Loading
Book contents

Geography — Chapter 9 (Part 2) — অসমৰ ভূগোল

Activity 1 · Question and answer

Question

[অনুশীলনী] অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

Answer

অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিঃ মিঃ। অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ আগুৰি আছে।

জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩,১২,০৫,৫৭৬ জন। ইয়াৰ ভিতৰত ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা।

২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃ ৩৯৮ জন।
Activity 2 · Question and answer

Question

[অনুশীলনী] অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ লিখা।

Answer

১৯৯১ চনৰ লোকপিয়ল মতে অসমৰ শিক্ষিতৰ হাৰ আছিল ৫২.৮৯ %, ২০০১ চনত সেইয়া ৬৩.২৫ % আৰু ২০১১ চনৰ লোকপিয়লত ৭২.১৯% হয়গৈ। অৰ্থাৎ, প্ৰতিটো দশকত অসমত ক্ৰমান্বয়ে শিক্ষিতৰ হাৰ বৃদ্ধি পায় অহা দেখা গৈছে। ১৯৯১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ আছিল ৬১.৯০% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪৩.০০%। ২০০১ চনৰ লোকপিয়লত পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭১.২৮% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৫৪.৬১%। ২০১১ চনৰ লোকপিয়ল মতে পুৰুষৰ সাক্ষৰতাৰ হাৰ হয় ৭৭.৮৫% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হয়গৈ ৬৬.২৭%।
Activity 3 · Question and answer

Question

[অনুশীলনী] ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?

Answer

প্ৰথম শ্ৰেণীৰ চহৰ হৈছে সাতখন। সেই কেইখন হৈছে ক্ৰমে - গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তিনিচুকীয়া আৰু তেজপুৰ।

দ্বিতীয় শ্ৰেণীৰ চহৰ হৈছে ছয়খন। সেই কেইখন হৈছে ক্ৰমে - ধুবুৰী, ডিফু, উত্তৰ লখিমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ আৰু গোৱালপাৰা।
Activity 4 · Question and answer

Question

[অনুশীলনী] ১৯০১ চনৰ পৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধি ৰ বিষয়ে আলোচনা কৰা।

Answer

জনসংখ্যা সদায় একে নাথাকে। জন্মহাৰ, মৃত্যুহাৰ আৰু প্ৰব্ৰজনৰ বাবে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়। তথ্য অনুসৰি ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ আৰু এই জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩৮ শতাংশ। ১৯৪১ চনত এই জনসংখ্যা বাঢ়ি ৬,৬৯৪,৭৯০ জন হয়গৈ। এই চাৰিটা দশকত অসমৰ জনসংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পায়। এই সময়ছোৱাত ভাৰতৰ মুঠ জনসংখ্যাৰ ২.১০ শতাংশ লোকে অসমত বাস কৰিছিল।

জনসংখ্যাৰ দশকীয় বৃদ্ধি লক্ষ্য কৰিলে দেখা যায় যে ১৯০১-১১ দশকত অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ১৬.৯৯ শতাংশ। কিন্তু ইয়াৰ পিছৰ দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হয় ২০.৪৮ শতাংশ। পৰৱৰ্তী তিনিটা দশকত জনসংখ্যা বৃদ্ধি প্ৰায় একে আছিল। যেনে - ১৯২১-৩১ দশকত ১৯.৯৩ শতাংশ, ১৯৩১-৪১ দশকত ২০.৪০ শতাংশ আৰু ১৯৮১-৯১ দশকত ১৯.৯৩ শতাংশ হয়গৈ।

স্বাধীনোত্তৰ কালত ভাৰতৰ জনসংখ্যা দ্ৰুত গতিৰে বৃদ্ধি পায়। ১৯৫১-৬১ আৰু ১৯৬১-৭১ দশকত জনসংখ্যা ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাংশলৈ বৃদ্ধি পায়। অৱশ্যে পৰৱৰ্তী দশক কেইটাত জনসংখ্যা বৃদ্ধি ক্ৰমাৎ কমি আহিছে। ১৯৭১-৮১, ১৯৮১-৯১, ১৯৯১-২০০১, ২০০১-২০১১ দশককেইটাত জনসংখ্যা বৃদ্ধি আগতকৈ কম। ৰাজ্যখনত লাহে লাহে হ্ৰাস পোৱা জন্মহাৰ, লগতে জনসাধাৰণ আৰু চৰকাৰৰ সজাগতাৰ ফলত বাংলাদেশৰ পৰা হোৱা জনপ্ৰব্ৰজন ৰোধ কৰাত কিছু পৰিমাণে সফল হোৱা যেন লাগে।
Activity 5 · Question and answer

Question

[অনুশীলনী] ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা।

Answer

ৰাজ্যখনৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে সমান নহয়। সেয়েহে অঞ্চলভেদে জনসংখ্যাৰ ঘনত্বও বেলেগ বেলেগ। সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়ত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা। ইয়াৰ বিপৰীতে অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়।

ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫শতাংশ লোকে বাস কৰে। উপত্যকাটোৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়ত ব্যৱস্থাৰ বাবে জনবসতি ঘন।

আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকাৰ্য আৰু যাতায়তৰ বাবে সুচল বাবে তাত জনবসতি বেছি ǀ ২০১১ বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কি মি ৫৪৫ জন আৰু অসমৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই অঞ্চলটোত বাস কৰে ǀ

ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমাহাছাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ বাবে জনবসতি পাতল। অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকে বাস কৰে।
Activity 6 · Question and answer

Question

[অনুশীলনী] অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা।

Answer

ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লোক বাস কৰে। উপত্যকাটোৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য আৰু যাতায়ত ব্যৱস্থাৰ বাবে জনবসতি ঘন। ইয়াত ২০০১ চনত প্ৰতি বৰ্গকিলোমিটাৰত জনসংখ্যাৰ ঘনত্ব আছিল ১২২০ জন আৰু ২০১১ চনত ১৫০২ জনলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ ২১ শতাংশ লোকে বাস কৰে। ২০১১ চনৰ তথ্য মতে এই অংশত জনসংখ্যাৰ ঘনত্ব ৩৭১ জন। মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অংশত উপত্যকাটোৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশ লোক বাস কৰে। এই অংশত জনসংখ্যাৰ ঘনত্ব ৫০০ জন (২০১১ চনৰ তথ্য মতে)। নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় ৩৬ শতাংশ লোকে বাস কৰে। ইয়াত জনসংখ্যাৰ ঘনত্ব তুলনামূলকভাৱে বেছি অৰ্থাৎ, প্ৰতি বৰ্গ কিঃমিঃৰত প্ৰায় ৬৩১ জন।

আনহাতে বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকাৰ্য আৰু যাতায়তৰ বাবে সুচল বাবে তাত জনবসতি বেছি। ২০১১ বৰ্ষৰ তথ্য মতে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিঃমিঃৰত ৫৪৫ জন আৰু অসমৰ মুঠ জনসংখ্যাৰ ১১ শতাংশ লোক এই অঞ্চলটোত বাস কৰে।

ইয়াৰ বিপৰীতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমাহাছাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূ-প্ৰাকৃতিক অৱস্থাৰ বাবে জনবসতি পাতল। অঞ্চলটোত অসমৰ মুঠ জনসংখ্যাৰ ৩.৭৫ শতাংশ লোকে বাস কৰে। ২০১১ চনৰ তথ্যৰ মতে পাৰ্বত্য অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিঃমিঃৰত ৬৮ জন।

২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা সম্পৰ্কত আন কিছুমান তথ্য উল্লেখ কৰিব পাৰি। আটাইতকৈ বেছি জনসংখ্যাৰ জিলা হৈছে নগাওঁ জিলা (২,৫২২,৩২৪ জন) আৰু আটাইতকৈ কম জনসংখ্যাৰ জিলা হৈছে ডিমাহাছাও জিলা (১,৮৮,০৭৯ জন)। তথ্যমতে কামৰূপ মহানগৰীতে অসমৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব পোৱা যায় (প্ৰতি বৰ্গ কিলোমিটাৰত ২০১০ জন)।
Activity 7 · Question and answer

Question

[অনুশীলনী] ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

Answer

আটাইতকৈ বেছি জনসংখ্যা থকা জিলা - নগাঁও।

আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলা - কামৰূপ মেট্ৰ’।

আটাইতকৈ কম জনসংখ্যা থকা জিলা - ডিমাহাছাও।

আটাইতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা জিলা - ডিমাহাছাও।
Activity 8 · Question and answer

Question

[অনুশীলনী] অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা।

Answer

অসমত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ দুটা। ইয়াৰে এটা হৈছে - জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে বাহিৰৰ পৰা ৰাজ্যখনলৈ অধিক মাত্ৰাত হোৱা প্ৰব্ৰজন।

