Political Science — Chapter 10 (Part 3) — ভাৰতীয় গণতন্ত্ৰ
Question
[অতি চমু উত্তৰ] ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
Answer
শ্ৰমিক দল।
Question
[অতি চমু উত্তৰ] "কেবিনেট মিছন" ভাৰতলৈ কেতিয়া আহিছিল?
Answer
১৯৪৬ চনৰ মাৰ্চ মাহত।
Question
[অতি চমু উত্তৰ] সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
Answer
ডঃ সচিদানন্দ সিন্হা।
Question
[অতি চমু উত্তৰ] খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি?
Answer
ড ̊ বি আৰ আম্বেদকাৰ।
Question
[অতি চমু উত্তৰ] "সমাজবাদী" আৰু "ধৰ্মনিৰপেক্ষ" শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?
Answer
৪২ তম সংশোধনী।
Question
[অতি চমু উত্তৰ] ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
Answer
"Foedus" শব্দৰ পৰা আহিছে।
Question
[অতি চমু উত্তৰ] "যুক্তৰাষ্ট্ৰৰ গৃহভূমি" বুলি কাক বোলা হয়?
Answer
আমেৰিকা যুক্তৰাষ্ট্ৰক।
Question
[অতি চমু উত্তৰ] ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?
Answer
নাই।
Question
[অতি চমু উত্তৰ] ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
Answer
ইংলেণ্ডৰ সংবিধানৰ পৰা।
Question
[চমু উত্তৰ] ব্ৰিটিছ চৰকাৰে "কেবিনেট মিছন"ক কিয় ভাৰতলৈ পঠাইছিল?
Answer
ভাৰতবর্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে কেবিনেট মিছনক ভাৰতবৰ্ষত পঠিওৱা হৈছিল।
Question
[চমু উত্তৰ] ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আই নখন কোনে প্ৰস্তুত কৰিছিল?
Answer
১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন। এই আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল।
Question
[চমু উত্তৰ] প্ৰস্তাৱনাত "আমি ভাৰতীয় জনসাধাৰণে" বুলি কিয় উল্লেখ কৰা হৈছে?
Answer
প্ৰস্তাৱনাত "আমি ভাৰতীয় জনসাধাৰণে" বুলি উল্লেখ কৰিছে কাৰণ সংবিধানখনৰ প্ৰকৃত ৰচক হৈছে ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জণগণৰ বাবেই তৈয়াৰ কৰা হৈছে আৰু ভাৰতীয় জনগণই ইয়াৰ অন্তঃৰ্নিহিত বৃহৎ শক্তি।
Question
[চমু উত্তৰ] "সাৰ্বভৌম" মানে কি?
Answer
সাৰ্বভৌম মানে হৈছে 一
• ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
• এটা নিৰ্দিষ্ট ভূ-খণ্ডত নিজাববীয়া, সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্থা।
• আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা।

