Loading
Book contents

Chapter 10 — অৰুণিমা সিন্হা

Activity 1 · Question and answer

Question

অৰুণিমা সিন্হাৰ কোন বিধ খেলত বিশেষ দক্ষতা আছিল?

Answer

অৰুণিমা সিন্হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।
Activity 2 · Question and answer

Question

অৰুণিমা সিন্হাৰ ঘৰ ক'ত আছিল?

Answer

অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।
Activity 3 · Question and answer

Question

হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

Answer

হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।
Activity 4 · Question and answer

Question

চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

Answer

চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল। কিয়নো অৰুণিমাৰ আছিল পৃথিৱীৰ শীৰ্ষতম স্থানত অৰ্থাৎ, এভাৰেষ্টত থিয় হোৱাৰ তীব্ৰ হেঁপাহ । তেওৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেঁওক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব পাৰিব।
Activity 5 · Question and answer

Question

মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?

Answer

মাউণ্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১ মে' তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত ডেৰ ঘণ্টা সময় ধৰি আছিল।
Activity 6 · Question and answer

Question

অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল?এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

Answer

অৰুণিমা সিন্হাই ৰে'লযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে ৰে'লযাত্ৰীসকলৰ পৰা টকা-পইচাৰ লগতে হাতৰ, কাণৰ, ডিঙিৰ আটাইবোৰ আ-অলংকাৰ কাহি লৈ গৈছিল। আন আন যাত্ৰীৰ লগতে অৰুণিমাৰ ডিঙিৰ চেইনডাল বিছাৰিছিল। কিন্তু অৰুণিমাই চেইনডাল দিবৰ বাবে মান্তি হোৱা নাছিল। তেওঁ ডকাইতবোৰক কৈছিল যে, সেইডাল এডাল চেইন নহয়, তাইৰ মাকে তাইক দিয়া আশীৰ্বাদ। ডকাইতবোৰে বাৰে বাৰে দিয়া ধমকিৰ ওচৰত অৰুণিমাই সেও মনা নাছিল। অৱশেষত অন্য়ায়ৰ ওচৰত সেও নমনা অৰুণিমাক ডকাইতবোৰে ডাংকোলাকৈ তুলি নি চলন্ত ৰে'লগাড়ীখনৰ পৰা বাহিৰৰ অন্ধকাৰলৈ দলিয়াই দিলে। সেই সময়তে ওচৰৰে আন এখন ৰে'ল গাড়ী আহি আছিল। অৰুণিমাৰ শৰীৰটো চলন্ত ৰে'ল গাড়ীখনত বস্তা এটাৰ দৰে খুন্দা খাই তললৈ পৰি গ'ল। অৰুণিমাই প্ৰাণে প্ৰাণে চিয়ৰিলে, কিন্তু ৰে'লৰ ইঞ্জিন আৰু চকাৰ শব্দত তাইৰ মাত তল পৰি গ'ল। অৰুণিমাই প্ৰায় ৭ঘন্টা সময় ৰে'ল আলিৰ কাষত পৰি থাকিল আৰু সেই সময়ত কাষেদি ঊনচল্লিশখন ৰে'ল পাৰ হৈ গ'ল।

এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আন খন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হ'ল। হেৰুৱা ভৰিখনৰ ঠাইত কৃটিম ভৰি সংযোজন কৰা হ'ল।
Activity 7 · Question and answer

Question

অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?

Answer

ৰে'লযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিন্হাৰ মনত হস্পিতালৰ বিছনাত শুই থাকোতেই হিমালয় শৃংগলৈ যোৱাৰ সপোন তীব্ৰ হ'বলৈ ধৰিলে। এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পৰামৰ্শ দিব পাৰিব। চাৰি মাহৰ মূৰত তেওঁ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ।

বাচেন্দ্ৰি পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে। ছোৱালিজনীৰ দুচকুত সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনতো বিশ্বাস জন্মালে যে, সঠিক প্ৰশিক্ষণ আৰু সাহস পালে, এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব। অৱশেষত "টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে" চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল আৰু ২০১৩ চনৰ ২১ মে'ত তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হ'ল।
Activity 8 · Question and answer

Question

এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?

