Loading
Book contents

Chapter 6 — উদ্যোগী হওঁ আহাঁ

Activity 1 · Question and answer

Question

দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?

Answer

দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী।
Activity 2 · Question and answer

Question

শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

Answer

শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল "এজন ব্য়ক্তিয়ে কেনেকৈনো নিজকে এজন উদ্য়োগী ব্য়ক্তি হিচাপে গঢ়ি তুলিব পাৰে"।
Activity 3 · Question and answer

Question

এজন উদ্য়োগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?

Answer

এজন উদ্য়োগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হ'ল এলাহ।
Activity 4 · Question and answer

Question

এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন?

Answer

এজন সফল উদ্য়োগী হ'বলৈ ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰৰ প্ৰয়োজন।
Activity 5 · Question and answer

Question

ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

Answer

ক'কা ক'লা কোম্পানীৰ বিজ্ঞাপনটো য'ত কোৱা হয় ㅡ 'Eat cricket, sleep cricket, dream cricket, drink cricket.' উদ্য়োগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্য়ক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ।
Activity 6 · Question and answer

Question

নাৰায়ণ মূর্ত্তী কোন?

Answer

নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্য়োগী।
Activity 7 · Question and answer

Question

বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

Answer

বিজিতে ছাৰক উদ্য়োগী সম্পৰ্কে কৈছিল যে ㅡ উদ্য়োগীসকল হ'ল এনে ব্য়ক্তি যিয়ে নিজে ব্য়ৱসায় বা উদ্য়োগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থান দিবলৈ সক্ষম হয়।
Activity 8 · Question and answer

Question

প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?

Answer

প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব।
Activity 9 · Question and answer

Question

টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

Answer

টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য় কৰিছিল ''মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে''।
Activity 10 · Question and answer

Question

চমুকৈ বুজাই লিখাঃ
"উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।" শিক্ষকগৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা।

Answer

"উদ্য়োগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।" ইয়াৰ অৰ্থ এয়ে যে, এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্য়োগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্য়ালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্য়োগী হোৱা।
Activity 11 · Question and answer

Question

চমুকৈ বুজাই লিখাঃ
সফল উদ্যোগী হ'বলৈ কিয় কঠিন?

Answer

এজন সফল উদ্য়োগী হ'বৰ বাবে লাগিব ধৈৰ্য্য়, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে সফল উদ্য়োগী হোৱাটো টান বুলি কৈছে।
Activity 12 · Question and answer

Question

চমুকৈ বুজাই লিখাঃ
এজন উদ্যোগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্রচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

Answer

সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। কাৰোবাৰ কাৰোবাৰ পৰি হাত-ভৰিও ভাঙে। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি 'হাফ-পেদেল' মাৰি চলাব পৰা হয় আৰু এদিন 'ফুল-পেদেল' মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এজন উদ্য়োগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্য়োগী হয়গৈ।
Activity 13 · Question and answer

Question

চমুকৈ বুজাই লিখাঃ
উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা ।

Answer

নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্য়ক্তিয়েই একো একোজন উদ্য়োগী বা "entrepreneur"। সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টোৰা বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্য়ক্তি সকলোৱেই একো একো গৰাকী উদ্য়োগী।
Activity 14 · Question and answer

Question

ইন্‌ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

Answer

ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক হ'ল নাৰায়ণ মূৰ্ত্তী।

তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্য়োগী বা "entrepreneur"। কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল। কৰ্ণাটকৰ এক নিম্ন মধ্য়বিত্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা এজন উদ্য়োগী হোৱাৰ তেওঁৰ দুৰ্বাৰ হেঁপাহ আৰু হাবিয়াস আছিল। সেয়ে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁৰ চাকৰি ত্য়াগ কৰি Softronics নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ ডেৰ বছৰৰ পাছতে দেউলিয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্ত্তীদেৱে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি Infosys নামৰ কোম্পানী আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। নিজৰ ঘৰৰ পৰা দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইনফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিক মুকলি কৰি দিয়াত ইন্ফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। সময়ৰ শৰ সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্ত্তী আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাব লগা নহ'ল। ধৈৰ্য্য় আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি সময়ৰ শৰ সময়ত মৰাত আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল আৰু নামজ্বলা উদ্য়োগী।
Activity 15 · Question and answer