[চমু উত্তৰ] কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত 'সমাজবাদী' আৰু 'ধৰ্মনিৰপেক্ষ' শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে?
Answer
১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ৪২ তম সংশোধনী ǀ
Question
[চমু উত্তৰ] ‘অৰ্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে?
Answer
যি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যৰ লগতে এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বোলে।
Question
[চমু উত্তৰ] কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?
Answer
১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।
Question
[দীঘল উত্তৰ] ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা?
Answer
ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল সংবিধানৰ পাতনি। ইয়াত সংবিধানৰ দৰ্শন, আদৰ্শ আৰু লক্ষ্যবোৰ সংক্ষিপ্ত ৰূপত লিপিবদ্ধ হৈ আছে। প্ৰস্তাৱনাটোত উল্লেখিত কথাবোৰ জানিলেহে সংবিধানৰ বিষয়ে জানিব পাৰি। প্ৰস্তাৱনাটোক সংবিধানখনৰ আত্মা বুলিও ক'ব পাৰি।
ইয়াত উল্লেখিত আদৰ্শসমূহ হ'ল স্বাধীনতা, ন্যায় ,সমতা আৰু ভাতৃত্ববোধ।
(ক) স্বাধীনতাঃ- ভাৰতত বাস কৰা প্ৰতিজন নাগৰিকক চিন্তা, মত প্ৰকাশ, ধৰ্ম আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা দিয়া হৈছে।
(খ) ন্যায়়ঃ- সংবিধানে প্ৰতিজন ভাৰতীয় লোকক সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সু-নিশ্চিত কৰিছে। সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে জাতি ধৰ্ম আৰু বৰ্ণৰ ভিত্তিত খতা সামাজিক বৈষম্যবোৰ দূৰ কৰিবলৈ সকলো দৰকাৰী ব্যৱস্থা লোৱা হ'ব। ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত সকলোকে এটা নিৰ্দিষ্ট বয়সৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ ল'বলৈ সুবিধা দিয়াৰ কথা কোৱা হৈছে। অৰ্থনৈতিক ন্যায় প্ৰতিষ্ঠাৰ বাবে সমাজৰ পৰা ধনী-দুখীয়াৰ শ্ৰেণী বিভাজন অঁতৰাবলৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া হৈছে।
(গ) সমতাঃ- আইনৰ চকুত সকলো সমান। পৰম্পৰাগত সামাজিক বৈষম্যবোৰ আতৰ কৰি সকলোকে সমানে সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ যত্নপৰ হোৱা উচিত।
(ঘ) ভাতৃত্ববোধঃ- ভাৰতত বাস কৰা লোকসকলে কোনেও কাকো হেয় জ্ঞান নকৰি পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ ভাৱ ৰখাটো দৰকাৰী।

[দীঘল উত্তৰ] ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।
Answer
উল্লেখিত শব্দকেইটাৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল 一
(ক) সাৰ্বভৌমঃ-
👉 ই ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
👉 এটা নিৰ্দিষ্ট ভূ-খণ্ডত নিজাববীয়া, সকলো অধিকাৰ সমৃদ্ধ হৈ থাকিব পৰা অৱস্থা।
👉 আন বাহিৰা শক্তিৰ অধীন নোহোৱা অৱস্থা।
(খ) সমাজবাদীঃ-
👉 এখন শ্ৰেণীহীন সমাজ ব্যৱস্থা য'ত কোনো ধনী-দুখীয়া নাথাকে।
👉 উৎপাদন ব্যৱস্থা ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব।
👉 সমাজবাদী ব্যৱস্থাত সম্পদৰ সমবিতৰণ হ'ব।
(গ) ধৰ্মনিৰপেক্ষঃ-
👉 কোনো ধৰ্মক চৰকাৰী ধৰ্ম বুলি স্বীকৃতি দিয়া নহয়।
👉 সকলো ধৰ্মকে সমান বুলি ধৰা হয়।
👉 সকলোৱে নিজ ইচ্ছানুযায়ী কোনো ধৰ্ম গ্ৰহণ আৰু প্ৰচাৰ কৰিব পাৰে।
(ঘ) গণতন্ত্ৰঃ-
👉 চৰকাৰ ব্যৱস্থা য'ত এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ জড়িয়তে জনগণই তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচিত কৰে আৰু সেই প্ৰতিনিধিৰে গঠিত চৰকাৰে দেশ পৰিচালনা কৰে।
(ঙ) গণৰাজ্যঃ-
👉 ৰাষ্ট্ৰ প্ৰধানজন বংশানুক্ৰমে শাসনত অধিস্থিত নহয়।
👉 তেওঁক জনগণই পৰোক্ষভাৱে এক নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্বাচিত কৰে।