Answer

এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল।

শাৰীৰিক, মানসিক, দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ।অৰুণিমাই প্ৰায় এবছৰ কাল একে লেথাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱাও হৈছিল আন সাধাৰণ মানুহে যিটো খোজ দুই বা তিনি মিনিততে শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে দুই তিনি ঘণ্টাৰ সময় লাগি গৈছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত অৰুণিমাই ২০১৩ চনৰ ২১ মে'ত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ, এভাৰেষ্টত পদাৰ্পন কৰাৰ সপোন সাকাৰ হৈছিল।
Activity 9 · Question and answer

Question

অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

Answer

লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ উচ্চতা আছিল ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল এনে প্ৰতিকূল বতৰত আভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকি থাকোতে অৰুণিমা সিন্হা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিব লগা হ'ল।
Activity 10 · Question and answer

Question

অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

Answer

এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবৰ বাবে অৰুণিমাই কঠোৰ ভাৱে অনুশীলন কৰিছিল। ভৰিখন হেৰুৱাৰ দুৰ্ভাগ্যক সুভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল অৰুণিমা। কেতিয়াবা এনেকুৱা হৈছিল যে আন সাধাৰণ মানুহে যিটো খোজ দুই বা তিনি মিনিটত শিকিব পাৰিছিল তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে দুই তিনি ঘণ্টাৰ সময় লাগিছিল। তথাপিও অৰুণিমাই আশা এৰি দিয়া নাছিল। অৱশেষত লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল অৰুণিমা। মাউণ্ট এভাৰেষ্ট কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমা সিন্হা আৰু সংগীসকলে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হ'ল।

মাউণ্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰাটোৱে অৰুণিমাৰ মনোবল অধিক দৃঢ় কৰি তুলিলে। এইবাৰ অৰুণিমা মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা ,ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ লগত দুটাকৈ কেমেৰা, পানী আৰু অক্সিজেন লৈ গৈছিল। চাৰি নং কেম্প পাওঁতে অৰুণিমাৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ ৰূপ হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হওঁ হৈছিল।

অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগুৱাই গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মছি মছি আগুৱাই গৈ থাকোতেঁ বাটত তেওঁ বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিনৰ অন্তত নিশা প্ৰায় আঠ বজাত তেওঁ ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল। তেওঁ প্ৰায় ডেৰ ঘণ্টা সময় তাত আছিল। তাৰিখটো আছিল ২১মে' ২০১৩ চন।
Activity 11 · Question and answer

Question

"একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।" 一কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।

Answer

একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিন্হা।

জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰৱল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। উত্তৰ প্ৰদেশৰ অৰুণিমা সিন্হা নামৰ চাব্বিছ বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্হা লক্ষ্ণৌৰ পৰা দিল্লীৰ অভিমুখে ৰে'লযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাব লগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰি পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বতাৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত ২০১৩ চনৰ ২১ মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল।

যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতাক সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুওৱাইছে অৰুণিমা সিন্হাই।
Activity 12 · Question and answer

Question

ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল?

Answer

ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰাত অনুপ্ৰেৰণা যোগাইছিল। কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটত ই হেঙাৰ হ'ব নোৱাৰে। যুৱৰাজ সিঙৰ দ্বাৰা অণুপ্ৰাণিত হৈ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয় কৰিবৰ বাবে সক্ষম হয়।
Activity 13 · Question and answer

