Geography — Chapter 8 (Part 2) — পৃথিৱীৰ ভূগোল
Question
[অনুশীলনী] পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
Answer
স্থলমণ্ডলঃ- সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হ'ল স্থলমণ্ডল। স্থলমণ্ডলটো ৭ খন মহাদেশেৰে গঠিত। এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা মহাদেশে, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশেৰে গঠিত। ভূ-পৃষ্ঠৰ ২৯% স্থলভাগ। এই স্থলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭%) উত্তৰ গোলাৰ্ধত অৱস্থিত।পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% ই উত্তৰ গোলাৰ্ধত বাস কৰে।
জলমণ্ডলঃ- ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ, জলাশয় আদিৰে আগুৰা বৃহৎ অংশকে জলমণ্ডল বোলে। জলমণ্ডলে ভূ-পৃষ্ঠৰ ৭১% অঞ্চল আৱৰি আছে।জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫ খন প্ৰধান মহাসাগৰ হৈছে - প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। জলমণ্ডলৰ বৃহৎ অংশ ৫৭ % দক্ষিণ গোলাৰ্ধত অৱস্থিত।

[অনুশীলনী] মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
Answer
মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু জলমণ্ডলটোক পাণ্ঠালাছা বুলি জনা যায়। এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা-পশ্চিমাকৈ ফাট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। সেই সাগৰখনক টেথিছ সাগৰ নামেৰে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড (লৰেছিয়া) আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে।২৫০ নিযুত বছৰৰ পূৰ্ৱে ভূ-ত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত আঙ্গাৰালেণ্ড বা লৰেছিয়া আৰু গাণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি থকা বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে, গাণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, মালেছিয়া আৰু অন্য দ্বীপসমূহ সৃষ্টি হৈছিল।
Question
[অনুশীলনী] মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।
Answer
মহাসাগৰৰ তলিভাগৰ ভূ-প্ৰকৃতি তেনেই অসমান। মহাসাগৰৰ তলিভাগত শৈলসিৰা, দ্ৰোণী, সামুদ্ৰিক টিলা, খাত আদিয়ে ওখোৰা-মোখোৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা ৪০০০ মিটাৰ। মহাসাগৰৰ পাৰ বা তীৰ অঞ্চলৰ পৰা মাজভাগলৈ ক্ৰমান্বয়ে গভীৰতা বাঢ়ি যায়। ইয়াত দেখিবলৈ পোৱা ভূ-অৱয়ববোৰ হৈছে ক্ৰমে - উপকূল, মহীসোপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলসিৰা, দ্বীপ আৰু গভীৰ সমুদ্ৰখাত। মহীঢালৰ পিছতেই সাগৰ-মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্ৰতলীয় দ্ৰোণী (৪০০০ মিটাৰ গভীৰ পৰ্যন্ত), গভীৰতম সমুদ্ৰখাত (গড় ৮০০০ মিটাৰ) আৰু অ'ত ত'ত সিঁচৰিত হৈ থকা সমুদ্ৰ পৃষ্ঠৰ ওপৰত শৈলসিৰা আৰু দ্বীপ দেখিবলৈ পোৱা যায়।
Question
[অনুশীলনী] মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
Answer
মহাদেশসমূহৰ বিতৰণঃ-
সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশই হ'ল স্থলমণ্ডল। স্থলমণ্ডলটো জলমণ্ডলৰ মাজতে বিভাজিত হৈ সোমাই আছে। স্থলমণ্ডলটো চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে।
· প্ৰথমটো, অংশটো এছিয়া, ইউৰোপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত
দ্বিতীয়, অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ
তৃতীয়, অংশটোত অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশ
· চতুৰ্থ, অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত।
মহাসাগৰসমূহৰ বিতৰণঃ-
জলমণ্ডলত অন্তৰ্গত পৃথিৱীৰ ৫ খন প্ৰধান মহাসাগৰ হৈছে - প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
প্ৰশান্ত মহাসাগৰ 一 এছিয়া, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত।
আটলান্টিক মহাসাগৰ 一 এফালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা আনফালে ইউৰোপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত।
ভাৰত মহাসাগৰ 一 এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূৱত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত।
উত্তৰ মহাসাগৰ 一 উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত।
দক্ষিণ মহাসাগৰ 一 দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত।

[অনুশীলনী] পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
Answer
পৰ্বত, পাহাৰ, সমভূমি, মালভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলভাগৰ উপৰিভাগক অসমান কৰি ৰাখিছে। পৃথিৱীৰ ৭ খন মহাদেশ ক্ৰমে - এছিয়া, ইউৰোপ আৰু আফ্ৰিকা, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ আদি প্ৰত্যেকৰে ভূ-প্ৰকৃতি বেলেগ বেলেগ।
(ক) পৰ্বত-পাহাৰঃ- এছিয়াৰ হিমালয়, কাৰাকোৰম, টিয়েনচাং, আৰৱলী; ইউৰোপৰ ককেছাচ, আল্পছ; দক্ষিণ আমেৰিকাৰ এণ্ডিজ; উত্তৰ আমেৰিকাৰ ৰকি; ওছেনিয়া মহাদেশৰ স্ন’ৱি পৰ্বতমালাই উল্লেখযোগ্য। হিমালয় পৰ্বতত থকা মাউন্ট এভাৰেষ্ট (৮৮৪৮মিঃ) বিশ্বৰ আটাইতকৈ উচ্চতম শৃংগ। ঠিক তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পৰ্বতশ্ৰেণী (৮০০০ কিঃমিঃ) ৰ বিস্তৃতি বিশ্বৰ ভিতৰতে বেছি।
(খ) সমভূমিঃ- এছিয়া মহাদেশৰ গংগা, ব্ৰহ্মপুত্ৰ নদী উপত্যকা সমভূমি, হোৱাংহো, ইৰাৱতী, মেকং, চিকিয়াঙ নদী উপত্যকা সমভূমি; ইউৰোপৰ ফ্ৰান্সৰ উপকূলৰ পৰা ইউৰাল পৰ্বত শ্ৰেণী পৰ্যন্ত সমভূমি; আফ্ৰিকা মহাদেশৰ কংগো, নাইজাৰ, লিম্পোপো, জাম্বেজি আদি নদী উপত্যকা সমভূমি অঞ্চল, উত্তৰ আমেৰিকাৰ উত্তৰৰ বিশাল উচ্চ সমভূমি অঞ্চল, উকূলীয় নিম্ন সমতলভূমি অঞ্চল, আমাজান, পাৰাণা, পাৰগুৱেৰে আদি নদীৰ বিস্তৃত সমভূমি অঞ্চল আৰু ওছেনিয়া মহাদেশৰ মূৰে আৰু ডাৰ্লিঙ নদীৰ সমভূমি অঞ্চলেই প্ৰধান।
(গ) মালভূমিঃ- এছিয়াৰ পামিৰ, তিব্বত, চাইবেৰীয়া, মংগোলীয়, আৰৱ, ইৰাণ আৰু দাক্ষিণাত্য মালভূমি; দক্ষিণ আমেৰিকাৰ ইকৱেডৰ আৰু পাৰাণা-পেটাগণিয়া মালভূমি আৰু ওছেনিয়া মহাদেশৰ অষ্ট্ৰেলিয়া প্ৰধান। ইয়াৰ ভিতৰত পামিৰ মালভূমিক বিশ্বৰ আটাইতকৈ বৃহৎ মালভূমি আখ্যা দিয়া হয়।

[অনুশীলনী] এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।