[দীঘল উত্তৰ] নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা?
Answer
সংবিধান সভাৰ প্ৰথম বৈঠকত ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ তাৰিখে নেহৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ উত্থাপন কৰিছিল। ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে সংবিধান সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰে।
ইয়াৰ মূল প্ৰস্তাৱকেইটা হ'ল 一
1) সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম, গণতান্ত্ৰিক হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ।
2) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূ-খণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্য বিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব ।
3) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব।
4) দেশত বসবাস কৰা অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।
5) দেশৰ স্বাধীনতা, সাৰ্বভৌম আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব।
6) আন্তৰ্জাতিক সু-সম্পৰ্ক, বিশ্ব শান্তি ৰক্ষা আৰু জণগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
7) জনসাধাৰণক সকলো ক্ষমতাৰ অধিকাৰী কৰা হয়। চৰকাৰ আৰু ইয়াৰ বিভিন্ন অংগবোৰে জণগণৰ পৰা ক্ষমতা লাভ কৰিব।
8) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ব শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যদা লাভ কৰিব।
উল্লেখযোগ্য যে, নেহৰুৰ প্ৰস্তাৱৰ আলম লৈ তথা দেশৰ হাজাৰ বছৰীয়া কৃষ্টি সভ্যতা আৰু সংস্কৃতিক গুৰুত্ব দি সংবিধান প্ৰণেতা সকলে সংবিধানৰ আদৰ্শ নিৰূপণ কৰিছিল।

[দীঘল উত্তৰ] ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
Answer
এখন যুক্তৰাষ্ট্ৰত থাকিবলগীয়া বৈশিষ্ট্যসমূহৰ সকলোখিনি বৈশিষ্ট্যৰ উপস্থিতি ভাৰতবৰ্ষৰ ক্ষেত্ৰত দেখা নাযায়। লিখিত সংবিধান, দুই প্ৰকাৰৰ চৰকাৰ, দ্বি-সদনযুক্ত বিধান মণ্ডল, সংবিধানৰ সৰ্বোচ্চতা, সৰ্বোচ্চ ন্যায়ালয় ব্যৱস্থা ইত্যাদি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ভাৰতত দেখা যায়। তথাপি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত কিছু এককেন্দ্ৰিক চৰকাৰৰ বৈশিষ্ট্যও পৰিলক্ষিত হয়। সেয়ে আমাৰ ব্যৱস্থাটোক ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ ব্য়ৱস্থা বুলিব পাৰি।
তাৰোপৰি, ভাৰতৰ সংবিধানৰ ক'তো ‘যুক্তৰাষ্ট্ৰ’ শব্দটো প্ৰয়োগ কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষক ‘ৰাজ্যসমূহৰ অংগ’ বুলি উল্লেখ কৰা হৈছে।
ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। অন্য যুক্তৰাষ্ট্ৰৰ দৰে আমাৰ দেশৰ অংগ ৰাজ্যবোৰৰ আঁতৰি যোৱাৰ অধিকাৰ দিয়া হোৱা নাই।
যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিপৰীতে ভাৰতত এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতি লক্ষ্য কৰা যায়। সাংবিধানিকভাৱে ক্ষমতাৰ বিভাজন কৰা হৈছে যদিও এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক কৰ্তৃত্ব দিয়া হৈছে।

