Loading
Book contents

History — Chapter 5 (Part 1) — ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Activity 1 · Question and answer

Question

[অতি চমু উত্তৰ] সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

Answer

মিৰাট পৰ্যন্ত।
Activity 2 · Question and answer

Question

[অতি চমু উত্তৰ] সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?

Answer

খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল।
Activity 3 · Question and answer

Question

[অতি চমু উত্তৰ] ঋকবেদৰ আনুমানিক ৰচনা কাল কি?

Answer

খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ ৰ মানৰ ভিতৰত ঋকবেদ ৰচিত হৈছিল।
Activity 4 · Question and answer

Question

[অতি চমু উত্তৰ] ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

Answer

‘মুণ্ডক উপনিষদ’ৰ পৰা লোৱা হৈছে।
Activity 5 · Question and answer

Question

[অতি চমু উত্তৰ] প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?

Answer

কৌটিল্যৰ অৰ্থশাস্ত্ৰ।
Activity 6 · Question and answer

Question

[অতি চমু উত্তৰ] ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?

Answer

জৱহৰলাল নেহৰুৰ "ভাৰত সম্ভেদ" (Discovery of India) নামৰ গ্ৰন্থৰ জৰিয়তে।
Activity 7 · Question and answer

Question

[অতি চমু উত্তৰ] ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্রয়োগ কৰা হৈছিল?

Answer

গান্ধাৰ শিল্পকলাত।
Activity 8 · Question and answer

Question

[অতি চমু উত্তৰ] ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল?

Answer

খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা দ্বিতীয় শতিকালৈ ভৰত মুনিৰ নাট্যশাস্ত্র ৰচিত হৈছিল।
Activity 9 · Question and answer

Question

[অতি চমু উত্তৰ] ভৰতৰ নাট্যশাস্ত্রত কিমানটা শ্লোক আছে?

Answer

প্ৰায় ৬০০০ টা শ্লোক আছে।
Activity 10 · Question and answer

Question

[অতি চমু উত্তৰ] হেৰাকা আন্দোলন কি?

Answer

স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে "হেৰাকা" নামৰ আন্দোলনৰ জন্ম দিয়ে।
Activity 11 · Question and answer

Question

[অতি চমু উত্তৰ] নগালেণ্ডৰ "হৰ্ণবিল" উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?

Answer

ধনেশ পক্ষী।
Activity 12 · Question and answer

Question

[অতি চমু উত্তৰ] "চপচৰ কূট" কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?

Answer

মিজোৰামৰ পৰম্পৰাগত উৎসৱ।
Activity 13 · Question and answer

Question

[অতি চমু উত্তৰ] "মিজো" শব্দৰ অৰ্থ কি?

Answer

"মিজো" শব্দৰ অৰ্থ হ’ল "পাহাৰৰ বাসিন্দা"।
Activity 14 · Question and answer

Question

[অতি চমু উত্তৰ] উত্তৰ-পূর্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?

Answer

মেঘালয়।
Activity 15 · Question and answer

Question

[অতি চমু উত্তৰ] মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?

Answer

চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি।
Activity 16 · Question and answer

Question

[অতি চমু উত্তৰ] অসমৰ প্ৰাচীন নাম কি আছিল?

Answer

অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ।
Activity 17 · Question and answer

Question

[অতি চমু উত্তৰ] কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?

Answer

‘হা-চোম’ শব্দৰ পৰা।
Activity 18 · Question and answer

Question

[অতি চমু উত্তৰ] চৰ্যাপদ মানে কি?

Answer

চৰ্যাপদ হৈছে কেইটামান সহজযান পন্থীয় গীত।
Activity 19 · Question and answer

Question

[অতি চমু উত্তৰ] চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?

Answer

খ্ৰীষ্টিয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ ভিতৰত।
Activity 20 · Question and answer

Question

[অতি চমু উত্তৰ] মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?

Answer

বৰাহী ৰজা মহামাণিক্য।
Activity 21 · Question and answer

Question

[অতি চমু উত্তৰ] অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

Answer

শংকৰদেৱ।
Activity 22 · Question and answer

Question

[অতি চমু উত্তৰ] জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

Answer

আজানপীৰ নামেৰে খ্যাত চাহ মিলনে।
Activity 23 · Question and answer

Question

[অতি চমু উত্তৰ] আজানপীৰ কোন?

Answer

এজন চুফী সাধক। যিজনে ইছলামধৰ্মীয় গীত জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।
Activity 24 · Question and answer

Question

[অতি চমু উত্তৰ] আজানপীৰ কেতিয়া অসমলৈ আহিছিল?

