Loading
Book contents

Political Science — Chapter 11 (Part 3) — আন্তর্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Activity 1 · Question and answer

Question

[অতি চমু উত্তৰ] ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?

Answer

১৯১৪ চনৰ প্ৰথম বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতিসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন এটা গঠন হৈছিল। কিন্তু ১৯৩৯ চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ’ল। ইয়াৰ পিছত বিশ্বত ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্থাপনৰ প্ৰচেষ্টা চলে। তাৰে ফলশ্ৰুতিত ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হয়।
Activity 2 · Question and answer

Question

[অতি চমু উত্তৰ] ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

Answer

ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ'ল 一

(ক) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।
Activity 3 · Question and answer

Question

[অতি চমু উত্তৰ] ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।

Answer

ৰাষ্ট্ৰসংঘৰ প্রধান অংগ ৬ টা। এই অংগ ৬ টা হৈছে ―

(i) সাধাৰণ সভা

(ii) নিৰাপত্তা পৰিষদ

(iii) অর্থনৈতিক আৰু সামাজিক পৰিষদ

(iv) ন্যাসৰক্ষী পৰিষদ

(v) আন্তর্জাতিক ন্যায়ালয়

(vi) সচিবালয়
Activity 4 · Question and answer

Question

[অতি চমু উত্তৰ] ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।

Answer

ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সি হৈছে ㅡ

(i) আন্তর্জাতিক শ্রমিক সংস্থা (ILO)

(ii) বিশ্ব স্বাস্থ্য় সংস্থা (WHO)
Activity 5 · Question and answer

Question

[অতি চমু উত্তৰ] নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

Answer

নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ'ল 一

(i) ১৯৬৩ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” (Nuclear Non-Proliferation Treaty)

(ii) ১৯৯৬ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধিকৰণ চুক্তি” (Comprehensive Test Ban Treaty / CTBT)
Activity 6 · Question and answer

Question

[অতি চমু উত্তৰ] মানৱ অধিকাৰ মানে কি বুজা?

Answer

বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়, এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে।
Activity 7 · Question and answer

Question

[দীঘল উত্তৰ] ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

Answer

ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিৱিষ্ট হৈছে। উদ্দেশ্যকেইটা হ'ল —

(i) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(ii) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

(iii) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।

(iv) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা।

ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিকেইটা হ'ল ―

(i) সকলো সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ'ব।

(ii) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।

(iii) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনা আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।

(iv) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।

(v) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।

(v) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
Activity 8 · Question and answer

Question

[দীঘল উত্তৰ] ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।

Answer

ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ'ল নিৰাপত্তা পৰিষদ। আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্য়া আছিল ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্য়া আছিল ৬ খন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা দহ খনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো' দিলে সিদ্ধান্ত গ্রহণ নহয়।
Activity 9 · Question and answer

Question

[দীঘল উত্তৰ] বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

Answer

জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তৰ্জাতিক সংগঠন গঠন কৰা হৈছিল। এই সংগঠনটোৱে আজি প্ৰায় ৭০ বছৰত ভৰি দিলে।

এই সময়ছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে। ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। তাৰ পিছৰে পৰা ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল।

(i) ১৯৬৩ চনত “আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি” (Partial Nuclear Test Ban Treaty),

(ii) ১৯৬৭ চনত “বহি মহাকাশ চুক্তি” (Outer Space Treaty),

(iii) ১৯৬৮ চনত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” (Nuclear Non Proliferation Treaty),

(iv) ১৯৭১ চনত “সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি” (Seabed Control Treaty)

(v) ১৯৭২ চনত “চল্ট-১”(SALT-1 or Strategic Arms Limitation Treaty)

(vi) ১৯৭৯ চনত “চল্ট-২” (SALT-2)

(vii) ১৯৯৩ “পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি” (Nuclear Arms Control Treaty)

(viii) ১৯৯১ আৰু ১৯৯৩ চনত START (Strategic Arms Reduction Treaty)-1 আৰু START-2

(ix) ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি” (CTBT or Comprehensive Test Ban Treaty)