[দীঘল উত্তৰ] ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত ব্য়াখ্যা আগবঢ়োৱা।
Answer
ভাৰতীয় সংসদীয় গণতন্ত্ৰ ব্যৱস্থাই জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ গঠনৰ ব্যৱস্থা কৰিছে। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত ভাৰতত সংসদীয় পদ্ধতিৰ ব্যৱস্থা কৰিছিল। পৰৱৰ্তী সময়ত সংবিধান প্ৰণেতাসকলে সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন অনুসৰণ কৰিছিল। অৱশ্যে, এই ক্ষেত্ৰত ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰক সম্পূৰ্ণৰূপে অনুধাৱন নকৰি ভাৰতৰ ৰাজনৈতিক, সামাজিক প্ৰেক্ষাপটত ইয়াক কিছু নতুন ৰূপত গঢ় দিছিল।
ভাৰতৰ সংসদীয় গণতন্ত্ৰত বৰ্তমান তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয় ㅡ
1) আমাৰ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) সংসদীয় পদ্ধতিৰ চৰকাৰৰ অন্যদেশৰ দৰে বংশানুক্ৰমিক নহয়। বৰঞ্চ তেওঁ পৰোক্ষভাৱে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়।
2) ভাৰতৰ সংসদ বা সদনখন দুটা ভাগত বিভক্ত। এখন উচ্চ সদন (আন এটা নাম ৰাজ্যসভা) আৰু আনখন নিম্নসদন (আন এটা নাম লোকসভা)। উচ্চ সদন অংগ ৰাজ্যবোৰৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু নিম্ন সদন জণগণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত। ভাৰতৰ উচ্চ সদনৰ গঠন আৰু ক্ষমতা, ইংলেণ্ডৰ উচ্চ সদন "হাউচ অৱ লৰ্ডচ"ত কৈ বহু পৃথক।
3) সংসদীয় পদ্ধতিৰ চৰকাৰত সংসদখন যিমান শক্তিশালী হ'ব লাগিছিল ভাৰতৰ সংসদখন সিমান শক্তিশালী নহয়।

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? [HSLC '23]
Answer
ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।
Question
[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা। [HSLC '23]
Answer
ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ:
কেন্দ্রীভূত চৰকাৰ: ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী, যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ একক কেন্দ্ৰিত অৱস্থান থাকে।
স্বতন্ত্রতা: ৰাজ্যসমূহে নিজৰ বিধানসভা থাকে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌমত্বৰ অধীনত থাকে।
ৰাজ্যসমূহৰ সংঘ: ভাৰতক 'ৰাজ্যসমূহৰ সংঘ' হিচাপে বিবেচনা কৰা হৈছে, য'ত ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰৰ অধীনত একতাবদ্ধ হয়।
কেন্দ্ৰ-রাজ্য সম্পৰ্ক: কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতাৰ ভিত্তিত এক সম্পৰ্ক থাকে, যদিও কেতিয়াবা সংঘাতো দেখা যায়।
একক সংবিধান: ভাৰতৰ সকলো ৰাজ্যৰ বাবে এটা একক সংবিধান আছে, যাৰ অধীনত সমগ্ৰ দেশ চলিব লাগে।
দ্বৈত নাগৰিকত্বৰ অভাৱ: ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই; এজন নাগৰিক কেবল ভাৰতৰ নাগৰিক।
এই বৈশিষ্ট্যসমূহ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক পৰিচিত কৰে।

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ ব্যাখ্যা কৰা। [HSLC '22]
Answer
ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কিছুমান গুৰুত্বপূর্ণ শব্দৰ মাধ্যমে প্ৰকাশ পাইছে। এই শব্দসমূহ হৈছে:
সার্বভৌম: ৰাজ্যৰ স্বাধিকাৰ আৰু স্বাধীনতা প্ৰতিফলিত কৰে।
সমাজবাদী: সমাজৰ সকলো স্তৰৰ লোকৰ বাবে ন্যায় আৰু সমতাৰ উদ্দেশ্য প্ৰস্তুত কৰে।
ধৰ্মনিৰপেক্ষ: সকলো ধৰ্মৰ প্ৰতি সমান ব্যৱহাৰ আৰু ধৰ্মীয় স্বাধীনতা নিশ্চিত কৰে।
গণতান্ত্রিক: জনগণৰ ইচ্ছা আৰু সৰ্বজনীন ভোটাধিকাৰক প্ৰাধান্য দিয়ে।
গণৰাজ্য: জনগণৰ বাবে ৰাজ্য তথা শাসন ব্যৱস্থা গঠনৰ প্ৰতিবদ্ধতা প্ৰকাশ কৰে।
এই সকলো শব্দৰ যোগে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাই দেশৰ আদৰ্শ আৰু লক্ষ্য সমূহৰ সুস্পষ্ট ছবি অংকন কৰে।