Answer

স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত (ত্ৰয়োদশ শতিকাত)।
Activity 25 · Question and answer

Question

[অতি চমু উত্তৰ] দ-পর্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত হৈছিল?

Answer

খ্ৰীষ্টিয় ষষ্ঠ শতিকাত।
Activity 26 · Question and answer

Question

[অতি চমু উত্তৰ] চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?

Answer

আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, ফ্ৰসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল।
Activity 27 · Question and answer

Question

[অতি চমু উত্তৰ] লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্রদান কৰা হৈছিল?

Answer

প্ৰতিমা পাণ্ডে বৰুৱা।
Activity 28 · Question and answer

Question

[অতি চমু উত্তৰ] অসমৰ প্রথম বার্তালোচনীখনৰ নাম কি?

Answer

অৰুণোদয়।
Activity 29 · Question and answer

Question

[অতি চমু উত্তৰ] উত্তৰ-পূর্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি?

Answer

খাছীয়া।
Activity 30 · Question and answer

Question

[অতি চমু উত্তৰ] ৰচয়িতাসকলৰ নাম লিখা।

Answer

(ক) অর্থশাস্ত্র 一 কৌটিল্য।

(খ) হস্তিবিদ্যার্ণৱ 一 সুকুমাৰ বৰকাইথ।

(গ) কীৰ্ত্তন 一 শংকৰদেৱ।

(ঘ) নামঘোষা 一 মাধৱদেৱ।

(ঙ) চোৰধৰা পিম্পৰা গুচোৱা 一 মাধৱদেৱ।

(চ) কালিয় দমন 一 শংকৰদেৱ।

(ছ) ৰামবিজয় 一 শংকৰদেৱ।

(জ) কথাগীতা 一 ভট্টদেৱ।

(ঝ) ৰাজতৰঙ্গিনী 一 কলহল।

(ঞ) ভাৰত সম্ভেদ 一 জৱাহৰলাল নেহৰু।
Activity 31 · Question and answer

Question

[চমু উত্তৰ] খ্ৰীষ্টিয় যষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা?

Answer

গ্ৰীক আৰু মোগল।
Activity 32 · Question and answer

Question

[চমু উত্তৰ] সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা?

Answer

পশুপতি সদৃশ মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি।
Activity 33 · Question and answer

Question

[চমু উত্তৰ] অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।

Answer

ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল।
Activity 34 · Question and answer

Question

[চমু উত্তৰ] ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্রত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?

Answer

বর্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্রত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্রহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে। আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন হৈ কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।
Activity 35 · Question and answer

Question

[চমু উত্তৰ] বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।

Answer

ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ।
Activity 36 · Question and answer

Question

[চমু উত্তৰ] অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?

Answer

এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয়ৰ বাট মুকলি কৰিব লাগে।
Activity 37 · Question and answer

Question

[চমু উত্তৰ] সাংস্কৃতিক বহুত্ববাদ মানে কি?

Answer

সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়।
Activity 38 · Question and answer

Question

[চমু উত্তৰ] ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।

Answer

আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত।
Activity 39 · Question and answer

Question

[চমু উত্তৰ] প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা-শাস্ত্ৰৰ নাম লিখা।

Answer

চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।
Activity 40 · Question and answer

Question

[চমু উত্তৰ] ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?

Answer

দুটা ভাগত ভগাব পাৰি। সেই ভাগকেইটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।
Activity 41 · Question and answer

Question

[চমু উত্তৰ] চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।

Answer

ছাহজাহান আৰু জাহাংগীৰ।
Activity 42 · Question and answer

Question

[চমু উত্তৰ] ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।

Answer

লৱ-কুশৰ যুদ্ধ আৰু গীতা গোবিন্দ।
Activity 43 · Question and answer

Question

[চমু উত্তৰ] হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

Answer

দিলবৰ আৰু দোচাই।
Activity 44 · Question and answer

Question

[চমু উত্তৰ] ঝুম খেতি মানে কি বুজা?

Answer

পাহাৰীয়া অঞ্চলত হাবি-বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা- সঁজুলিৰে যি খেতি কৰা হয়, তাকে ঝুম খেতি বোলে।
Activity 45 · Question and answer

Question

[চমু উত্তৰ] জেং বিহু মানে কি?

