Chapter 4 — মই অসমীয়া
Question
চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা ।
Answer
চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম হ'ল "বেদুইন"।
Question
মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ?
Answer
মোগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।
Question
অসমৰ হেংদাং ক’ত জিলিকিছিল ?
Answer
অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল।
Question
অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?
Answer
অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।
Question
অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
Answer
অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সাজিছিল।
Question
'অসমৰ হেংদাং জিলিকিল।
দুপৰৰ পূর্ণ আলােকত’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
দুপৰৰ পূর্ণ আলােকত’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
Answer
অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনায়সে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী বুলি ভাবিছিল। ভাৰতৰ উত্তৰ-পূৱ দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰদৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ-বীৰাংগনাসকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য-শ্যামলা ভূমি। যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেং-দাঙৰ চিকমিকনি। আহোমসকলৰ যুদ্ধত ব্যৱহৃত হেংদাং হ'ল তৰোৱাল। সেই তৰোৱাল হাতত লৈ দুগুনে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল আহোমৰ বীৰ-বীৰাংগনাই। সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্টিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হ'ল।
Question
অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।
Answer
সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। অন্য দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি।
মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ-মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰিষ-মহিলাই। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল।

"ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত। ”
– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
শুকান সান্দহ আৰু পানী আঁজলিত। ”
– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
Answer
প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়ত আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকলে ৰণকৌশল তৈয়াৰ কৰিছিল। আকৌ সেই সময়ত অসমৰ পুৰুষ-নাৰী সকলো ওলাই আহিছিল শত্ৰুসৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুজঁ আৰম্ভ সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ'ল। অসমৰ লোক সকল অতিথিপৰায়ণ, সহজ-সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুড়ি খায় জীয়াই থকা মানুহ ইমান বলবন্ত হ'ব পাৰে বুলি। বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। দৰাচলতে মানসিক শক্তিয়ে বলীৱান হৈ অসমৰ সৈন্যদলে লাভ কৰিলে দুগুণ শাৰীৰিক শক্তি।
Question
"মই অসমীয়া" কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্রতিফলিত হৈছে বুজাই লিখা।
Answer
"মই অমীয়া'' কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্ব-জাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা কবিতাটোত অসম বুৰঞ্জীৰ নানা দিশো ফুতি উঠিছে। কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনক মিনা কৰা বুলিও কোৱা হৈছে। পাহাৰে-পৰ্বতে অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্য্যৰ আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰদ পৰি মণি-মুকুতাহে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট-পথ, দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি, খাৰু আদিও তৈয়াৰ কৰা হয়। ম'হৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফোঁট লৈ সাজিকাচিহে থাকে।
প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।
প্ৰকৃতিয়ে আচলতে অসমক সকলো সুন্দৰ ৰূপে ধাৰণ কৰিবলৈ দিছে।
Question
কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।
Answer
চৈয়দ আব্দুল মালিকৰ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক "গল্পসম্ৰাট" বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে "বেদুইন"। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহুসমাদৃত। তাৰ ভিতৰত "সুৰুযমুখীৰ স্বপ্ন", "ৰূপতীৰ্থৰ যাত্ৰী", "ধন্য নৰতনু ভাল", আদি উল্লেখনীয়। "অঘৰী আত্মাৰ কাহিনী" নামৰ শীৰ্ষক উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ'ল - "পৰশমণি", "আধাৰশিলা", "মৰহা ফুল", "স্বাক্ষৰ", "ছবিঘৰ", "ৰঙাগড়া", "ৰজনীগন্ধাৰ চকুলো" ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত "জেতুকা পাতৰ দৰে", "মমতাজ" আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ ২০০০ চনত দেহান্তৰ ঘটে।
Question
অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।
Answer
পৰাক্ৰমী মোগলসকল দেশবিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। মোগলসকলে অসমখন যাদু-মন্ত্ৰৰ দেশ বুলি ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি তেওঁলোক আচৰিত হৈ পৰিল। চৌদিশে অসমভূমিৰ গছৰ পাতবোৰ যেন মিনাকৰা নিয়ৰসিক্ত, দূৱৰিৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰীয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত ফোঁট লৈ সাজিকাচি আছিল। কৃষিপ্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলবন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল। ৰংঘৰ, কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ'ল সাজে। হাঁহ-কণী, চাউলেৰে দেউল সজায়। অসমৰ ধূলিত সোণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল, সোণ, ৰূপৰ দৰে মূল্যৱান ধাতু। মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোক সকলৰ মুখৰ মাত অমৃতসনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম-কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ-সৌন্দৰ্য্য দুগুণে চৰায়।
Question
ব্যাখ্যা কৰাঃ
মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।
মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।
Answer
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ কবিতাফাকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগল সকলে কেনেকৈ পালে, সেই বিষয়ে ক'ব বিচাৰিছে।
বাখ্যাঃ সপ্তদশ শতিকাত আহোম সকল অসমৰ শাসক আছিল। মোগল সকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগল সকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি। মোগল সকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰ আধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকল যুদ্ধক্ষেত্ৰ ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগল সকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকলে শত্ৰুৰ আক্ৰমণ বুকু পাতি ল'বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগল সকল অহা বাটে উভতি গৈছিল।

দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
ভৰি ধোৱে পােৱালৰ ভৰা দলঙত।
দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
ভৰি ধোৱে পােৱালৰ ভৰা দলঙত।
Answer
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ কবিতাটিৰ পৰা উদ্ধিত কৰা হৈছে।
সংগতিঃ এই কবিতাফাকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।
ব্যাখ্যাঃ অসমখন প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগল সকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে, অসমৰ দুবৰি বনত নিয়ৰ এনেদৰে পৰি আছিলে যেন মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰকত মণি, খোজ দিলেই যেন গচকত ভাঙি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যবান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি।

মােহ গ'ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মােগল আহি হ’ল অসমীয়া । ।
মােহ গ'ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া ,
অসমত বন্দী হ’ল , অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মােগল আহি হ’ল অসমীয়া । ।
Answer
প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ কবিতাফাকিত কবিয়ে অসমৰ সৌন্দৰ্যৰ বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে।
ব্যাখ্যাঃ অসমক সেউজীয়া দুবৰিৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মিনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ'দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি-মুকুতা হে খচিত আছে। অসমৰ ধূলিয়ে-বালিয়ে যেন মণি-মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদ হে আছে। অসম খনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ'ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে খৰমৰ চুলা সজা হয়। প্ৰৱাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়। আনকি বাঘৰ নখেৰে নিৰ্মিত খাৰু, আঙুঠি আদিও মানুহে পিন্ধা দেখা যায়। ম'হৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে। অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ'ল যে তেওঁলোক নিজ অসমতে থাকি গ'ল।

জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।
জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ।
Answer
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত "মই অসমীয়া" নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে।
ব্যাখ্যাঃ কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়া সকলে নিজদেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্ম ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকষৰ্ণ কৰিব পাৰে। সেই ভাষা, গীতে কবিৰ হৃদয় উপচাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পাছত সৰগতো এই ভাষাৰ গান শুনিব বিচাৰিছে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পিছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে।

