Loading
Book contents

Chapter 2 — জিকিৰ

Activity 1 · Question and answer

Question

মোমিনৰ অৰ্থ কি?

Answer

বিশ্বাসী মুছলমান।
Activity 2 · Question and answer

Question

জিকিৰৰ ৰচক কোন?

Answer

আজান ফকীৰ।
Activity 3 · Question and answer

Question

জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

Answer

হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
Activity 4 · Question and answer

Question

আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল?

Answer

হজৰত শ্বাহ মিলন।
Activity 5 · Question and answer

Question

জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত ?

Answer

মুছলমান।
Activity 6 · Question and answer

Question

জিকিৰত উল্লেখ থকা আদম কোন?

Answer

আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানৱ।
Activity 7 · Question and answer

Question

জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰত্ব দিয়া হয়?

Answer

জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে।
Activity 8 · Question and answer

Question

মক্কা কি?

Answer

মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান।
Activity 9 · Question and answer

Question

জিকিৰ শব্দৰ অৰ্থ কি?

Answer

যিবোৰ শব্দত পৰম কৰুনাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে।
Activity 10 · Question and answer

Question

আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে?

Answer

আজান ফকীৰক এজন পীড় বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হয়।
Activity 11 · Question and answer

Question

ৰহমৰ, গিৰিহঁত শব্দ দুটাই কি বুজাইছে?

Answer

'ৰহম' মানে হ'ল - দয়া। 'গিৰিহঁত' মানে হ'ল –গৰাকী বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী, অর্থাৎ আল্লাক দয়াৰ গৰাকী বুলি কোৱা হৈছে ।
Activity 12 · Question and answer

Question

মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?

Answer

তিৰবেণীৰ ঘাটৰ কথা কোৱা হৈছে।
Activity 13 · Question and answer

Question

তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?

Answer

তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে।
Activity 14 · Question and answer

Question

(ক) আজান ফকীৰ।

Answer

আজান ফকীৰঃ- ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম "হজৰত শ্বাহ মিলন"। জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি অজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমত আজান ফকিৰে বহুত শাস্তিৰ সন্মুখীন হৈছিল। পিছত তেওঁৰ মাহাত্ম্যৰ কথা বুজি পাই আহোম ৰজা গদাধৰ সিংহই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম-চৰ্চা আৰম্ভ কৰে। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল। সেই ঠাইতে তেওঁৰ মৃত্যু হয়।
Activity 15 · Question and answer

Question

জিকিৰৰ বিষয়ে এটি টোকা লিখা।

Answer

জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ- নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাৰ্ছী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী "জিকৰ" শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল "ঘনে ঘনে উচ্চাৰণ কৰা"। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে - তাকে জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য়, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্ৰকাশ কৰা হৈছে।
Activity 16 · Question and answer

Question

(ক) “আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত॥"
- অন্তৰ্নিহিত অৰ্থটো বুজাই লিখা।

Answer

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথি 'অসমীয়া সাহিত্য় চয়নিকা'ৰ আজান ফকিৰৰ 'জিকিৰ' পাঠটিৰ পৰা তুলি লোৱা হৈছে।
সংগতিঃ ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক'বলৈ বিচাৰিছে।
ব্য়াখ্য়াঃ আচমান অৰ্থাৎ আকাশৰ তৰাৰ লগত সম্পৰ্ক আছে। আকাশ হ'ল মহাশূন্য়, তৰাইহে তাক পোহৰাই তোলে। তৰাৰ তিৰবিৰণি নহ'লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দৰ্যহীন তথা মূল্য়হীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীৰো সৌন্দৰ্য নাথাকে।
কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দী মইনাটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে স-প্ৰতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ'লে যেনেদৰে সজাটো মূল্য়হীন হৈ পৰে, একেদৰে আত্মা নোহোৱাত মানৱ দেহো কোনো কামৰ হৈ নাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপী আত্মা ওলাই যোৱাৰ পাছত দেহটোৰ কোনো অস্তিত্ব নোহোৱা হয়। মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগোৱাৰ দৰে আত্মাইও যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দৰ্য থাকে। আত্মা ওলাই যোৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অৰ্থাৎ, প্ৰাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যোৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কৰ্ম, সৎ চিন্তাৰে আল্লাৰ নাম ল'লেহে সকলোৰে কল্য়াণ হয় বুলি কবিতাটিত কোৱা হৈছে।
Activity 17 · Question and answer

