Loading
Book contents

Chapter 13 — কানাইৰ চাতুৰী

Activity 1 · Question and answer

Question

কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

Answer

কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।
Activity 2 · Question and answer

Question

কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

Answer

কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।
Activity 3 · Question and answer

Question

দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

Answer

দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
Activity 4 · Question and answer

Question

কপিল মুনিৰ মাতৃ কোন আছিল?

Answer

কপিল মুনিৰ মাতৃ দেৱহুতি।
Activity 5 · Question and answer

Question

কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

Answer

বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।
Activity 6 · Question and answer

Question

"তথাপি তোহোক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।"
一 এইষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।

Answer

এইষাৰ শ্ৰীকৃষ্ণৰ উক্তি। মাতৃ যশোদাক দেখি শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায়।

এই কবিতাটোত কৃষ্ণৰ মায়াৱী ৰূপৰ প্ৰতিফলন কৰিবলৈ চেষ্টা কৰা হৈছে। যশোদাৰ মতে শ্ৰীকৃষ্ণ হৈছে এজন সাধাৰণ শিশু আৰু তেওঁৰ পুত্ৰ। এটি শিশুক যেনেকৈ মাকে শাসন কৰে, দুষ্টালি কৰিলে শাস্তি দিয়ে ঠিক সেইদৰে যশোদাইও শ্ৰীকৃষ্ণক শাসন কৰে আৰু দুষ্টালি কৰিলে শাস্তি দিয়ে। এদিন ৰাতিপুৱা শ্ৰীকৃষ্ণ শুই থাকোতে গোপৰ শিশুসকলে সিহঁতৰ লগত খেলিবৰ বাবে কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক অনুৰোধ কৰিছিল। তাৰ পাছত মাতৃ যশোদাই শ্ৰীকৃষ্ণক মাতিবলৈ ল'লে আৰু কিহৰ বাবে ইমান দেৰিলৈকে শুই আছে তাকে কৈ খং কৰিলে। সেই কথা শুনি শ্ৰীকৃষ্ণই মাকক আৰু নজগাবলৈ অনুৰোধ কৰিলে। তেওঁ চাৰি-পাঁচ দিন গৰু চৰাবলৈ নগৈ, নাখায় শুই থাকিব বুলি ক'লে। কাৰণ তেওঁ যশোদাৰ মূৰত জাপি দিয়া কলংকৰ বোজা আৰু সহ্য় কৰিব নোৱাৰে। তেওঁ হৈছে ভগৱান নাৰায়ন আৰু যশোদা হৈছে সামান্য় গোৱালৰ জী। তথাপিও যশোদাক দেখিলে শ্ৰীকৃষ্ণৰ ভয়তে জীউ উৰি যায়।
Activity 7 · Question and answer

Question

"মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।"
一 কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা।

Answer

শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল।

দেৱতা আৰু অসুৰসকলে মিলি সমুদ্ৰ মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি-মুকুতা, ৰত্নকে ধৰি কলাহল বিষ আৰু অমৃতো ওলাইছিল। অমৃত পান কৰিলে যে অমৰত্ব লাভ হয় সেই কথা জ্ঞাত হোৱাৰ বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা-আঁজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে, দেৱতাসকলৰ দৰে যদি অসুৰসকলেও অমৃত খাৱলৈ পায় তেনেহ'লে অসুৰসকলো দেৱতাসকলৰ দৰে অজৰ-অমৰ হ'ব আৰু গোটেই পৃথিৱীখনেই অধৰ্মৰে ভৰি পৰিব। সেয়েহে দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্য়ে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল অৰ্থাৎ, এগৰাকী সুন্দৰীৰ ৰূপ লৈ নিৰ্দিষ্ট ঠাইত উপস্থিত হোৱাত সকলো সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল। অসুৰসকল মোহিনীৰ ৰূপত ভোল গৈ থকাৰ সময়তেই দেৱতাসকলে অমৃত খায় শেষ কৰিছিল। এইদৰে কৃষ্ণই মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ কাৰ্য সাধন কৰিছিল।
Activity 8 · Question and answer