(ক) জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিঃ- জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি সাধাৰণতে জন্মহাৰ আৰু মৃত্যুহাৰৰ ওপৰত নিৰ্ভৰশীল। মৃত্যু হাৰতকৈ জন্মহাৰ অধিক হ'লে জনসংখ্যা বৃদ্ধি হয়। আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ ফলত মৃত্যুহাৰ হ্ৰাস পাই আহিছে। অসমৰ ক্ষেত্ৰত দেখা যায় সৰ্বভাৰতীয় জনসংখ্যাৰ গড় জন্মহাৰ আৰু মৃত্যুহাৰৰ লগত অসমৰ গড় জন্মহাৰ আৰু মৃত্যুহাৰ প্ৰায় একে।

(খ) প্ৰব্ৰজনঃ- অসমৰ জনসংখ্য়া বৃদ্ধিৰ প্ৰধান কাৰণ হ'ল জনপ্ৰব্ৰজন। জনপ্ৰব্ৰজনৰ ফলত অসমত ব্ৰিটিছে অসমৰ শাসনভাৰ লোৱাৰে পৰা কম বেছি পৰিমাণে অসমলৈ জনপ্ৰব্ৰজন হৈ আহিছে। কিন্তু যোৱা শতিকাৰ আৰম্ভণিৰে পৰা অধিক সক্ৰিয় ৰূপত ৰাজ্য়খনলৈ বাহিৰৰ পৰা মানুহৰ আগমন ঘটিছে। ১৯৪৭ চনৰ দেশ বিভাজনৰ পিছত বহু সংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূৱ পাকিস্তানৰ পৰা অসমলৈ প্ৰব্ৰজন কৰে। ভাৰতৰ স্বাধীনতা পৰৱৰ্তী কালছোৱাত (১৯৫০-২০০১) অসমৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে। এই সময়ছোৱাত দেশৰ জনসংখ্যা ১৮৫ শতাংশ বৃদ্ধি হোৱাৰ পৰিৱৰ্তে অসমৰ জনসংখ্যা ২৩২ শতাংশ বৃদ্ধি পায়। জনসংখ্যাৰ এই অস্বাভাৱিক বৃদ্ধিৰ মূল কাৰণ আছিল বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হোৱা অনুপ্ৰৱেশ।
Activity 9 · Question and answer

Question

[অনুশীলনী] অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্ৰমে উল্লেখ কৰা।

Answer

ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসম ৰাজ্যখনৰ বিশেষ ভৌগোলিক অৱস্থানৰ বাবে ইয়াৰ উত্তৰ, পূৱ, দক্ষিণ আৰু পশ্চিম দিশৰ পৰা নানা জনগোষ্ঠী আৰু ভাষা-ভাষী লোকৰ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে এই ৰাজ্যখনলৈ আগমন ঘটি আছে। অসমৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, প্ৰাচুৰ্য্য়ৰে ভৰা জলসম্পদ, নদী উপত্যকাৰ সাৰুৱা মাটি, প্ৰচুৰ বৰষুণ আৰু নানা প্ৰজাতিৰ জীৱ-জন্তু আৰু উদ্ভিদৰ উপস্থিতিয়ে প্ৰব্ৰজনকাৰী সকলক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। সেয়েহে বিভিন্ন সময়ত অসমলৈ অনেক জনগোষ্ঠীৰ লোকৰ আগমন ঘটিছিল।

সমাজবিজ্ঞানীসকলৰ মতে অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল। এওঁলোক দক্ষিণ-পূৱ এছিয়াৰ পৰা আহিছিল। মেঘালয়ৰ খাচীয়া আৰু জয়ন্তীয়াসকল এই জনগোষ্ঠীৰ লোক।

অসমলৈ অহা দ্বিতীয়টো জনস্ৰোত আছিল তিব্বতীয় বৰ্মণ ভাষা কোৱা মংগোলীয়সকল। এওঁলোক মধ্য এছিয়াৰ পৰা হিমালয় পৰ্বত অতিক্ৰম কৰি অসমলৈ আহিছিল আৰু অসমৰ পৰ্বত ভৈয়ামত বসবাস কৰিবলৈ লয়। ভৈয়ামত বাস কৰা জনজাতি বড়ো, মিছিং, তিৱা, দেউৰী, সোণোৱাল, কছাৰী আৰু পাহাৰ অঞ্চলত বাস কৰা কাৰ্বি, ডিমাছা, কুকি, গাৰো, মাৰ, হাজং, ৰেঙমা, জেমি, নগা আদি এই জনজাতিৰ লোক।

মংগোলীয় জনগোষ্ঠীৰ লোকসকল অহাৰ পিছত আৰ্য মূলৰ ভাষা কোৱা লোকসকল গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। এওঁলোক আছিল মূলতঃ ককেছীয় জনগোষ্ঠীৰ লোক। ব্ৰাহ্মণ, কায়স্থ, কলিতা, নাথ, যোগী, কৈৱৰ্ত্ত আদি জাতিৰ লোকসকল এই বংশৰ।

১৩ শতিকাৰ আৰম্ভণিতে সিন্ধু-আৰ্যমূলৰ ইছলাম ধৰ্মালম্বী এদল লোক (সৈন্য) কুটুবুদ্দিনৰ সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত অসমত প্ৰৱেশ কৰিছিল। পিছলৈ এই ইছলাম ধৰ্মী লোকসকলে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত মুছলমান সম্প্ৰদায়ৰ সমাজ আৰু সংস্কৃতি গঢ়ি তোলে।

আহোমসকল মূলতঃ মংগোলীয় জনগোষ্ঠীৰ লোক। এওঁলোক চীন দেশৰ পৰা আহি ম্যানমাৰত সোমায় আৰু তাৰ পিছত ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত পাটকাই পাৰ হৈ অসমলৈ আহি উজনি অসমত আহোম ৰাজ্য স্থাপন কৰে।

কোচ ৰাজবংশীয় লোকসকল অসমৰ এটা উল্লেখযোগ্য জনগোষ্ঠী। কোচ ৰজা বিশ্বসিংহৰ নেতৃত্বত কোঁচসকলে অসমৰ পশ্চিম প্ৰান্তত ৰাজ্য স্থাপন কৰি পিছত নামনি অসমৰ বৰনদীলৈকে সাম্ৰাজ্য বিস্তাৰ কৰে।

ব্ৰিটিছসকলে অসমৰ শাসনভাৰ লোৱাৰ পিছত তেওঁলোকৰ প্ৰশাসনীয়, অৰ্থনৈতিক আৰু বাণিজ্যিক কাম-কাজ চলাবৰ বাবে সেই সময়ত বেংগল, বিহাৰ, উত্তৰ-প্ৰদেশ, ৰাজস্থান আদিৰ পৰা দক্ষলোকক অনা হৈছিল। নেপালৰ পৰা নেপালী সম্প্ৰদায়ৰ লোকক বিশেষকৈ সৈন্য-বাহিনীত নিয়োগ কৰিবলৈ অনা হৈছিল। চাহ খেতিৰ লগত জড়িত কাম-কাজ চলাবলৈ মধ্য ভাৰতৰ ছোটনাগপুৰ মালভূমি অঞ্চলৰ পৰা জনজাতি লোকসকলক চাহ বনুৱা হিচাপে অসমলৈ অনা হৈছিল।
Activity 10 · Question and answer

Question

[অনুশীলনী] অসমৰ আহোমসকলৰ জনগোষ্টীয় পৰিচয় দাঙি ধৰা।

Answer

আহোমসকল মূলতঃ মঙ্গোলীয় জনগোষ্ঠীৰ লোক। তেওঁলোক চীনদেশৰ পৰা আহি ম্যানমাৰত সোমায়। ১২২৮ খ্ৰীষ্টাব্দত চ্যু-কা-ফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে আৰু উজনি অসমত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত এওঁলোকে প্ৰায় গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ শাসনলৈ আনে। আহোমসকলে অসমত প্ৰায় ছশ বছৰকাল ৰাজত্ব কৰি অসমৰ সমাজ-সংস্কৃতিলৈ বলিষ্ঠ অৱদান আগবঢ়াই গৈছে। সম্প্ৰতি আহোমসকল উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ উপৰিও মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শোণিতপুৰ জিলাত প্ৰধানকৈ বাস কৰি আছে।
Activity 11 · Question and answer

Question

[অনুশীলনী] পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কি দৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা।

Answer

অসমত পৰিবহণ ব্যৱস্থই ভালেখিনি সুবিধা কৰি দিছে। অসমৰ পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ আৰু বিমান পৰিবহণ ব্যৱস্থাই চুকে-কোণে থকা ঠাইবোৰৰ মাজত সংযোগ ঘটাই ৰাজ্যখনৰ আভ্যন্তৰীণ অৰ্থনীতি বৃদ্ধিত অৰিহণা যোগাইছে। পৰিবহণ ব্যৱস্থাই গাওঁ বিলাকক চহৰৰ সৈতে আৰু ভিতৰুৱা কিছুমান অনুন্নত অঞ্চলক উন্নত অঞ্চলবোৰৰ সৈতে সংযোগ স্থাপন কৰাৰ উপৰিও উৎপাদন বৃদ্ধি, বজাৰ সম্প্ৰসাৰণ আৰু অৰ্থনৈতিক উন্নতিৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আগবাঢ়িছে।
Activity 12 · Question and answer