উক্ত চুক্তিসমূহ সম্পাদনাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে ǀ ৰাষ্ট্ৰসংঘৰ সু-ব্যৱস্হাৰ ফলশ্ৰুতিতে হয়তো আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বিৰত থাকিব পাৰিছো ǀ
Activity 10 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।

Answer

১৯৯৩ চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিৱেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্য ৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ইয়াৰ ঠিক কিছুদিনৰ পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখনত ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায়। এই আইনখন "মানৱ অধিকাৰ সুৰক্ষা আইন", ১৯৯৩ নামে জনাজাত হয়। এই আইনৰ মতে ৰাজ্যবোৰতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়।

আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মূখ্য ন্যায়াধীশ হ'ব লাগে। ইয়াৰ অন্য সদস্য সকল হৈছে ―

(i) এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ

(ii) এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ

(iii) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি

এইবোৰৰ উপৰিও সংখ্যালঘুৰ আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি সদস্য হিচাপে থাকে। সকলো সদস্যৰে কাৰ্যকাল ৫ বছৰ।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে।
Activity 11 · Question and answer

Question

[দীঘল উত্তৰ] মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা।

Answer

ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে, ঠিক তেনেদৰে বিশ্বত প্রতিজন মানুহে যাতে মর্যাদাপূর্ণ জীৱন-যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্রয়োজন হোৱা কিছুমান অধিকাৰৰ সুৰক্ষা দিয়াৰ ব্যৱস্থাও কৰিছে। এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্রৰ সমর্থনত ‘মানৱ অধিকাৰ ঘোষণা পত্র’ গ্রহণ কৰে।

এটা প্রস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সন্মিলিত হৈ এই ঘোষণা পত্রই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে। প্ৰথমে, বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে, এই ঘোষণা পত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্রসমূহে স্বীকৃতি দিছে।

এই ঘোষণা পত্ৰত উল্লেখ থকা অধিকাৰ সমূহে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত সীমাবদ্ধতা আনিছে। নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকান কৰিব নোৱাৰে। দেশৰ নাগৰিকক এই অধিকাৰবোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তাৰ ৰক্ষা কৰাতো সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণা পত্ৰৰ যোগেদি স্পষ্ট কৰি দিছে।
Activity 12 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্য্যৰ বিষয়ে লিখা । [HSLC '16]

Answer

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ, য'ত সকলো সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি থাকে। ইয়াৰ কিছু মুখ্য ক্ষমতা আৰু কাৰ্য্যসমূহ হ'ল:

নিয়ম আৰু নীতি নিৰ্ধাৰণ: সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ বিভিন্ন নীতি আৰু কৰ্মসূচী নিৰ্ধাৰণ কৰে।

বাজেট অনুমোদন: সভাই ৰাষ্ট্ৰসংঘৰ কাৰ্য্যৰ বাবে বাজেট প্ৰস্তাৱ অনুমোদন কৰে।

ৰাষ্ট্ৰৰ সদস্যতাৰ বিবেচনা: নতুন সদস্য ৰাষ্ট্ৰৰ সদস্যতাৰ আবেদন বিবেচনা কৰি সিদ্ধান্ত লয়।

বিশ্বৰ বিষয়সমূহৰ ওপৰত আলোচনা: সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সমস্যা, শান্তি আৰু নিরাপত্তা বিষয়ত আলোচনা কৰে।

বিশেষ প্ৰতিবেদন পঢ়া: সদস্য ৰাষ্ট্ৰসমূহৰ পৰা আহৰণ কৰা বিশেষ প্ৰতিবেদনসমূহৰ ওপৰত আলোচনা কৰে আৰু সিদ্ধান্ত গ্ৰহণ কৰে।