Question

“ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব ?”—এইদৰে কোনে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

Answer

এইদৰে প্ৰীতমে সুধিছিল।

তাৰ উত্তৰত শিক্ষকজনে এনেধৰণে কৈছিল 一 "তুমি কোনটো দিশত উদ্য়োগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্ত এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান আদি খোলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্য়ৱসায়ত কৃতকাৰ্য্য়তা লাভ কৰিব নোৱাৰি"।
Activity 16 · Question and answer

Question

“এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” — কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

Answer

এজন উদ্য়োগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্য়োগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈও সাজু থাকিব লাগিব। সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে। বহুতৰে চাইকেলৰ পৰা পৰি হাত-ভৰিৰ ছাল-বাকলি এৰাই যায়। যিসকলে ছাল-বাকলি যোৱাৰ পাছত বা হাত-ভৰি ভঙাৰ পাছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে, তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে। যিসকলে ছাল-বাকলি এৰোৱাৰ পাছতো চেষ্টা কৰি যায়, প্ৰথমে তলত চলাব পৰা হয়, তাৰ পাছত লাহে লাহে জাঁপ মাৰি ওপৰত উঠি "হাফ পেদেল" মাৰি চলাব পৰা হয় আৰু এদিন "ফুল পেদেল" মাৰি চলাব পৰা হৈ লগৰীয়াৰ লগত জোৰেৰে চলোৱা, লাহে লাহে চলোৱা প্ৰতিযোগিতাত অৱৰ্তীণ হয়। এজন উদ্য়োগী হ'বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্ৰথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰ বিফল হ'লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্য়োগী হয়গৈ। এজন উদ্য়োগী হ'বৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্য়ৱসায়তো কৃতকাৰ্য্য় হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে, এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টি.ভি. ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা Skill থকাটো প্ৰয়োজন। বৰ্তমান সময় প্ৰযুক্তি, তথ্য়প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্য়ৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্য়োগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।
Activity 17 · Question and answer

Question

“ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।”— ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল, বৰ্ণনা কৰা।

Answer

ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্য়োগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ ভাল কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। উদ্য়োগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁৰ চাকৰি বাদ দি ব্য়ৱসায় কৰিবৰ বাবে সিদান্ত ল'লে। "মন কৰিলে চন, বাকৰি মাটিতে ধন"। ব্য়ৱসায়ৰ বাবে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। মূলধনৰ অভাৱ উদ্য়োগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মোম্বাইৰ এটা ৩৫০ বৰ্গফুটৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰৰ ব্য়ৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল, তিনিখন চকী, আৰু এটা টেলিফোন। তাৰ পৰা তেওঁ "ৰিলায়েঞ্চ কমাৰচিয়েল কৰ্পোৰেচন" স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্য়াত "ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ" হয়গৈ। ধীৰুভাই আম্বানীয়ে কৈছিল নতুন ধাৰণা বা চিন্তাৰ ওপৰত কাৰো একাধিপত্য় নাই। ডাঙৰকৈ ভাবা, খৰতকীয়াকৈ ভাবা, আনতকৈ আগত ভাবা। বহুতো মানুহৰ এক ধাৰণা আছে যে উদ্য়োগী হোৱাৰ গুণ জন্মগত আৰু উদ্য়োগী গঢ়িব নোৱাৰি। কিন্তু এই ধাৰণা এক ভ্ৰান্ত ধাৰণা। উপযুক্ত প্ৰশিক্ষণ আৰু অভিৰোচনৰ দ্বাৰা উদ্য়োগী গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে কেৱল এজন ব্য়ক্তিৰ থাকিব লাগিব আত্মবিশ্বাস, ইচ্ছাশক্তি, আগ্ৰহ, দক্ষতা, স্বাধীনচিতীয়া আৰু সৃষ্টিশীল মন।
Activity 18 · Question and answer

Question

ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায় ?