Question

মাকৰ কি কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।

Answer

কৃষ্ণ হৈছে জগতপতি বিষ্ণুৰ পূৰ্ণ অৱতাৰ। যশোদাৰ একান্ত ভক্তিত বিষ্ণু সন্তুষ্ট হৈ পুত্ৰ ৰূপে জন্ম গ্ৰহণ কৰিছিল।

কৃষ্ণই আপত্তি দৰ্শাইছে যে, বাহৰ বাঁহী বজাই কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ বৈ গৈছে যদিও, মাকে এই কথা জানিও তেওঁক এটা সোণৰ বাঁহী গঢ়াই নিদিয়ে। তেওঁ ৰাজপটেশ্বৰী যশোদাক কৈছে যে, মাটিত পুতি থওঁতে থওঁতে তেওঁৰ ধনত জুই লাগিব। গৰু চ'ৰাবলৈ যোৱা কৃষ্ণৰ হাতত মাকে যি এমুঠি ভাত দি পঠায় সেই খাদ্য়ও তেওঁৰ আধাপেটিহে হয়। নটুৱা টনাক পিন্ধি অৰ্থাৎ, সৰু গামোচাৰ দৰে পোছাক পিন্ধি দিনটো গৰু চ'ৰাই থাকোঁতে তেওঁক কাঁইটে বিন্ধে অথচ মাকৰ খবৰে নাই। চুলিত তেল অকণো খানি নিদিয়াত তেওঁৰ কেঁকোৰা চুলিত ধূলি পৰি প্ৰকাণ্ড জঁটা বান্ধি গৈছে। এইবোৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খোজে।

মাকৰ এইবোৰ গুণৰ কথা ক'বলৈ কৃষ্ণৰ লাজ লাগে বুলি পাঠটোত বৰ্ণনা কৰা হৈছে।
Activity 9 · Question and answer

Question

চমুটোকা লিখাঃ বামন

Answer

বামন হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠাইছিল। দৈত্য়ৰাজ বলি আছিল এজন শক্তিশালী ৰজা। তেওঁ সকলোকে যি বিচাৰে তাকে দান কৰিছিল। দান কৰোঁতে কৰোঁতে নিজকে দানী বুলি বলিৰ অহংকাৰ জন্মিছিল। বলিৰ এই অহংকাৰ নাশ কৰিবৰ বাবে বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰিছিল আৰু বলিক তিনিপদ ভূমি বিচাৰিছিল। বলিয়ে বামনক তিনি পদ ভূমি দান দিয়াত বামনে এক পদেৰে স্বৰ্গ, এক পদেৰে পাতাল অধিকাৰ কৰি বলিক ক্ষমতাচ্য়ুত কৰিছিল। দানী হোৱাৰ বাবে বলিৰ যি অহংকাৰ জন্মিছিল সেই অহংকাৰ বামনে নাশ কৰিছিল।
Activity 10 · Question and answer

Question

চমুটোকা লিখাঃ দেৱহুতি

Answer

দেৱহুতি হৈছে স্বায়ম্ভূৱ মুনিৰ কন্য়া। তেওঁৰ স্বামীৰ নাম আছিল কৰ্দ্দম মুনি। তেওঁৰ পুত্ৰ আছিল কপিল মুনি। তেওঁক বিষ্ণুৰ অন্য় এক অৱতাৰ বুলিও কোৱা হয়।
Activity 11 · Question and answer

Question

চমুটোকা লিখাঃ কপিল

Answer

এওঁ হৈছে এজন প্ৰসিদ্ধ মুনি। কৰ্দ্দম মুনি আৰু স্বায়ম্ভূৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ হৈছে কপিল মুনি। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠিৰ হাজাৰ পুত্ৰ ভষ্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
Activity 12 · Question and answer