Question

খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ॥

Answer

প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত "জিকিৰ" ৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ থাকিলে যে মক্কা বা ত্ৰিবেণীলৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰি, সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে।
ব্য়াখ্য়াঃ তিৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দু সকলৰ পৱিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী এই তিনিখন নদীৰ সংগম স্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পাব পাৰি বুলি বিশ্বাস কৰে। মক্কাক এই ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। কাৰণ ত্ৰিবেণী যিদৰে হিন্দুসকলৰ পৱিত্ৰ স্থান, ঠিক সেইদৰে মক্কাও মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান। সেয়েহে মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হয় আৰু মুক্তি লাভ কৰিব পাৰি। কিন্তু যিসকল লোক সংসাৰৰ মায়া- মোহত আৱদ্ধ তেওঁলোকে মক্কালৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰে। কিয়নো সংসাৰৰ মায়া-মোহৰ পৰা ওলাব নোৱাৰিলে আল্লাক প্ৰকৃত অন্তৰেৰে বিচাৰিব নোৱাৰি। সংসাৰৰ মায়া মোহে তেওঁলোকক আৱদ্ধ কৰি ৰাখিছে। সেয়েহে সংসাৰৰ মায়ামোহে তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত তেওঁলোকে মুক্তি বিচাৰিলে সুখৰ পৰিৱৰ্তে দুখহে পায়।
Activity 18 · Question and answer

Question

গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি॥

Answer

প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত `জিকিৰ' ৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ মানুহৰ দেহটোৰ পৰা প্ৰাণবায়ু ওলাই যোৱাৰ পাছত যে সেই দেহটোৰ প্ৰতি থকা মৰম-চেনেহ সকলো ত্যাগ কৰে। তাকে ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে।
ব্য়াখ্য়াঃ মানৱ জীৱন হ'ল ক্ষন্তেকীয়া। এই আছে এই নাই। কিন্তু মানুহে এই ক্ষন্তেকীয়া জীৱনত সংসাৰৰ মায়া-মোহত আৱদ্ধ হৈ নিজৰ দেহটোক লৈ গৌৰৱ কৰে। অথচ তেওঁ কেতিয়াও ভাবি নাছাই যে মৃত্যুৰ পাছত মানুহৰ দেহটোৰ কোনো মূল্য নাথাকে। আত্মাই দেহ ত্যাগ কৰি যোৱাৰ পাছত সেই দেহ পচি এদিন মাটিৰ লগত মিহলি হৈ যাব।
দেহৰ পৰা ওলাইযোৱা আত্মাই দূৰৰ পৰা দেহটোৰ অৱস্থা চাই থাকে। দেহত সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে দেহ এৰি যোৱাৰ লগে লগে সেইজনৰ প্ৰতি থকা সকলোৰে মৰম-চেনেহ আদি ভাগ কৰে।
Activity 19 · Question and answer

Question

"মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।"
一 তিৰবেণী ঘাট কথাষাৰে কি বুজাইছে? কি কাৰণে মক্কাই বাট ভেটি ধৰে খৰচি মাৰি লিখা।

Answer

তিৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দু সকলৰ পৱিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী যি ঠাইত মিলিত হৈছে সেই ঠায়েই হৈছে পৱিত্ৰ ত্ৰিবেণী।হিন্দুসকলে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। পৱিত্ৰ ত্ৰিবেণীৰ লগত মক্কাক তুলনা কৰিব পাৰি।কিয়নো হিন্দুসকলৰ বাবে যিদৰে ত্ৰিবেণী পৱিত্ৰ তীৰ্থস্থান ঠিক সেইদৰে মক্কাও মুছলমান সকলৰ বাবে পৱিত্ৰ তীৰ্থস্থান। মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হৈ মুক্তি লাভ কৰাৰ লগতে আল্লাৰ লগত মিলন সম্ভৱ হয়। যিসকল লোক সংসাৰৰ মায়া-মোহত বন্দী, সেইসকল লোকে মক্কালৈ গ'লেও মনত সুখ-শান্তি নাপায়। কিয়নো সংসাৰ মায়ামোহৰ পৰা মুক্ত হ'ব নোৱাৰিলে আল্লাক প্ৰকৃত অন্তৰৰ পৰা বিচাৰিব নোৱাৰি। সংসাৰৰ মায়া-মোহে তেওঁলোকৰ মুক্তিৰ বাধা দিয়ে। যাৰ ফলত তেওঁলোকে সুখৰ পৰিৱৰ্তে দুখহে পায়।
Activity 20 · Question and answer

Question

দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই ॥
一 দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।

Answer

আমাৰ দেহটো এটা সঁজাৰ দৰে। যেতিয়ালৈকে এই সঁজাত অৰ্থাৎ আমাৰ দেহটোত জীৱটো সোমাই থাকে, তেতিয়ালৈকে মানুহে নিজ ইচ্ছামতে চলি থাকে আৰু নিজৰ দেহটোকলৈ গৌৰৱবোধ কৰে। মানুহে নিজৰ সংসাৰৰ মায়ামোহত বন্দী হৈ থাকে। কিন্তু মানৱ জীৱন হ'ল ক্ষন্তেকীয়া। দেহৰ পৰা যেতিয়া জীৱটো ওলাই যায় তেতিয়াই জীৱনকাল শেষ হয়। দেহৰ পৰা ওলাই যোৱা জীৱই আঁতৰৰ পৰাই চাই থাকে। দেহত জীৱটো সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে, দেহৰ পৰা ওলাই যোৱাৰ পাছত দেহটোৰ প্ৰতি থকা মৰম- চেনেহো ত্যাগ কৰে।
Activity 21 · Question and answer