Answer
এছিয়া মহাদেশখন পৰ্বত, পাহাৰ, সমভূমি, মালভূমি, মৰুভূমি, নদ-নদী, হ্ৰদ, দ্বীপ ইত্যাদি নানান ভূ-অৱয়বৰে গঠিত। তাৰে কিছুমান আকৌ বিশ্বৰ আন প্ৰান্তত উপলব্ধ নহয়।বৈশিষ্ট্যপূৰ্ণ এই ভূ-অৱয়ববোৰে মহাদেশখনক স্বকীয়তা প্ৰদান কৰিছে।
(ক) এছিয়া মহাদেশৰ পৰ্বতসমূহঃ- হিমালয়, কাৰাকোৰম, টিয়েনচান, আৰৱলী, ইউৰাল ইত্যাদি। এই মহাদেশত পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট (৮৮৪৮ মিঃ), দ্বিতীয় উচ্চতম শৃংগ গড্উইন অষ্টিন (৮৬৬১ মিঃ) আৰু তৃতীয় উচ্চতম শৃংগ কাঞ্চন জংঘা (৮৫৮৬ মিঃ) অৱস্থান।
(খ) এছিয়া মহাদেশৰ মালভূমিসমূহঃ- তিব্বতমালভূমি, চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি। এই মহাদেশতে পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ পামিৰ মালভূমি অৱস্থান।
(গ) এছিয়া মহাদেশৰ নদ-নদীমূহঃ- মধ্য-দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু, উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা, পূৱ অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং, দক্ষিণ আৰু দক্ষিণ-পূৱত থকা ইৰাৱতী, মেকং, গোদাৱৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা ইত্যাদি।ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে, মাজুলী আৰু উমানন্দ অৱস্থান। তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে।
(ঘ) এছিয়া মহাদেশৰ হ্ৰদসমূহঃ- এই মহাদেশখনত সৰু ডাঙৰ বহুতো হ্ৰদ আছে।উদাহৰণস্বৰূপে; বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, লকটক ইত্যাদি। ইয়াৰ ভিতৰত বৈকাল হ্ৰদ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু দ’ নিৰ্মল পানীৰ হ্ৰদ।
(ঙ) এছিয়া মহাদেশৰ মৰুভূমিসমূহঃ- এছিয়া মহাদেশত উষ্ণ আৰু শীতল দুয়ো প্ৰকাৰৰ মৰুভূমি আছে। শীতল মৰুভূমিৰ ভিতৰত মংগোলীয়াৰ গোবি আৰু উষ্ণ মৰুভূমিৰ ভিতৰত ভাৰতৰ থৰ আৰু আৰৱৰ মৰুভূমিয়ে প্ৰধান।

[কাৰণ দৰ্শোৱা] পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত থূপ খাই আছে কিয়?
Answer
স্থলভাগৰ বৃহৎ অংশ (প্ৰায় ৬৭%) উত্তৰ গোলাৰ্ধতে অৱস্থান সেয়ে জনবসতি এই স্থলভাগতহে বেছিকৈ পোৱা যাব।
উত্তৰ গোলাৰ্ধত তুলনামূলকভাৱে উন্নত দেশবোৰ অধিক যেনে 一 ইউৰোপৰ দেশসমূহ, এছিয়াৰ জাপান, চীন, ৰুচিয়া, উত্তৰ আমেৰিকাৰ কানাডা, আমেৰিকা ইত্যাদি।উদ্যোগীকৰণ, যাতায়তৰ সা-সুবিধা, খনিজ সম্পদৰ উপলব্ধতা, কৰ্মসংস্থাপনৰ সুবিধা আদিৰ বাবে এই ৰাষ্ট্ৰবোৰ অৰ্থনৈতিকভাৱে আগবঢ়া আৰু সেয়ে তাত জনবসতিও বেছি।
উত্তৰ গোলাৰ্ধৰ জলবায়ু তুলনামূলকভাৱে দক্ষিণ গোলাৰ্ধৰ জলবায়ুতকৈ নমনীয়। সেই জলবায়ু কৃষিকাৰ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উৎপাদন কাৰ্য চলাবলৈ সুবিধাজনক।সেয়ে সেইবোৰ অঞ্চলত বসতি অধিক। ইয়াৰ বিপৰীতে দক্ষিণ গোলাৰ্ধৰ এটা বৃহৎ অংশ দক্ষিণ মেৰুত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে যাৰ ফলত তাত মানুহৰ বসতি আৰু কাম-কাজৰ সুবিধা নাথাকে।

[কাৰণ দৰ্শোৱা] এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি দেখা নাযায় কিয়?
