Loading
Book contents

Chapter 9 — ইন্টাৰনেটৰ তিতা-মিঠা

Activity 1 · Question and answer

Question

দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

Answer

নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়। সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।
Activity 2 · Question and answer

Question

ইন্টাৰনেট কি?

Answer

ইন্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। "Interconnection of Networks"। এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি "Internet" শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট (Net) বুলিও কোৱা হয়।
Activity 3 · Question and answer

Question

কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?

Answer

কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।
Activity 4 · Question and answer

Question

পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

Answer

পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।
Activity 5 · Question and answer

Question

ভাইৰাছ কি?

Answer

ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰ'গ্ৰাম। "Virus" ৰ সম্পূৰ্ণ নাম হ'ল "Virus information resources under seize".
Activity 6 · Question and answer

Question

WWW বা ৱেব কি?

Answer

পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ WWW ৰ সম্পূৰ্ণ ৰূপ "ৱৰ্ল্ড ৱাইড ৱেব" (World wide web) বোলে। WWW- ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিদিঅ' আৰু অদিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।
Activity 7 · Question and answer

Question

কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

Answer

কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে।
Activity 8 · Question and answer

Question

ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?

Answer

ইন্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অৰ্জন কৰিলে। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তাই ই-মেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে।
Activity 9 · Question and answer

Question

ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

Answer

ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে "Vital information resources under seize"। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰ'গ্ৰাম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰ'গাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে। আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ।
Activity 10 · Question and answer

Question

"ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে" 一 কথাষাৰৰ বক্তা কোন? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

Answer

"ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে" 一 কথাষাৰৰ বক্তা শ্বাৱানা বাইদেউ।

ইয়াত ইন্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত স্বড়িত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰিব। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেলা-ধূলা, পৃথিৱীৰ বিভিন্ন ধৰণৰ বা-বাতৰি, খা-খবৰ আদি ল'ব পাৰি। ইন্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বোলা হয়। আনহাতে, ইন্টাৰনেটৰ বহু অসুবিধাও আছে। ইন্টাৰনেটে নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা, খেলা-ধূলা জগতখনৰ পৰা, সাহিত্য-সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে। তদুপৰি ইন্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনে অসুবিধাবোৰক তিতা অসুবিধা বোলে।
Activity 11 · Question and answer

Question

"ইন্টাৰনেটৰ তিত-মিঠা" গল্পটোৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা।

Answer

ইন্টাৰনেটৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিৱলৈ গৈ লেখিকা ড॰ প্ৰণয়ী দত্তই এই গল্পটিৰ নাম "ইন্টাৰনেটৰ তিতা-মিঠা" ৰাখিব বুলি ধাৰণা কৰিলে। পৃথিৱীৰ সকলো বস্তুৰে ভাল-বেয়া দুটা দিশ আছে। লেখিকা ড॰ প্ৰণয়ী দত্ত নিজেও ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা-অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত।

ইন্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোতে বিভিন্ন বতৰা দিৱলৈ সক্ষম হৈছে, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহুলোক বিশেষকৈ ছাত্ৰসমাজ বিভিন্ন ক্ষতি মুখামুখি হৈছে।

এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। সূৰ্য সৰ্বশক্তিৰ আধাৰ। সূৰ্যৰ তাপ আৰু পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলহেঁতেন। আকৌ ইয়াৰ বিপৰীতফালে সূৰ্যৰ উত্তপ্ত তাপত জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ, ঠায়ে ঠায়ে মানুহ তথা জীৱ-জন্তুৰ লগতে গছ-লতিকাও মৃত্যু মুখত পৰে। একেদৰে ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, তেতিয়া সেই বেয়া দিশ তথা কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ়প্ৰতিজ্ঞ হ'ব। ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষা থকা পুৰণি চিনেমা, সু-গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাও উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞান আৰু খা-খবৰ ইন্টাৰনেটৰ জৰিয়তে ল'ব পাৰি বুলি লেখিকা গৰাকীয়ে উল্লেখ কৰিছে। ইন্টাৰনেটৰ এনে সুবিধাবোৰক মিঠা সুবিধা বোলা হৈছে। আনহাতে, ইন্টাৰনেটৰ কিছুমান অসুবিধাও আছে। ইন্টাৰনেটে এতিয়াৰ নতুন প্ৰজন্মক কিতাপৰ জগতৰ পৰা, খেলা-ধূলাৰ জগতখনৰ পৰা, সাহিত্য-সংস্কৃতি আদিৰ পৰা আতৰাই আনিছে। ইন্টাৰনেটৰ জৰিয়তে কিছুমান মিছা তথা ভুৱা বাতৰিৰ প্ৰচাৰ হয়। এনেবোৰ ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে। গতিকে কোনেও যেন ইন্টাৰনেটৰ পৰা এনে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনাৰে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটৰ এনেবোৰ অসুবিধাকে তিতা অসুবিধা বোলা হয়। সেইবাবে এই গল্পটোৰ নাম "ইন্টাৰনেটৰ তিতা-মিঠা" নামেৰে সাৰ্থক কৰা হৈছে।
Activity 12 · Question and answer