Answer

ব’হাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ অগােচৰে নির্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য-গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়।
Activity 46 · Question and answer

Question

[চমু উত্তৰ] ওজাপালিৰ দুটা ভাগৰ নাম লিখা।

Answer

ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।
Activity 47 · Question and answer

Question

[চমু উত্তৰ] প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।

Answer

কপিল আৰু পতঞ্জলি।
Activity 48 · Question and answer

Question

[চমু উত্তৰ] আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।

Answer

দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
Activity 49 · Question and answer

Question

[চমু উত্তৰ] বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।

Answer

দৰং জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত বাঁস পূজা।
Activity 50 · Question and answer

Question

[চমু উত্তৰ] দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।

Answer

(ক) ঢেপা ঢুলীয়া নৃত্য আৰু

(খ) বৰ ঢুলীয়া নৃত্য।
Activity 51 · Question and answer

Question

[চমু উত্তৰ] ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?

Answer

(ক) অষ্ট্রিকসলক।

(খ) নিগ্রো গােষ্ঠী।

( গ ) মংগােলীয় গােষ্ঠী।

(ঘ) আর্যভাষী নর্ডিক।

(ঙ) দ্রাবিড়সকল। আৰু

(চ) পশ্চিমৰ প্রশস্ত মস্তিস্কী ( ৱেষ্টার্ণ ব্রেচিচেফালিক )।
Activity 52 · Question and answer

Question

[চমু উত্তৰ] ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।

Answer

ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে 一

(ক) সাংস্কৃতিক বহুত্ববাদ।

(খ) বিভিন্ন যুগৰ সাম্রাজ্যৰ দ্বাৰা সৃষ্টি হােৱা ৰাজনৈতিক একতা।

(গ) বিভিন্ন শাসকে অক্ষুন্ন ৰখা ধর্মীয় আৰু সাংস্কৃতিক একতা।
Activity 53 · Question and answer

Question

[চমু উত্তৰ] প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে?

Answer

প্ৰাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেচৰ শৈলীত ভগোৱা হয়।
Activity 54 · Question and answer

Question

[চমু উত্তৰ] ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।

Answer

ভাৰতবৰ্ষক ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলি বুজাব বিচৰা হৈছে। সিন্ধু সভ্যতা, বৈদিক সভ্যতা আৰু আর্য সভ্যতাৰ ভিন্ন নৃগােষ্ঠী যেনে – দ্রাবিড়, আর্যভাষী নর্ডিক, প্রট’ অষ্ট্ৰলয়ড, নিগ্রো, মংগােলীয়, ৱেষ্টার্ণ ব্রেচিচেফালিক আদিৰ প্ৰভাৱৰ পৰিণতিত ভাৰতৰ ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ–পূর্বাঞ্চলতাে মংগােলীয় আৰু অষ্ট্ৰিক নৃগােষ্ঠীয় লােকৰ পৰা কালক্ৰমত উত্থান হােৱা ভালেমান জাতি–জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে। ভাৰত আৰু উত্তৰ–পূর্বাঞ্চল উভয়ৰে লােকসমষ্টিৰ ধর্মীয় বিশ্বাস, উৎসৱ, নৃত্য, সংগীত, ৰীতি–নীতি ভিন ভিন। এই মহান আৰু অনন্য সাংস্কৃতিক ঐতিহ্য থকাৰ সত্ত্বেও সামগ্রিকভাৱে ভাৰতত আৰু বিশেষভাৱে উত্তৰ–পূর্বাঞ্চলত এক সাংস্কৃতিক একতা বিৰাজ যাৰ সূত্রপাত হৈছে বাণিজ্যক, আদান–প্রদান, বিবাহ, যুদ্ধকালীন পাৰস্পৰিক সাহায্য আদিৰ জৰিয়তে।

সমগ্ৰ ভাৰতখন বিভিন্ন ক্ষেত্ৰত বিবিধতাৰ সৃষ্টি কৰিও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। সামাজিক পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি ধর্মীয় ক্রিয়াকাণ্ড আদিৰ আত্মীয়কৰণৰ ফলত ভিন্ন সাংস্কৃতিক গােটৰ উত্থান হৈছে। গতিকে, লােকসকলৰ মাজৰ সাংস্কৃতিক বিনিময়ে সংস্কৃতিক একতাৰ জালিকা গঠন কৰিছে যিয়ে দেশৰ বৈচিত্র্যৰ মাজত একতা স্থাপনতাে ভূমিকা পালন কৰিছে।
Activity 55 · Question and answer

Question

[চমু উত্তৰ] UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।

Answer

UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছেঃ

(ক) তাজমহল।

(খ) অজন্তাৰ গুহাসমূহ আৰু

(গ) সাঁচীৰ স্তুপ।
Activity 56 · Question and answer

Question

[চমু উত্তৰ] ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?

