Loading
Book contents

Chapter 5 — দৃশ্যান্তৰ

Activity 1 · Question and answer

Question

কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

Answer

কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।
Activity 2 · Question and answer

Question

মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

Answer

মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
Activity 3 · Question and answer

Question

মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল?

Answer

মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল।
Activity 4 · Question and answer

Question

মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?

Answer

মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰৰ ভংগীত আছিল।
Activity 5 · Question and answer

Question

কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

Answer

কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
Activity 6 · Question and answer

Question

সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স'তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

Answer

সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে হে বাস কৰে। তেওঁলোকে কাৰো সুখ-দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হ'লে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে।
Activity 7 · Question and answer

Question

"দৃশ্যান্তৰ" কবিতাটোৰ মূলভাৱ লিখা।

Answer

কবি হৰেকৃষ্ণ ডেকাৰ "দৃশ্যান্তৰ" কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। পঁচিশ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি-কেঁকুৰি এটাত ঘৰৰ নঙলা মুখত এজন লোকে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক'বলৈ পাহৰা নাছিল।

সময়বোৰ পাৰ হৈ গ'ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গ'ল। শান্তিৰ পঁজাঘৰৰ ঠাইত হ'ল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। পঁচিশ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ'ল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, তেওঁৰ গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল । মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পঁজাঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক ক'লে যে জাক-জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।
Activity 8 · Question and answer

Question

“বৰ শান্তিত আঁছো
এই পঁজাটিত। "
一 কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।

Answer

উক্ত কথাশাৰী কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল।

কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ- সৰল, আন্তৰিকতাৰ অনুভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম-চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।
Activity 9 · Question and answer

Question

"হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?" 一 কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

Answer

উক্ত কথাশাৰী কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল।

এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট পঁচিশ বছৰ আগেয়ে এটা কেঁচা আলিবাট আছিল। য'ত আছিল কেৱল এটা পঁজাঘৰ আৰু সেই পঁজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ-সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে পঁচিশ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল; যে "হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত?'
Activity 10 · Question and answer

Question

"দৃশ্যান্তৰ" কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।

Answer

“দৃশ্যান্তৰ" নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। য'ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম-চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হৈ পৰিল। পঁচিশ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে, পঁচিশ বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ'ল। গধূলি সময়ত আগতে মানুহৰ ভীৰ নাছিল। এতিয়া সেই সময়ত বাটে-পথে মানুহৰ ভীৰ। কিন্তু পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ'লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকণমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।
Activity 11 · Question and answer

Question

"দৃশ্যান্তৰ" কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।

Answer

হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহন কৰে। তেখেতে "The Sentinel" আৰু "গৰীয়সী" আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল "আগন্তুক"। তেখেতে "ৰাতিৰ শোভাযাত্ৰা", "আন এজন", "Sea-Scare" আদি কবিতাপুথি; "গল্প আৰু কল্প", "মধুসূদনৰ দলং", "মৃত্যুদণ্ড" আদি গল্পপুথিৰ ৰচনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত "সাহিত্য অকাডেমী বঁটা", ১৯৯৬ চনত "কথা-বঁটা" আৰু ২০১০ চনত "আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)" বঁটা লাভ কৰে।
Activity 12 · Question and answer

Question

ব্য়াখ্য়া কৰাঃ
"মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।"

Answer

প্ৰসংগঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমিয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

ব্য়াখ্য়াঃ বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল'ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সৱলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে-আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক'ব বিচাৰিছে উক্ত কবিতাফাঁকিৰ দ্বাৰা।
Activity 13 · Question and answer

Question

ব্য়াখ্য়া কৰাঃ
"যখৰ পোৱালিহঁতে কাক কোনে চায়"।

Answer

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

ব্য়াখ্য়াঃ সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। পঁচিশ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ লৈ পৰিণত হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন-সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ'লে সহায় কৰা দূৰৰে কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।
Activity 14 · Question and answer

Question

ব্য়াখ্য়া কৰাঃ
"এই কংক্ৰীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালো আৰু।"

Answer

প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ-দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক'ব বিচাৰিছে।

ব্য়াখ্য়াঃ সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰো কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ-সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল'বৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানৱীয়তা, আন্তৰিকতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে।
Activity 15 · Question and answer

Question

[ভাষা-বিষয়ক] বিপৰীত শব্দ লিখাঃ
কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।

