Loading
Book contents

Economics — Chapter 13 (Part 3) — অৰ্থনৈতিক উন্নয়ন

Activity 1 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: অৰ্থনৈতিক বিকাশ

Answer

দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল অৰ্থনৈতিক বিকাশ।
Activity 2 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: অৰ্থনৈতিক উন্নয়ন

Answer

অৰ্থনৈতিক উন্নয়ন হৈছে এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয়।
Activity 3 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: মানৱ উন্নয়ন

Answer

মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে।
Activity 4 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: অৰ্থনৈতিক পৰিকল্পনা

Answer

নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সু-নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগ দৰ্শনেই হ’ল অৰ্থনৈতিক পৰিকল্পনা।
Activity 5 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: গণতান্ত্ৰিক পৰিকল্পনা

Answer

যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সু-নিশ্চিত কৰা হয়, সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা।
Activity 6 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: উদাৰীকৰণ

Answer

দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিল কৰণেই হ’ল উদাৰীকৰণ।
Activity 7 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: ব্যক্তিগতকৰণ

Answer

চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱেই হ’ল ব্যক্তিগতকৰণ।
Activity 8 · Question and answer

Question

[অতি চমু উত্তৰ] এটা বাক্যত ব্যাখ্যা কৰা: গোলকীকৰণ বা বিশ্বায়ন

Answer

দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল গোলকীকৰণ বা বিশ্বায়ন।
Activity 9 · Question and answer

Question

[চমু উত্তৰ] অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা।

Answer

অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত থকা দুটা প্ৰধান পাৰ্থক্য় তলত উল্লেখ কৰা হ'ল 一

অৰ্থনৈতিক বিকাশ

(i) দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল অৰ্থনৈতিক বিকাশ।

(ii) অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত।

অৰ্থনৈতিক উন্নয়ন

(i) এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয়।

(ii) অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল।
Activity 10 · Question and answer

Question

[চমু উত্তৰ] মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?

Answer

মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল ক্ৰমে 一

(i) প্ৰত্যাশিত আয়ুস,

(ii) শিক্ষা বা সাক্ষৰতা,

(iii) জীৱন ধাৰণৰ মানদণ্ড।
Activity 11 · Question and answer

Question

[চমু উত্তৰ] সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?

Answer

বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। সমষ্টিগত পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লয়। সমষ্টিগত পছন্দৰ লগত মানৱ উন্নয়নৰ প্ৰসংঙ্গ জড়িত হৈ আছে। প্ৰকৃততে মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে। এই মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ হোৱাটো বুজায়।
Activity 12 · Question and answer

Question

[চমু উত্তৰ] ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য উল্লেখ কৰা।

Answer

ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ তিনিটা মূল লক্ষ্য হৈছে 一

(i) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা।

(ii) আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা।

(iii) দৰিদ্ৰতা নিৰ্মূল কৰা।
Activity 13 · Question and answer

Question

[চমু উত্তৰ] NITI আয়োগৰ সদস্যসকল কোন কোন ?

Answer

NITI আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। এই আয়োগৰ অন্য সদস্যসকল হৈছে-এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যকাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
Activity 14 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পাৰ্থক্য ব্য়াখ্যা কৰা।

Answer

ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডই আধিপত্য বিস্তাৰ কৰিছিল। ব্যক্তিগত খণ্ডৰ ভূমিকা গৌণ আছিল। প্ৰায় বিলাক ঔদ্যোগিক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল। অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰাধান্য লাভ কৰিছিল। ষাঠিৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্য ৰাজ্যক চুব পৰা নাছিল। দেখা গল, সময়ত দেশৰ অৰ্থনীতিৰ উন্নয়নৰ হাৰ আশানৰূপ নহ'ল।

১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমোল পৰিৱৰ্তন আহিল। ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল। অৰ্থনীতিত ব্যক্তিগতকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে। সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক প্ৰদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে। দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে। পাইকাৰী মূল্যসূচী পূৰ্ৱৰ তুলনাত হ্ৰাস পাইছে। কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে।
Activity 15 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্য়াখ্যা কৰা।

Answer

ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে 一

(i) অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডত গুৰুত্ব দিয়া হৈছিল। কিন্তু, ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগ হৈছিল যদিও ভালেমান উদ্যোগ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত ৫৮ টা ই ৰুগ্ন হৈ পৰিছিল।

