Loading
Book contents

Chapter 3 — প্ৰশস্তি

Activity 1 · Question and answer

Question

শব্দার্থ আৰু টোকা লিখা।

Answer

অন্তৰীক্ষঃ আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
ঊষাঃ সূর্য
ঋত্বিকঃ ঋতুযাজক , পুৰােহিত ।
কালৰাত্রিঃ আন্ধাৰ ৰাতি ।
কিশলয়ঃ কুঁহিপাত , গজালি , কোঁহ ।
কীচক বেণুঃ কীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ ।
কুঙ্কুমঃ প্রসাধন সামগ্রী বিশেষ ।
কুসুমঃ ফুল ।
ক্লেদঃ গেলা মলযুক্ত পানী ।
চামৰঃ চোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা ।
চিত্তহাৰীঃ মন - প্রাণ হৰি নিয়া ।
তন্ত্ৰালসঃ শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা ।
তেজিঃ ত্যাগ কৰি ।
তানঃ সুৰ , ৰাগ ।
দীর্ণঃ ভাগি - ছিগি যােৱা , বিদাৰিত ।
পৰিমলঃ সুগন্ধ ।
পুঞ্জীভূতঃ সঞ্চিত ।
ফুল্লঃ ফুলি উঠা , পাহি মেলা ফুল ।
বসুধাঃ পৃথিৱী ; বসুমতী ।
বিহঙ্গঃ চৰাই ; পক্ষী ।
মহামহিমঃ অতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত ।
ৰঞ্জিলেঃ ৰঙীণ কৰিলে , পােহৰ কৰিলে ।
Activity 2 · Question and answer

Question

ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?

Answer

বিহগী কবি ।
Activity 3 · Question and answer

Question

ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?

Answer

নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত।
Activity 4 · Question and answer

Question

ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল?

Answer

১৮৭৯ চনত।
Activity 5 · Question and answer

Question

ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল?

Answer

'জোনাকী' কাকতেৰে।
Activity 6 · Question and answer

Question

ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা।

Answer

মনাই বৰাগী আৰু পচতীয়া।
Activity 7 · Question and answer

Question

ৰঘুনাথ চৌধাৰীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?

Answer

১৯৬৮ চনত।
Activity 8 · Question and answer

Question

প্ৰশস্তিৰ অৰ্থ কি?

Answer

আৰাধনা বা গুণানুকীৰ্তন কৰা।
Activity 9 · Question and answer

Question

'প্ৰশস্তি' কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে?

Answer

মানুহক কৈছে।
Activity 10 · Question and answer

Question

আনন্দত কাৰ প্ৰাণ টলমল হৈছে?

Answer

চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে।
Activity 11 · Question and answer

Question

প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?

Answer

নতুন কুঁহিপাতে।
Activity 12 · Question and answer

Question

মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?

Answer

ৰবাব ফুলে।
Activity 13 · Question and answer

Question

জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?

Answer

অন্তৰীক্ষত।
Activity 14 · Question and answer

Question

মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

Answer

কীচক বেণুৱে।
Activity 15 · Question and answer

Question

'ঊষাৰ কঙ্কুম ৰাগে ৰঞ্জিলে বসুধা' - কবিতাটোত 'ঊষা' বুলি কাৰ কথা কোৱা হৈছে?

Answer

সূৰ্যৰ কথা কোৱা হৈছে।
Activity 16 · Question and answer

Question

ৰঘুনাথ চৌধাৰীক "বিহগী কবি" বুলি কিয় কোৱা হয়?

Answer

ৰঘুনাথ চৌধাৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা লিখিছিল বাবে তেওঁক "বিহগী কবি" বুলি কোৱা হয়।
Activity 17 · Question and answer

Question

ৰঘুনাথ চৌধাৰী কোনকেইখন কাকতৰ লগত জড়িত আছিল?

Answer

ৰঘুনাথ চৌধাৰী "জোনাকী" কাকতৰ লগত জড়িত আছিল।
Activity 18 · Question and answer

Question

ৰঘুনাথ চৌধাৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা।

Answer

সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আদি।
Activity 19 · Question and answer

Question

'প্ৰশস্তি' কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?

