Loading
Book contents

Chapter 8 — অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Activity 1 · Question and answer

Question

ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? [HSLC - 17]

Answer

ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ' ল মংগোলীয় গোষ্ঠী।
Activity 2 · Question and answer

Question

প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? [HSLC - 18]

Answer

প্ৰাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।
Activity 3 · Question and answer

Question

কিহে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে?

Answer

ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে।
Activity 4 · Question and answer

Question

সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

Answer

সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
Activity 5 · Question and answer

Question

অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

Answer

অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।
Activity 6 · Question and answer

Question

অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

Answer

অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি অনাৰ্য জাতিবোৰক বুজায়।
Activity 7 · Question and answer

Question

কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

Answer

১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।
Activity 8 · Question and answer

Question

চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ ক'ৰ পৰা অসমলৈ আহিছিল?

Answer

চাহ-উদ্যোগৰ কৰ্মীসকল হৈছে চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।

এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।
Activity 9 · Question and answer

Question

পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা।

Answer

পাঠটিত থকা খাদ্য-বস্তুসমূহ হ'ল- পৰাথা, পোলাও, কোৰ্মা-কোপ্তা, কে'ক-বিস্কুট, ৰুটি, ৰসগোল্লা, লাল-মোহন, চিঙ্গাৰা, লুচি-পুৰী, ড'চা, চাম্বাৰ, ইড্লি।
Activity 10 · Question and answer

Question

অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

Answer

অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ- সাহিত্য আৰু ডাকৰ বচন আদি।
Activity 11 · Question and answer

Question

"অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।" 一 কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা। [MQ. 15,HSLC - 17]

Answer

সমগ্ৰ অসম ৰাজ্যখনেই বিভিন্ন জাতি, উপজাতি আৰু জনজাতিৰ জনগোষ্ঠীৰ সমষ্টি। সেইবাবে অসমীয়া সংস্কৃতিও বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰাই অসমত বিভিন্ন জনজাতীয় গোষ্ঠীৰ লোকে বাস কৰি আহিছে। অৰ্থাৎ, অসমত আৰ্য জনগোষ্ঠীৰ লোকসকল আছিল ইয়াৰ প্ৰধান কেন্দ্ৰ। ঘাইকৈ ইয়াত কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদিকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠী সমূহে অসম ভূমিত বসবাস কৰিছিল।

ত্ৰয়োদশ শতিকাত এইবোৰ জনগোষ্ঠীৰ লগতে অসমলৈ নতুন গোষ্ঠীৰ আগমন ঘটিল। সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগোলীয়সকল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি-সংস্কৃতি পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। সেই সময়তে অসমলৈ মুছলমান সকলো আহিছিল। ঊনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ অসমলৈ চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি লোকসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতিসমূহ।

এটা সময়ত আকৌ আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিহে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিছিল। এই দেশলৈ আহোম মুছলমান সকলকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আৰু কোনোবাই যুদ্ধবন্দী হিচাপে ৰৈ গ'ল। পুৰণি কালত অসমত থলুৱা বাসিন্দাসকলৰ ভিতৰত কছাৰী, চুটিয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিছিল। তেওঁলোকে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে। সেই সময়ছোৱাত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ চেদ কৰি এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ল'লে। এয়াই হ'ল এটা সংস্কৃতিসম্পন্ন জাতিৰ আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱা ব্যৱস্থা।
Activity 12 · Question and answer

Question

"বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।" 一 ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে 一 পাঠৰ আলমত বিচাৰ কৰা।

Answer

ইয়াত "ঔদ্যোগিক আবেষ্টনী" মানে বৃটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে। অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমত বিভিন্ন ৰাজ্যৰ পৰা চাঁওতাল, কুৰ্মি, মুণ্ডা, তেলেঙা, মোছহৰ, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে। কালক্ৰমত এই সকলেই নিজৰ কৃষ্টি-সংস্কৃতিৰ কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়াৰ মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰ'ল। অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হ'ল তেওঁলোকৰ। বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।
Activity 13 · Question and answer

Question

"এটা সংমিশ্ৰিত一সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই।" 一 ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। "নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই" বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

Answer

অসমীয়া জাতি আৰু সংস্কৃতিৰ সমন্বয় বিষয়ে ক'বলৈ গৈ লিখকে উক্ত বাক্যশাৰী কৈছে। অসমীয়া জাতিটো কেৱল এটা জনগোষ্ঠী আৰু তেওঁলোকৰ ভাষা-সংস্কৃতিক লৈ গঢ়ি উঠা নাই বুলি লিখকে কৈছে। অসমত প্ৰাচীন কালৰে পৰা ভিন ভিন জাতি- জনগোষ্ঠীৰ লোক আহি অসমত বসবাস কৰিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে আঁকোৱালি লৈছিল। বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা, সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কট্কটিয়া কৰি তুলিলে। অসমত বসবাস কৰা জনজাতিৰ ভাষা ভালদৰে বুজি পায় আৰু ক'ব পাৰে। অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয়। যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদান, বিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে।
Activity 14 · Question and answer