সম্মিলিত সিদ্ধান্ত গ্ৰহণ: সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহৰ দ্বাৰা পঠোৱা প্ৰস্তাৱসমূহৰ ওপৰত ভোট দিয়ে আৰু সিদ্ধান্ত গ্ৰহণ কৰে।
Activity 13 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্রধান কার্য উল্লেখ কৰা। [HSLC '15]

Answer

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্রধান কার্য:

১. মানৱ অধিকাৰৰ উলংঘন সম্পৰ্কে পৰ্যালোচনা: আয়োগে মানৱ অধিকাৰ উলংঘনৰ অভিযোগ গ্ৰহণ কৰে আৰু সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে।

২. প্ৰতিবেদন দাখিল কৰা: আয়োগে মানৱ অধিকাৰ উলংঘনৰ বিষয়সমূহৰ ওপৰত চৰকাৰক প্রতিবেদন প্ৰস্তুত কৰি দাখিল কৰে।

৩. জনসচেতনতা সৃষ্টি: আয়োগে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে।

৪. সুপাৰিশ আৰু পৰামৰ্শ প্ৰদান: আয়োগে চৰকাৰক মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ে সুপাৰিশ আৰু পৰামৰ্শ প্ৰদান কৰে।

এই কার্যসমূহে ভাৰতত মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।
Activity 14 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্রধান কার্য উল্লেখ কৰা। [HSLC '12]

Answer

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ চাৰিটা প্রধান কার্য হ'ল:

১. আয়োগে মানৱ অধিকাৰ উলংঘনৰ অভিযোগসমূহ গ্রহণ কৰে।

২. আয়োগে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে।

৩. আয়োগে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়ে চৰকাৰক সুপারিশ আৰু পৰামৰ্শ প্ৰদান কৰে।

৪.আয়োগে জনসাধাৰণৰ মাজত মানৱ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে।

এই কার্যসমূহে ভাৰতত মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
Activity 15 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] বিশ্বশান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা। [HSLC '22]

Answer

ৰাষ্ট্ৰসংঘ বিশ্বশান্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠিত ৰাষ্ট্ৰসংঘে যুদ্ধৰ বিভীষিকা আঁতৰ কৰিবলৈ শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ চেষ্টা কৰি আহিছে। ইয়াৰ তৎপৰতাত বিশ্বৰ বিভিন্ন সমস্যাসমূহৰ সমাধান আলোচনা আৰু সমঝোতাৰ মাধ্যমে কৰিবলে চেষ্টা কৰা হৈছে। ৰাষ্ট্ৰসংঘে নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুবিধ পদক্ষেপ গ্ৰহণ কৰিছে, যেনে আণবিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি। ইয়াৰ দ্বাৰা বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ এই উদ্যোগসমূহে বিশ্ব শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে বিশেষ অৱদান ৰখা হৈছে।
Activity 16 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা। [HSLC '20]

Answer

ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰি গঠন কৰা হয়। এই আয়োগৰ উদ্দেশ্য হৈছে মানৱ অধিকাৰ সুৰক্ষিত কৰা। আয়োগটোৰ সদস্যসকল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অন্য উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মানৱ অধিকাৰ ক্ষেত্ৰত জ্ঞানী আৰু অভিজ্ঞ ব্যক্তিসকলৰ পৰা নিৰ্বাচিত হয়। সদস্যসকলৰ কাৰ্যকাল পাঁচ বছৰ।

আয়োগে মানৱ অধিকাৰৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্রহণ কৰে আৰু সেই সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰে। মানৱ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিয়ে আৰু ৰাষ্ট্ৰীয় প্ৰশাসনৰ প্ৰতি পৰ্যবেক্ষণ ৰখা হয়। এইদৰে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ভাৰতত মানৱ অধিকাৰ সংৰক্ষণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
Activity 17 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষ্যটো কি? [HSLC '20]

Answer

ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে স্থাপিত হৈছিল। ইয়াৰ মূল লক্ষ্য হ'ল আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা, সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰা, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা।
Activity 18 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া। [HSLC'19]