Answer

প্রাচীন কালৰে পৰা ভাস্কর্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে। গৌতম বুদ্ধ, মহাবীৰ হিন্দুধর্মীয় বিভিন্ন দেৱ – দেৱী , যক্ষ – যক্ষিণী , অপেশ্বৰী , বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূর্তি আদি।
Activity 57 · Question and answer

Question

[চমু উত্তৰ] ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?

Answer

ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী হৈছেঃ

(ক) গান্ধাৰ শিল্পকলা

(খ) মথুৰা শিল্পকলা। আৰু

(গ) অমৰাৱতী শিল্পকলা।
Activity 58 · Question and answer

Question

[চমু উত্তৰ] দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।

Answer

দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছেঃ

(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ ( মহাৰাষ্ট্র )

(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ ( মধ্য প্রদেশ )। আৰু

(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ ( তামিলনাড় )।
Activity 59 · Question and answer

Question

[চমু উত্তৰ] চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?

Answer

খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় (১)আকৃতি, (২)জোখমাখ, (৩) আৱেগ-অনুভূতি প্ৰকাশক কৌশল, (৪) কলাত্মক উপস্থাপন, (৫) সাদৃশ্য জ্ঞান, (৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল। যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায়।
Activity 60 · Question and answer

Question

[চমু উত্তৰ] ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।

Answer

যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈই এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তে ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। আনুমানিক খ্রীষ্টিয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্রন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংগত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দর্শনৰ ৰূপত গঢ় দিছিল।
Activity 61 · Question and answer

Question

[চমু উত্তৰ] ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

Answer

(ক) নাগৰ শৈলীঃ- উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ হৈ থাকে।

(খ) দ্ৰাবিড় শৈলীঃ- এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰসমূহ দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (বিমান) আয়তাকাৰৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায়।

(গ) ৱেচ শৈলীঃ- এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়। ৱেচ শৈলীৰ মন্দিৰবিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়।
Activity 62 · Question and answer

Question

[চমু উত্তৰ] ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?

Answer

ৰঙালি বিহুৰ সাতদিনক ক্ৰমেঃ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু।
Activity 63 · Question and answer

Question

[চমু উত্তৰ] কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?

Answer

কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ-দেৱীৰ প্ৰশস্তি আদি।
Activity 64 · Question and answer

Question

[চমু উত্তৰ] অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।

Answer

ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ।
Activity 65 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।

Answer

সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি-উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবৰ্তিতা আৰু সন্মানৰ মনোভাৱ পোষণ কৰা যায়। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয়সকলে এক ঐক্যৱদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস, বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰিও এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। দুটা গোট যদি আঞ্চলিকভাৱে বিছিন্ন তেওঁলোক হয়তো ভাষিক বা ধৰ্মীয়ভাৱে ঐক্যৱদ্ধ।
Activity 66 · Question and answer

Question

[দীঘল উত্তৰ] "ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব"— বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা।

Answer

ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’- কথাষাৰ সত্য। বেদৰ সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য, গীতা, পুৰাণ, বেদাংগসমূহ (জ্যোতিষ, ব্যাকৰণ, ছন্দ, নিৰুক্ত, কল্প আৰু শিক্ষা); ৰাজনীতি বিষয়ক গ্ৰন্থ; কৌটিল্যৰ অৰ্থশাস্ত্ৰ; চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা; কালিদাস, শুদ্ৰক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজী ভাৰতীয় সাহিত্যৰ উজ্বল নিদৰ্শন ǀ কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি, ৰামানুজ, মাধবাচাৰ্য আদি দাৰ্শনিকৰ দৰ্শন গ্ৰন্থসমূহ; বুৰঞ্জীমুলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিনী; আৰ্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্ৰন্থ, দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে ǀ

উপৰুক্ত ৰচনাৰাজিয়ে জীৱন আৰু জগতৰ সম্পৰ্কে দৃষ্টিভংগী, ধৰ্ম বিশ্বাস, বিজ্ঞান মানসিকতা, কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্ৰতিফলিত কৰে। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।

হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ, মাতৃ, গুৰু, অতিথি বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থ ৰাজীয়ে প্ৰসাৰ কৰিছিল। জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ-পূণ্য আদিৰ ধাৰণাও এই গ্ৰন্থসমূহে জনপ্ৰিয় কৰি তুলিছিল। গ্ৰন্থসমূহত উল্লেখ থকা ‘সত্যমেৱ জয়তে’ (মুণ্ডক উপনিষদ), ‘অহিংসা পৰম ধৰ্ম’ (মহাভাৰত),‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী’ (ৰামায়ন), ‘বসুধৈৱ কটুম্বকম’ (মহোপনিষদ) আদি আমোঘ বাণীয়ে ভাৰতীয় মূল্যবোধৰ ভেটি ৰচনা কৰিছিল। অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানৰ প্ৰতি, জড়তাৰ বিপৰীতে চেতনা লৈ নিয়াৰ প্ৰাৰ্থনা- ‘অসতো মা সদগময়, তমসোমা জ্যোতিগময়, মৃত্যুৰ্মা অমৃতগময়’ আদি আমোঘ বাণীয়ে ভাৰতীয় মনস্তত্ত্বক প্ৰেৰণা যোগায় আহিছে।

সংস্কৃত ভাষাত ৰচিত গ্ৰন্থৰাজী পৰবৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষালৈ অনুবাদ হৈছে। ইয়াৰ বহু কথা পৰিয়ালসমূহত বংশানুক্ৰমে, মৌখিকভাৱে, সমূহীয়া নাম কীৰ্তনৰূপে বা সামাজিক ৰীতি নীতি হিচাপে প্ৰৱাহমান হৈ আছে।
Activity 67 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।

Answer

ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন ǀ এই পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্মণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে ǀইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন বাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল ǀ এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্বৰ বিৰোধিতা কৰা সত্বেও খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ কোনো সংঘাত হোৱা নাছিল ǀএকেটা কাৰণতেই হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল ǀ পৰবৰ্তী কালত বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায় ǀএই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্ণাৰত থকা ১২ নং বৃহৎশিলালেখ খনত এটা টোকা উল্লেখ কৰা কৰিব পাৰি ǀ এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে ǀ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সম্বন্বয় ৰ বাট মুকলি কৰিব লাগে বুলি কৰা সম্ৰাট অশোকৰ এই ঘোষণাই ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষী বহন কৰে ǀ পৰবৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টীয়ান, ইছলাম,জোৰষ্ট্ৰাৰ,ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল ǀ শাস্ত্ৰনিৰ্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি নীতিৰ ভিত্তিত সৃষ্টি হোৱা জনজাতীয় ধৰ্মবোৰো ভাৰতবৰ্ষত শান্তিপূৰ্ণ সহৱস্থান কৰি থকা দেখা যায় ǀ
Activity 68 · Question and answer

Question

[দীঘল উত্তৰ] উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?

Answer

উত্তৰ-পূৰ্বাঞ্চল শব্দটো বিট্ৰিছ শাসকসকলে উদ্ভাৱন কৰিছিল ǀ এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে- অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় (পৰৱৰ্তী সময়ত ছিক্কিম ও ইয়াত অন্তৰ্ভুক্ত হয়)। প্ৰত্যেকৰে নিজা নিজা কৃষ্টি সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে। এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিছে।

পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ সহায় কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই পাহাৰীয়া ǀ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকাই সৃষ্টি কৰা সমতল অংশ মাজভাগত লৈ অসমখনক উত্তৰ, পূৱ আৰু দক্ষিণ দিশত আন ৰাজ্যকেইখনে আৱৰি আছে। ঠিক তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যকেইখন বাংলাদেশ, ভূটান ম্যানমাৰ আদি বিদেশী ৰাষ্ট্ৰই আগুৰি আছে।

অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোক ǀ নগাসকলৰ একাংশৰ মাজত নিগ্ৰো নৃ-গোষ্ঠীৰ উপাদান পোৱা যায় ǀ মেঘালয়ৰ খাছীয়াসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক ǀ পাহাৰীয়া ৰাজ্যকেইখনৰ জনসাধাৰণ ঠাইবিশেষে হিন্দু, খ্ৰীষ্ট্ৰীয়ান, বৌদ্ধ ধৰ্মৰ অনুৰাগী।

পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা-প্ৰশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীয় লোকে বাস কৰে ǀপৰম্পৰাগত পোছাক,নৃত্য গীত,বাদ্য, উৎসৱ, দোৱান, লোক বিশ্বাস, ৰীতি নীতি আদিৰে বৰ্ণিল সংস্কৃতি প্ৰতিখন ৰাজ্যতে দেখিবলৈ পোৱা যায় ǀ প্ৰতিখন ৰাজ্যতে কম বেছি পৰিমাণে ঝুম খেতিৰ প্ৰচলন, পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা মদিৰাপান, আমিষ খাদ্য, পৰম্পৰাগত গ্ৰাম্য প্ৰশাসন, খেৰ বাঁহ আদিৰে নিৰ্মিত চাঙঘৰ বা পৰম্পৰাগত স্বকীয় শৈলীৰ ঘৰ দেখিবলৈ পোৱা যায় ǀ