Answer
পৃথিৱীৰ দক্ষিণ গোলাৰ্ধত থকা এন্টাৰ্কটিকা মহাদেশত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে বাবে তাত ছমাহ একেৰাহে দিন আৰু ছমাহ একেৰাহে ৰাতি হৈ থাকে। উত্তাপ কম হোৱাৰ বাবে এন্টাৰ্কটিকা মহাদেশৰ বেছিভাগ অঞ্চল বছৰৰ বাৰ মাহে বৰফেৰে আবৃত্ত হৈ থাকে, সেয়ে তাত স্থায়ী বসতি দেখা নাযায়।
Question
[চমু উত্তৰ] এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
Answer
ইউৰাল পৰ্বতমালা।
Question
[চমু উত্তৰ] পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত?
Answer
এণ্ডিজ পৰ্বতমালা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমাংশত অৱস্থিত।
Question
[চমু উত্তৰ] মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা।
Answer
বৃহত্তম মহাদেশ – এছিয়া
ক্ষুদ্ৰতম মহাদেশ 一 ওছেনিয়া মহাদেশ
ক্ষুদ্ৰতম মহাদেশ 一 ওছেনিয়া মহাদেশ
Question
[চমু উত্তৰ] পৃথিৱীৰ কোনখন দেশ আন দুখন মহাদেশলৈ বিস্তৃত?
Answer
ৰাছিয়া।
Question
[চমু উত্তৰ] মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।
Answer
বৃহত্তম দেশ - ৰাছিয়া।
ক্ষুদ্ৰতম দেশ - ভেটিকান চিটি।
ক্ষুদ্ৰতম দেশ - ভেটিকান চিটি।
Question
[চমু উত্তৰ] উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত?
Answer
ৰকি পৰ্বতমালা।
ই মহাদেশখনৰ পশ্চিমফালৰ আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে।
ই মহাদেশখনৰ পশ্চিমফালৰ আলস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰা দক্ষিণাকৈ বিয়পি আছে।
Question
[চমু উত্তৰ] পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?
Answer
চাহাৰা মৰুভূমি আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত।
Question
[চমু উত্তৰ] এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূৱ দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা।
Answer
উত্তৰ দিশলৈ প্ৰবাহিত নদী - গংগা আৰু লেনা।
পূৱ দিশলৈ প্ৰবাহিত নদী - সিন্ধু আৰু মেকং নদী।
পূৱ দিশলৈ প্ৰবাহিত নদী - সিন্ধু আৰু মেকং নদী।
Question
[চমু উত্তৰ] অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
Answer
পৰ্বতশ্ৰেণী - গ্ৰেট ডিভাইডিং ৰেঞ্জ।
নদী - ডাৰ্লিং নদী।
মৰুভূমি - গ্ৰেট ভিক্টোৰিয়া মৰুভূমি।
নদী - ডাৰ্লিং নদী।
মৰুভূমি - গ্ৰেট ভিক্টোৰিয়া মৰুভূমি।
Question
[চমু উত্তৰ] ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
Answer
ইটালী, ফ্ৰান্স আৰু গ্ৰীচ।
Question
[চমু টোকা] চমু টোকা লিখা: পেঞ্জিয়া
Answer
মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ সেই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বুলি জনা যায়। এই পেঞ্জিয়াৰ সোঁ মাজেৰে পূৱা পশ্চিমাকৈ ফাঁট মেলি এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। সেই সাগৰখনক টেথিছ সাগৰ নামে জনা যায় আৰু এই সাগৰে পেঞ্জিয়াক উত্তৰা দক্ষিণাকৈ দুটা ভাগত ভাগ কৰিছিল। ইয়াৰ উত্তৰে থকা অংশটোক আঙ্গাৰালেণ্ড আৰু দক্ষিণলৈ থকা অংশটোক গণ্ডোৱানালেণ্ড বোলে।
Question
[চমু টোকা] চমু টোকা লিখা: উত্তৰ মহাসাগৰ