Question

[অনুশীলনী] অসমৰ জল পৰিবহনৰ বিষয়ে এটি চমু টোকা লিখা।

Answer

অসমৰ জল পৰিবহন ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহন ব্যৱস্থা। ভাৰতৰ মুঠ জলসম্পদৰ ৩২ শতাংশৰ অধিকাৰী অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহে মিলি এক বিস্তৃত জলপথৰ সৃষ্টি কৰিছে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ৮৯১ কিঃমিঃ আৰু বৰাকৰ ১২১ কিঃমিঃ নাব্য জলপথ আছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো ১৯৮৮ চনত ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথৰূপে ঘোষণা কৰা হৈছিল। আনহাতে, বৰাক নদীৰ ওপৰত থকা জলপথটো ২০১৩ চনত ভাৰত চৰকাৰে ষষ্ঠ ৰাষ্ট্ৰীয় জলপথৰূপে স্বীকৃতি দিছে। এই দুটা জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচত মালবস্তু পৰিবহণ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাইছে।

অসমত জলপৰিবহন ব্যৱস্থাৰ উন্নতিৰ অৰ্থে দুটা চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে। তাৰে এটা হৈছে - কেন্দ্ৰীয় আভ্যন্তৰীণ জল পৰিবহণ নিগম আৰু আনটো হৈছে - আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। পাণ্ডু, ধুবুৰী আদিকে ধৰি ব্ৰহ্মপুত্ৰ সৰু-ডাঙৰ কেইবাটাও নদী বন্দৰ অসমত আছে। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈবিলাকত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬ খন ফেৰী চলি আছে। যাত্ৰী আৰু মালবস্তু কঢ়িয়াবলৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰত ৩০ যোৰতকৈও বেছি ফেৰীঘাট আছে। ইয়াৰ উপৰিও ৰাজ্যখনৰ সুচল পথ পৰিবহণ ব্যৱস্থা নথকা ভিতৰুৱা অঞ্চল বিলাকক সামৰি যাত্ৰী আৰু বয়-বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে। তাৰোপৰি ব্যক্তিগত মালিকানাধীন ভালেমান ফেৰী সেৱা আৰু ভুটভুটী সেৱা অসংগঠিত খণ্ডত চলি আছে।
Activity 13 · Question and answer

Question

[অনুশীলনী] অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা।

Answer

অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ হৈছে 一

1) পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, প্লাৱনভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন ভূ-প্ৰকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অসুবিধা হয়।

2) বাটপথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তাৰোপৰি বাৰিষা কালত হোৱা প্ৰচুৰ বৰষুণৰ বাবে বাট পথ সহজে নষ্ট হয়। আকৌ বাট পথ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক কৌশল আৰু প্ৰযুক্তি ব্যৱহাৰ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট পথৰ অৱস্থা শোচনীয় হয়।

3) অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে যদিও ইয়াৰ উন্নয়নৰ বাবে এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিলে ৰাজ্যখনৰ পৰিবহন ব্যৱস্থাটোৱেও উন্নতি লাভ কৰিব।

4) সময়ে সময়ে উদ্ভৱ হোৱা গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সমস্যাৰ লগতে উগ্ৰপন্থীৰ সমস্যাৰ ফলত সৃষ্টি হোৱা সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ বাবে ৰাজ্যখনত দেশী- বিদেশী বিনিয়োগ হ্ৰাস পাইছে। ইয়াৰ ফলত বেপাৰ-বাণিজ্যৰ সম্প্ৰসাৰণ সীমিত হৈছে আৰু পৰিবহন ব্যৱস্থা বাধাগ্ৰস্ত হৈছে।

5) ৰাজ্যখনৰ পিছপৰা পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে চৰকাৰ গ্ৰহণ কৰা আঁচনিসমূহ নিৰ্ধাৰিত সময়ত আৰু সঠিক ৰূপত কাৰ্যকৰী নকৰাৰ বাবে পৰিবহন ব্যৱস্থাৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠা নাই।
Activity 14 · Question and answer

Question

[অনুশীলনী] সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি?

Answer

মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। বেছিভাগ সম্পদ প্ৰকৃতিতে উপলব্ধ আৰু মানুহেও সম্পদৰ সৃষ্টি কৰে।

অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে - ভূমি সম্পদ, বনজ সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ।
Activity 15 · Question and answer

Question

[অনুশীলনী] অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।

Answer

অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে - ডিগবৈ, নাহৰকটীয়া, মৰাণ, হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা আৰু আমগুৰি।
Activity 16 · Question and answer

Question

[অনুশীলনী] অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

Answer

অসমখন জলসম্পদত চহকী ৰাজ্য। অসমত পৰ্যাপ্ত পৰিমাণে পৃষ্ঠ-জল আৰু ভূ-তল জল আছে। প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা নদ-নদীৰ জলপ্ৰৱাহ, খাল, পিতনি, জলাহ, আৰ্দ্ৰভূমি আদি জলৰাশিয়ে অসমৰ পৃষ্ঠ-জল সম্পদ সমৃদ্ধ কৰি ৰাখিছে। ৰাজ্যখনৰ দুখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰি ৰাখিছে। ৰাজ্যখনত অলেখ সৰু-বৰ পিতনি আৰু জলাহৰ ওপৰিও প্ৰায় তিনি হাজাৰৰো অধিক আৰ্দ্ৰভূমি আছে। এইবোৰত নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠ-জল সাধাৰণতে বোৱতী নদ-নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত, উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ হৈ আছে। আনহাতে, সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূমিপৃষ্ঠৰ পৰা ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জল স্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰিও ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
Activity 17 · Question and answer

Question

[অনুশীলনী] অসমৰ প্ৰাকৃতিক সম্পদসমহূৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?

Answer

অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) জনসংখ্যা বৃদ্ধিঃ- অবাধ হাৰত বৃদ্ধি পোৱা জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলাইছে। ন ন অঞ্চলত মানুহৰ বসতি হোৱাৰ ফলত অৰণ্য, কৃষিভূমি আদিবোৰ সংকুচিত হৈ আহিছে। বহুতো জীৱ-জন্তু বিলুপ্তি পাইছে।

(খ) সম্পদ অপব্যৱহাৰঃ- প্ৰাকৃতিক সম্পদসমূহ প্ৰকৃতিৰ মুক্ত দান বুলিও কোৱা হয়। কিন্তু এই পৰ্যন্ত মানুহে ইয়াৰ সদব্যৱহাৰ কৰিবলৈ শিকা নাই। সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মানুহৰ অদূৰদৰ্শী মনোভাৱহে দেখা যায়।

(গ) বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱঃ- সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত উপযুক্ত নীতি আঁচনি প্ৰস্তুত কৰি তাক বাস্তৱায়িত কৰিবলৈ ব্যক্তিগত, সামাজিক বা চৰকাৰী পৰ্যায়ত তৎপৰতা দেখিবলৈ পোৱা নাযায়। বহু সময়ত চৰকাৰীভাৱে কোনো পদক্ষেপ ল'লেও জনসাধাৰণৰ মাজত সচেতনতাৰ অভাৱে সেইবোৰ অৰ্থহীন কৰে।

(ঘ) পৰিৱেশ প্ৰদূষণঃ- মানুহৰ অবিবেচক কাম-কাজবোৰৰ ফলত পৰিৱেশ প্ৰদূষণ দ্ৰুত গতিত বৃদ্ধি পাইছে। নিৰ্বনানীকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ আদি প্ৰক্ৰিয়া অব্যাহত থকাৰ ফলত সম্পদৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। বায়ু, মাটি আৰু পানী প্ৰদূষণে আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
Activity 18 · Question and answer

Question

[অনুশীলনী] বৰ্ধিত জনসংখ্যাই প্ৰকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?