(ii) অনাবৃষ্টি, ৰাজনৈতিক প্ৰেক্ষাপটৰ সঘন পৰিৱৰ্তনৰ ফলত এই সময়ছোৱাত অৰ্থনীতিৰ বিভিন্ন খণ্ডত সীমিত উৎপাদন হৈছিল। সীমিত উৎপাদনৰ বাবে সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে আৰ্থিকভাৱে দুৰ্বল লোকসকলক জুৰুলা কৰিছিল।

(iii) ১৯৯০-৯১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্থা একেবাৰে লাওলোৱা হৈছিল। বিদেশৰ পৰা মূলধন অহাটো কমি গৈছিল। অৰ্থনীতিৰ পৰা মূলধনৰ বহির্গমন হৈছিল।

এনেবোৰ সমস্যাৰ বাবে বিশ্ব বেংকেও ভাৰতীয় অৰ্থনীতিত গাঁথনিমূলক পৰিৱৰ্তনৰ বাবে পৰামৰ্শ দিছিল।
Activity 16 · Question and answer

Question

[দীঘল উত্তৰ] অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।

Answer

অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে 一

(i) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে।

(ii) পাইকাৰী মূল্যসূচীৰ পূৰ্বতকৈ হ্ৰাস পাইছে।

(iii) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে।
Activity 17 · Question and answer

Question

[দীঘল উত্তৰ] অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্য়াখ্যা কৰা।

Answer

অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে 一

(i) অৰ্থনীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে। বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে। লাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্থ মানসিকতা নিহিত নাথাকে।

(ii) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। গোলকীকৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছে। ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগত আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে।
Activity 18 · Question and answer

Question

[দীঘল উত্তৰ] অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা।

Answer

অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল ㅡ

(i) জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিৱৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা।

(ii) কৃষিখণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।

(iii) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা।

(iv) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা।

(v) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা।

(vi) অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অর্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা। [HSLC '17,'19]

Answer

অর্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ মাজত কিছু পাৰ্থক্য হৈছে:

অর্থনৈতিক উন্নয়ন: এইটো মূলতঃ দেশৰ অৰ্থনীতিত সুদৃঢ় বৃদ্ধি, উন্নয়ন সূচকবোৰৰ বৃদ্ধি আৰু জীৱন মানৰ উন্নতিৰ সৈতে জড়িত। ইয়াৰ লক্ষ্য হৈছে জনগণে সমগ্ৰ জীবন শ্ৰেণীৰ মান উন্নত কৰা।

অর্থনৈতিক বিকাশ: এইটো বিশেষকৈ উৎপাদনৰ শ্ৰমিক আৰু উদ্যমিতাৰ বৃদ্ধিৰ ওপৰত কেন্দ্ৰীভূত। ইয়াত নতুন উদ্যোগ আৰম্ভ কৰাটো, প্রযুক্তিগত অগ্ৰগতি আৰু ৰাষ্ট্ৰৰ সম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ প্ৰক্ৰিয়া অন্তর্ভুক্ত।
Activity 20 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] নিটি আয়োগ কেতিয়া গঠন কৰা হয়। নিটি আয়োগৰ অধ্যক্ষ কোন? [HSLC '17]

Answer

নিটি আয়োগ ১ জানুৱাৰী, ২০১৫ তাৰিখে গঠন কৰা হয়। নিটি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী
Activity 21 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসম দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য উল্লেখ কৰা। [HSLC '17]

Answer

অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য হৈছে:

অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।

দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰা।

মানৱ উন্নয়ন সূচক (HDI) উন্নত কৰাৰ উদ্দেশ্যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়োগ বৃদ্ধি কৰা।
Activity 22 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনে প্ৰভাৱ পেলাইছে চমুকৈ লিখা।

Answer

ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেইবাটাও প্ৰভাৱ পেলাইছে:

উদাৰীকৰণ: চৰকাৰী নিয়ন্ত্ৰণ কমোৱা আৰু ব্যৱসায়িক খণ্ডৰ বিকাশ সাধন কৰি প্ৰতিযোগিতাৰ বৃদ্ধি ঘটাইছে।

