Loading
Book contents

Chapter 14 — ধৰ ঝাড়ু ধৰ ভাই

Activity 1 · Question and answer

Question

অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

Answer

অম্বিকাগিৰী ৰায়চৌধুৰীক "অসম কেশৰী" আখ্যা দিয়া হৈছিল।
Activity 2 · Question and answer

Question

সাতামপুৰুষীয়া "সোণৰ চোতাল-ঘৰ" কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

Answer

সাতামপুৰুষীয়া "সোণৰ চোতাল-ঘৰ" বহু যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।
Activity 3 · Question and answer

Question

জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

Answer

জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।
Activity 4 · Question and answer

Question

কবিয়ে চাই থাকোঁতে  মুখ কিহেৰে ভৰি পৰিল বুলিছে?

Answer

কবিয়ে চাই থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলিছে।
Activity 5 · Question and answer

Question

"হ'ল এৱে তোৰ সময় হ'বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।
一ইয়াত কবিয়ে কি কাৰণে 'জাতিৰ ঝাড়ুদাৰ' হোৱাৰ সময় হ'লহি বুলি সকীয়াই দিছে?

Answer

পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংস আন্দোলন দেশজুৰি চলিছিল, সেই আন্দোলনৰ কবি অম্বিকাগিৰী ৰায়চৌধাৰী অংশীদাৰ আছিল।ভাৰতবাসীৰ মাজত হিংসা, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ ভেম ক'ত কি যে মলি-মামৰ পৰি অসমৰ ‘সােণৰ চোতাল' আনৰ জাৱৰেৰে ভৰি পৰিছিল।

উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে পৰাধীনতাৰ কলংক আঁতৰাই দেশৰ হেৰুৱা স্বাধীনতা পুনৰ উদ্ধাৰ কৰিবৰ বাবে কবিয়ে ভাৰতবাসীক ঝাড়ু ধৰিবলৈ আহ্বান কৰিছে। যা'তে এইবোৰ সাৰি আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে। যদি এনে নকৰে তেনেহ'লে, চিৰকাললে ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিষহ জীৱন কটাব লাগিব।
Activity 6 · Question and answer

Question

"নহ'লে যে বিশ্ব সভাত
নহ'ব তোৰ বহাৰ ঠাই।
一 বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

Answer

কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্ষ ব্রিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সু-সভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায়৷ ভাৰতবাসীয়ে ইমান দিনে পৰৰ অধীনত চলি, পৰৰ গোলামি কৰি, পৰৰ চৰণত পূজা-সেৱা কৰি দিন অতিবাহিত কৰিলে।কিন্তু এতিয়া সকলোৱে "ঝাড়ুদাৰ" হোৱাৰ সময় আহি পৰিল। ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে।
Activity 7 · Question and answer

Question

"ধৰ ঝাড়ু ধৰ ভাই" 一 কবিতাটিৰ মূলভাৱ লিখা।

Answer

সকলো ধৰণৰ হিংসা-আসূয়া, গোলামি, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাৰ আহ্বানেই "ধৰ ঝাড়ু ধৰ ভাই" কবিতাটোৰ মূলভাৱ।

দেশপ্রেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ বাবে সশ্রম কাৰাবাস খাটিবলগীয়া হৈছিল। যুগ যুগ ধৰি অসম তথা ভাৰতবৰ্ষ ইংৰাজৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য়, গৰিমা কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোমালিহে কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ ভাৱ উপচি পৰিছিল। দেশৰ পৰা এই সকলোবোৰ দূৰ কৰি ভাৰতবৰ্ষক পুনৰ আগৰ পৰে স্বধীন 'সোণৰ অসম' গঢ়ি তুলিবৰ বাবে কবিয়ে দেশৰ সকলো নাগৰিকক ঝাড়ুদাৰ হ'বৰ বাবে আহ্বান জনাইছিল। ঝাড়ুৰে সাৰি-পুছি ঘৰ-দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদা-ভেদ, হিংসা-বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিলেহে বিশ্ব সভাত বহাৰ ঠাই পাব বুলি কবিয়ে কৈছে।

