Chapter 15 — বিষাদ যোগ
Question
মহাৰথী কাক বোলে?
Answer
যি একে দশ সহস্ৰ ধানুকীক যুঝৱৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে)।
Question
কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
Answer
কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হৈছে 一 গুৰু দ্ৰোণাচাৰ্য্য়, ভীষ্ম কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।
Question
সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবদ্যৰ মহাশব্দ হৈছিল?
Answer
সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি ৰণবদ্যৰ মহাশব্দ হৈছিল।
Question
আততায়ী কাক বোলে?
Answer
যি আনক বিষ দি, জুই লগায় অথবা অন্যপ্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে। যি আনৰ ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে।
Question
কুলক্ষয় দোষ কি?
Answer
কুলক্ষয় দোষ হ'ল 一 কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্ম বিয়পিলে কুলস্ত্ৰীসৱ দুষ্ট হয়।
Question
তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
Answer
ভট্টদেৱৰ 'বিষাদ যোগ' নামৰ পঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱ সকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱ সকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শঙ্খ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শঙ্খ বজাব ল'লে। এই শঙ্খৰ মহা শব্দই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাব জন্ম হ'ব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱ আৰম্ভণি কৰিছিল।
Question
অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
Answer
কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুয়োকাষে অৱস্থান গ্ৰহণ কৰি আাছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ ক'লে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অৱতীৰ্ণ হ'ব লাগিব বা দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যৰে কোন সকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে, সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিল। সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল।
Question
অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা।
Answer
অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃতুল্য, মাতৃতুল্য, ভাতৃ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলত দেখিবলৈ পালে। এনেদৰে সকলোয়ে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছে যে, এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাইছে শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংঙ্খা নকৰে। ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্চা তেওঁ নকৰে বুলি কৈছে।
Question
কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।
Answer
কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়, ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্ৰীসকল বিপথে গ'লে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃ সকলৰ লুপ্তপিণ্ডসমূহ জ্বলাঞ্জলিহীন হৈ পৰিব। এনেবোৰ দোষৰ বাবে সকলো জাতি-ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।
Question
"জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা.......।"
এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
Answer
উক্ত কথাফাকিৰ মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে কৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখি, শহুৰ সুহৃদসকলক উভয় সেনাৰ মাজতে দেখা পালে। যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয়স্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিল তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক'লে যে এই প্ৰজাতি ভাই সকলক যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰিৰ কঁপনি উঠিছে, নোম বোৰ শিয়ৰি গৈছে আৰু তেওঁ নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰণৰ অমংগলৰ হে চিহ্ন দেখা গৈছে। তেওঁ কৈছে যে, যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ ময়ো মহাপাপত পৰিম। এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি পৰিল। তাত কৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে, সেয়াই মোৰ বাবে মংগল হ'ব। অন্ততঃ এই মহাপাপ নহ'ব। এই বুলি অৰ্জুনে কৃষ্ণক ক'লে।