Question

"লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।" 一 কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা। [HSLC-18]

Answer

অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল। অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয়। আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান। এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকল, মুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল। এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গ'ল। এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে। এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ল'লে। সাজপাৰ, আ-অলঙ্কাৰ, দৈনন্দিনত ব্যৱহাৰ্য আচবাব, বাচন-বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ মাজত মুকলি মনেৰে আধুনিকতা প্ৰৱেশ কৰিবলৈ ল'লে। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এয়াই আছিল স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া। আদান-প্ৰদান, বৰ্ণাঢ্য আৰু বাৰেবৰণীয়াৰ যোগেদি হোৱা সংস্কৃতি।
Activity 15 · Question and answer

Question

তাৎপৰ্য ব্য়াখ্য়া কৰাঃ
দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

Answer

ভিন ভিন জনগোষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেতু গঢ়ি তুলিছে এই প্ৰদেশৰ ভাষাটোৱে। এই কথাষাৰ বুজাবৰ বাবে কথাফাঁকি ফুটি উঠিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতিটোক আৰু সংস্কৃতিটোৰ বান্ধোনক অধিক কট্কটীয়া কৰিছিল। ইয়াত থলুৱা ভাৱে অনাৰ্য লোকসকলৰ লগতে বাহিৰৰ পৰা অহা ভিন ভিন জাতিৰ লোক সকলেও বিভিন্ন সময়ত আহি অসমত বসবাস কৰিছিল। অসমৰ বাহিৰৰ পৰা অহা লোকসকলে অসমীয়া ভাষাটোক নিজৰ ভাষা বুলি গ্ৰহণ কৰিছিল। এওঁলোকে নিজৰ উপভাষাৰে নিজৰ মাজত কথা পাতিলেও প্ৰত্যেকেই অসমীয়া ভাষাৰে কথা কৈ অসমীয়া ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল। অসমৰ থলুৱা জনজাতিৰ লোকসকলে নিজ নিজ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে সমাজখনৰ সৈতে যোগাযোগৰ কাৰণে অসমীয়া ভাষাকে ব্যৱহাৰ কৰিছিল। অসমীয়া ভাষাটোক তেওঁলোকে উমৈহতীয়া ভাষাৰূপে গ্ৰহণ কৰিছিল। এই সেঁতু ইমান মজবুত আছিল যে, অসমত আহোমে আহোমৰ ভাষাৰে, বাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতৰে আৰু মুছলমানে আৰবী-ফাৰ্চীৰে কথা নাপাতে। প্ৰত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। অসমীয়া লোকসকল তেওঁলোকৰ আপোন হৈ পৰিছিল, আৰু অসমীয়া মাতৃভাষা। এনেদৰেই অসমীয়া ভাষাই ভাষিক সংমিশ্ৰণৰ মাজেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকল ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।
Activity 16 · Question and answer

Question

তাৎপৰ্য ব্য়াখ্য়া কৰাঃ
এই গোটেইবোৰ হ'ল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।

Answer

ভিন ভিন জাতি জনজাতিৰ মাজত কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে। ইয়াকে বুজাবৰ বাবে কথাষাৰ কোৱা হৈছে।

বিভিন্ন সময়ত আমি মাত-কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত আমি কেৱল আমাৰ নিজৰটোকে ধৰি ৰখা নাচিলো। আমি আনৰ ৰীতি-নীতি, সাজ-সজ্জা আদিবোৰো গ্ৰহণ কৰিছিলো। আমাৰ নিচিনাকৈ অইনেও আমাৰটো গ্ৰহণ কৰি লৈছিল। এনেদৰে জাতি-কুলৰ পৰম্পৰাগত প্ৰাচীৰ ভাঙি বিয়া-সবাহ, মৰা-সকাম আদিত ভিন ভিন জাতিৰ লোক একেলগে ভাগ ল'ব পৰা হৈ উঠিছিল। সকলোৱে একগোট হৈ পৰস্পৰে পৰস্পৰৰ উৎসৱ-অনুষ্ঠান আদি বিভিন্ন কাৰ্যক্ষেত্ৰত যোগ দিয়ে। এনেদৰে ভাতৃত্বৰ বান্ধোন কট্কটিয়া হৈ পৰিল। সময়ৰ লগত খোজ মিলাই পৰিৱৰ্তনে সংস্কৃতিলৈ নতুননত্ব আনিলে। নিজ কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছো। এই সংস্কৃতি মিলনৰ সংস্কৃতি। এই সংস্কৃতি সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ বাট।
Activity 17 · Question and answer

Question

তাৎপৰ্য ব্য়াখ্য়া কৰাঃ
এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱস্থা।

Answer

অসমীয়া সংস্কৃতিৰ মূলতে হৈছে সমন্বয়। সংস্কৃতি পৰিৱৰ্তনশীল। অসমতো বিভিন্ন জাতি-ধৰ্মৰ মানুহে বসবাস কৰে। ফলত বিভিন্ন জাতি-ধৰ্মৰ মানুহ বসবাস কৰাৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল। ইয়াকে বুজাবলৈ গৈ লিখকে কথাষাৰ কৈছে।