Answer

কেঁচা 一 পকা

গধূলি 一 পুৱা

পোহৰ 一 আন্ধাৰ

শান্তি 一 অশান্তি

ৰূপ 一 অৰূপ
Activity 16 · Question and answer

Question

[ভাষা-বিষয়ক] এটাকৈ সমাৰ্থক শব্দ লিখাঃ
জোন, ঘৰ, চৰা, দাহ, উভতি।

Answer

জোন 一 চন্দ্ৰ

ঘৰ 一 আবাস

চৰা 一 অতি বা অধিক

দাহ 一 পোৰা

উভতি 一 উলটি
Activity 17 · Question and answer

Question

[ভাষা-বিষয়ক] নঞাৰ্থক শব্দ গঠন কৰাঃ
শান্তি, চিনাকি, সহায়।

Answer

শান্তি 一 অ+ শান্তি = অশান্তি

চিনাকি 一 অ + চিনাকি = অচিনাকি

সহায় 一 অ + সহায় = অসহায়
Activity 18 · Question and answer

Question

[ভাষা-বিষয়ক] "নমস্কাৰ" শব্দটো সন্ধি ভাঙিলে এনে হ'ব 一
নমঃ + কাৰ। 一 এনেদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।

Answer

পুৰঃ + কাৰ = পুৰস্কাৰ

পৰিঃ + কাৰ = পৰিস্কাৰ

নিঃ + উপায় = নিৰূপায়

বহিঃ + কাৰ = বহিষ্কাৰ
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] হৰেকৃষ্ণ ডেকাই কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

Answer

হৰেকৃষ্ণ ডেকাই ১৯৪৩ চনত জন্ম গ্ৰহণ কৰিছিল।
Activity 20 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?

Answer

হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হল - "আগন্তুক"।
Activity 21 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?

Answer

হৰেকৃষ্ণ ডেকা "The Sentinel" নামৰ কাকতৰ সম্পাদক আছিল।
Activity 22 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

Answer

হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] হৰেকৃষ্ণ ডেকাই কিমান চনত "অসম উপত্যকা সাহিত্য বঁটা" লাভ কৰিছিল?

Answer

হৰেকৃষ্ণ ডেকাই ২০১০ চনত "অসম উপত্যকা সাহিত্য বঁটা" লাভ কৰিছিল।
Activity 24 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিয়ে পঁচিশ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল?

Answer

কবিয়ে পঁচিশ বছৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু ন্য়ুব্জ আছিল।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে-পাঁজৰে কি আছিল?

Answer

কবিতাটোৰ মতে সাতমহলীয়া ঘৰটোৰ ওচৰে-পাঁজৰে কেইবাটাও অট্টালিকা আছিল।
Activity 26 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মানুহজনে কবিক কি বিচাৰি অহাৰ কথা সুধিছিল?

Answer

মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহাৰ কথা সুধিছিল।
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ব্য়াখ্য়া কৰাঃ
“ভাৰাঘৰ বিচাৰি আহিছা
এই কুবেৰৰ মহলাত! ক'ত পাবা
আৰু পালেও কি শান্তিত থাকিবা ইয়াত।"

Answer

প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত "দৃশ্যান্তৰ" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে বৰ্তমান সময়ত মানুহে বাস কৰা ঘৰবোৰ ডাঙৰ হৈ পৰিলেও মানুহৰ মনবোৰ যেন দিনে দিনে ঠেক হৈ পৰিছে আৰু মানৱীয় গুণ তথা শান্তিবোৰ যে নাইকিয়া হৈ গৈছে তাকে কৈছে।

ব্য়াখ্য়াঃ সময় পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক, সামাজিক, পৰিৱেশ আদিও সলনি হয়। কবিয়ে ভাৰাঘৰ বিচাৰি যোৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে সুধিছিল। লগতে মানুহজনে কবিক কৈছিল যে কুবেৰৰ মহলাত ভাৰাঘৰ পোৱাৰ সম্ভাৱনা কম আৰু যদিও পাই তাত শান্তিত থাকিব নোৱাৰিব। কবিক মানুহজনে ভাৰাঘৰ নাই বুলি কৈছে আৰু তাত থকা মানুহবোৰৰ মনৰ কথাও কৈছে। ঘৰবোৰ যিমান ডাঙৰ বা বিশাল হ'লেও তাত থকা মানুহবোৰৰ মনবোৰ ঠেক বুলি কৈছিল। যিদৰে কৃপনৰ ধন কোনো কামত নাহে, একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই বুলি কৈছে। সাতমহলীয়া ঘৰটোত বাস কৰা লোকসকলে কেৱল ধন-সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখিবহে জানে। কাৰোবাৰ বিপদত সহায় কৰিবলৈ বা কোনোবা মৰিলে দাহ কৰিবলৈ এটকা দিবলৈ তেওঁলোক নাহে। গতিকে যি সমাজত স্বাৰ্থপৰ মানুহে বাস কৰে আৰু যি নিজেই প্ৰকৃত সুখৰ পৰা বঞ্চিত, তেনে স্থানৰ মানুহে শান্তিত থাকিব নোৱাৰিব বুলি তেওঁ ক'ব বিচাৰিছিল।
Search books