Question
[ভাষা-বিষয়ক] তলত দিয়া শব্দবোৰৰ একোটিকৈ সমাৰ্থক শব্দ লিখাঃ
নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমঙ্গল, বান্ধৱ।
নিপুণ, সমীপ, বিস্তৰ, সহস্ৰ, সদৃশ, বাদ্য, কৰ-চৰণ, চৰ্ম, শ্ৰুতি, বিমঙ্গল, বান্ধৱ।
Answer
নিপুণ 一 পাকৈত
সমীপ 一 নিকট, ওচৰত
বিস্তৰ 一 বহুত
সহস্ৰ 一 হাজাৰ
সদৃশ 一 একে
বাদ্য 一 বাজনা
কৰ-চৰণ 一 ভৰিত ধৰা
চৰ্ম 一 ছাল
শ্ৰুতি 一 বেদ
বিমঙ্গল 一 অমংগল
বান্ধৱ 一 মিত্ৰ।
সমীপ 一 নিকট, ওচৰত
বিস্তৰ 一 বহুত
সহস্ৰ 一 হাজাৰ
সদৃশ 一 একে
বাদ্য 一 বাজনা
কৰ-চৰণ 一 ভৰিত ধৰা
চৰ্ম 一 ছাল
শ্ৰুতি 一 বেদ
বিমঙ্গল 一 অমংগল
বান্ধৱ 一 মিত্ৰ।
Question
[ভাষা-বিষয়ক] তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।
Answer
হুয়া 一 হৈ
কহা 一 কোৱা
চক্ষু 一 চকু
কৰিলা 一 কৰিলে
চাঞো 一 চাও
মঞি 一 মই
বুলিলা 一 ক'লে
খাস 一 সহিপৰা
ফুঙ্কিলা 一 ফুকিলে
বাইলা 一 বজালে
ৰহিবে 一 ৰোৱা
ৰহো 一 ৰৈ থকা
কহা 一 কোৱা
চক্ষু 一 চকু
কৰিলা 一 কৰিলে
চাঞো 一 চাও
মঞি 一 মই
বুলিলা 一 ক'লে
খাস 一 সহিপৰা
ফুঙ্কিলা 一 ফুকিলে
বাইলা 一 বজালে
ৰহিবে 一 ৰোৱা
ৰহো 一 ৰৈ থকা
Question
[ভাষা-বিষয়ক] ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
Answer
ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাৰ শেষ ভাগত আৰু সপ্ত দশ শতিকাৰ প্ৰথম ভাগত তেখেতক সাহিত্য চৰ্চা কৰা বৈষ্ণৱ কবি ৰূপে জনা গৈছিল। তেখেতৰ সম্পূৰ্ণ নাম আাছিল "বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য"। তেখেতে সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে ৰচনাসমূহ লিখিছিল। তেখেতৰ ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাত গুৰু সম্ভীৰ হোৱা দেখা গৈছিল। তেখেতৰ ৰচনাত কথিত ভাষাৰ লগতে প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়োগ হোৱাৰ বাবে কেতিয়াবা বহু পৰিমাণে বাক্যবোৰ কৃত্ৰিম হোৱা দেখিবলৈ পোৱা গৈছিল। ভট্টদেৱৰ গদ্যৰ ভাষাবোৰ পোনপটীয়া আছিল। তেখেতৰ গদ্যত মন কৰিবলগীয়া বিষয়তো হৈছে চুটি চুটি বাক্যৰ ব্যৱহাৰ। তেখেতৰ ৰচনাসমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদ পুৰণি অসমীয়া শব্দ মঞি, আমি, আমাক, আামাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদি শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা-ঠাঁচ আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতিৰ আন এক বৈশিষ্ট্য আাছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
Answer
ভট্টদেৱৰ সম্পূৰ্ণ নাম হ'ল "বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য"।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভট্টদেৱৰ পিতৃ-মাতৃৰ নাম কি?
Answer
ভট্টদেৱৰ পিতৃৰ নাম হ'ল চন্দ্ৰভাৰতী আৰু মাতৃৰ নাম হ'ল তাৰা দেৱী।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
Answer
ভট্টদেৱে শ্ৰী দামোদৰ দেৱৰ ওচৰত শৰণ লৈছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভট্টদেৱে আগতে কোনখন ভাগৱত ভাঙনি কৰিছিল?
Answer
ভট্টদেৱে আগতে শংকৰদেৱৰ ভাগৱতখনৰ ভাঙনি কৰিছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা?
Answer
ভট্টদেৱৰ ৰচিত দুখৰ গ্ৰন্থৰ নাম হ'ল 'কথা গীতা' আৰু 'কথা ভাগৱত'।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি পাইছিল?
Answer
ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে 'কবিৰত্ন' আৰু 'ভাগৱত ভট্টাচাৰ্য্য়' উপাধি লাভ কৰিছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ধৃষ্টদ্য়ুম্ন কাৰ পুত্ৰ আাছিল?
Answer
ধৃষ্টদ্যুম্ন দ্ৰুপদৰ পুত্ৰ আাছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
Answer
সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] পাণ্ডৱসকলৰ পিতৃৰ নাম কি আাছিল?
Answer
পাণ্ডৱসকলৰ পিতৃৰ নাম আাছিল পাণ্ডু।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] 'বিষাদ যোগ' পাঠটো ক'ৰ পৰা লোৱা হৈছে?
Answer
'বিষাদ যোগ' পাঠটো "কথাগীতা" পুথিখনৰ পৰা লোৱা হৈছে।