অসমত পূৰ্বতে অনাৰ্য জাতিৰ লোকসকলে বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁলোকৰ সংস্কৃতি আছিল অসমীয়া। অসমলৈ কালক্ৰমত বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক আহিছিল যদিও তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ পৰিহাৰ কৰি অসমীয়া সংস্কৃতি আৰু ভাষা নিজৰ বুলি গ্ৰহণ কৰি লৈছিল। তেওঁলোকে নিজৰ কিছুমান সংস্কৃতি এৰিছিল আৰু পূৰ্বৰ কিছুমান সংস্কৃতিৰ সৈতে যোগ দিছিল। সেয়া হ'ল সকলোৱে মিলি অসমীয়া ভাষাটো গ্ৰহণ কৰি ল'লে। সকলোৱে নিজৰ লগত লৈ অহাবোৰক ধৰি নাথাকি ভাষা-সংস্কৃতিক আঁকোৱালি লোৱাৰ লগতে পৰস্পৰৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰি ল'লে। কোনেও কাকো জোৰকৈ একো জাপি দিয়া নাছিল। ফলত গঢ়ি উঠিল এটা সংমিশ্ৰিত সংস্কৃতি। এই সংমিশ্ৰিত সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি। এনেদৰে ভিন্ন সম্প্ৰদায়ৰ মাজৰ সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল। এয়া আদৰ্শৰ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্ৰত্যেক সম্প্ৰদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিল।
Activity 18 · Question and answer

Question

[ভাষা-বিষয়ক] সন্ধি ভাঙাঃ
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।

Answer

সংস্কৃতি = সম্ + কৃতি

জলাঞ্জলি = জল + অঞ্জলি

স্বাধীন = স্ব + অধীন
Activity 19 · Question and answer

Question

[ভাষা-বিষয়ক] 'প্ৰ' উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

Answer

প্ৰয়োগ, প্ৰগতি, প্ৰণাম।
Activity 20 · Question and answer

Question

[ভাষা-বিষয়ক] বাক্য ৰচনা কৰাঃ
ভাষা-সংস্কৃতি, পূজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা।

Answer

ভাষা-সংস্কৃতিঃ অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা-সংস্কৃতি আছে।

পূজা-পাৰ্বনঃ হিন্দু সমাজৰ ব্ৰাহ্মণসকলে পূজা-পাৰ্বনত মুখ্য ভূমিকা পালন কৰে।

বেপাৰ-বাণিজ্যঃ বেপাৰ-বাণিজ্যিৰ বিস্তাৰে অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰে।

সহজ-সৰলঃ সহজ-সৰল লোকে আনৰ সুখত নিজৰ সুখ অনুভৱ কৰে।

দিয়া-লোৱাঃ যেতিয়া এজনী ছোৱালীৰ বিবাহ কাৰ্য সম্পন্ন কৰা হয় তেতিয়া অসমীয়া সমাজত কিছুমান দিয়া-লোৱা কাৰ্য কৰা হয়।

এৰা-ধৰাঃ যিকোনো এটা সম্পৰ্ক দীঘলীয়া ভাৱে চলাই নিবলৈ হ'লে সৰু সৰু কথা কিছুমান এৰা-ধৰা কৰিবলগীয়া হয়।
Activity 21 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অতীতত অসমৰ আন এটা নাম কি আছিল?

Answer

অতীতত অসমৰ আন এটা নাম কামৰূপ আছিল।
Activity 22 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] পূব পাকিস্তান বৰ্তমান কি নামেৰে জনাজাত?

Answer

পূব পাকিস্তান বৰ্তমান বাংলাদেশ নামেৰে জনাজাত।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা কি কি?

Answer

অসমত আদিৰে পৰা প্ৰচলিত ধৰ্ম দুটা হ'ল হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম।
Activity 24 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী কোন?

Answer

অসমলৈ অহা প্ৰথম বহিৰাগত গোষ্ঠী হ'ল মংগোলীয়সকল ।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মুছলমানসকল অসমলৈ কেতিয়া আহিছিল?

Answer

মুছলমানসকল কুৰি শতিকাৰ চতুৰ্থ দশকত অসমলৈ আহিছিল।
Activity 26 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমত স্বাধীনতা সূৰ্য কেতিয়া অস্ত গ'ল?

Answer

ইয়াণ্ডাবু সন্ধিৰ পাছৰে পৰা অসমৰ স্বাধীনতা সূৰ্য অস্ত গ'ল।
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰৱেশ কৰে?

Answer

ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি বঙ্গদেশৰ পৰা অসমত প্ৰৱেশ কৰে।
Activity 28 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] জাহ যোৱাৰ এটা প্ৰধান উপায় কি?

Answer

জাহ যোৱাৰ এটা প্ৰধান উপায় হ'ল ভাষা গ্ৰহণ।
Search books