Answer

ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্য়ক মহাবিদ্য়ালয়, বিশ্ববিদ্য়ালয়, অভিযান্ত্ৰিক মহাবিদ্য়ালয়তে উদ্য়োগী কোষ গঠন কৰা হৈছিল আৰু এই কোষসমূহে নিয়মিত ভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্য়োগী হিচাপে মানসিক ভাৱে প্ৰস্তুত কৰি ৰখা উচিত। জন বিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ। প্ৰতি দহজন ছাত্ৰৰ মাত্ৰ এজনেহে হয়তো চৰকাৰী চাকৰি পাব, কিছু সংখ্য়কে বেচৰকাৰী খণ্ডত চাকৰি পাব, সৰহ সংখ্য়কে কিন্তু উদ্য়োগী হৈ নিজৰ জীৱিকা আৰ্জন কৰিব লাগিব। গতিকে ছাত্ৰ-ছাত্ৰী সকলে সোনকালে নিজকে মানসিক ভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হ'লে সেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক।
Activity 19 · Question and answer

Question

চমুটোকা লিখাঃ
টমাচ আলভা এডিচন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্ৰাহামবেল, চেষ্টাৰ কাৰ্লচন, বিল গেট্চ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত।

Answer

টমাচ আলভা এডিচনঃ- বৈজ্ঞানিক টমাচ আলভা এডিচনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰোতে বাৰে বাৰে বিফল হৈ মন্তব্য় কৰিছিল মই বিফল হোৱা নাই। মাত্ৰ বুজিলো যে ১০,০০০ ধৰণে ই কাম নকৰে। এপল' কোম্পানীৰ সহ প্ৰতিষ্ঠাপক স্টিভ জবসৰ মতে এজন সফল আৰু এজন বিফল উদ্য়োগীৰ মাজৰ ব্য়ৱধান মাথো ধৈৰ্য্য়শীলতা। ১৮৭৬ খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ বিফল উদ্য়োগী কৰি তেওঁক সহায়ৰ হাত আগবঢ়াইছিল। বহুতো লোকৰ কাষ চাপিছিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে।

ৰাডাৰফৰ্ডঃ- আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাডাৰফৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাডাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য় কৰিলে এইটো এটা আচৰিত আৱিষ্কাৰ। কিন্তু এইটো কোনে ব্য়ৱহাৰ কৰিব বা কোনে ল'ব।

বিল গেট্চঃ- বিল গেট্চৰ মতে উদ্য়োগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্য়ায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱা সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়। যোগাযোগ বা উপস্থাপন ভাল নোপোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী নহয়। গতিকে বিক্ৰী কৰা কৌশল এজন উদ্য়োগীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।

চেষ্টাৰ কাৰ্লচনঃ- ১৯৪০ চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কালৰ্চনে নিজৰ আৱিষ্কাৰ ২০ টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিছিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল। সাতবছৰৰ পাছত ১৯৪৭ চনত নিউইৰ্য়কৰ হেলয়ড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয়। পৰৱৰ্তী সময়ত হেলয়ড কোম্পানী জেৰক্স বুলি কোৱা হয়।

উইলিয়াম শ্বেইক্সপীয়েৰঃ- শ্বেইক্সপীয়েৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা ১১০ মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফৰ্ড-আপন-এভনত, ১৫৬৪ চনত। দেউতাক জন শ্বেইক্সপীয়েৰ আছিল এজন চহকী ব্য়ৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়ৰী। মাক দেউতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্ট্ৰেটফৰ্ড প্ৰামাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে। স্কুলত তেওঁ লেটিন ভাষা আৰু সাহিত্য় অধ্য়য়ন কৰে। সেই সময়ত লেটিন এটা অতি গুৰুত্বপূৰ্ণ সংযোগী ভাষা আছিল। ছাত্ৰ হিচাপে তেওঁ অধ্য়য়নপিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ চৈধ্য় বছৰমান বয়সৰ পৰাই তেওঁ দেউতাকৰ ব্য়ৱসায়ত হাত আগবঢ়ায়। ১৫৮২ চনত তেওঁ এনি হেথাৱেৰ লগত বিবাহপাশত আৱদ্ধ হয়। চুযানা, জুদিথ আৰু হেমনেট নামৰ তিনিটা সন্তানৰ লগত পিছতে লণ্ডনলৈ উঠি আহে। ইয়াৰ পাছতে তেওঁ সাহিত্য়িক জীৱন আৰম্ভ হয়।