Answer
পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখন হৈছে উত্তৰ মহাসাগৰ। প্ৰায় ১৪ নিযুত বৰ্গ কিলোমিটাৰ এলেকা জুৰি এই মহাসাগৰ বিয়পি আছে। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। এই মহাসাগৰৰ তলিৰ গড় গভীৰতা ৩৫০০ মিটাৰ। এই মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন বৰফেৰে ঢাক খাই থাকে।
Question
[চমু টোকা] চমু টোকা লিখা: ওছেনিয়া মহাদেশ
Answer
ওছেনিয়া মহাদেশৰ মাটিকালি প্ৰায় ৮ নিযুত বৰ্গ কিঃমিঃ। ই স্থলমণ্ডলৰ ৫.৪ শতাংশ অঞ্চল আৱৰি আছে। ই বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ। ওছেনিয়া মহাদেশত সৰু ডাঙৰ ১৪ খন দেশ আছে। ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি মহাদেশখনৰ মুঠ জনসংখ্যা ৩৮ নিযুত। ওছেনিয়া মহাদেশৰ আটাইতকৈ বৃহৎ দেশ হ'ল অষ্ট্ৰেলিয়া আৰু বিশ্বৰ ভিতৰত ষষ্ঠ বৃহতম দেশ ওছেনিয়া মহাদেশৰ মূল ভূ-খণ্ড অষ্ট্ৰেলিয়া এটা প্ৰাচীন মালভূমি। মূৰে, ডাৰ্লিং, বেলিয়াণ্ডো, ভিক্টোৰিয়া, ছোৱান আদি এই মহাদেশৰ প্ৰধান নদী। এই মহাদেশত থকা কিছুমান মৰুভূমি হৈছে - গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট ছেণ্ডি, টানামী, ছিম্পছন, গিবছন ইত্যাদি।
Question
[চমু টোকা] চমু টোকা লিখা: এছিয়া মহাদেশৰ নদ-নদী
Answer
এছিয়া মহাদেশৰ নদ-নদীসমূহ হৈছে 一 মধ্য-দক্ষিণ অংশত থকা গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু; উত্তৰ অংশত থকা ইয়েনিচি, ওবি আৰু লেনা; পূৱ অংশত থকা আমুৰ, হোৱাংহো, চিকিয়াং; দক্ষিণ আৰু দক্ষিণ-পূৱত থকা ইৰাৱতী, মেকং, গোদাৱৰী, কৃষ্ণা, কাৱেৰী, নৰ্মদা ইত্যাদি। ব্ৰহ্মপুত্ৰ নদীত বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ সৰু নদী দ্বীপ ক্ৰমে- মাজুলী আৰু উমানন্দ অৱস্থিত। তাৰোপৰি গংগা-ব্ৰহ্মপুত্ৰ নদীৰ মোহনাতে বিশ্বৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ সুন্দৰবন আছে।
Question
[চমু টোকা] চমু টোকা লিখা: আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ
Answer
আফ্ৰিকা মহাদেশত বহুতো হ্ৰদৰ উপস্থিতি লক্ষ্য কৰা যায়। সেই হ্ৰদসমূহ হৈছে - ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালাৱি, টুকাৰ্না, কিভু, এব্বে ইত্যাদি।
Question
[চমু টোকা] চমু টোকা লিখা: ইউৰোপ মহাদেশৰ নদ-নদী
Answer
ইউৰোপ মহাদেশত সৰু-বৰ বহুতো নদীৰ উপস্থিতি দেখা যায়। দেশ অনুযায়ী নদ-নদীবোৰ হৈছে 一
দেশৰ নাম নদীৰ নাম
স্পেইন এলব্ৰো
ফ্ৰান্স ৰোণ আৰু চেইন
জাৰ্মানী ৰাইন আৰু এল্বে
পোলেণ্ড ওডাৰ আৰু ভিষ্টুলা
অষ্ট্ৰিয়া হাংগেৰী আৰু ৰোমানিয়া ডানিয়ুব
বেলাৰুচ আৰু ইউক্ৰেইন নিপাৰ
ইটালী পো
গ্ৰেট ব্ৰিটেইন থেমচ
ৰুচিয়া ডন, ভল্গা, ইউৰাল

[চমু টোকা] চমু টোকা লিখা: আপেলেছিয়ান উচ্চভূমি অঞ্চল
Answer
উত্তৰ আমেৰিকাৰ অন্যতম পুৰণি পৰ্বতমালাই হ'ল আপেলেছিয়ান উচ্চভূমি অঞ্চল। উত্তৰে নিউফাণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডা লৈ বিস্তৃত হৈ আছে। ওখোৰা-মোখোৰা এই অঞ্চলটো পৰ্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত। সমগ্ৰ অঞ্চলটো অৰণ্যৰে ভৰপূৰ। এই অঞ্চলতেই আমেৰিকাৰ খনিজ সম্পদৰ (কয়লা, লোৰ আকৰ, জিংক আদিৰ) বিশাল ভাণ্ডাৰবোৰ লুকাই আছে।