উপৰুক্ত কাৰণসমূহৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হৈছে ǀ
Activity 69 · Question and answer

Question

[দীঘল উত্তৰ] উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা ǀ

Answer

ইংৰাজৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত মিছনেৰীসকলে খ্রীষ্টিয়ান ধর্মৰ প্রসাৰ ঘটায় । উত্তৰ পূর্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্রসাৰ অতি প্রাচীন কালতেই ঘটিছিল । অনুৰূপ ধৰণে মণিপুৰ আৰু ত্রিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধর্মৰ প্রসাৰ ঘটিছিল । অৱশ্যে এই অঞ্চলটোৰ পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস তথা ৰীতি নীতি সমান্তৰালভাবে চলি থকা দেখা যায় । উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রীষ্টিয়ান আকু বৌদ্ধ ধর্মাৱলম্বী আৰু একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্র-সূৰ্য তেওঁলোকৰ জনপ্রি় দেৱতা । নগাসকলে ধনেশ পক্ষীক এক এাণকর্তা পবিত্র জীৱ হিচাाপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত হৰ্ণবিল উৎসৱটো চৰকাৰৰ উদ্যোগত ডিচেম্বৰ মাহৰ প্ৰথম দহ দিন উদযাপন কৰে ǀ ঠিক তেনেদৰে স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেগুব পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্রৱর্তন কৰাৰ উদ্দেশ্যে হেৰাকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল । মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধর্মাৱলম্বী । বৈষ্ণৱ ধর্মৰে প্রভাৱিত গীত বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায় । চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম লৈ গঢি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক অকাদেমিৰ দ্বাৰা স্বীকৃতি প্রাপ্তৃ এটা ধ্রুপদী নৃত্য । মণিপুৰী সকলব একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থাৰ প্রচলন আছে । ত্রিপুৰাৰ অধিকাংশ লোকে হিন্দু ধর্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্রভাৱিত । বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্রিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায় । মেঘালয়ৰ পূর্বৰ প্রকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনব পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্মত দীক্ষিত হবলৈ ধৰে আৰু বৰ্তমান ৰাজ্যখনৰ ৭০ শতাংশতকৈ অধিক লোক এই ধৰ্মত দীক্ষিত ǀ

মিজোৰামৰ জন গাঁথনিও বিভিন্ন জনগোষ্ঠীৰে গঠিত । আটাইকে একেলগে বুলি কোৱা হয় । ‘মিজো’ শব্দ অর্থ হল- পাহাৰৰ বাসিন্দা ।এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্রীষ্টিয়ান ধর্মাৱলম্বীৰ লগতে কিছু সংখ্যক হিন্দুধর্মাৱলম্বী আছে । খ্রীষ্টিয়ান ধর্ম গ্রহণ কৰাৰ পিছত তেওঁলোকৰ পৰম্পৰাগত উৎসৱ, গীত মাতবোৰ হ্রাস পাবলৈ লৈছিল । ১৯৭৩ চনবপৰা মিজোসকলে তেওঁলোকৰ পৰম্পৰাগত ‘চপচৰ কূট’ উৎসৱটো পুনৰ উদযাপন কৰিবলৈ লৈছে আৰু লগতে অন্য পৰম্পৰাগত নৃত্য, সংগীত আদিবোৰ পুনৰুদ্ধাৰ কৰিবলৈ যত্নপৰ হৈছে।
Activity 70 · Question and answer

Question

[দীঘল উত্তৰ] অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল – প্ৰসংগটো চমুকৈ আলোচনা কৰা ǀ

Answer

ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল ǀ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল ǀ তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে , আক্ৰমণকাৰী হিচাপে,ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্হায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ǀ এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা ,সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে ǀইয়াৰ লগতে উল্লেখ কৰিব পাৰি ভাৰতত বাস কৰা প্ৰধান নৃ-গোষ্ঠী (দ্ৰাবিড়, নিগ্ৰো,অষ্ট্ৰিক আৰু মংগোলীয় আদি) কেইটাৰ অসমতো উপস্হিতি দেখা যায় আৰু সামগ্ৰিক ভাৱে ভাৰতত সংঘটিত হোৱা নৃতাত্বিক আৰু সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল ǀ ফলস্বৰূপে অসমত আৰ্য অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছিল ǀ
Activity 71 · Question and answer