Question

ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

Answer

ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম-কাজ, খেলা-ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰত ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰনেটত গেম খেলি আনন্দ পায়। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ প্ৰতি মনোযোগ একেবাৰে কমি যায়। কোনো ধৰণৰ অনুষ্ঠান-উৎসৱত আজিকালিৰ ল'ৰা-ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। ইন্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইন্টাৰনেট সংলগ্ন ম'বাইল চাই চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাও হৈছে। বহু সময়ত ইন্টাৰনেটত প্ৰচাৰিত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাও দেখা গৈছে।
Activity 13 · Question and answer

Question

[ভাষা-বিষয়ক] বাক্য ৰচনা কৰাঃ
চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

Answer

চিনাকি-অচিনাকিঃ ইন্টাৰনেটৰ জৰিয়তে চিনাকি-অচিনাকি বহুতো লোকক লগ পোৱা যায়।

অলীক-সপোনঃ ভালদৰে পঢ়া-শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক-সপোনৰ লেখিয়া।

নাকে-মুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে-মুখে এমুঠি গুজি যাবলগীয়া হয়।

পৰীক্ষা-নিৰীক্ষাঃ ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল'লে।
Activity 14 · Question and answer

Question

[ভাষা-বিষয়ক] অৰ্থ লিখা (অভিধান চাই)
ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।

Answer

ক্ষতি 一 নাশ, ধ্বংস, হানি, অনিষ্ট

বিজুতি 一 যন্ত্ৰ আদিত ওলোৱা বেমাৰ

গুণা-গঁথা 一 চিন্তা-চৰ্চা

উদাস 一 অনুৰাগহীন

পুঞ্জীভূত 一 সঞ্চিত
Activity 15 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "ইন্টাৰনেটৰ তিতা-মিঠা" পাঠটোৰ ৰচক কোন?

Answer

"ইন্টাৰনেটৰ তিতা-মিঠা" পাঠটোৰ ৰচক হ'ল ড॰ প্ৰণয়ী দত্ত।
Activity 16 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ড॰ প্ৰণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পি. এইছ. ডি. ডিগ্ৰী লাভ কৰিছিল?

Answer

"মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ" এই বিষয়ত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰিছিল।
Activity 17 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ইন্টাৰনেট (Internet) ক চমুকৈ কি বুলি কোৱা হয়?

Answer

ইন্টাৰনেটক চমুকৈ নেট (Net) বুলি কোৱা হয়।
Activity 18 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপটো কি?

Answer

ভাইৰাছ (Virus) ৰ সম্পূৰ্ণ ৰূপটো হ'ল - Vital information resources under seize।
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কুঁৱলীৰ বান্ধৱী শ্বেৰণে ক'লৈ পঢ়িবলৈ গৈছিল?

Answer

কুঁৱলীৰ বান্ধৱী শ্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল।
Activity 20 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল?

Answer

কুঁৱলী ইন্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল।
Activity 21 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কিহৰ সমষ্টিয়ে ইন্টাৰনেট হৈছে?

Answer

হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।
Activity 22 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ইন্টাৰনেটত পোৱা উৰাবাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল?

Answer

বিদ্যালয়ৰ ময়ূৰী বাইদেৱে।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] শ্বাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ ই-মেইল কৰিলে?

Answer

তাইৰ সকলো বন্ধু- বান্ধৱীলৈ।
Search books