Question

চমুটোকা লিখা।
বাচেন্দ্ৰি পাল, টেনজিং নৰগে, ষ্টিফেন হকিং।

Answer

বাচেন্দ্ৰি পালঃ বাচেন্দ্ৰি পালৰ জন্ম হয় উত্তৰাখণ্ডৰ নাকুৰি গাৱঁত। প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে প্ৰথমে পৰ্বতাৰোহন কৰিছিল ১২ বছৰ বয়সত। উচ্চতা আছিল ১৩,১২৩ ফুট। ১৯৮৪ চনত তেওঁ মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত অৱতৰণ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে তেওঁ "শ্ৰেষ্ঠ পৰ্বতাৰোহী" হিচাপে ১৯৮৪ চনত সোণৰ পদক লাভ কৰে।

টেনজিং নৰগেঃ টেনজিং নগৰে জন্ম হয় নেপালৰ খোলোখুম জিলাত। হিউ ৰাটলেজৰ নেতৃত্বত ১৯৩৬ চনত ব্ৰিটিচ মাউণ্ট এভাৰেষ্ট অভিযান আৰু দ্বিতীয় মাউণ্ট এভাৰেষ্ট অভিযান। প্ৰতিকূল বতৰৰ বাবে তেওঁলোকে এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনেদৰে কেইবাবাৰো অভিযান চলোৱাৰ অন্তত ১৯৫৩ চনৰ ২৯ মে' তাৰিখে তেওঁ এভাৰেষ্টত পদাৰ্পণ কৰে।

ষ্টিফেন হকিংঃ ষ্টিফেন হকিংৰ জন্ম হয় ১৯৪২ চনত। তেওঁৰ পিতৃৰ নাম আছিল ড° ফ্ৰাঙ্ক হকিং আৰু মাতৃৰ নাম আছিল ইছোবেল হকিং। তেওঁৰ সম্পূৰ্ণ নাম আছিল ষ্টিফেন উহলিয়াম হকিং। তেওঁ লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰে। হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফোৰ্ড বিশ্ববিদ্য়ালয়ৰ পৰা আৰু কেম্ব্ৰিজ বিশ্ববিদ্য়ালয়ৰ ত্ৰিনীতি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। এই গৰাকী মহান বিজ্ঞানীৰ ২০১৮ চনৰ ১৪ মাৰ্চ তাৰিখে মৃত্য়ু হয়।
Activity 14 · Question and answer

Question

[ভাষা-বিষয়ক] সন্ধি ভাঙাঃ
সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন।

Answer

সংশয় 一 সম্ + শয়

পৰ্বতাৰোহণ 一 পৰ্বত + আৰোহণ

উৎসাহ 一 উৎ + সাহ

হিমালয় 一 হিম + আলয়

প্ৰত্যাহ্বান 一 প্ৰতি + আহ্বান

বিপদাপন্ন 一 বিপদ + আপন্ন
Activity 15 · Question and answer

Question

[ভাষা-বিষয়ক] তলৰ শব্দকেইটাৰ উপৰ্সগ ভাঙি দেখুওৱাঃ
অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল।

Answer

অনুৰাগ 一 অনু + ৰাগ

অনুভৱ 一 অনু + ভৱ

অভিনয় 一 অভি + নয়

প্ৰতিফল 一 প্ৰতি + ফল
Activity 16 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?[HSLC '20]

Answer

অৰুণিমা সিন্‌হা ভলিবল খেলাত বিশেষ দক্ষতা অৰ্জন কৰিছিল।
Activity 17 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা। [HSLC '20]

Answer

ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম হৈছে "অন্য এক ৰত্নাকৰ" আৰু "উঁৱলি যোৱা চাদৰ"।
Activity 18 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে কিয় নামি আহিবলৈ বাধ্য হৈছিল? [HSLC '20]

Answer

এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমা সিন্‌হাই নামি আহিবলৈ বাধ্য হৈছিল কাৰণ বতৰ আছিল অত্যন্ত প্রতিকূল আৰু এনে প্রতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰিছিল। শিখৰলৈ মাত্ৰ ৬৯০ ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল।
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্রজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।” কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। [HSLC '23]