Question

[দীঘল উত্তৰ] অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ǀ

Answer

অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰাকৃতিৰ পুথি চিত্ৰ সমূহৰ আৰ্হিত ৰজাঘৰীয়া আৰু সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয় ǀ সেই সময়ৰ কেইখনমান সচিত্ৰ পুথি হৈছে- আনন্দলহৰী,হস্তীবিদ্যাবৰ্ণ,চিত্ৰ ভাগৱত,গীত গোবিন্দ,কুমাৰ হৰণ,শংখচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি ǀ

উক্ত পুথিসমূহত স্হানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুবৰণীয়া চিত্ৰ অঁকা হৈছিল ǀ প্ৰথমে চিত্ৰৰ পটভূমিত এটা নিৰ্দিষ্ট ৰঙ বুলাই লোৱা হয় ǀতাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল ǀ

চিত্ৰসমূহত ৰজা,ৰাজদৰবাৰ,দেৱীমূৰ্তি,যুদ্ধৰ চিত্ৰ,হাতী,জীৱজন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল ǀখালী ঠাইবোৰবোৰত ফুল,লতা আদি আঁকি দিয়া হৈছিল

চিত্ৰসমূহত সাধাৰণতে ৰঙা,সেউজীয়া,হালধীয়া আৰু কলা ৰঙৰ প্ৰয়োভৰ দেখা যায় ǀ সন্মুখ আৰু পাৰ্শ্ব দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায় ǀ

মানুহ,জীৱ জন্তু ছৱিবোৰত মুখাৱয়ৱ ৰ্নিখুত প্ৰকাশ, শৰীৰৰ অনুপাত,মনৰ অনুভূতি প্ৰকাশক সূক্ষ্ম কৌশল প্ৰয়োগ কৰা দেখা নাযায় ǀ এক কথাত কবলৈ গলে চিত্ৰবোৰ আছিল সহজ-সৰল আৰু দৃষ্টিনন্দন ǀ

সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যাবৰ্ণ পুথিখনত কাৰ আৰু বৰণৰ হাতীৰ ছৱি আছে ǀ দিলবৰ আৰু দোচাই নামে দুজন চিত্ৰকৰে এই চিত্ৰবোৰ অংকন কৰিছিল ǀ
Activity 72 · Question and answer

Question

[দীঘল উত্তৰ] অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ǀ

Answer

অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে- ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক।

হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায় ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল ǀ

খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই ǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত ǀ

মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল ǀ তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে ǀ

অসমৰ পূৱ অংশত বাস কৰা টাইফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যামসকল বৌদ্ধ ধৰ্মাৱলম্বী ǀমধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাও প্ৰদান কৰিছিল ǀ
Activity 73 · Question and answer

Question

[দীঘল উত্তৰ] পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে ?

Answer

ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰকৃতিক সম্পদত চহকী অঞ্চল ǀ চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল ǀ তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায়-বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল ǀ এইবোৰৰ ফলস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছে।
Activity 74 · Question and answer

Question

[দীঘল উত্তৰ] “লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে” – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা ǀ

Answer

এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং, সুখ–দুখ ,শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয় ǀ সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে কিন্তু সেইবোৰৰ সৈতে অপৰিচলোক এজনে লোক সংস্কৃতি বিষয়ক প্ৰতিটো কথাই সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব ǀ উদাহৰণস্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি ǀ অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক পৰিচ্ছদ, আ-অলংকাৰ,খোৱা বোৱা,গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছধৰা, বিভিন্ন উৎসৱ, বাঁহ বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক, ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায় ǀ গতিকে দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মূহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ যোগেদি লোকসংস্কৃতি প্ৰতিফলিত হয় ǀ
Activity 75 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প

Answer

অতি প্ৰাচীন কালতেই ভাৰতৰ ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল ǀ সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায় ǀ পৰবৰ্তী সময়ত পোৰা মাটি, শিল , ব্ৰঞ্জ, তাম ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰো সংযোজন ঘটোৱা হৈছিল ǀ এই মূৰ্তি সমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ আৰু চতুৰ্ভংগ আৰ্হিৰ,সমানুপাতিক, পোছাক অলংকাৰেৰে নিখুত অলংকৰণৰে সজ্জিত মূৰ্তি দেখা যায় ǀ মনৰ শান্তি, সুখ, ক্ৰোধ আদি অনুভূতি প্ৰকাশ কৰিব পৰাকৈ মুখাবয়বত তথা অংগ-প্ৰত্যংগত সূক্ষ্ম কলা কৌশল প্ৰয়োগ আদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ǀ