Question

চমুটোকা লিখাঃ শ্ৰীধৰ কন্দলী

Answer

শ্রীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। এওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে 'কাণখোৱা' আৰু 'ঘুনুচা কীৰ্ত্তন' নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা-মাহাত্ম্য সহজ-সৰল আৰু প্ৰাঞ্জল-ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ-শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক কোৱা নানা কথাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
Activity 13 · Question and answer

Question

চমুটোকা লিখাঃ দৈৱকী

Answer

দৈৱকী হৈছে শ্ৰীকৃষ্ণৰ জন্মদাত্ৰী মাতৃ। তেওঁ বসুদেৱৰ পত্নী আৰু মথুৰাৰ ৰজা কংসৰ ভৈনীয়েক। কংসই ভনীয়েকক বহুত মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে বিয়া পাতি দিছিল। এদিন হঠাৎ আকাশবাণী হ'ল যে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত কংসৰ মৃত্য়ু নিশ্চিত। এই কথা গম পায় কংসই দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি থৈছিল। দৈৱকীৰ সন্তান জন্ম হোৱাৰ লগে লগেই প্ৰতিটো সন্তনকে কংসই হত্য়া কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে শ্ৰীকৃষ্ণ। পাছত শ্ৰীকৃষ্ণই কংসক বধ কৰি নিজ পিতৃ-মাতৃক কাৰাগাৰৰ পৰা মুক্তি কৰিছিল।
Activity 14 · Question and answer

Question

পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।

Answer

এই পাঠত উদ্ধৃত পাঠটি 'কাণখোৱা' পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বর্ণিত হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানৱীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে।

কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চৰিত্ৰৰ প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপ শিশুসকল উপস্থিত হয় আৰু মাতৃ যশােদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগাই কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক'লে যে তেওঁ চাৰি-পাঁচ দিনৰ লৈকে নুঠো আৰু নাখাও। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে তেওঁৰ প্ৰাণে আৰু নশহা হৈছে।

কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে, তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছো।

নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰো, মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালাে। তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভূজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল। এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।

মােহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰিলো। মােক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলো। কিন্তু, তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা। মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই।

ইমান দিনে কাঠবাঁজী বুলি সমস্ত জগতে তােমাক হাঁহিলে। মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলো। তথাপিও তুমি মােৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা। বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে।

গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জটা বান্ধিছে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই। এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে। ইমানবােৰ দুখ-কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক চেনেহ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।
Activity 15 · Question and answer

Question

কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা।

Answer

কৃষ্ণই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰিছিল আৰু বিবিধ কাৰ্য সাধন কৰিছিল। নাৰায়ণৰূপে জলত অনন্ত শয্যাত শয়ন কৰিছিল। তেওঁৰ নাভিপদ্মৰ পৰাই ব্রহ্মাক ওপজাই বেদৰ জ্ঞান দিছিল। চতুৰ্ভূজ ৰূপ ধাৰণ কৰি সমস্ত দেৱতাসকলক উদ্ধাৰ কৰিছিল।মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কপিল ৰূপ ধাৰণ কৰি কৰ্দ্দম মুনি আৰু দেৱহুতিৰ পুত্ৰৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল আৰু তত্ত্ব বিচাৰ কৰি দেৱহুতিৰ মাতৃক উদ্ধাৰ কৰিছিল। বামন ৰূপ ধাৰণ কৰি বলি ৰজাক ছলনা কৰিছিল।
Activity 16 · Question and answer

Question

কবিতাটোত "কাঠবাঁজী" বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?