Answer

প্রাকৃতিক সম্পদত চহকী অসম ৰাজ্যখনৰ প্রাকৃতিক সম্পদৰাজী বর্তমান সুৰক্ষিত অৱস্থাত নাই। দিনে দিনে প্রাকৃতিক সম্পদবোৰ ক্ষয় হ'বলৈ ধৰিছে। বর্তমান সময়ত প্রাকৃতিক কাৰকবোৰতকৈ মানৱ জনিত কাৰকবোৰ বেছি প্রভাৱশালী ৰূপত সক্রিয় হৈ পৰিছে। যোৱা কেইটামান দশকত অসমৰ জনসংখ্যা দ্ৰুতগতিৰে বৃদ্ধি পাইছে। ফলস্বৰূপে, প্ৰাকৃতিক পৰিৱেশৰ ওপৰত জনসংখ্য়াৰ হেঁচা বাঢ়ি গৈছে। জনসংখ্যা বৃদ্ধিৰ ফলত বিশেষকৈ জনবসতিৰ প্ৰসাৰ ঘটিছে আৰু খাদ্য-শস্যৰ উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে। কোনো ঠাইত হাবি-জংঘল পৰিষ্কাৰ কৰি আকৌ কোনো ঠাইত জলাশয় আদি পুতি মানুহে বসতি কৰিবলৈ লৈছে। তদুপৰি সাৰুৱা, পলসুৱা কৃষিভূমি বসতিৰ বাবে ব্যৱহাৰ কৰা হৈছে। এইদৰে জনবসতি সম্প্ৰসাৰণৰ ফলত বনাঞ্চল, জলাশয়, আৰ্দ্ৰভূমি, কৃষিভূমি আদি মূল্যৱান সম্পদবোৰ ক্ৰমে হ্ৰাস পায় আহিছে। জনসংখ্যাৰ হেঁচাত ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন হৈছে আৰু অনুচিতভাৱে ভূমিৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত ভূমি ক্ষয়, ভূমিৰ উৰ্বৰতা হ্ৰাস, মৃত্তিকা প্ৰদূষণ আদি সমস্যাৰ সৃষ্টি হৈছে।

বৰ্ধিত জনসংখ্যাৰ বাবে অধিক খাদ্য শস্য উৎপাদনত গুৰুত্ব দিবলগীয়া হোৱাত কৃষিভূমিৰ প্ৰয়োজন হৈছে। কিন্তু জনবসতিৰ বাবেও কৃষিভূমিৰ প্ৰয়োজন হোৱাত ৰাজ্যখনত কৃষিভূমি হ্ৰাস হ'বলৈ ধৰিছে। সেয়েহে মানুহে অৰণ্য আৰু আৰ্দ্ৰভূমি কৃষিভূমিলৈ পৰিৱৰ্তন কৰি কৃষিকাৰ্যৰ সম্প্ৰসাৰণ ঘটাইছে। আকৌ অধিক শস্য উৎপাদনৰ উদ্দেশ্যে কৃষিভূমিত অত্যাধিক ৰাসায়নিক সাৰ প্রয়োগ কৰাৰ ফলতো কৃষিভূমিৰ প্রাকৃতিক গুণাগুণ নষ্ট হৈছে।

মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বন সম্পদো আক্ৰান্ত হৈছে। মানুহৰ ব্যক্তিগত ব্যৱহাৰ, উদ্যোগ কল-কাৰখানা আৰু বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য আদি প্ৰয়োজনীয় কাৰ্যৰ বাবে মানুহে অবাধ হাৰত বনজসম্পদ ধ্বংস কৰিবলৈ ধৰিছে। সময়মতে যদি ইয়াক ৰোধ কৰিব পৰা নাযায় তেন্তে আজিৰ এই অসমৰ বনজ সম্পদ ধ্বংস হৈ শেষ যাব পাৰে।

সেইদৰে ৰাজ্যখনৰ বিশেষকৈ পৰিবহণ, উদ্যোগ আৰু শক্তি খণ্ডৰ উন্নয়নৰ অৰ্থে খনিজ সম্পদবোৰৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু নিশ্চিতভাৱে এদিন এই অনৱীকৰণযোগ্য সম্পদৰাজীৰ ভাণ্ডাৰ উদং হৈ পৰিব।

বৰ্তমান সময়ত মানুহৰ অৰ্থনৈতিক কাম-কাজৰ পৰিসৰ বৃদ্ধি পাইছে। অসমত নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্ৰক্ৰিয়া ক্ৰমশঃ অগ্ৰসৰ হৈছে আৰু ফলত প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত ইয়াৰ প্ৰত্যেক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰিছে। উপযুক্ত পৰিকল্পনা অবিহনে নগৰীকৰণ আৰু ঔদ্যোগীকৰণ প্ৰক্ৰিয়া অব্যাহত থাকিলে ৰাজ্যখনৰ বায়ু,পানী, মাটি সকলো প্ৰদূষিত হ'ব।
Activity 19 · Question and answer

Question

[অনুশীলনী] অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা (সমস্যা) নে সম্পদ ? আলোচনা কৰা।

Answer

বৰ্ধিত জনসংখ্যাৰ সমস্যাই ৰাজ্যখনত বহুতো সমস্যাৰ সৃষ্টি কৰিছে। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা ৬১ নিযুত। ইয়াৰে ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৭৩ শতাংশ লোক শিক্ষিত। ইয়াৰ ভিতৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৭৮ শতাংশ আৰু মহিলাৰ শিক্ষিতৰ হাৰ ৬৭ শতাংশ। নগৰ আৰু গাওঁৰ শিক্ষিতৰ হাৰ ক্ৰমে ৮৮ শতাংশ আৰু ৭০ শতাংশ। চীন, জাপান আদি ৰাষ্ট্ৰৰ দৰে ভাৰত বা অসমৰ জনসংখ্যা বয়স্ক লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকৰ বয়স ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ। অফুৰন্ত কৰ্মদক্ষতাৰ সম্ভাৱনা থকা যুৱপ্ৰজন্মই ৰাজ্যখনৰ জনসংখ্যাৰ এক বুজন অংশক প্ৰতিনিধিত্ব কৰিছে। এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা-দীক্ষা, বুদ্ধি, বৃত্তি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। আনহাতে, সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সৱলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হ'ব। তাৰোপৰি দিনক দিনে বৃদ্ধি পাই থকা জনসংখ্যা নিয়ন্ত্রণ কৰাৰো প্ৰয়োজন আহি পৰিছে, তেতিয়াহে মানৱ সম্পদৰ উন্নয়নৰ ক্ষেত্ৰত থকা পৰিকল্পনাবোৰ সফলভাৱে ৰূপায়ন কৰিব পৰা যাব।
Activity 20 · Question and answer

Question

[অনুশীলনী] অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?

Answer

অসমত দিনক দিনে বৃদ্ধি পাই থকা জনসংখ্যা সময়মতে নিয়ন্ত্রণ নকৰিলে আৰু বৃহৎ জনসংখ্যা মানৱসম্পদ হিচাপে গঢ়ি তুলিব নোৱাৰিলে জনসংখ্যাৰ সমস্যাই ৰাজ্যখনত ব্যাপক ৰূপ ধাৰণ কৰিব। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৭৩ শতাংশ লোক শিক্ষিত, ইয়াৰ ভিতৰত পুৰুষৰ শিক্ষিতৰ হাৰ ৭৮ শতাংশ আৰু মহিলাৰ শিক্ষিতৰ হাৰ ৬৭ শতাংশ। নগৰ আৰু গাওঁৰ শিক্ষিতৰ হাৰ ক্ৰমে ৮৮ শতাংশ আৰু ৭০ শতাংশ বয়সৰ ভিত্তিত দেখা যায় চীন,জাপান আদি ৰাষ্ট্ৰৰ দৰে ভাৰত বা অসমৰ জনসংখ্যা বয়স্ক লোকৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়। অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশ লোকৰ বয়স ১৫ ৰ পৰা ৩৪ বছৰ বয়সৰ। অফুৰন্ত কৰ্মদক্ষতাৰ সম্ভাৱনা থকা যুৱপ্ৰজন্মই ৰাজ্যখনৰ জনসংখ্যাৰ এক বুজন অংশক প্ৰতিনিধিত্ব কৰিছে। এই বৃহৎ যুৱ শক্তিক সঠিকভাৱে পৰিচালিত কৰি শিক্ষা-দীক্ষা, বুদ্ধি- বৃত্তি, কাৰিকৰী দক্ষতা আদিৰ ক্ষেত্ৰত উপযুক্ত কৰি গঢ়ি তুলিব লাগিব। আনহাতে, সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, দৈহিকভাৱে অক্ষম লোকসকল আৰু মহিলাসকলৰ সৱলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদৰ উন্নয়ন সম্ভৱ হ'ব।
Activity 21 · Question and answer

Question

[অনুশীলনী] অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা।

Answer

অসম এখন কৃষি প্ৰধান ৰাজ্য। অসমৰ সৰহ সংখ্যক লোক কৃষিৰ লগত জড়িত হৈ আছে। অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি। অসমৰ মুঠ কৰ্ম নিয়োজিত লোকৰ ভিতৰত ৫৩ শতাংশতকৈও অধিক লোক কৃষিখণ্ডত প্ৰত্যেক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে।