ব্যক্তিগতকৰণ: ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ বেচি মুকলি কৰাৰ ফলত বেচকাৰী খণ্ডৰ বৃদ্ধিৰ সৈতে উদ্যোগী আৰু উদ্ভাৱনী শক্তি বৃদ্ধি হৈছে।

বিশ্বায়ন: ভাৰতৰ অৰ্থনীতিৰ বৈদেশিক সংযোগ বৃদ্ধি কৰিছে, যাৰ ফলত গ্ৰাহক আৰু উৎপাদক দুয়োতে লাভ লাভ কৰিছে।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অৰ্থনৈতিক পৰিকল্পনা কি? ভাৰতৰ 'প্রথম পঞ্চবার্ষিক পৰিকল্পনা'ৰ সময়ছোৱা উল্লেখ কৰা।

Answer

অর্থনৈতিক পৰিকল্পনা হৈছে দেশৰ উন্নয়ন উদ্দেশ্যে নিৰ্দিষ্ট সময়ছোৱাৰ ভিতৰত সম্পন্ন কৰিবলগীয়া লক্ষ্য আৰু কার্যসূচী নিৰ্ধাৰণ কৰা। ভাৰতৰ 'প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা'ৰ সময়ছোৱা আছিল ১৯৫১-১৯৫৬।
Activity 24 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] নিটি (NITI) আয়োগৰ সদস্যসকল কোন কোন?

Answer

নিটি (NITI) আয়োগৰ সদস্যসকলৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্রী, আৰু অন্যান্য বিশেষজ্ঞসকল অন্তৰ্ভুক্ত থাকে।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (আৰম্ভণিৰ পৰা ১৯৯০-৯১লৈ) আৰু দ্বিতীয়ছোৱাৰ (১৯৯১-৯২ৰ পৰা বৰ্তমানলৈকে) মাজত মূল পার্থক্য উল্লেখ কৰা। [HSLC '18]

Answer

ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা আৰু দ্বিতীয়ছোৱাৰ মাজত মূল পাৰ্থক্য সমূহৰ ভিতৰত:

প্ৰথমছোৱা (আৰম্ভণিৰ পৰা ১৯৯০-৯১লৈ): এই সময়ছোৱাত ভাৰতৰ অৰ্থনীতিৰ উন্নয়ন কেন্দ্রীভূত নীতি আৰু পলিচীৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছিল। ৰাষ্ট্ৰীয়কৰণ আৰু মধ্যস্থতাৰে বৰ্ধিত পৰিকল্পনা গ্ৰহণ কৰা হৈছিল।

দ্বিতীয়ছোৱা (১৯৯১-৯২ৰ পৰা বৰ্তমানলৈকে):এই সময়ছোৱাত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ নীতি প্ৰৱৰ্তিত হৈছে। অর্থনৈতিক সংস্কাৰ আৰু খণ্ডবিশেষকেন্দ্রিক নীতিৰ দিশত অধিক গুৰুত্ব দিয়া হৈছে, যাৰ ফলত বিদেশী বিনিয়োগ আৰু বাণিজ্য বৃদ্ধি পাইছে।
Activity 26 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মানৱ উন্নয়নৰ সূচক তিনিটাৰ বিষয়ে চমুকৈ আলোচনা কৰা। [HSLC '18]

Answer

মানৱ উন্নয়নৰ সূচক তিনিটা হৈছে:

শিক্ষা সূচক: শিক্ষাৰ গুণগত মান আৰু সৰ্বজনীন শিক্ষাৰ প্ৰৱেশ নিশ্চিত কৰাৰ দ্বাৰা মানৱ উন্নয়ন মাপকাঠিত শিক্ষা সূচক বিবেচিত হয়। ইয়াৰ ভিতৰত প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ অভিগম্যতা অন্তৰ্ভুক্ত।

স্বাস্থ্য সূচক: জনসংখ্যাৰ স্বাস্থ্যৰ পৰিমাণ আৰু গুণগত মানৰ ওপৰত নিৰ্ভৰশীল। এই সূচকত শিশু মৃত্যুৰ হাৰ, মাতৃ মৃত্যুৰ হাৰ আৰু স্বাস্থ্য সেৱাৰ প্ৰৱেশ নিশ্চিত কৰা হয়।

আয় সূচক: ব্যক্তি আৰু পৰিয়ালৰ অৰ্থনৈতিক অবস্থাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত হয়। এই সূচকত গড় আয় আৰু জীৱন মানৰ দিশত প্ৰভাৱ পেলোৱা বিষয়সমূহৰ মূল্যায়ন কৰা হয়।
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা ।