Answer

কবিতাটোত "কাঠবাঁজী" বুলি যশোদাক কৈছে। "কাঠবাঁজী" অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা।

এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে।
Activity 17 · Question and answer

Question

তাৎপৰ্য ব্যাখ্যা কৰাঃ
কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।

Answer

উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ যশোদাৰ ওচৰত বিভিন্ন কথাৰে আপত্তি দর্শাই আছে, মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উক্ত কবিশাৰী অৱতাৰণা কৰা হৈছে।

যশোদাৰ নিজৰ সন্তান নাই অর্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশোদাৰ সন্তান বুলি জগতে জানিছিল তথাপি তেওঁ প্রকৃততে দৈৱকীৰ গৰ্ভতহে উপজিছিল। যদিহে কৃষ্ণ যশোদাৰ ঘৰত ডাঙৰ-দীঘল নহ'লহেঁতেন, তেন্তে যশোদাক সকলোৱে কাঠবাঁজী বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশোদাক কৃষ্ণইহে ৰক্ষা কৰিছিল।

দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে কষ্ট পোৱাটো ভগৱানে সহ্য কৰিব নোৱাৰে। সেয়ে যশোদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশোদা হৈছে পৰম সৌভাগ্যৱতী নাৰী যাৰ মনোবাঞ্ছা পূৰণ হৈছিল।

মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবোৰ সোঁৱৰাই দিছিল।
Activity 18 · Question and answer

Question

তাৎপৰ্য ব্যাখ্যা কৰাঃ
মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।

Answer

উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাকিৰ বক্তা হ'ল শ্রীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযোগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নো কৃষ্ণৰ ভাৱ হৈছে মাক যশোদাই তেওঁক আদৰ-সন্মান নকৰে।

কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহে। ভগৱানৰ তেনে এক ত্রাণকর্তাৰ ৰূপেই হৈছে মোহিনী ৰূপ। কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্র মন্থন কৰোঁতে অমৃতৰ কলহ ওলাইছিল। অমৃত খোৱাৰ লগে লগে খাওঁতাজন অমৰ হৈ পৰে। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনা- আজোৰা লগাত দেৱতাসকলে বৰ ভয় খাইছিল। কিয়নো, অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ'ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰাত। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল। সকলো সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল; এই ছেগতে মোহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মোহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়োফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি 'বাৰুণি' নামৰ সুৰা ভগাই দিছিল। অর্থাৎ, দেৱতাসকলেহে কেৱল অমৃত পান কৰিবলৈ পাইছিল। এনেদৰেই কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে 'দধিচোৰ' বুলিহে কয়। যিজনে হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্রিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে।
Activity 19 · Question and answer

Question

তাৎপৰ্য ব্যাখ্যা কৰাঃ
মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।

Answer

উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ-চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁৰ মাক যশোদাই তেওঁক মৰম-আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ-মাহাত্ম্যৰ বৰ্ণনা কৰিছে মাকৰ সন্মুখত। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱান বিষ্ণুৱে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ। যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকর্তা তেৱেঁই আত্মাৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে।

কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে আৰু কেতিয়াবা বান্ধিও থয়। মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি 'কলীয়া' বুলি মাতে। দধি চোৰ, মাটি খোৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে ডাঙৰ-দীঘল কৰিছে। মাক যশোদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়।

দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। তেওঁৰ ভক্তিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গর্ভত জন্ম লৈও প্রকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকহে। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ'ব। সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱীয় লীলা প্রদর্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও লৈছিল।
Activity 20 · Question and answer

Question

[ভাষা-বিষয়ক] তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
(ক) আসি
(খ) খেড়ি
(গ) পুহাইল
(ঘ) নুজুৰাই
(ঙ) বিগুটিয়া
(চ) কিসৰ

Answer

ক) আসি 一 আহি

খ) খেড়ি 一 খেলা

গ) পুহাইল 一 পুৱাল

ঘ) নুজুৰাই 一 জুৰ নপৰে

ঙ) হন্তে 一 পৰা

চ) বিগুটিয়া 一 ঠাট্টা কৰা
Activity 21 · Question and answer

Question

[ভাষা-বিষয়ক] তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰাঃ
(ক) সুন্দৰী
(খ) মাতৃ
(গ) মামা