কৃষি খণ্ডৰ লগত জড়িত উদ্যোগসমূহ হৈছে - বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ, মীন পালন আৰু পশু পালন। খাদ্য প্ৰস্তুতকৰণ উদ্যোগ অসমত নতুনকৈ সম্প্ৰসাৰিত উদ্যোগ বুলিব পাৰি। সাম্প্ৰতিক সময়ত অসমত খাদ্য প্ৰস্তুতকৰণ উদ্যোগৰ গুৰুত্ব বৃদ্ধি পাই আহিছে। অসমৰ হাবি, বনত পোৱা ফল-মূল, শাক-পাচলি জাতীয় উদ্ভিদ আৰু বনৌষধি উদ্ভিদ এতিয়াও ব্যৱসায়িক ভিত্তিত গঢ়ি উঠা নাই।

ৰেচম উদ্যোগ অসমৰ এটা প্ৰধান কৃষিভিত্তিক উদ্যোগ। অসমত পৰম্পৰাগতভাৱে তিনিবিধ ৰেচম-এৰি, মুগা আৰু নুনি পাট উৎপাদন কৰা হয়। ভাৰতত উৎপাদন হোৱা এৰি সূতাৰ ৬৫ শতাংশ উৎপাদিত হয় অসমত। নুনি সূতাৰ উৎপাদন সিমান বেছি নহয়। অসমৰ মুগা সূতা পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষৰ মুঠ উৎপাদিত মুগা সূতাৰ ৯৭ শতাংশ অসমত উৎপাদিত হয়। ৰেচম উৎপাদনৰ লগত হস্ততাঁত উদ্যোগটোও অসমত উন্নয়ন ঘটিছে। বৰ্তমান অসমত ১৩ লাখতকৈও অধিক তাঁতশাল আছে আৰু প্ৰায় ২৫ লাখ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বয়ন উদ্যোগৰ লগত জড়িত হৈ আছে।

চাহ খেতিৰ লগতে ৰবৰ খেতিও অসমত লাহে লাহে জনপ্ৰিয় হৈ পৰিছে। ২০১২-১৩ বৰ্ষত অসমত ৩৪.৫ হেজাৰ হেক্টৰ মাটিত ৰবৰ খেতি কৰা হয়। ৰবৰ উৎপাদনৰ বাবে অসমত প্ৰচুৰ সম্ভাৱনা থকালৈ চাই ভাৰতৰ ৰবৰ ৱৰ্ডে দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ শেষত ৰবৰ খেতি ২ লাখ হেক্টৰলৈ সম্প্ৰসাৰিত কৰাৰ আঁচনি গ্ৰহণ কৰিছে।

চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। অসমৰ চাহ গোটেই বিশ্বজুৰি সুনাম আছে। অসমৰ অৰ্থনীতিত চাহে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। ২০১২ চনৰ তথ্য মতে অসমত মুঠ ৭৬৫ খন চাহ বাগিচা আৰু ৭৮,০৯১ খন ক্ষুদ্ৰ চাহ বাগিচা আছে। ২০১২ চনত অসমত প্ৰায় ৫৯০ হেজাৰ টন চাহ উৎপাদন হৈছিল। চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখ লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ ৱৰ্ডৰ এক তথ্যৰ মতে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ চাহ উৎপাদন ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫০ শতাংশতকৈ বেছি।

মীনপালন অসমৰ কৃষিখণ্ডৰ এটা উল্লেখযোগ্য ভাগ। বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে। অসমখন নদ-নদী, জলাশয়, খাল, বিল, পিতনি, এৰাসুঁতি আদিৰে ভৰপূৰ। সেইবোৰত প্ৰাকৃতিক ভাৱেই বহুতো মাছ পোৱা যায়। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমি থকা বিল আৰু জলাশয়বোৰত মৎস্যৰ ভাণ্ডাৰ আছে। বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে এই বিল আৰু জলাশয়বোৰত মাছ পালন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়। মৎস্য উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা এলেকাবোৰ যথোপযুক্ত ব্যৱহাৰ হোৱা নাই। মুঠ ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰৰ পৰা ২০১১-১২ চনত প্ৰায় ৪৪৯০ নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছিল। সেই বছৰতে ৰাজ্যখনত মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন কৰা হৈছিল। যোৱা ১০ বছৰত অসমত মাছৰ পোনা উৎপাদন প্ৰায় ২.৫ গুণ বৃদ্ধি হৈছে যদিও ১.৫ গুণহে মাছৰ উৎপাদন বৃদ্ধি পাইছে।

অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত আশা কৰা ধৰণে বিশেষ অৰিহণা যোগাব পৰা নাই। এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মীন উদ্যোগ খণ্ডই কেৱল দুই শতাংশ অৱদান আগবঢ়াইছে। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছ উৎপাদন তেনেই সন্তোষজনক নহয়। অসমে বৰ্তমান বাহিৰৰ পৰা বছৰি ০.২০ লাখ টন মাছ ৰপ্তানি কৰে। ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয়। সেয়েহে অসমত মাছৰ দাম অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে।
Activity 22 · Question and answer

Question

[অনুশীলনী] অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

Answer

অসমৰ কৃষি জলবায়ু অঞ্চল কেইটা হৈছে 一

1) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

2) উত্তৰ পাৰৰ সমভূমি অঞ্চল

3) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

4) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল

5) বৰাক উপত্যকা অঞ্চল

6) পাৰ্বত্য অঞ্চল

এই অঞ্চল কেইটাৰ বৈশিষ্ট্য হৈছে 一

নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৯.৩০ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৫০.৪৩ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

উত্তৰ পাৰৰ সমভূমি অঞ্চলত ৫.৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হয় ,তাৰে ৬২.৫৭ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৩.২৮ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ২৬.২১ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ৬.২০ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৩১.২৯ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

বৰাক উপত্যকা অঞ্চলত ২.৪২ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৪২.১৫ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।

পাৰ্বত্য অঞ্চলত ১.৫৪ লাখ হেক্টৰ মাটিত খেতি কৰা হয়, তাৰে ৬৫.৬৮ শতাংশ মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হয়।
Activity 23 · Question and answer

Question

[অনুশীলনী] অসমত কি কি ধানৰ খেতি কৰা হয়? এই কেইটাৰ বিষয়ে চমুকৈ লিখা।

Answer

ধান অসমৰ প্ৰধান শস্য। অসমৰ সকলো অঞ্চলতে এই খেতি কৰা হয়। অসমত মূলতঃ তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়। সেইকেইবিধ হৈছে - আহুধান, শালিধান আৰু বড়াধান। ইয়াৰ ভিতৰত শালিধানৰ খেতি বিস্তৃতভাৱে কৰা হয়। অসমৰ মুঠ ধানৰ খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়। এই খেতি ৰোপণ পদ্ধতিৰে জুলাই, আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়।

আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি অসমত এই খেতি বিস্তৃতভাৱে কৰা হয়। আহু খেতি ৰোপণ আৰু সিঁচন দুই প্ৰকাৰে কৰা হয়। ফ্ৰেব্ৰুৱাৰী, মাৰ্চ মাহত আৰম্ভ কৰি জুন, জুলাই মাহত চপোৱা হয়।

বড়ো ধানৰ খেতিও কম বেছি পৰিমাণে অসমৰ আটাইকেইখন জিলাত কৰা হয়। এই ধানৰ খেতি সাধাৰণতে দ’ ঠাইবিলাকত শীতকালত আৰম্ভ কৰি বাৰিষাৰ জুন জুলাই মাহত বানপানী অহাৰ আগে আগে চপোৱা হয়। বানপীড়িত অঞ্চলৰ লোকৰ মাজত এই খেতি বিশেষ জনপ্ৰিয়। কাৰণ বানপানীয়ে শালি খেতি নষ্ট কৰি পেলায়।
Activity 24 · Question and answer

Question

[অনুশীলনী] ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?

Answer

ধান অসমৰ প্ৰধান শস্য। অসমৰ আটাইকেইটা জলবায়ু অঞ্চলতে ধান খেতি কৰা হয়। সমভূমি এলেকাৰ লগতে অসমৰ পাহাৰীয়া অঞ্চলতো ঝুম পদ্ধতিৰে ধান খেতি কৰা হয়। অসমৰ সেমেকা জলবায়ু ধান খেতিৰ বাবে উপযোগী, ইয়াক সকলো অঞ্চলতে বিস্তৃতভাৱে কৰিব পৰা যায়। ২০১১-১২ চনত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰি ৫০.৪৫ লাখ মেট্ৰিক টন ধান উৎপাদন কৰা হৈছিল। অসমত উৎপাদিত ধানে ৰাজ্যখনৰ জনসাধাৰণৰ চাহিদা পূৰণ কৰাৰ লগতে ইয়াৰ ৰপ্তানিৰ জৰিয়তে ৰাজ্যখনে এক বৃহৎ আয় লাভ কৰে।
Activity 25 · Question and answer

Question

[অনুশীলনী] অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?