Question

'মোমিন'ৰ অৰ্থ কি? [HSLC '16]

Answer

'মোমিন'ৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান।
Activity 22 · Question and answer

Question

জিকিৰৰ ৰচক কোন? [HSLC '18, '22]

Answer

জিকিৰৰ ৰচক হৈছে আজান ফকিৰ।
Activity 23 · Question and answer

Question

আজান ফকীৰৰ আচল নাম কি আছিল? [HSLC '20]

Answer

আজান ফকীৰৰ আচল নাম হৈছে হজৰত শাহ মিলন।
Activity 24 · Question and answer

Question

চমুটোকা লিখা: আজান ফকীৰ

Answer

আজান ফকীৰ, যাৰ আচল নাম হজৰত শাহ মিলন, অসমৰ অন্যতম ইছলাম ধৰ্মগুৰু। তেওঁ আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজ ভাগত অসমলৈ আহিছিল। অসমত আহি, তেওঁ অসমীয়া ভাষা শিকি জিকিৰ আৰু জাৰী গীত ৰচনা কৰিছিল। তেওঁ মুছলমানসকলক নামাজ পঢ়িবলৈ শিকাইছিল, সেয়া বাবে তেওঁৰ নাম 'আজান' ফকীৰ হয়। গদাধৰ সিংহৰ সহায়ত তেওঁ মছজিদ সজাই ধৰ্ম চৰ্চা আৰম্ভ কৰিছিল। আজান ফকীৰৰ জীৱন বহু সংঘাতপূর্ণ আছিল, আৰু তেখেতৰ মৃত্যু দিখৌমুখত হৈছিল।
Activity 25 · Question and answer

Question

জিকিৰৰ বিষয়ে এটি টোকা লিখা।

Answer

জিকিৰ হৈছে ইছলাম ধৰ্মৰ মৌলিক ভাব-চিন্তা প্ৰকাশ কৰা ভক্তিমূলক গীত, যিয়ে আল্লাৰ নাম ঘন ঘন উচ্চাৰণ কৰি উপাসনাৰ প্ৰচলিত পদ্ধতি বৰ্ণনা কৰে। এই গীতসমূহত ইছলামৰ মূল নীতি, কলিমাৰ মহত্ত্ব, আৰু মানব জীৱনৰ ক্ষণস্থায়িত্বৰ বিষয়ে আলোচনা কৰা হয়। জিকিৰৰ ৰচনাত অসমীয়া ভাষাৰ লগত আৰবী আৰু পাৰ্চী শব্দসমূহৰ সমন্বয় দেখা যায়। আজান ফকীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল, যিয়ে অসমীয়া সমাজত ধৰ্মৰ ভিতৰত এক সন্মিলিত ভাব গঢ়ি তুলিবলৈ সহায় কৰে।
Activity 26 · Question and answer

Question

"আচমানৰ কুটুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগায় মাত।।" - অন্তনির্হিত অর্থটি বুজাই লিখা।

Answer

এই শ্লোকৰ অন্তনির্হিত অৰ্থ হৈছে: "আচমানৰ কুটুব তৰা" বুলি প্ৰকাশ কৰা হৈছে, যাৰ দ্বাৰা আকাশৰ ধ্রুব তাৰাৰ সৈতে আদমৰ সম্পর্ক স্থাপন কৰা হৈছে। আদম, যিজন কোৰানৰ মতে আল্লাৰ দ্বাৰা সৃষ্টি কৰা প্ৰথম মানুহ, সেইদৰে "সজাত মইনা আছে ঘনে লগায় মাত" বুলি কোৱা হৈছে। ইয়াৰ অৰ্থ হৈছে, আকাশৰ তৰাৰ দৰে আদমৰ জাতি তথা মানবজাতি একে মূলৰ পৰা উদ্ভৱ হোৱা, সেয়া একসাথে সমন্বিত। এই ভাবনা মানুহৰ একতা, সম্পর্ক আৰু সৃষ্টিৰ মাজত এক গহীন ভাব প্ৰকাশ কৰে।এই শ্লোকৰ জৰিয়তে দেখা যায় যে, মানৱ জাতি একে সুত্ৰৰে জড়িত আৰু সৰ্বজনীন। ইয়াৰ পৰা শিকাৰ বিষয়টো হৈছে যে, সকলো মানুহে যেন পৰস্পৰ সহযোগিতা আৰু সম্প্রীতিৰে একে সমাজত বাস কৰে।
Search books