Answer

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ হ'ল ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগ। এই পৰিষদত স্থায়ী পাঁচজন সদস্য আৰু অস্থায়ী দহজন সদস্য থাকে।স্থায়ী সদস্যসকল হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। নিৰাপত্তা পৰিষদে কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ ৯ জন সদস্যৰ সন্মতি লাগিব। স্থায়ী সদস্যসকলৰ 'ভেটো' ব্যৱস্থাৰ কাৰণে তেওঁলোকৰ সিদ্ধান্তই বিশেষ প্ৰভাৱ পেলায়। এই পৰিষদৰ মূল উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
Activity 19 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজন কোন আছিল? [HSLC'19]

Answer

ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক নিৰাপত্তা পৰিষদৰ অনুমোদনৰে সাধাৰণ সভাই নিয়োগ কৰে। সচিব প্রধানৰ কাৰ্যকাল ৫ বছৰ, আৰু তেওঁ পুনৰ নিৰ্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান আছিল নৰৱেৰ ট্ৰাইভহাল্ডান লী।
Activity 20 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা। [HSLC '18]

Answer

ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে গঠন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কার্য সম্পাদন কৰা। আয়োগৰ সভাপতি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। সদস্যসকল তিনিবছৰৰ বাবে নিৰ্বাচিত হয় আৰু ইয়াৰ কাৰ্যকালত মানৱ অধিকাৰ উলংঘনৰ অভিযোগসমূহৰ পৰ্যালোচনা আৰু চৰকাৰৰ প্রতি প্ৰতিবেদন দাখিল কৰাৰ লগতে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।
Activity 21 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে। মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্রধান উদ্দেশ্য কি? [HSLC '17]

Answer

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে।

এই ঘোষণাপত্রৰ প্রধান উদ্দেশ্য হৈছে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰ মৌলিক অধিকাৰসমূহক সুৰক্ষা আৰু সন্মান প্ৰদান কৰা, যাতে তেওঁলোকে মর্যাদাপূর্ণ জীৱন যাপন কৰিব পাৰে।
Activity 22 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য লিখা। [HSLC '06]

Answer

ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য হৈছে: আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্ৰতিষ্ঠা কৰা।আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা সমাধান কৰা।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যি কোনো তিনিটা ক্ষমতা লিখাঁ। [HSLC '10]

Answer

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তিনিটা ক্ষমতা হৈছে:

মানৱ অধিকাৰ উলংঘা সম্পর্কীয় অভিযোগ গ্রহণ কৰা।

সংশ্লিষ্ট চৰকাৰৰ পৰা প্ৰতিবেদন বিচৰা।

অধিকাৰ উলংঘনৰ বিষয়ত চৰকাৰক পৰামৰ্শ আৰু সুপাৰিশ প্ৰদান কৰা।
Activity 24 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দুটা মুখ্য ক্ষমতা লিখা। [HSLC '11]

Answer

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দুটা মুখ্য ক্ষমতা হৈছে:

মানৱ অধিকাৰ উলংঘা সম্পর্কীয় অভিযোগ গ্ৰহণ কৰা।

অধিকাৰ উলংঘনৰ বিষয়ে চৰকাৰক প্ৰতিবেদন প্ৰদান কৰা আৰু সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ৰাষ্ট্ৰসংঘৰ চাৰিটা/ছয়টা বিশেষ অভিকৰণ কি কি?

Answer

ৰাষ্ট্ৰসংঘৰ ছটা বিশেষ অভিকৰণ হৈছে:

১.সাধাৰণ সভা (General Assembly)

২.নিৰাপত্তা পৰিষদ (Security Council)

৩.অর্থনৈতিক আৰু সামাজিক পৰিষদ (Economic and Social Council)

৪.ন্যাসৰক্ষী পৰিষদ (Trusteeship Council)

৫.আন্তর্জাতিক ন্যায়ালয় (International Court of Justice)

৬.সচিবালয় (Secretariat)
Search books