Answer

অসমৰ প্ৰধান মাহজাতীয় শস্যবোৰ হৈছে - মাটি মাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ আৰু বুট মাহ।
Activity 26 · Question and answer

Question

[অনুশীলনী] অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।

Answer

জনজাতীয় লোকসকলে পাহাৰৰ হাবি-জংঘল কাটি মাটি মুকলি কৰি পৰম্পৰাগত সঁজুলিৰে কৰা কৃষি কাৰ্যকে ঝুম খেতি বোলে। একেডোখৰ মাটিত কেইবা বছৰো ঝুম খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে আন এডোখৰ ঠাই নিৰ্বাচন কৰি তাত ঝুম খেতি নতুনকৈ আৰম্ভ কৰে। এনেদৰে ঠাই সলাই কৰা ঝুম খেতি জনজাতীয় লোকসকলৰ কলা সংস্কৃতি আৰু জীৱন-ধাৰণ প্ৰণালীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। অসমৰ কাৰ্বি- আংলং আৰু ডিমাহাচাও পাৰ্বত্য জিলাত ঝুম পদ্ধতিৰে কৃষি কাৰ্য কৰা হয়। কাৰ্বি-আংলং জিলাৰ মুঠ মাটিকালিৰ ৬৬ শতাংশ অঞ্চল আৰু ডিমাহাচাও পাৰ্বত্য জিলাৰ ৮৫ শতাংশ অঞ্চল পাহাৰে আবৃত্ত হৈ আছে। এই অঞ্চলবোৰত ঝুম খেতি কৰা হয়। কাৰ্বি-আংলং জিলাত প্ৰায় ৫৪৫২ বৰ্গ কিঃমিঃ আৰু ডিমাহাচাও জিলাত প্ৰায় ২৫৯৭ বৰ্গ কিঃমিঃ মাটিত ঝুম খেতি কৰা হয়। ঝুম এক প্ৰকাৰৰ মিশ্ৰিত কৃষি পদ্ধতি হ'লেও ইয়াৰ পৰা ভাল উৎপাদন পোৱা নাযায়। এই খেতিৰ ফলত বন ধ্বংস, ভূমি ক্ষয়, মাটিৰ উৰ্বৰতা হ্ৰাস আদি পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে।
Activity 27 · Question and answer

Question

[অনুশীলনী] ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি?

Answer

▶️ ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।

▶️ ৰাজ্যখনৰ বিশেষকৈ গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা

▶️ ৰাজ্যখনৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা

▶️ বৃহৎসংখ্যক দক্ষ লোকৰ সৃষ্টি কৰা

Premium Answer (Only 69 Rupees All Chapter)

PDF IconBUY PDF
Activity 28 · Question and answer

Question

[অনুশীলনী] সেৱাখণ্ডৰ উদ্যোগ বুলিলে কি বুজা? উদাহৰণ দি বুজাই লিখা।

Answer

অৰ্থনীতিত যিবোৰ উদ্যোগে উৎপাদিত সা-সামগ্ৰী উপভোক্তা বা গ্ৰাহকক উপলব্ধ কৰায়, সেইবোৰ খণ্ডৰ লগত জড়িত উদ্যোগক সেৱাখণ্ডৰ উদ্যোগ বোলে।

সেৱা খণ্ডৰ উদ্যোগবোৰ হৈছে - বাণিজ্য, যোগাযোগ আৰু পৰিবহণ, পৰ্যটন উদ্যোগ, হোটেল ব্যৱসায়, বেংক আৰু বীমা সকলো ধৰণৰ ব্যৱসায়, লোক প্ৰশাসন।

উদাহৰণস্বৰূপে, বাণিজ্যৰ জৰিয়তে উপভোক্তাই উৎপাদিত সামগ্ৰী পায়। যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা উৎপাদিত সা-সামগ্ৰী এঠাইৰ পৰা আন এঠাইলৈ অনা নিয়া কৰাৰ লগত জড়িত।
Activity 29 · Question and answer

Question

[অনুশীলনী] অসমৰ প্ৰধান কৃষি ভিত্তিক উদ্যোগবোৰ কি কি?

Answer

অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ হৈছে 一 বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।
Activity 30 · Question and answer

Question

[অনুশীলনী] অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

Answer

চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ। পৃথিৱীৰ ভিতৰতে অসমৰ চাহৰ সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল প্ৰাকৃতিক পৰিৱেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে। অসমত ২০১২ চনৰ তথ্য মতে, মুঠ ৭৬৫ খন চাহ বাগিছা আৰু ৭৮,০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে। অসমত মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায়। ২০০৯ চনত অসমে ৫০০ হাজাৰ টন আৰু ২০১২ চনত প্ৰায় ৫৯০ হাজাৰ টন চাহ উৎপাদন কৰিছিল। চাহ উদ্যোগটোৱে অসমত এক বুজন সংখ্যক লোকক কৰ্মসংস্থাপন দি আহিছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ এক তথ্য অনুসৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰায় ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্ৰায় ১০৭ হাজাৰ টন চাহ উৎপাদন কৰিছে।
Activity 31 · Question and answer

Question

[অনুশীলনী] অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?

Answer

অসমৰ অৰ্থনীতিত কৃষিখণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষিখণ্ডৰ পৰিসৰ বহল আৰু ইয়াৰ ভিতৰতে পশুপালন আৰু মীনপালন অৰ্ন্তভুক্ত হৈ আছে। বৰ্তমান সময়ত অসমত মীন পালনৰ যথেষ্ট স্থল আছে। অসমখন নদ-নদী, জলাশয়, খাল, বিল, পিতনি, এৰাসুঁতি আদিৰে ভৰপূৰ। সেইবোৰত প্ৰাকৃতিকভাৱেই বহুতো মাছ পোৱা যায়।

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমি থকা বিল আৰু জলাশয়বোৰত মৎস্যৰ ভাণ্ডাৰ আছে। বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে এই বিল আৰু জলাশয়বোৰত মাছ পালন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায়। মৎস্য উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা এলেকাবোৰ যথোপযুক্ত ব্যৱহাৰ হোৱা নাই।

২০১১-১২ চনৰ তথ্য অুনসৰি অসমত প্ৰায় ৬০ হাজাৰ হেক্টৰ মাটিকালি সামৰি ৪৩০ খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। আনহাতে, ৭৬৭ খন বিলৰ ৪০ হাজাৰ হেক্টৰ মাটিকালি অঞ্চল পঞ্জীয়ন নোহোৱাকৈ আছে।

মুঠ ৩.৯৪ লাখ হেক্টৰ মীন উৎপাদন ক্ষেত্ৰৰ পৰা ২০১১-১২ চনত প্ৰায় ৪৪৯০ নিযুত মাছৰ পোনা উৎপাদন কৰা হৈছিল। সেই বছৰতে ৰাজ্যখনত মুঠ ২.৪৪ লাখ টন মাছ উৎপাদন কৰা হৈছিল। যোৱা ১০ বছৰত অসমত মাছৰ পোনা উৎপাদন প্ৰায় ২.৫ গুণ বৃদ্ধি হৈছে যদিও ১.৫ গুণহে মাছৰ উৎপাদন বৃদ্ধি পাইছে।

জিলা ভিত্তিত মাছৰ পোনা উৎপাদনৰ তথ্যৰ পৰা দেখা যায় ২০১১-১২ বৰ্ষত বৰপেটা জিলাই সৰ্বাধিক মাছৰ পোনা উৎপাদন কৰিছে। তাৰ পিছত কৰিমগঞ্জ আৰু নগাঁও জিলাত অধিক মাছৰ পোনা উৎপাদন হৈছে। সেইদৰে মৎস্য উৎপাদনত নগাঁও জিলা প্ৰথম, কাছাৰ আৰু ধুবুৰী জিলা দ্বিতীয় আৰু তৃতীয় স্থানত আছে

অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনত আশা কৰা ধৰণে বিশেষ অৰিহণা যোগাব পৰা নাই। এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মীন উদ্যোগ খণ্ডই কেৱল দুই শতাংশ অৱদান আগবঢ়াইছে। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমত মাছ উৎপাদন তেনেই সন্তোষজনক নহয়। অসমে বৰ্তমান বাহিৰৰ পৰা বছৰি ০.২০ লাখ টন মাছ ৰপ্তানি কৰে। ৰাজ্যখনত বছৰি ০.৫২ লাখ টন মাছৰ নাটনি হয়। সেয়েহে অসমত মাছৰ দাম অধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে।
Activity 32 · Question and answer

Question

[অনুশীলনী] অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা?