তেতিয়াহে আমাৰ গােলামিৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব। বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব। সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে ।
Activity 8 · Question and answer

Question

ব্যাখ্যা কৰাঃ
হিংসা-দ্বেষৰ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বাৰ্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়।

Answer

উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত "ধৰ ঝাড়ু ধৰ ভাই" কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

দেশৰ মানুহৰ মাজত হোৱা স্বাৰ্থৰ সংঘাতৰ কথা কোৱাৰ প্ৰসংগত উক্তফাকি লিখা হৈছে।

ভাৰতবৰ্ষ তথা অসমত বহু বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আহিছিল আৰু দেশখন শাসন কৰিছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য়, গৰিমা, কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোমালিহে কৰিছিল। ব্য়ক্তিগত লাভৰ বাবে এজন মানুহে আন এজন মানুহক হিংসা কৰিছিল। সেই সময়ত দেশৰ মানুহৰ মাজত হিংসা, ভেদা-ভেদ, ঘৃণা-ঘৃণিৰ ভাৱ উপচি পৰিছিল। দেশৰ জাতি ধ্বংসৰ পঠলৈহে গৈ আছিল। সমাজত পৰস্পৰ মাজত থকা ভেদাভেদ, হিংসা, খিয়লা-খিয়লি আদিবোৰ হৈছে মলি স্বৰূপ। এই মলিবোৰ সমাজত বেছি হৈ যোৱা ফলত এটা জাতিৰ জীৱন যায় বুলি কবিয়ে কৈছে। সেয়ে এই সকলোবোৰ দূৰ কৰি জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে।
Activity 9 · Question and answer

Question

ব্যাখ্যা কৰাঃ
ধৰ ঝাড়ু ধৰ ভাই।
আৰু চাবৰ সময় নাই 一
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই।

Answer

উক্ত কবিতাফাকি আমাৰ পাঠ্য়পুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত "ধৰ ঝাড়ু ধৰ ভাই" কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

পৰাধীনতাৰ কৱলত পৰি হিংসা, ভেদাভেদ আদিৰ মলি-মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে।

যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজ পৰাধীন হৈ থাকিব লগীয়া হৈছিল। সেই সময়ত আমাৰ দেশখন কলীয়া ডাৱৰে আৱৰি ধৰিছিল। তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলায় আহিবলৈ আহ্বান জনাইছিল।
Activity 10 · Question and answer

Question

"ধৰ ঝাড়ু ধৰ ভাই" 一 কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা।

Answer

"ধৰ ঝাড়ু ধৰ ভাই" দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত এটা দেশপ্ৰেমমূলক কবিতা। স্বদেশী আন্দোলনত যোগদান কৰাৰ সময়ত তেওঁ কেইবাবাৰো কাৰাবাস ৰবণ কৰিব লগীয়া হৈছিল। কাৰাগাৰত তেওঁক পায়খানা সাৰি চাফাই কৰা কাম দিয়া হৈছিল। এই কাম কৰোঁতে তেওঁ বাঢ়নী চলোৱাৰ লগে লগে এই কবিতাটি ৰচনা কৰি গাই গৈছিল।

'ধৰ ঝাড়ু ধৰ ভাই' কবিতাটোৰ মূল সুৰটোৱেই হৈছে স্বদেশপ্রেম। কবি অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপুষ্ট লোক। এটা সময়ত অসম ইংৰাজৰ শাসনৰ অধীনত আছিল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ নিজস্ব ঐতিহ্য়, গৰিমা, কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰিছিল। তথাপি দেশৰ মানুহৰ জাতীয় চেতনা জাগ্ৰত হোৱা নাছিল। ইংৰাজৰ ভয়ত বহুতে তেওঁলোকৰ তলত গোমালিহে কৰিছিল। স্বাৰ্থপৰতাক প্ৰশ্ৰয় দি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যৰে নিজৰ গাতে কালিমা সানিছিল। কবি ৰায়চৌধুৰীৰ দেশপ্রেমিক মনে এইবোৰ কথা সহিব পৰা নাছিল।

মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনৰ তেওঁ অক্লান্ত বৰ্মী আছিল। আন্দোলন কৰি কাৰাবাস খটাৰ সময়ত ৰচনা কৰা কবিতাটোত সেয়ে তেওঁৰ দেশপ্রেম উজ্বলি উঠিছে। কবিয়ে উদাত্ত কণ্ঠেৰে অসমীয়া জাতিক আহ্বান জনাইছে সকলো বেয়া পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে যুঁজিবলৈ। ঝাড়ুদাৰে যেনেকৈ ঘৰ-চোতালৰ চুক-কোণ সাৰি-পুছি পৰিষ্কাৰ কৰে, ঠিক সেইদৰে অসমৰ মানুহেও নিজৰ মাজত থকা হিংসা-ভেদাভেদবোৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল'ব লাগে। নিজ জাতিটোক এনে আহ্বান কৰিয়ে জনাব পাৰিছিল কেৱল তেওঁৰ স্বদেশপ্রেমিক মনটোৰ বাবে।

সমগ্ৰ কবিতাটো কেৱল স্বদেশপ্ৰেমৰ ভাবেৰেই ঠাহ খাই আছে।
Activity 11 · Question and answer

Question

[ভাষা-বিষয়ক] তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ
(ক) হীনে-ঘিণে
(খ) ধাৰে-ঋণে
(গ) ঘৃণা-ঘৃণি
(ঘ) জাহি-জাবৰ
(ঙ) সাৰি-পুছি
(চ) মলি-মামৰ

Answer

(ক) হীনে-ঘিণেঃ পৰৰ গোলাম হ'লে হীনে-ঘিণে সকলো কাম কৰিব লগা হয়।

(খ) ধাৰে-ঋণেঃ ব্ৰিটিছ সকলক অসমীয়া সকলে ধাৰে-ঋণে হ'লেও তেওঁলোকৰ চৰণত পূজা দিব লগীয়া হৈছিল।

(গ) ঘৃণা-ঘৃণিঃ আমি এজনে আনজনক ঘৃণা-ঘৃণি ভাৱে চাব নালাগে।

(ঘ) জাহি-জাবৰঃ জাহি-জাবৰ বোৰে ঘৰ লেতেৰা কৰে।

(ঙ) সাৰি-পুছিঃ ঝাড়ুৰে সাৰি-পুছি আমাৰ চাৰিওকাষ চাফ-চিকুন কৰা হয়।

(চ) মলি-মামৰঃ এটা সময়ত আমাৰ সমাজখন মলি-মামৰে ভৰি পৰিছিল।
Activity 12 · Question and answer

Question

[ভাষা-বিষয়ক] তলৰ শব্দবোৰত মূৰ্ধন্য 'ণ' হোৱাৰ কাৰণ দৰ্শোৱাঃ
(ক) সোণ
(খ) ঘৃণা
(গ) ঋণ

Answer

(ক) সোণঃ কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য 'ণ' হয়।

(খ) ঘৃণাঃ একেটা পদতে থকা 'ঋ' আৰু 'ষ' পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।

(গ) ঋণঃ একেটা পদতে থকা 'ঋ' আৰু 'ষ' পাছৰ দন্ত্য 'ন' মূৰ্ধন্য 'ণ' হয়।
Activity 13 · Question and answer

Question

[ভাষা-বিষয়ক] বিপৰীত শব্দ লিখাঃ
(ক) ঘৃণা
(খ) স্বাৰ্থ
(গ) জীৱন
(ঘ) বীৰ।

Answer

(ক) ঘৃণা 一 আদৰ

(খ) স্বাৰ্থ 一 নিস্বাৰ্থ

(গ) জীৱন 一 মৰণ

(ঘ) বীৰ 一 ভীৰু
Activity 14 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "ধৰ ঝাড়ু ধৰ ভাই" কবিতাৰ মূল বাৰ্তা কি?

Answer

"ধৰ ঝাড়ু ধৰ ভাই" কবিতাৰ মূল বাৰ্তা হৈছে জাতিৰ ভিতৰতে থকা বেদ-ভেদ, হিংসা আৰু ঘৃণাৰ পৰিস্কাৰ কৰি সকলোৱে একতাৰ সন্মুখীন হ'ব লাগিব। কবিয়ে সৰ্বসাধাৰণক আহ্বান জনাইছে যে, তেওঁলোকৰ মনৰ মল-মুক্তি কৰি একতা আৰু শান্তি স্থাপন কৰিবলৈ যেন মনযোগ কৰে।
Activity 15 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিতাত 'ঝাড়ু'ৰ কি অৰ্থ আছে?