Question
[চমু টোকা] চমু টোকা লিখা: উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ
Answer
উত্তৰ আমেৰিকা মহাদেশত অজস্ৰ নদ-নদী আৰু হ্ৰদ আছে। তাৰে ভিতৰত উল্লেখযোগ্য হ্ৰদকেইটা হৈছে - ছুপেৰিঅ'ৰ, হুৰ’ন, মিচিগান, এৰি, ওন্টেৰিঅ', গ্ৰেট বিয়াৰ, গ্ৰেট শ্লেভ, গ্ৰেট ছল্ট। ইয়াৰে ছুপেৰিঅ'ৰ হ'ল বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম আৰু উত্তৰ আমেৰিকাৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ।
Question
[পাৰ্থক্য] মহীসোপান আৰু মহীঢাল
Answer
মহীসোপান
A) উপকূলৰ চাৰিওকাষে থকা সাগৰ- মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে।
B) গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত।
মহীঢাল
A) মহীসোপানৰ পিছৰ গভীৰ অংশক মহীঢাল বোলা হয়।
B) গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত।
A) উপকূলৰ চাৰিওকাষে থকা সাগৰ- মহাসাগৰৰ অগভীৰ অংশকে মহীসোপান বোলে।
B) গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত।
মহীঢাল
A) মহীসোপানৰ পিছৰ গভীৰ অংশক মহীঢাল বোলা হয়।
B) গভীৰতা প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত।
Question
[পাৰ্থক্য] এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ
Answer
এভাৰেষ্ট শৃংগ
A) ই এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাত অৱস্থিত।
B) ইয়াৰ উচ্চতা হ’ল ৮,৮৪৮ মিটাৰ
C) বিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ।
D) অন্য কোনো নাম নাই।
গডউইন অষ্টিন শৃংগ
A) ই এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত।
B) ইয়াৰ উচ্চতা হ’ল ৮,৬১১ মিটাৰ।
C) বিশ্বৰ ভিতৰত দ্বিতীয় উচ্চতম শৃংগ।
D) মাউন্ট K₂

[পাৰ্থক্য] ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ
Answer
ওছেনিয়া মহাদেশ
A) অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি ১৪ খন দেশেৰ গঠিত।
B) ইয়াৰ পৰ্বত-পাহাৰ, মালভূমি, সমভূমি তথা নদ-নদীৰ দৰে ভূ-অৱয়ৱ পৰিলক্ষিত হয়।
C) জন সংখ্যা প্ৰায় ৩৮ নিযুত ওপৰত।
এন্টাৰ্কটিকা মহাদেশ
A) এণ্টাৰ্কটিকা কোনো দেশ হিচাপে বিভাজিত হোৱা নাই।
B) ইয়াৰ ভূ-প্ৰকৃতি ঘন বৰফৰ তৰপেৰে আবৃত হৈ থকা দেখা যায়।
C) ইয়াত কোনো স্থায়ী জনবসতি নাই

[পাৰ্থক্য] গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি
Answer
গোবি মৰুভূমি
A) অৱস্থান ই এছিয়া মহাদেশত অৱস্থিত।
B) এইখন এখন শীতল মৰুভূমি।
আটাকামা মৰুভূমি
A) ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।
B) এইখন এখন উষ্ণ মৰুভূমি
A) অৱস্থান ই এছিয়া মহাদেশত অৱস্থিত।
B) এইখন এখন শীতল মৰুভূমি।
আটাকামা মৰুভূমি
A) ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।
B) এইখন এখন উষ্ণ মৰুভূমি
Question
[শুদ্ধ উত্তৰ বাছনি] পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(১) প্ৰশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগৰ
(৩) আটলাণ্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ
(১) প্ৰশান্ত মহাসাগৰ
(২) ভাৰত মহাসাগৰ
(৩) আটলাণ্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ
Answer
(৩) আটলাণ্টিক মহাসাগৰ।
Question
[শুদ্ধ উত্তৰ বাছনি] পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
(১) উত্তৰ আমেৰিকা মহাদেশ
(২) ইউৰোপ মহাদেশ
(৩) এন্টাৰ্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ
(১) উত্তৰ আমেৰিকা মহাদেশ
(২) ইউৰোপ মহাদেশ
(৩) এন্টাৰ্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ
Answer
(৪) ওছেনিয়া মহাদেশ।
Question
[শুদ্ধ উত্তৰ বাছনি] ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
(১) আটলাণ্টিক মহাসাগৰ
(২) উত্তৰ মহাসাগৰ
(৩) প্ৰশান্ত মহাসাগৰ
(৪) ভাৰত মহাসাগৰ
(১) আটলাণ্টিক মহাসাগৰ
(২) উত্তৰ মহাসাগৰ
(৩) প্ৰশান্ত মহাসাগৰ
(৪) ভাৰত মহাসাগৰ
Answer
(১) আটলাণ্টিক মহাসাগৰ।
Question
[শুদ্ধ উত্তৰ বাছনি] এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?
(১) ভূমধ্য সাগৰ
(২) লোহিত সাগৰ
(৩) কাম্পিয়ান সাগৰ
(৪) আৰব সাগৰ
(১) ভূমধ্য সাগৰ
(২) লোহিত সাগৰ
(৩) কাম্পিয়ান সাগৰ
(৪) আৰব সাগৰ
Answer
(১) ভূমধ্য সাগৰ।
Question
[শুদ্ধ উত্তৰ বাছনি] এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?
(১) ইউৰাল পৰ্বতমালা
(২) ককেচাচ পৰ্বত
(৩) কাস্পিয়ান সাগৰ
(৪) ভল্গা নদী
(১) ইউৰাল পৰ্বতমালা
(২) ককেচাচ পৰ্বত
(৩) কাস্পিয়ান সাগৰ
(৪) ভল্গা নদী
Answer
(১) ইউৰাল পৰ্বতমালা।
Question
[শুদ্ধ উত্তৰ বাছনি] ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্ৰিকা
(৪) এছিয়া
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্ৰিকা
(৪) এছিয়া
Answer
(২) দক্ষিণ আমেৰিকা।
Question
[শুদ্ধ উত্তৰ বাছনি] ব্ৰাজিলৰ ৰাজধানী কি?
(১) ৰিও ডি জেনেইৰো
(২) চাও পাওলো
(৩) ব্ৰাচিলিয়া
(৪) লিমা
(১) ৰিও ডি জেনেইৰো
(২) চাও পাওলো
(৩) ব্ৰাচিলিয়া
(৪) লিমা
Answer
(৩) ব্ৰাচিলিয়া।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] এছিয়া মহাদেশৰ মাটিকালি আৰু ইয়াৰ অৱস্থানৰ বৈশিষ্ট্য লিখা।
Answer
এছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ বৃহৎ আৰু জনবহুল মহাদেশ। ইয়াৰ মাটিকালি প্ৰায় ৪৪.৫ নিযুত বর্গ কিলোমিটাৰ আৰু বিশ্বৰ স্থলভাগৰ ৩০ শতাংশ জুড়ি আছে। এই মহাদেশৰ অৱস্থান উত্তৰে ৮১° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ১১° দক্ষিণ অক্ষাংশলৈ, পূবে ২৬° পূব দ্রাঘিমাংশৰ পৰা পশ্চিমে ৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। এছিয়াৰ উত্তৰে আৰ্কটিক মহাসাগৰ, দক্ষিণে ভাৰত মহাসাগৰ, পূবে পৰা প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ইউৰোপ আৰু আফ্রিকা অবস্থিত।
মাটিকালি, এছিয়া মহাদেশৰ বিভিন্ন ভূ-প্ৰকৃতি দেখা যায়—উচ্চ পর্বত, বিস্তৃত সমতল, নদী-হ্রদ আৰু জনবহুল অঞ্চল। ইয়াৰ ভিতৰত হিমালয়, যি পৃথিৱীৰ আটাইতকৈ উচ্চ পর্বতশৃঙ্গ, আৰু বৃহৎ মালভূমিসমূহ অন্তৰ্ভুক্ত।

[অতিৰিক্ত / প্ৰশ্ন বেংক] পৃথিবীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অবস্থিত?