Answer

ক) সুন্দৰী 一 সুন্দৰ

খ) মাতৃ 一 পিতৃ

গ) মামা 一 মামী
Activity 22 · Question and answer

Question

[ভাষা-বিষয়ক] বিপৰীত শব্দ লিখাঃ
(ক) বিশ্বাস
(খ) দোষ
(গ) আনন্দ
(ঘ) অপমান
(ঙ) অমৃত

Answer

ক) বিশ্বাস 一 অবিশ্বাস

খ) দোষ 一 গুণ

গ) আনন্দ 一 বিষাদ

ঘ) অপমান 一 সন্মান

ঙ) অমৃত 一 বিষ।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কপিল মুনিৰ মাতৃৰ নাম কি? [HSLC '11, '13, '16,'18]

Answer

কপিল মুনিৰ মাতৃৰ নাম দেৱহুতি।
Activity 24 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? [HSLC '11, '16, 17 ]

Answer

কৃষ্ণে বামন ৰূপ ধাৰণ কৰি বলিকৰ পৰা তিনিটা পদ ভূমি বিচাৰাৰ ছলনা কৰিছিল।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কৃষ্ণই ক'লৈ গুচি যাব বুলি মাক যশোদাক কৈছে? [HSLC '12]

Answer

পাঠত এই অংশত কৃষ্ণ মাক যশোদাক গোৰক্ষ স্থানে যাব বুলি কৈছে। (এই তথ্য পুথিত থকা তথ্যৰ পৰা সংগৃহীত।
Activity 26 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] “দুৰ্যশ কলংক দুখ সুমৰন্তে,” ‘সুমৰন্তে' শব্দৰ অৰ্থ লিখা।[HSLC '12]

Answer

‘সুমৰন্তে' শব্দৰ অৰ্থ হৈছে সুঁৱৰি, বা সহ্য কৰি। (এই শব্দৰ অৰ্থ পাঠৰ পৰা প্ৰকাশিত হৈছে।)
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কি ৰূপ ধাৰণ কৰি কৃষ্ণই দেৱতাসকলক অমৃত খুৱাইছিল? [HSLC '13,'17]

Answer

কৃষ্ণে মোহিনী স্বৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাইছিল। (এই তথ্য পুথিত উল্লেখিত হৈছে।)
Activity 28 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?[HSLC '17]

Answer

কৃষ্ণে মোহিনী স্বৰূপ ধাৰণ কৰিছিল।
Activity 29 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কৃষ্ণই বামন ৰূপ লৈ বলিক কিদৰে ছলনা কৰিছিল? [HSLC '12]

Answer

কৃষ্ণ বামন ৰূপ লৈ বলিকৰ পৰা তিনিটা পদ ভূমি বিচাৰাৰ ছলনা কৰিছিল। বলিক সন্মানজনকভাবে তিনিটা পদ ভূমি দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছত কৃষ্ণে একে সময়ত তিনিটা পদৰে সমগ্ৰ পৃথিৱী দখল কৰি পেলালে। সেয়া বলিকৰ পৰা ভ্ৰমণৰ মাচুল হিচাপে লৈ গ'ল। এই ছলনাত কৃষ্ণৰ ধাৰিত বামন ৰূপে বিলং খুঁটি চাৰা দেৱতাসকলৰ ৰূপ দৰ্শাইছিল।
Activity 30 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] শ্ৰীধৰ কন্দলিৰ চমু পৰিচয় দিয়া [HSLC '12]

Answer

শ্ৰীধৰ কন্দলী শংকৰদেৱৰ পৰৱৰ্তী কালৰ এক বিখ্যাত কবি। তেওঁ ভৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত কবিতা ৰচনা কৰিছিল। শ্ৰীধৰে "কাণখোৱা" আৰু "ঘুনুচা কীৰ্ত্তন" নামৰ দুটা উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল। শ্ৰীধৰ কন্দলীৰ কাব্যত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু লীলা-মাহাত্ম্য বৰ্ণনা কৰা হৈছে। তেওঁৰ কাব্যৰ ভাষা সহজ, সৰল আৰু প্ৰাঞ্জল আছিল, যাৰ মাধ্যমে শ্ৰদ্ধা আৰু আধ্যাত্মিকতাৰ এক নতুন ৰূপ প্ৰকাশিত হৈছিল।
Search books