Answer

▶️ অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰাগতভাৱে পুৰণি পদ্ধতিৰে চলি আছে।

▶️ অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা।

▶️ জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয়।

▶️অসমত বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অৰ্থনীতিত ইয়াৰ গুৰুত্ব অধিক। কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই।

▶️বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ ২৫ শতাংশতকৈও অধিক মাটিৰ শস্য বছৰী বানপানীয়ে নষ্ট কৰে আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা মাটি নদীৰ বুকুত জাহ গৈছে।

▶️খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা কৃষিকাৰ্যৰ লগতে কৃষকসকলক সুৰক্ষা দিবলৈ উপযুক্ত কৃষি পৰিকল্পনাৰ অভাৱ।

▶️ শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়।

▶️ শস্য বিশেষকৈ খাদ্য শস্য সংৰক্ষণৰ সুবিধা অতি সীমিত।

▶️কৃষকে উৎপন্ন কৰা শস্যৰ উচিত মূল্য কৃষকে প্ৰত্যক্ষভাৱে লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত কৃষকসকল আৰ্থিকভাৱে দুৰ্বল হৈ আছে।

▶️ কৃষকসকলে উন্নত মানৰ বীজ, প্ৰয়োজনীয় সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণ ৰেহাই হাৰত সহজে পাব পৰা ব্যৱস্থাৰ অভাৱ।

▶️ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ চহৰৰ বজাৰৰ মাজত উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ অভাৱ।

▶️ কৃষিখণ্ড আৰু কৃষিভিত্তিক উদ্যোগ খণ্ডৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই।

▶️কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত তুলনামূলকভাৱে কম খৰচী বিজুলী শক্তিৰ ব্যৱহাৰ তেনেই সীমিত হৈ আছে।

▶️ কৃষি উন্নতিৰ বাবে ৰাজ্যখনত সামগ্ৰিক আন্তঃগাঁঠনিৰ অভাৱ।
Activity 33 · Question and answer

Question

[অনুশীলনী] অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মণ্ঠৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।

Answer

▶️ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ।

▶️ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ

▶️ অনুন্নত পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

▶️ মূলধনৰ অভাৱ

▶️ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়

▶️ স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ

▶️ উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ

▶️ বিনিয়োগ সন্তুোষজনক নহয়, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয়।

▶️ ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্বেও পৰ্যটন খণ্ডত অপৰ্যাপ্ত মূলধন বিনিয়োগ, অনুন্নত পৰিবহন ব্যৱস্থা, বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিবেশৰ অভাৱ, পৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনি আদিৰ বাবে পৰ্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই।

▶️সহজে পচনশীল কৃষিজাত শস্যৰ সংৰক্ষণৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱত খাদ্য প্ৰস্তুতকৰণ উদ্যোগে আশা কৰা মতে উন্নতি লাভ কৰা নাই।

▶️ ঔদ্যোগীকৰণৰ বাবে লাগতীয়াল আন্তঃগাঁথনিৰ অভাৱ।
Activity 34 · Question and answer

Question

[অনুশীলনী] অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ উল্লেখ কৰা।

Answer

ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন খণ্ডত এই পৰ্যন্ত আশানুৰূপ উন্নয়ন নোহোৱাৰ কাৰণসমূহ হৈছে 一

▶️অপৰ্যাপ্ত মূলধন বিনিয়োগঃ- বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয়।

▶️ অনুন্নত পৰিবহন ব্যৱস্থাঃ- বহুতো পৰ্যটন স্থলী লৈ যাবলৈ আজি পৰ্যন্ত সুগম বাট- পথৰ ব্যৱস্থা হোৱা নাই। প্ৰায় বিলাক পৰ্যটন স্থলীত কেৱল পথ পৰিবহন ব্যৱস্থাহে উপলব্ধ। ৰে'ল পথ বা আকাশীপথেৰে এতিয়াও সেইবোৰলৈ যাব পৰা অৱস্থা হোৱা নাই।

▶️বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱঃ- বাতৰি-কাকত বা কোনো বৈদ্যুতিক মাধ্যমসমূহত পৰ্যটনস্থলীৰ সম্পৰ্কে বাতৰি বা বিজ্ঞাপন খুব কম পৰিমাণে প্ৰকাশ পায়। যাৰ ফলত বাহিৰৰ পৰ্যটকসকলে ইয়াত উপলব্ধ পৰিৱেশৰ বিষয়ে জ্ঞাত নহয়।

▶️পৰ্যটনস্থলীৰ দুৰ্বল আন্তঃগাঁথনিঃ- পৰ্যটন উদ্যোগটোৰ ভালদৰে বিকাশ নোহোৱাৰ অন্য এক কাৰণ হৈছে – পৰ্যটনস্থলীৰ আশে-পাশে পৰ্যাপ্ত পৰিমাণে থকা খোৱা, শুৱাৰ ভাল ব্যৱস্থাৰ বাবে হোটেল, ৰেস্তোৰা আদিৰ অভাৱ ǀ
Activity 35 · Question and answer

Question

[অনুশীলনী] অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?

Answer

স্বাধীনতাৰ আগলৈকে অসমত চাহ উদ্যোগ আৰু ডিগবৈ তেল উদ্যোগটোৰ বাহিৰে বিশেষ কোনো উদ্যোগ নাছিল। কিন্তু যোৱা তিনিটা দশকত ৰাজ্যখনত উদ্যোগীকৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঠনি উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। তাৰ ফলস্বৰূপে ন ন উদ্যোগ গঢ়ি উঠিছে। এই উদ্যোগসমূহৰ ভিতৰত তেল শোধনাগাৰ, পেট্ৰ'ৰাসায়নিক উদ্যোগ, সাৰ কাৰখানা, কাগজ কল, চিমেন্ট উদ্যোগ, চেনী কল, কপাহ উদ্যোগ, মৰাপাট কল আদিয়ে প্ৰধান। বৰ্তমান অসমত ১০০ তকৈও অধিক মধ্যমীয়া বিধৰ আৰু ১৭,৫০০ টা সৰু উদ্যোগ আছে। আনহাতে, হস্ততাঁত আৰু হস্তশিল্পৰ ক্ষেত্ৰত অসম আগবঢ়া। মুগা সূতাৰ উৎপাদন অসমৰ এটা একচেটীয়া উদ্যোগ। পাটশিল্প, বাঁহ-বেতৰ শিল্প, কাঁহ-পিতলৰ শিল্পৰ ক্ষেত্ৰত অসমত এই পৰ্যন্ত উপযুক্ত বজাৰ গঢ়ি উঠা নাই। এইবিলাকত পৰ্যাপ্ত মূলধন বিনিয়োগ হোৱা নাই। চৰকাৰৰ অনিদ্দা আৰু সদিচ্ছাৰ অভাৱত অসমত আজিও স্থানীয় শিল্পজাত সামগ্ৰীয়ে বাহিৰৰ পৰা অহা শিল্পজাত সামগ্ৰীৰ সৈতে ফেৰ মাৰিবলগীয়া হয়। অন্যথা এই হস্তশিল্পজাত সামগ্ৰীয়ে অসমৰ মান বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল হয়।

ঠিক তেনেদৰে খনিজ সম্পদতো অসম এখন চহকী ৰাজ্য। খনিজ সম্পদৰাজীৰ পৰা অসমে ভালেখিনি ৰাজহ লাভ কৰে। বনজ সম্পদতো অসমখন চহকী। অসমৰ হাবিত উপলব্ধ বাঁহ, বেত, খেৰ, খৰি, বিল, খালৰ মৎস্য সম্পদৰ পৰা আৰু নদীৰ বুকুত শিল-বালিৰ পৰা অজস্ৰ ৰাজহ লাভ কৰে। পৰ্যটন উদ্যোগটোৰো অসমত যথেষ্ট সম্ভাৱনা লুকাই আছে। সুবিধাজনক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা, বিজ্ঞাপন আদিৰ জৰিয়তে এই উদ্যোগটোৰ বিকাশ সাধন কৰিব পাৰি। ভূমি আৰু জলসম্পদতো অসমখন চহকী ৰাজ্য। কিন্তু মাটিৰ গুণাগুণৰ ভিত্তিত উপযুক্ত ভূমি ব্যৱহাৰৰ পৰিকল্পনা এতিয়াও হোৱা নাই। অসমৰ ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈৰ প্ৰচুৰ জলসম্পদ বৰ্তমানলৈকে আশাপ্ৰদভাৱে ব্যৱহাৰ হোৱা নাই। উপযুক্ত পৰিকল্পনাৰে অসমৰ জলসম্পদ, কৃষি, উদ্যোগ, শক্তি আৰু পৰিবহন খণ্ডত ব্যৱহাৰ কৰিলে তাৰ পৰা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ তৰাম্বিত হ'ব বুলি আশা কৰিব পাৰি।

ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰে অসমতো মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা আছে। অসমৰ জনসংখ্যাৰ বৃত্তিগত বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে, প্ৰথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক খণ্ডত ৰাজ্যখনে বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই। ৰাজ্যখনৰ বৃহৎ জনসংখ্যাৰ কৰ্মদক্ষতা বৃদ্ধি কৰি অৰ্থনৈতিক খণ্ডসমূহত নিয়োগৰ ব্যৱস্থা কৰিব পাৰিলেহে মানৱ সম্পদৰ উন্নতি আশা কৰিব পাৰি। ইয়াৰ উপৰিও জনসাধাৰণৰ দুৰ্বল শ্ৰেণীৰ লোক, বিশেষকৈ দৰিদ্ৰ, অক্ষম আৰু মহিলাসকলক উপযুক্তভাৱে সৱলীকৰণ কৰিব লাগিব। কেৱল অৰ্থনৈতিক উন্নতিৰ নামত প্ৰাকৃতিক সম্পদৰাজী অবিবেচকভাৱে ব্যৱহাৰ কৰিলে এটা সময়ত এইবোৰ নোহোৱা হৈ গ'লে তাৰ কু-ফল জণগণে ভোগ কৰিব লাগিব।
Activity 36 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা।