Answer

`প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত তেওঁ বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰশস্তিৰ মাজেৰে ভগৱানৰ প্ৰশস্তি কৰিছে।
Activity 20 · Question and answer

Question

কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।

Answer

প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ।এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বহুতো উপাদান টানি আনিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলবোৰ জকমকাই ফুলি উঠিছে। চৰাই-চিৰিকটিয়ে সুললিত গীত গাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে কবিতাটোত প্ৰকৃতিৰ উপাদানবোৰ টানি আনিছে।
Activity 21 · Question and answer

Question

প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।

Answer

প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰায় আনন্দৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাঁহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্তানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
Activity 22 · Question and answer

Question

সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।

Answer

প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অৰ্থাৎ ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চাৰিওফালে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন-প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে ভগৱানক বিচাৰি ফুৰা ভক্তসকলোকো কবিয়ে তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কাৰণ কবিয়ে বিশ্বাস কৰে যে প্ৰকৃতিৰ উপাদান বোৰক মৰম চেনেহ কৰি সেইবোৰ উপাদানক নষ্ট নকৰি সেই উপাদান বোৰক যন্ত্ৰ কৰিলে সেই উপাদান বোৰৰ মাজতেই ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।
Activity 23 · Question and answer

Question

“উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।"
- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।

Answer

জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত নিমগ্ন হৈ থাকি শেষত মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰে। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু বহুতো তীৰ্থস্থান ভ্ৰমণ কৰে, যাতে তেওঁলোকে মুক্তি লাভ কৰিব পাৰে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ এটা প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। ভগৱানক পাবলৈ বেলেগে ধ্যান কৰাৰ প্ৰয়োজন নাই। একান্তচিন্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিক মৰম কৰি, প্ৰকৃতিৰ উপাদানবোৰক নষ্ট নকৰি, তাৰ যত্ন লব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথৰ যাত্ৰী সকলো মানৱকেই প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ নিৱাস।
Activity 24 · Question and answer

Question

ব্যাখ্যা কৰা।
উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল, স্থল ,অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।।

Answer

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

জল, স্থল, অন্তৰীক্ষ সকলোতে যে ভগৱানৰ অস্তিত্ব পাব পাৰি। সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। গছৰ শিৰে শিৰে বন বিহংগৰ সুমধুৰ সংগীতে যেন জল, স্থল আৰু অন্তৰীক্ষ সকলোতে যেন দেৱতাৰহে সন্ধান দিছে। সেয়েহে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে আৰু লগতে প্ৰকৃতিৰ উপাদানবোৰক উপভোগ কৰিবলৈ আহ্বান জনাইছে।
Activity 25 · Question and answer

Question

ব্যাখ্যা কৰা।
কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।

Answer

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি, সেইকথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত মত্ত হৈ থাকি যে শেষত মুক্তি বিচাৰি হাবাথুৰি খায়। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু তেওঁলোকে বহুতো পৱিত্ৰ তীৰ্থস্থানলৈ যায়, ভগৱানক লাভ কৰি মুক্তি পাবৰ বাবে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ পথ প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধান হে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। ক্লেদযুজ পৰিৱেশ আতৰাই প্ৰকৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰিছে। মহা কালৰাত্ৰিৰ শেষ হৈ পৃথিৱীত নতুন ৰূপ উজ্বলি উঠিছে। কবিয়ে এই প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে প্ৰকৃতিপ্ৰেমী কবিয়ে ক'বলৈ বিচাৰিছে যে ভগৱানক পাবলৈ বেলেগে ধ্যান সাধনা কৰাৰ প্ৰয়োজন নাই। একান্ত চিত্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথ যাত্ৰী সকলো মানৱক প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে।
Activity 26 · Question and answer

Question

ব্যাখ্যা কৰা।
মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান।

Answer

উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সকলোকে এলাহ ভাৱ ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যক উপভোগ কৰাৰ প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।

প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই হৈছে সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। পুঁৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে যেন আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধানহে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এইদৰেই কবিয়ে সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে কবিয়ে ভগৱানক বিচাৰি ফুৰা ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে।
Activity 27 · Question and answer

Question

[প্ৰশ্ন বেংক] ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি?[HSLC '20]

Answer

ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
Activity 28 · Question and answer

Question

[প্ৰশ্ন বেংক] ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?

Answer

ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' বুলি জনা যায় ।
Activity 29 · Question and answer

Question

[প্ৰশ্ন বেংক] ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে?[HSLC '20]

Answer

ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' বুলি জনা যায়, কাৰণ তেওঁ চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল।
Activity 30 · Question and answer

Question

[প্ৰশ্ন বেংক] মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে?

Answer

মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে।
Activity 31 · Question and answer

Question

[ভাব-বিষয়ক] ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?

Answer

ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।
Activity 32 · Question and answer

Question

[ভাব-বিষয়ক] ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।

Answer

ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল -

সদৰী আৰু নৱমল্লিকা।
Activity 33 · Question and answer

Question

[ভাব-বিষয়ক] প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?