Answer

কবিতাত 'ঝাড়ু' শব্দৰ ব্যৱহাৰ পৰিস্কাৰ কৰাৰ পৰিসৰে কৰা হৈছে। ইয়াৰ দ্বাৰা কবি সমাজৰ মল-মুক্তি, অর্থাৎ, বিভাজন, হিংসা আৰু ঘৃণা দূৰ কৰিবলৈ আহ্বান জনাইছে।
Activity 16 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিতাত "সোণৰ চোতাল"ৰ কি অৰ্থ?

Answer

"সোণৰ চোতাল" হৈছে এক মূল্যবান আৰু ঐতিহ্যপূৰ্ণ ঠাই। কবিতাত এই শব্দৰ দ্বাৰা ভাৰতৰ গৌৰৱময় ঐতিহ্য আৰু মুক্তি প্ৰাপ্ত দেশৰ স্বাৰ্থকে চিহ্নিত কৰা হৈছে।
Activity 17 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিতাত 'হিংসা-দ্বেষ'ৰ উল্লেখ কিয় কৰা হৈছে?

Answer

"হিংসা-দ্বেষ"ৰ উল্লেখ কবিতাত সমাজৰ ভিতৰতে থকা শত্রুতা, ঘৃণা আৰু পৰস্পৰ ভেদাভেদৰ প্ৰতীক হিচাপে কৰা হৈছে। কবি এই সকলো অশান্তি আৰু বিভাজন দূৰ কৰি জাতিক একতাবদ্ধ কৰিবলৈ আহ্বান জনাইছে।
Activity 18 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "চুকে-কোণে"ৰ কি অৰ্থ হৈছে?

Answer

"চুকে-কোণে" অৰ্থাৎ সকলো ঠাইতে, আৰু কবিতাত এই শব্দৰ দ্বাৰা কবি উল্লেখ কৰিছে যে, হিংসা আৰু ভেদাভেদৰ সমস্যা সমাজৰ ভিতৰতে সকলো ঠাইতে পৰিস্কাৰ কৰিব লাগিব।
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিতাত স্বাধীনতা সংগ্রামৰ কি প্রভাব দেখা গৈছে?

Answer

কবিতাত স্বাধীনতা সংগ্রামৰ প্ৰভাৱ পৰিস্ফুট হৈছে, য'ত কবি ভাৰতৰ পৰাধীনতাৰ পৰিপ্ৰেক্ষিতত হিংসা, বিভাজন আৰু ঘৃণা দূৰ কৰিবলৈ একতা আৰু দেশপ্ৰেমৰ আহ্বান জনাইছে।
Activity 20 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কবিতাত "বিশ্ব-সভাত"ৰ উল্লেখ কিয় কৰা হৈছে?

Answer

"বিশ্ব-সভাত"ৰ উল্লেখৰ মাধ্যমে কবি চাৰা-ফেৰাৰ, ঘৃণা আৰু বিভাজনসমূহ পৰিস্কাৰ কৰি দেশক সমগ্ৰ বিশ্বত এক গৌৰৱময় স্থান লাভৰ আহ্বান জনাইছে।
Activity 21 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অম্বিকাগিৰী ৰায়চৌধুৰীৰ জীৱন অভিজ্ঞতা কবিতাত কেনেকৈ প্ৰতিফলিত হৈছে?

Answer

অম্বিকাগিৰী ৰায়চৌধুৰীৰ স্বাধীনতা সংগ্রামৰ অভিজ্ঞতা কবিতাত প্ৰতিফলিত হৈছে। তেওঁৰ কাৰাবাসৰ অভিজ্ঞতাৰে কবি দেশৰ মন্নাই আৰু স্বাধীনতা উদ্ধাৰৰ বাবে একতাবদ্ধ কৰাৰ আহ্বান জনাইছে।
Search books