Answer

অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হৈ থাকাৰ চাৰিটা কাৰণ হৈছে:

1. পৰ্যাপ্ত প্ৰাকৃতিক সম্পদৰ অভাৱ: উচ্চমানৰ কাঁচামাল আৰু শক্তিৰ উৎসৰ অভাৱ।

2. যান্ত্ৰিক প্ৰযুক্তিৰ অভাৱ: আধুনিক প্রযুক্তিৰ অভাৱ যাৰ ফলত উৎপাদনক্ষমতা কম।

3.মুল্যবোধ আৰু পৰিকাঠামোগত সমস্যা: শিল্পসমূহৰ বাবে প্ৰয়োজনীয় অৱস্থাৰ অভাৱ, যেনে সঠিক ৰাস্তা আৰু পৰিবহণ ব্যৱস্থা।

4.মানৱ সম্পদৰ অক্ষমতা: দক্ষ কৰ্মকাৰী আৰু প্ৰশিক্ষণৰ অভাৱ।

5.এইবোৰৰ ফলত অসমত ঔদ্যোগিক বিকাশ মন্থৰ হৈ আছে।
Activity 37 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি? অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC '17]

Answer

অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগসমূহ হৈছে:

চাহ উদ্যোগ: অসমৰ সৰ্বাধিক জনপ্ৰিয় আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ উদ্যোগ।

ৰাইজ গেছৰ উৎপাদন: দেশৰ ভিতৰত গেছ উৎপাদনৰ এটি প্ৰধান কেন্দ্র।

কনকা (কৃষি উৎপাদন): ধান, গম, আৰু বিভিন্ন উদ্যানৰ শস্য।

মৰিচ আৰু গালেঙৰ উৎপাদন: বিশেষকৈ মচলা জাতীয় শস্য।

অসমৰ চাহ উদ্যোগ দেশৰ অন্যতম সৰ্বাধিক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উদ্যোগ। এই উদ্যোগৰ উৎপাদনৰ বাবে অসমৰ জলবায়ু আৰু মাটিৰ গুণগত মান অত্যন্ত উপযোগী। চাহৰ বাগিচাসমূহ বিশেষকৈ অসমৰ উত্তৰ আৰু দক্ষিণ অঞ্চলত বিস্তৃত।চাহ উৎপাদন স্থানীয় জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ এক প্রধান উৎস হিচাপে বিবেচিত। অসম চাহৰ উৎপাদন ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় ৫০% অংশগ্ৰহণ কৰে। চাহ উৎপাদন আৰু প্ৰক্ৰিয়া কৰা বিভিন্ন কোম্পানী আৰু পত্তন উদ্যোগৰ বাবে বহু লোকৰ নিয়োগ হয়।অসমৰ চাহ মূলতঃ স্থানীয় বজাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো বিক্ৰী কৰা হয়, যিয়ে ৰাজ্যখনৰ অৰ্থনীতিৰ বাবে উল্লেখযোগ্য অৱদান কৰে।
Activity 38 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC '17]

Answer

অসমৰ প্ৰধান খনিজ সম্পদবোৰ হৈছে:

তৈল (Petroleum)

গেছ (Natural Gas)

কাঁচামাল (Raw Materials) - যেনে লেমুৰ, কপাৰ, আৰু অন্যান্য খনিজ।

অসমত তৈল ক্ষেত্ৰবোৰৰ বিশেষত্ব হৈছে যে, এই ৰাজ্যখন ভাৰতৰ প্ৰথমস্থলীয়া তৈল উৎপাদক।অসমৰ তৈল ক্ষেত্ৰসমূহে দেশৰ জাতীয় অৰ্থনীতিৰ বাবে গুৰুত্বপূর্ণ অৱদান ৰাখে। ই স্থানীয় মানুহৰ বাবে দীৰ্ঘকালীন কৰ্মসংস্থাৰ উৎস হিচাপে কাম কৰি থাকে। তৈলৰ উত্পাদন আৰু পৰিশোধনৰ প্ৰক্ৰিয়া ৰাজ্যখনৰ উন্নয়ন আৰু অৰ্থনৈতিক স্থিৰতাৰ বাবে অত্যন্ত প্ৰয়োজনীয়।অসমৰ তৈলক্ষেত্ৰবোৰে গেছৰ উৎপাদনতো উল্লেখযোগ্য ভূমিকা পালন কৰে। উৎপাদন কৰা তৈল আৰু গেছ বিদেশী বজাৰতো বিক্ৰী হয়, যিয়ে ৰাজ্যখনৰ আৰ্থিক উন্নয়নক সমর্থন কৰে।
Activity 39 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ পৰ্য্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুকৈ লিখা।

Answer

অসমত পৰ্যটন উদ্যোগৰ বিশাল সম্ভাৱনা আছে। কিছু মুখ্য কাৰণ হৈছে:

প্ৰাকৃতিক সৌন্দৰ্য: অসমৰ সুন্দৰ পৰ্বত, নদী, আৰু আৱহাৱাৰ বাবে পৰ্যটকৰ মনোযোগ আকর্ষণ কৰে।

সংস্কৃতি আৰু পৰম্পৰা: অসমৰ বৌদ্ধ, হিন্দু, আৰু বিভিন্ন জনজাতীয় সংস্কৃতিৰ বৈচিত্ৰ্য পৰ্যটনৰ বাবে এক বিশেষ আকর্ষণ।

ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য: Kaziranga আৰু Manas জাতীয় উদ্যানৰ দৰে স্থানসমূহ বন্যপ্ৰাণীৰ বাবে জনপ্ৰিয়।

কৃষ্টিগত উৎসৱ: বিহু, মাঘ বিহু, আৰু অন্য উৎসৱসমূহ পৰ্যটনৰ বাবে উৎসাহী কৰিলে।

এই সকলো সম্ভাৱনাৰ ফলত অসমত পৰ্যটন উদ্যোগৰ বিকাশৰ সঠিক সময়।
Activity 40 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পর্কে আলোচনা কৰা।

Answer

অসম এখন কৃষি-প্ৰধান ৰাজ্য। অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি। মুঠ কৰ্ম-নিয়োজিত লোকৰ ৫৩ শতাংশতকৈ অধিক লোক কৃষি খণ্ডত নিয়োজিত। কৃষি খণ্ডই অসমৰ অৰ্থনৈতিক উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ মুঠ খেতি কৰিব পৰা মাটিৰ ৮৮ শতাংশত খেতি কৰা হৈছে, আৰু ধান, ঘেঁহু, গোমধান, আৰু মাহ জাতীয় শস্যৰ উৎপাদন কৃষিৰ বাবে বিশেষ। সেয়ে, কৃষি অসমৰ অৰ্থনীতিৰ বাবে এক মুখ্য চালিকা শক্তি।
Activity 41 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা।

Answer

অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ এটি খতিয়ান দাঙি ধৰাৰ বাবে নিম্নলিখিত বিষয়সমূহ উল্লেখ কৰিব পাৰি:

তৈল উদ্যোগ: অসমৰ মাজৰে সৰ্বাধিক খনিজ সম্পদৰূপে তৈল প্ৰধান। অসমৰ তেলখনি প্ৰধান কেন্দ্ৰ সমূহৰ ভিতৰত গোৱালপাৰা, ডিব্ৰুগড়, আৰু তেজপুৰৰ অঞ্চলসমূহ উল্লেখযোগ্য।

নিবন্ধিত খনিজ: অসমত কয়লা, চুনাপাথৰ, বক্সাইট, আৰু পটাশৰ দৰে খনিজ সম্পদৰ উৎপাদন কৰা হয়।

শিল্পাঞ্চল: অসমত খনিজ সম্পদৰ ব্যৱহাৰ কৰি বিভিন্ন শিল্পাঞ্চল গঠন কৰা হৈছে, যেনে চামৰ, চৰকাৰী বুট, আৰু খনিজ ভিত্তিক উৎপাদনৰ ক্ষেত্ৰত।

বৈদেশিক বাণিজ্য: খনিজ সম্পদৰ ব্যৱহাৰৰে অসমৰ অৰ্থনীতিৰ মূখ্য অঙ্গ হিচাপে বাণিজ্য উন্নয়ন কৰা হৈছে।

এই খতিয়ানৰ মাধ্যমে, অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ বিকাশ আৰু তাৎপর্য বুজা যায়।
Search books