Answer

অৰুণিমা সিন্‌হাই নিজে এক অতি বিশেষ ব্যক্তিত্ব। তেওঁৰ জীৱন পৰিস্থিতি আৰু চেলেঞ্জবোৰ দেখিলে, তেওঁ শুধুমাত্র নিজৰ ক্ষেত্ৰত সফল হোৱা নাই, পৰিৱর্তে তেওঁ বহু লোকৰ বাবে আশা আৰু প্ৰেৰণা হিচাপে পৰিগণিত হৈছে।

অৰুণিমাৰ জীৱনৰ প্ৰথম অংশত, তেওঁ এক দক্ষ ভলিবল খেলুৱৈ আছিল, যাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছিল। কিন্তু এক ভয়াবহ ডকাইতিৰ সময়ত তেওঁ এক ভৰি হেৰুৱাইছিল আৰু আনটো ভৰিত লোৰ ৰডৰ সহায়ত চলাফিৰা কৰিব লাগিছিল। এই পৰিস্থিতিতো, তেওঁৰ মনোবল ভাঙি নাযাব পাৰে। কিন্তু অৰুণিমাই নিজৰ শাৰীৰিক প্রতিবন্ধকতা নোহোৱা হোৱা স্বত্বেও, পৰ্বতাৰোহণৰ উদ্দেশ্যত মনোবল গঢ়ি, এভাৰেষ্টৰ শিখৰলৈ উঠাৰ সপোন পূৰণ কৰিবলৈ কঠিন পৰিশ্ৰম আৰু অধ্যৱসায় অব্যাহত ৰাখিছিল।

অৰুণিমাৰ এই সংগ্রাম আৰু বিজয়ে দেখুৱাইছে যে, শাৰীৰিক সীমাবদ্ধতা থাকিলেও যদি ইচ্ছাশক্তি আৰু সংকল্প দৃঢ় থাকে, তেন্তে অসম্ভৱকো সম্ভব কৰা যায়। তেওঁৰ কাহিনীয়ে বহুতো লোকক প্ৰেৰণা দিছে, বিশেষকৈ শাৰীৰিক প্রতিবন্ধকতাৰ সন্মুখীন হোৱা লোকক। তেওঁ এটা প্ৰমাণ দেখুওৱা যে, নিজৰ সংকল্প আৰু কৰ্মৰ জৰিয়তে কোনোও সমস্যা অতিক্ৰম কৰিব পাৰি।

অৰুণিমাৰ জয় আৰু সাফল্যই এই কথাষাৰটোক বাস্তৱে পৰিণত কৰিছে। তেওঁ নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত বিশেষ স্থান অৰ্জন কৰি, আন বহুজনৰ বাবে আশা আৰু প্ৰেৰণা হিচাপে পৰিগণিত হৈছে।
Activity 20 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।”
কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে? [HSLC '23]

Answer

"আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে"—এই বাক্যটোৰ পৰা বুজা যায় যে, অৰুণিমাৰ সৈতে সংঘটিত হোৱা ডকাইতিৰ ঘটনাত সকলো মানুহ ভয় আৰু আতংকৰ কাৰণে সন্ত্রস্ত হৈ পৰিছিল।

ঘটনাৰ সময়ত, ডকাইতবোৰ চলন্ত ৰে'লগাড়ীত মন্নাই লুটপাট চলাইছিল, আৰু সকলোৰে মুখ শুকাই গৈছিল, যেন সিহঁতে ভয়ৰ পৰা কিবা কৈ নোৱাৰা হৈছে। অৰুণিমাৰ সাহসিকতাৰ বিপৰীতে, অন্য সকলো যাত্ৰী চুপচাপ, আতংকৰ তলায় ঠাৰি পৰি থকা অৱস্থাত আছিল। সেয়া কাৰণেই সিহঁতৰ মুখ শুকাই গৈছিল আৰু মুখবোৰ "টেমি" যেন হোৱা বুলি বৰ্ণনা কৰা হৈছে, অৰ্থাৎ সিহঁতৰ মুখত কোনো আভা বা আশাৰ চিহ্ন নাছিল।
Search books