[অতিৰিক্ত / প্ৰশ্ন বেংক] আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি? বাখ্যা কৰা।[HSLC'20]
Answer
ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এক প্ৰকৃত যুক্তৰাষ্ট্ৰ নহয়। কিছু বৈশিষ্ট্যৰ বাবে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা "ব্যতিক্ৰমধর্মী যুক্তৰাষ্ট্ৰ" (Peculiar federation) হিচাপে পৰিগণিত হৈছে।
১. কেন্দ্রীভূত ক্ষমতা: ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী, আৰু শক্তি অধিকাংশ ক্ষেত্রতেই কেন্দ্ৰত কেন্দ্ৰীভূত হৈ থাকে।
২. সুকীয়া সংবিধানৰ অভাৱ: ভাৰতৰ অংগৰাজ্যসমূহৰ নিজ নিজ সুকীয়া সংবিধান নাই।
৩. দ্বৈত নাগৰিকত্ব: ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই; এজন নাগৰিক একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক।
৪. ৰাজ্যপালৰ ভূমিকা: ৰাজ্যপালসকল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে, যাৰ ফলত ৰাজ্যসমূহৰ স্বতন্ত্রতা সীমিত হয়।
এই সকলো কাৰণৰ বাবে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰা ভিন্ন।

[অতিৰিক্ত / প্ৰশ্ন বেংক] ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা। [HSLC'19]
Answer
ইংলেণ্ডৰ সংসদীয় গণতন্ত্রৰ মাজত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ মূল পাৰ্থক্য কেইটা হ'ল:
১. গণৰাজ্য আৰু ৰাষ্ট্ৰপ্ৰধান: ভাৰতৰ সংসদীয় গণতন্ত্র হৈছে এক গণৰাজ্য, য'ত ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত হয়। কিন্তু ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান (ৰজা বা ৰাণী) পুৰাণুক্ৰমে হয়।
২. উচ্চ সদনৰ গঠন: ভাৰতৰ উচ্চ সদন (ৰাজ্যসভা)ৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন (হাউছ অব লর্ডছ)তকৈ অনেক পৃথক।
৩. সংসদৰ শক্তি: ইংলেণ্ডৰ সংসদ অধিক শক্তিশালী, কিন্তু ভাৰতৰ সংসদ ইমান শক্তিশালী নহয়।
এই বিষয়বোৰৰ বাবে ভাৰতৰ সংসদীয় গণতন্ত্র ইংলেণ্ডৰ তুলনাত কিছু ব্যতিক্ৰমধর্মী।

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা। [HSLC '18]
Answer
ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছে:
১. কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ: ভাৰতৰ ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ আছে।
২. মৰ্যাদা: ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক স্বীকৃতি দিয়াৰ লগতে নিজৰ স্বতন্ত্রতা অক্ষুণ্ণ ৰাখে।
৩. একক সংবিধান: ভাৰতত এখন কেন্দ্ৰীয় সংবিধান আছে, যি সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য।
৪. অংশগ্ৰহণ: কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ লগত সহযোগিতাৰ ভিত্তিত কাম কৰে, যাক 'সহযোগিতামূলক যুক্তৰাষ্ট্ৰ' বুলি অভিহিত কৰা হয়।
৫. এতিয়াৰ আধাৰ: ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যবস্থা সম্পূর্ণ নতুন নহয়; ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে কিছু পৰিমাণে এই ব্যবস্থা প্ৰৱৰ্তন কৰিছিল।
৬. অর্ধ-যুক্তৰাষ্ট্ৰ: ভাৰতৰ যুক্তৰাষ্ট্ৰক 'অর্ধ-যুক্তৰাষ্ট্ৰ' বুলি অভিহিত কৰা হয়, কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰৰ শক্তি অধিক কেন্দ্ৰিত।
এই বৈশিষ্ট্যসমূহৰ দ্বাৰা ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এক বিশিষ্ট চৰিত্র প্রকাশ পায়।

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।[HSLC '17]
Answer
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।