"মই অসমীয়া" কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা ।
Answer
কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুজঁত পৰাজয় কৰিছিল। হেংদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তান সকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ-সৰল, অমায়িক আছিল। এই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌ সনা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বজ্ৰকঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বিৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰসংশা কৰিছে।
Question
কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল'ম বুলি ভাবিছে বুজাই লিখা।
Answer
কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰৱল প্ৰতাপী মোগল সকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুজঁত পৰাজয় কৰে। কবিয়ে নিজৰ জনমভূমি খনক ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকষৰ্ণ কৰিব সেই অসমীয়া ভাষাৰে গীত, কবিতা, আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পিছত অসমীয়া ভাষাটোক "আই" সম্বোধন কৰিছে। কবিয়ে "আই" সম্বোধনেৰেই এদিন নিজৰ জনমভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানে ভাল পায় যে মৃত্যুৰ পিছতো সৰগত অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহে মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতেই পুনৰ জন্ম ল'ব বিচাৰে। কবি নিজৰ জনমভূমিৰ বাবে চিৰকৃতজ্ঞ।
Question
"মই অসমীয়া" কবিতাটোৰ সাৰাংশ লিখা ।
Answer
"মই অসমীয়া" কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ কথা কৈছে। অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকষৰ্ণ কৰিছে। অসমৰ অতীত ইতিহাস ব্যঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে এই কবিতাটোত। কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথক সাজি তুলিছে। কবিৰ মতে মোগল সকল আছিল প্ৰৱল পৰাক্ৰমী জাতি । ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিব বাবে মোগল সকল আহিছিল। মোগল সকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই তেতিয়া মোগল সকলে অসমীয়া মানুহৰ বিৰত্ব দেখি অৱাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল সেই মোগলেই। পিছে সমুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগল সকল যি বাটে আহিছিল সেই বাটে অসমীয়াই ওভোতাই পঠালে। সেইবাবে কবিয়ে অসমক, কবিয়ে এই বিজয়ক সুৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগল সকল অসমত থাকি গ'ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সাগৰীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছতো এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিবও বিচাৰে।
পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।
পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সচাঁ ভালপোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে।
Question
"মই অসমীয়া" কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
Answer
"মই অসমীয়া" কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে প্ৰৱল পৰাক্ৰমী মোগল সকল অসমলৈ দেশ জয়ৰ উদ্দেশ্যে অহা বুলি কৈছে। কৃষিজীৱি সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগল সকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগল সকলে বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি হেংদাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুন্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগল সকল আকৰ্ষিত হৈছিল। মোগল সকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসাও কৰিছিল। এনেদৰে কবিয়ে সুন্দৰ ভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে।
Question
[ভাষা-বিষয়ক] ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।
স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।
Answer
স্বৰ্ণপুৰীঃ- স্বৰ্ণৰ পুৰী (ষষ্ঠী তৎপুৰুষ সমাস)
মুক্তগীতঃ- মুক্ত যি গীত (কৰ্মধাৰয় সমাস)
অনিৰুদ্ধঃ- ৰুদ্ধ নহয় যি গতি (বহুব্ৰীহি সমাস)
নিষ্কৰ্মাঃ- কৰ্ম নাই যাৰ (বহুব্ৰীহি সমাস)
মুক্তগীতঃ- মুক্ত যি গীত (কৰ্মধাৰয় সমাস)
অনিৰুদ্ধঃ- ৰুদ্ধ নহয় যি গতি (বহুব্ৰীহি সমাস)
নিষ্কৰ্মাঃ- কৰ্ম নাই যাৰ (বহুব্ৰীহি সমাস)
Question
[ভাষা-বিষয়ক] তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ
বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং।
বাঘ-নখ, হাঁহ-কণী, ম'হ-শিং।
Answer
বাঁহ-গাঁজ, কল-বাৰী, মৌ-জোল, নেমু-ৰস, হাতী-দাঁত।
Question
[ভাষা-বিষয়ক] বিপৰীত শব্দ লিখাঃ
গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।
গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।
Answer
গৌৰৱ - কালিমা
আলোক - আন্ধাৰ
স্বাধীনতা - পৰাধীনতা
পৰাজিত - বিজয়ী
সপোন - দিঠক
মৰণ - জনম
আলোক - আন্ধাৰ
স্বাধীনতা - পৰাধীনতা
পৰাজিত - বিজয়ী
সপোন - দিঠক
মৰণ - জনম
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] চৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল?
Answer
১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল?
Answer
চৈয়দ আব্দুল মালিকক "গল্পসম্ৰাট" বুলি কোৱা হৈছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
Answer
চৈয়দ আব্দুল মালিকে "অঘৰী আত্মাৰ কাহিনী" নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে?
Answer
কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] সৰগতো কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে?
Answer
সৰগতো কবিয়ে অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছে।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] মোগলসকলে ক'ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভবিছিল?
Answer
মোগলসকলে অসমত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল'ব বিচাৰিছে?
Answer
কবিয়ে মৰাৰ পিছতো অসমৰ অসমীয়া হৈ জন্ম ল'ব বিচাৰিছে।