈ নিৰ্দিষ্ট কোঠালৈ গ'ল। পিছে পল, সৌৰভ আৰু আফতাবে আন সকলে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুটিত পুতি থোৱা নাও এখন দেখি তাতে উঠিলগৈ। খুঁটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছুদূৰ গৈ নাওখন মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত ডুবিবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়াহে গম পালে যে, নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহুত চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি হৈ গ'ল আৰু পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনীমান ছোৱালীয়ে সিঁহতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জপিয়াই পৰিল আৰু পানী খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে, আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টৰে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিলে বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে।
Activity 10 · Question and answer

Question

শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা।

Answer

শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ। যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহঁতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালী কেইজনী নোহোৱা হ'লে হয়তো সিহঁত বাচিব নোৱাৰিলে হেতেন আৰু বিদ্যালয়খনো বদনামৰ ভাগি হলহেঁতেন। ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ হ'লে কেৱল শিক্ষক-শিক্ষয়িত্ৰীসকল দায়িত্বশীল হ'লেই নহ'ব, ছাত্ৰ-ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হ'ব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত ল'লে।

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰো মুখত মাত-বোল নোহোৱা হ'ল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই ক'লে যে, কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওঁলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হ'ল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আনসকলকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰবাবে অনুৰোধ কৰিলে।

শেষত শিক্ষক-শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভূল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিব নিবলৈ মান্তি হ'ল।
Activity 11 · Question and answer

Question

মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

Answer

মহীচন্দ্ৰ মিৰি হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়া। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথম জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি জনেই হ'ল মহীচন্দ্ৰ মিৰি।
Activity 12 · Question and answer

Question

নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?

Answer

নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপীৰাম হাজৰিকা।

তেওঁ লেডী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।
Activity 13 · Question and answer

Question

কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰী সকলক অৱগত কৰিছিল?

Answer

১) নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে।

২) গছ-বন, জীৱ-জন্তু মানুহৰ বন্ধু। মানুহে গছ নহ'লে জীয়াই থাকিব নোৱাৰে।

৩) ল'ৰা-ছোৱালী সকলো সমান।

৪) আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ দেখুওৱা মূৰ্খৰ কাম।

৫) দলীয়ভাৱে কৰবালৈ গ'লে অনুশাসন-শৃংখলা মানি চলাটো জৰুৰী কথা।
Activity 14 · Question and answer

Question

[ভাষা-বিষয়ক] বাক্য় ৰচনা কৰাঃ
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

Answer

ককাই-ভনী - ককাই-ভনীয়েকে সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।

টুলুং-ভুটুং - নাওঁখনে টুলুং-ভুটুং কৰিছে।

চিঞৰ-বাখৰ - ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।

মানুহ-দুনুহ - কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।

তিতি-বুৰি - মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।
Activity 15 · Question and answer

Question

[ভাষা-বিষয়ক] মূৰ্দ্ধণ্য় 'ণ' হোৱাৰ কাৰণ দৰ্শোৱাঃ
অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ।

Answer

অৰণ্য় 一 ঋ, ৰ, ষ - ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধৰ্ণ্য় ণ হয়।

অৰ্পণ 一 ঋ, ৰ, ষ - ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধণ্য় ণ হয়।

কণ্ঠ 一 ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে ন ণ হয়।

ওৰণি 一 ঋ, ৰ, ষ - ৰ পাছত থকা একটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধন্য় ণ হয়।

পোৰণি 一 ঋ, ৰ, ষ - ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধৰ্ণ্য় ণ হয়।

আড়ম্বৰপূৰ্ণ 一 ঋ, ৰ, ষ - ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধৰ্ণ্য় ণ হয়।
Activity 16 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।" —এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। [HSLC '23]