Answer

প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।
Activity 34 · Question and answer

Question

[ভাব-বিষয়ক] মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?

Answer

মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।
Activity 35 · Question and answer

Question

[ভাব-বিষয়ক] জল , স্থল আৰু ক ' ত দেৱতাৰ মহা অভিযান চলিছে ?

Answer

জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।
Activity 36 · Question and answer

Question

[ভাব-বিষয়ক] মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?

Answer

কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।
Activity 37 · Question and answer

Question

[ভাব-বিষয়ক] কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

Answer

কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল - উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ।
Activity 38 · Question and answer

Question

[ভাব-বিষয়ক] কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?

Answer

কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।
Activity 39 · Question and answer

Question

[ভাব-বিষয়ক] কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।

Answer

প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ - লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি।
Activity 40 · Question and answer

Question

[ভাব-বিষয়ক] প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।

Answer

`প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ত `অমৃতৰ সন্তান' সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ - মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।
Activity 41 · Question and answer

Question

[ভাব-বিষয়ক] উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , |
উঠা যত মুক্তি পথযাত্রী ।
--কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

Answer

কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ - যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া - মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।
Activity 42 · Question and answer

Question

[ভাব-বিষয়ক] সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।

Answer

`প্ৰশস্তি' কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া - মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়।

মানৱ জীৱন দুদিনীয়া মায়া - মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহক `অমৃতৰ পুত্ৰ' সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
Activity 43 · Question and answer

Question

[ভাব-বিষয়ক] ব্যাখ্যা কৰাঃ
উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।
ছন্দভৰা সুমধুৰ তান ,
জল স্থল অন্তৰীক্ষ সকলােতে যেন |
দেৱতাৰ মহা অভিযান ।

Answer

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।

বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে - পানীয়ে, আকাশে - বতাহে, গছে - বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।
Activity 44 · Question and answer

Question

[ভাব-বিষয়ক] ব্যাখ্যা কৰাঃ
কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |
শেষ হ’ল মহা কালৰাত্রি ,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
উঠা যত মুক্তি পথযাত্রী ।

Answer

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।

বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ - যন্তণা প্ৰধান। সংসাৰৰ মায়া - মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।
Activity 45 · Question and answer

Question

[ভাব-বিষয়ক] ব্যাখ্যা কৰাঃ
মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান ,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান ।

Answer

প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি' শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া - মোহ ত্যাগ কৰাৰ কথা কৈছে ।

বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া - মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া - মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।
Activity 46 · Question and answer

Question

[ভাষা-বিষয়ক] অর্থ লিখাঃ
কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।

Answer

কিলশয় - কোঁহ, কুঁহিপাত, তন্ত্ৰালস।

চিত্ৰহাৰী - মন-প্ৰাণ হৰি নিয়া।

অন্তৰীক্ষ - আকাশ।

তন্ত্ৰালস - ক্লান্ত, টোপনি যোৱা অৱস্থা।
Activity 47 · Question and answer

Question

[ভাষা-বিষয়ক] বাক্য ৰচনা কৰাঃ
দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।

Answer

দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।

উপেক্ষিত - আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।

জৰাজীৰ্ণ - ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।

অমৃত - ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।

মোহ- মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।
Activity 48 · Question and answer

Question

[ভাষা-বিষয়ক] সমার্থক শব্দ লিখাঃ
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।

Answer

তৰু - বৃক্ষ, গছ, উদ্ভিদ।

মুক্তি - মোক্ষ, নিৰ্বাণ, মুকলি।

সুমধুৰ - মধুৰত্ব, ঘুমিষ্ট, মৌ - সনা।

অভিমান - পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।

ধ্যানী - মনস্বী, ধ্যাতা, কৃতধী।
Activity 49 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?

Answer

ৰঘুনাথ চৌধাৰীৰ ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।
Activity 50 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

Answer

ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।
Activity 51 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?

Answer

১৯৬৮ চনত মৃত্যু হৈছিল।
Activity 52 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?

Answer

উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।
Activity 53 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?

Answer

কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।
Activity 54 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?

Answer

ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী' পুথিত সন্নিৱিষ্ট কৰা হৈছিল।
Activity 55 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?

Answer

ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
Activity 56 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?

Answer

কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।
Activity 57 · Question and answer

Question

[অতিৰিক্ত প্ৰশ্নোত্তৰ] প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?

Answer

প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুনানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।
Search books