জুবিন গাৰ্গঃ- ১৯৭২ চনৰ ১৮ নৱেম্বত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। জুবিন গাৰ্গ হৈছে অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম "অনামিকা" মুক্তি পাইছিল। ইয়াৰ লগে লগেই তেওঁ পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। বঙালী চলচ্চিত্ৰ "শুধু তুমিৰ কাৰণে"ৰ বাবে জুবিনে ২০০৫ চনত "শ্ৰেষ্ঠ সংগীত বঁটা" লাভ কৰিছিল। হিন্দীৰ "য়া আলি" গীতটোৰ বাবে জুবিনে ২০০৭ চনত "গ্লৱেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড" আৰু "ষ্টাৰডাষ্ট এৱাৰ্ড"ত শ্ৰেষ্ঠ নেপথ্য় সংগীত শিল্পীৰ বঁটা লাভ কৰিছে। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।

অংগৰাগ পাপন মহন্তঃ- অংগৰাগ পাপন মহন্ত অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহুতো ভাষাত পাপনে গীত গাইছে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ এক সংগীত গোষ্ঠীৰ লগতো জড়িত।
Activity 20 · Question and answer

Question

[ভাষা-বিষয়ক] সমার্থক শব্দ লিখাঃ
প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।

Answer

প্ৰভাত 一 ৰাতিপুৱা

কঠিন 一 টান

এলেহুৱা 一 ৰিহাকুৰীয়া

ডাঙৰ 一 বৰ

চেষ্টা 一 প্ৰয়াস

লগৰীয়া 一 বন্ধু

লক্ষ্য় 一 উদ্দেশ্য়

হাবিয়াস 一 ইচ্ছা, আগ্ৰহ

সপোন 一 স্বপ্ন
Activity 21 · Question and answer

Question

[ভাষা-বিষয়ক] বিপৰীতার্থক শব্দ লিখাঃ
নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।

Answer

নতুন 一 পুৰণি

ক্ষুদ্ৰ 一 ডাঙৰ

সফল 一 বিফল

কৰ্মহীন 一 কৰ্মস্থ

এলেহুৱা 一 পৰিশ্ৰমী

সহজ 一 টান

সপোন 一 দিঠক

সুবিধা 一 অসুবিধা

আৰম্ভ 一 শেষ

জন্ম 一 মৃত্য়ু

সমান 一 অসমান
Activity 22 · Question and answer

Question

[ভাষা-বিষয়ক] তুমি কথা-বতৰা পাতোঁতে সাৱধান হ'বা।
মনে পঢ়া-শুনা কৰি আছে।
গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।
ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ
ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।

Answer

লৰা-ছোৱালীঃ লৰা-ছোৱালীবোৰে পথাৰত খেলি আছে।

হাত-ভৰিঃ ৰামে হাত-ভৰি ধুই কিতাপ পঢ়ি আছে।

খুৱাই-বুৱাইঃ সীতাক খুৱাই-বুৱাই স্কুল পঠালো।

জীৱন-জীৱিকাঃ সেই পৰিয়ালটোয়ে বহুত কষ্টৰে জীৱন-জীৱিকা কৰি আছে।

পা-পইচাঃ মানুহৰ জীৱনত পা-পইচাৰ বহুত প্ৰয়োজন হয়।
Activity 23 · Question and answer

Question

[ভাষা-বিষয়ক] ভাব সম্প্রসাৰণ কৰাঃ
উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।

Answer

"উদ্য়োগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচাৰ।" ইয়াৰ অৰ্থ এয়ে যে, এজন উদ্য়োগী অৰ্থাৎ আন্ট্ৰাপিনিওৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্য়ৱধান হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্য়োগী বা আন্ট্ৰাপিনিওৰ হোৱা। কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্য়ালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্য়োগী হোৱা।
Activity 24 · Question and answer

Question

[ভাষা-বিষয়ক] ভাব সম্প্রসাৰণ কৰাঃ
যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

Answer

"যি মূলা বাঢ়ে তাৰ দুপাততে চিন" অৰ্থাৎ মূলাশাক এজোপা দুপতীয়া হৈ থাকোতেই তাৰ ভাল বেয়া স্বৰূপ পৰিস্ফুট হৈ উঠে। তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব।

ঠিক সেইদৰে, মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰ খাপ খায়। এজন লোকৰ সৰুকালতেই তেওঁৰ ভৱিষ্য়ত জীৱনটো প্ৰতিফলিত হয়। এই ক্ষেত্ৰত আমি উদাহৰণস্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'ব পাৰো তেখেতৰ বাল্য়কালতেই তেখেতৰ পণ্ডিত্য়পূৰ্ণ কবি প্ৰতিভাৰ উমান পোৱা গৈছিল।