Answer

এই কথাষাৰৰ বক্তা শ্ৰীমতী মণিমালা মন্না।

তেওঁ এই কথাষাৰ ক'বলগীয়া হৈছিল কাৰণ, তেওঁ কামৰ সমান বণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কৈছিল যে, কামত ল'ৰা আৰু ছোৱালীৰ ভিতৰত কোনো পাৰ্থক্য নাথাকে। মন্নাই এই বক্তব্যৰ জৰিয়তে সামাজিকৰ পৰিসৰত কামৰ সমান বণ্টনৰ বিষয়ে সজাগতা সৃষ্টিৰ চেষ্টা কৰিছিল।
Activity 17 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল? [HSLC '23]

Answer

শিক্ষাৰ্থীসকলে কাজিৰঙালৈ যাত্ৰা কৰি কেইবাটাও বিশেষ শিক্ষা লাভ কৰিছিল। তেখেতসকল কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক পৰিবেশৰ মূল্য আৰু বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে শিকিছিল। সেয়া তেওঁলোকৰ পৰিসৰে প্ৰাকৃতিক সংৰক্ষণ আৰু পৰ্যটনৰ সঠিক ব্যৱস্থাপনা প্ৰতি সজাগ কৰাৰ পৰা ৰাইজৰ কৃষ্টি আৰু ইতিহাসৰ বিষয়ে শিক্ষাও লাভ কৰিছিল।

মূল শিক্ষা:

প্ৰাকৃতিক পৰিবেশৰ সন্মান।

বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব।

পৰ্যটন ব্যৱস্থাৰ পৰিচালনা।

স্থানীয় ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে জ্ঞান লাভ।
Activity 18 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "কামত ল'ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।" —এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা। [HSLC '23]

Answer

এই কথাষাৰ বক্তা অৰুণ বৰা। অৰুণ বৰাই এই মন্তব্য কৰিছিল যেতিয়া তেওঁ ল'ৰা আৰু ছোৱালীসকলৰ মাজত কামৰ বিভাজন নকৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ এই কথাষাৰ দ্বাৰা সপষ্ট কৈছিল যে কামৰ বিভাজন ল'ৰা বা ছোৱালী বুলি নকৰা উচিত। সেয়া যেনেকৈ কামত সঠিক দায়িত্ব আৰু সমান মনোযোগ দিয়াৰ আৱশ্যক। সেয়ে তেওঁ কাম ভাগ কৰি দিছে যেমানে, সেয়া অনুসৰি কাম কৰা উচিত বুলি শিকাইছিল।
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্রীসকলক অৱগত কৰিছিল? [HSLC '23]

Answer

শিক্ষাৰ্থীসকলে কাজিৰঙালৈ যাত্ৰা কৰাৰ সময়ত কেইবাটাও বিশেষ শিক্ষা লাভ কৰিছিল। সেয়া হৈছে:

প্ৰাকৃতিক পৰিবেশৰ গুৰুত্ব: শিক্ষাৰ্থীসকলে কাজিৰঙাৰ পৰ্যটন এলাকা আৰু প্ৰাকৃতিক সৌন্দর্যৰ বিষয়ে শিক্ষা লাভ কৰিছিল। সেয়া পৰিৱেশৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু বন্যপ্ৰাণী পৰিচৰ্যা প্ৰতিস্থাপন কৰা বিষয়বোৰৰ বিষয়ে জানিবলৈ পায়।

বন্যপ্ৰাণী সংৰক্ষণ: শিক্ষাৰ্থীসকলে কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে শিকিছিল। তেওঁলোকে বন্যপ্ৰাণী আৰু পৰিসৰে প্ৰকৃতৰ সৈতে থকা সুমৰ্চনা আৰু দায়িত্বৰ বিষয়ে শিকিছিল।

বাৰ্তা আৰু সামৰ্থ্য উন্নতি: শিক্ষাৰ্থীসকলে পৰ্যটন ক্ষেত্ৰত যোগাযোগ আৰু আধুনিক সামৰ্থ্য বৃদ্ধিৰ বিষয়ে শিকিছিল। সেয়া তেওঁলোকৰ পৰিসৰে দায়িত্বশীলতা আৰু কামৰ বণ্টন বৰ্দ্ধিত কৰিছিল।

এইসকল শিক্ষা শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্রীসকলৰ লগত আলোচনা কৰি তাৰ ফলাফলৰ বিষয়ে অৱগত কৰিছিল।
Search books