Answer
পৃথিৱীৰ বৃহত্তম মৰুভূমি হৈছে ছাহাৰা, যি উত্তৰ আফ্রিকাত অৱস্থিত।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত। অবস্থিত দুখন দেশৰ নাম লিখা। [HSLC 18]
Answer
ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশ হৈছে ইটালী আৰু গ্ৰীচ।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটোৰ নাম কি?
Answer
উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতশ্রেণীটোৰ নাম "ৰ'কি পাৰ্বত্য অঞ্চল"।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰখনৰ নাম লিখা।
Answer
পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰখনৰ নাম "অৰ্টিক মহাসাগৰ"।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভূমধ্যসাগৰীয় অঞ্চলত অবস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা।
[HSLC '20]
[HSLC '20]
Answer
ভূমধ্যসাগৰীয় অঞ্চলত অবস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম হৈছে "স্পেইন" আৰু "ইটালী"।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] এছিয়া মহাদেশৰ প্রধান ভূ-প্রাকৃতিক বিভাগসমূহ বর্ণনা কৰা।
[HSLC '10]
[HSLC '10]
Answer
এছিয়া মহাদেশৰ প্রধান ভূ-প্রাকৃতিক বিভাগসমূহ হ'ল:
উচ্চভূমি অঞ্চল: এই অঞ্চলত মেঘালয়, হিমালয়, আৰু তিব্বতি মালভূমি আৱৰি আছে।
নদী-নদী আৰু সমভূমি অঞ্চল: ইয়াত গঙ্গা, ব্ৰহ্মপুত্ৰ, ইণ্ডাছ, আৰু এন’ছি নদীসমূহ অন্তৰ্ভুক্ত।
মৰুভূমি: বিশাল অৰ্ধ-মৰুভূমি, যেনে গাৰ্ভাল, তুৰ্কমেনিস্তান আৰু তাজিকিস্তানৰ অঞ্চল।
মালভূমি: সেন্ট্ৰাল এছিয়াৰ বিভিন্ন মালভূমি, যেনে কাজাখিস্তান আৰু উজবেকিস্তানৰ মালভূমি।

[অতিৰিক্ত / প্ৰশ্ন বেংক] এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত। কাৰকবোৰ আলোচনা কৰা। [HSLC '13]
Answer
এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ হৈছে:
ভূগোলিক অৱস্থান: মহাদেশখনৰ বিস্তৃতি আৰু স্থলৰ ৰূপৰেখা, যিয়ে জলবায়ুৰ ভিন্নতা সৃষ্টি কৰে।
উচ্চতা: পৰ্বত আৰু মালভূমিৰ উচ্চতা জলবায়ুৰ পৰিৱর্তন আৰু তাপমানক প্ৰভাৱিত কৰে।
প্ৰবাহিত বাতাস: পশ্চিম আৰু পূব বতাহৰ আন্দোলন, যিয়ে আবহাওয়াক আৰু জলবায়ুৰ পৰিৱর্তনক প্ৰভাৱিত কৰে।
নদী আৰু জলাশয়: জলাশয় আৰু নদীৰ অৱস্থান আৰু আকাৰ জলবায়ুৰ স্বভাৱক প্ৰভাৱিত কৰে।
মানৱ কার্যকলাপ: শিল্প, খেতি, আৰু নগৰায়ণৰ লগতে বায়ুৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পেলায়।
এই কাৰকবোৰৰ সমষ্টিগত প্ৰভাৱই এছিয়া মহাদেশৰ জলবায়ুৰ তাৰতম্যৰ সৃষ্টি কৰে।