সেয়েহে কোৱা হয় যে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
Activity 25 · Question and answer

Question

[ভাষা-বিষয়ক] ভাব সম্প্রসাৰণ কৰাঃ
শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

Answer

শ্ৰম বিমুখ লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাক বুজাবলৈ উক্ত প্ৰবচনটো অসমীয়া ভাষাৰ বহলভাৱে ব্য়ৱহাৰ হয়।

হাঁহ, কুকুৰা, শিয়ালৰ প্ৰিয় খাদ্য়। কিন্তু হাঁহ-কুকুৰাবোৰ আপোনা-আপোনিকৈ শিয়ালৰ ওচৰত ধৰা নিদিয়ে। শিয়ালে নিজ চেষ্টাৰে এইবোৰ ধৰিব লাগে। নানান চেষ্টা কৰিব লগা হয়। সেয়ে শিয়াল এজনীয়ে যদি চেষ্টা নকৰি গোটেই দিনটো শুই থাকে, তেন্তে সি হাঁহ ধৰিব নোৱাৰি নেখাই মৰিব লাগিব। ঠিক তেনেকৈ মানুহে জীৱনৰ সুখ-শান্তিত থাকিবলৈ হ'লে তেওঁ পৰিশ্ৰম কৰিব লাগে। নিজে ধন অৰ্জন কৰিব লাগিব। কিন্তু তাকে নকৰি যদি আলস্য়ত দিন পাৰ কৰে, তেন্তে সি কেতিয়াও জীৱনত উদগতি কৰিব নোৱাৰে। সেয়ে উদগতিৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন।
Activity 26 · Question and answer

Question

[ভাষা-বিষয়ক] লিংগ পৰিৱৰ্তন কৰাঃ
শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।

Answer

শিক্ষক 一 শিক্ষয়িত্ৰী

ছাৰ 一 বাইদেউ

ছাত্ৰ 一 ছাত্ৰী

পুৰুষ 一 মহিলা

বন্ধু 一 বান্ধৱী
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] উদ্যোগী হওঁ আহা' শীর্ষক পাঠটিৰ লেখক কোন?

Answer

"উদ্যোগী হওঁ আহা" শীর্ষক পাঠটিৰ লেখক হৈছে দেৱজিৎ ভূঞা ।
Activity 28 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] 'উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা। বস্তু এটা বনোৱাটো। সহজ হলেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা। সহজ নহয়।' কথাষাৰৰ বক্তা কোন?

Answer

এই কথাষাৰৰ বক্তা হৈছে প্রকাশ গোস্বামী ।
Activity 29 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্রেণী-শিক্ষক গৰাকীৰ নাম কি?

Answer

দশম শ্ৰেণীৰ শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হৈছে প্রকাশ গোস্বামী।
Activity 30 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান কি?

Answer

এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধান হৈছে এলাহ (অর্থাৎ, ভয়)।
Activity 31 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] এজন সফল উদ্যোগী হ'বৰ বাবে কি কি গুণ অপৰিহাৰ্য?

Answer

এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস, আৰু হাৰ নমনা মনোবৃত্তি অপৰিহাৰ্য।
Activity 32 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ইনল্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মুৰ্ত্তীক এই কোম্পানীটো প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত কোনে কিদৰে আর্থিকভাৱে সহায় কৰিছিল?

Answer

এই পাঠত ইনফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তীক আৰ্থিকভাৱে সহায় কৰাৰ ক্ষেত্ৰত কোনো তথ্য উল্লেখ কৰা হোৱা নাই। সেয়ে, পাঠৰ পৰা সেই বিষয়ে কোনো তথ্য লাভ কৰা নাযায়।
Activity 33 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ক'কাক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

Answer

ক'কাক'লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে:"Eat cricket, sleep cricket, dream cricket, drink cricket."
Activity 34 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] 'এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব'-বুলি শিক্ষকজনক কোনে সুধিলে?

Answer

‘এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অর্হতা কেনেধৰণৰ হ'ব লাগিব’-বুলি শিক্ষকজনক বিদিশা নামৰ ছোৱালীজনী সুধিছিল।
Search books