Answer

মানৱ উন্নয়ন হৈছে এক সামগ্ৰিক প্ৰক্ৰিয়া, য'ত মানুহৰ জীৱনৰ গুণগত মান উন্নত কৰাত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে সকলো ব্যক্তিৰ মৌলিক অধিকার আৰু সুযোগৰ সুৰক্ষা, যাতে সকলো ব্যক্তি স্ব-উন্নতি আৰু স্ফূৰণৰ পথ পায়। মানৱ উন্নয়নৰ সূচকসমূহ—শিক্ষা, স্বাস্থ্য আৰু আয়—এই প্ৰক্ৰিয়াৰ মুখ্য দিশবিলাকক সাৱলীলিতাৰে উপস্থাপন কৰে, আৰু এই সূচকসমূহৰ দ্বাৰা সমাজৰ সামগ্ৰিক উন্নতিৰ পৰিমাণ মাপা যায়। মানৱ উন্নয়নেই এজন ব্যক্তিৰ দৃষ্টিভংগী, সুযোগ আৰু সম্ভাৱনাক প্ৰাধান্য দিয়ে, যাৰ ফলত সমাজৰ বিকাশ আৰু সমৃদ্ধি নিশ্চিত হয়।
Activity 28 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কোন সংস্থাই পৃথিৱীৰ মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰে? মানৱ উন্নয়ন সূচকাংক গণনাত কোনবোৰ সূচক ব্যৱহাৰ কৰা হয়? [HSLC '20]

Answer

পৃথিৱীৰ মানৱ উন্নয়ন প্রতিবেদন ইউনাইটেড নেশন্স ডেভেলপমেন্ট প্ৰোগ্ৰাম (UNDP) দ্বাৰা প্ৰকাশিত হয়। মানৱ উন্নয়ন সূচকাংক (HDI) গণনাত তিনিটা মুখ্য সূচক ব্যৱহাৰ কৰা হয়: (১) আয়—একজন ব্যক্তিৰ বছৰি আয়, (২) শিক্ষা—শিক্ষাৰ গুণ আৰু ব্যাসাৰ্থ, আৰু (৩) স্বাস্থ্য—জীৱনকালৰ সূচক। এই সূচকবোৰৰ ভিত্তিত দেশসমূহৰ মানৱ উন্নয়ন মূল্যায়ন কৰা হয়।
Activity 29 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] নিটি আয়োগৰ বিষয়ে চমু টোকা লিখা।

Answer

নিটি আয়োগ হৈছে ভাৰত চৰকাৰৰ এক নীতি-নির্ধাৰক সংস্থা, যি অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত পৰিকল্পনা আৰু পৰামৰ্শ দিয়ে। এই সংস্থাটো ২০১৫ চনৰ ১ লা জানুৱাৰীত গঠন কৰা হৈছিল। ইয়াৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী।
Activity 30 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অৰ্থনৈতিক পৰিকল্পনাৰ বিষয়ে চমু টোকা লিখা।

Answer

অৰ্থনৈতিক পৰিকল্পনা হৈছে এক সাংগঠনিক প্ৰক্ৰিয়া, য'ত অৰ্থনৈতিক উন্নয়ন আৰু সমৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন লক্ষ্য আৰু উদ্যোগ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ দুটা প্রধান প্রয়োজনীয়তা হৈছে: (১) সম্পদৰ সঠিক ব্যৱহাৰ আৰু (২) জাতীয় আৱশ্যকতাৰ অনুসৰি উন্নয়নমূলক কৌশল তৈয়াৰ কৰা।
Activity 31 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] গণতান্ত্ৰিক পৰিকল্পনাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা।

Answer

গণতান্ত্রিক পৰিকল্পনাৰ দুটা প্রধান বৈশিষ্ট্য হৈছে: (১) জনগণৰ মতামত আৰু অংশগ্ৰহণ—য'ত জনগণৰ অভিমত, চাহিদা আৰু প্ৰয়োজনসমূহৰ ওপৰত ভিত্তি কৰি পৰিকল্পনা কৰা হয়, আৰু (২) ন্যায়ৰ ওপৰত জোৰ—য'ত সমান সুযোগ আৰু সম্পদ বণ্টনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
Search books