গৌতম বুদ্ধ,মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্য সমূহত দেখিবলৈ পোৱা যায় ǀ অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্ৰিকভাৱে ভাৰতীয় সংস্কৃতিতো এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে ǀ দেশী বিদেশী বহুতো ৰাজবংশই নিৰ্মাণৰ এই কলাটোক পৃষ্ঠপোষকতা কৰিছিল ǀ

সামগ্ৰিক দিশৰ পৰা ভাৰতৰ ভাস্কৰ্য শিল্পক তিনিটা ভাগত ভগাব পাৰি ǀ সেই কেইটা হৈছে- গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ǀ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকালৈ গান্ধাৰ শিল্পকলাৰ প্ৰচলন আছিল আৰু সেইবোৰত গ্ৰীক-ৰোমান ভাস্কৰ্য শিল্প কলা প্ৰয়োগ কৰি বহুতো বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ মথুৰা শিল্পকলা আগতে স্বকীয়ভাৱে বিকাশ হৈছিল যদিও পিছলৈ এইবোৰত গান্ধাৰ শিল্পকলাৰ প্ৰভাৱ পৰিছিল ǀ অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল ǀ বিশেষকৈ সাতবাহন সম্ৰাজ্যৰ ৰজাসকলে সেই শিল্পকলাক আদৰি লৈছিল ǀ মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে ǀ
Activity 76 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: ভাৰতীয় চিত্ৰকলা

Answer

প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ǀ বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ ǀ বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ পৰ্বতৰ শিলাখণ্ডত অংকন কৰা হৈছিল। আনহাতে ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰা তথা সচিত্ৰ বিবৰণ দিবলৈ অংকন কৰা হৈছিল ǀ দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ, তামিলনাডুৰ চিত্তনাৱাচল আৰু আৰমামালাই আদিৰ গুহাৰ দেৱাল সমূহত অংকন কৰা হৈছিল ǀ এইবোৰৰ ভিতৰত অজন্তাৰ দেৱাল চিত্ৰবোৰ পৃথিৱী বিখ্যাত ǀ

দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাটকাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অকা হৈছিল মূলঃত সংশ্লিষ্ট গ্ৰন্থসমূহৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে। খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় ১)আকৃতি, ২)জোখমাখ, ৩) আবেগ অনুভূতি প্ৰকাশক কৌশল, ৪) কলাত্মক উপস্থাপন, ৫) সাদৃশ্য জ্ঞান, ৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায় ǀ প্ৰথমে দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল ǀ এলান্ধু, হালধী, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্ৰাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু বৰ্ণিল চিত্ৰ অংকন কৰা হৈছিল ǀ চুলতানী যুগত পাৰস্য দেশীয়কলা ৰীতিৰে অনুস্তপীয়াকৈ আৰম্ভ কৰা চিত্ৰশিল্পৰ চৰ্চাৰ প্ৰমাণো আজিৰ দিনত উদ্ধাৰ হৈছে ǀ মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হৈছিল। পাদছাহনামা, তুতুনামা, জাহাংগীৰনামা, দাস্তান-ই-আমিৰ, খামছা আদি গ্ৰন্থ সচিত্ৰকৈ অঁকা হৈছিল। মোগল যুগৰ চিত্ৰসমূহ সম্ৰাটসকলৰ ছৱি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছা, ফুল, গছ, লতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখা গৈছিল। ফাৰ্ছী ৰীতিৰ চিত্ৰশৈলীৰে ৰামায়ন, মহাভাৰত আদি হিন্দুধৰ্ম গ্ৰন্থত চিত্ৰ অঁকা হৈছিল।
Activity 77 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য

Answer

সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে ǀ সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল ǀ পৰবৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিবৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে ǀ

ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্যৰ অনুক্ৰমে বৰ্তমান সময়লৈকে সবল ৰূপত বৰ্তি আছে ǀ মোগল সকলৰ দিনত ইয়াৰ উৎকৰ্ষ সাধন হৈছিল ǀ সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী, পেপা, চেহনাই, ঢোল, তবলা বিভিন্ন প্ৰকাৰৰ তাল, নাগাৰা, মৃদংগ, খোল, চাৰংগী, চন্তুৰ, জলতৰংগ, নূপূৰ, চেতাৰ, চাৰিন্দা,দোতাৰা, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানেও সেইবোৰ বহুলভাৱে ব্যৱহৃত হৈ আছে।

সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰটো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে ǀ দেশৰ চুকে কোণে থকা অজস্ৰ লোকনৃত্যৰ ওপৰিও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী আছে। সেই আঠবিধ নৃত্য হল- কথাকলি (মালায়ালম,কেৰেলা ), মোহিনী আট্টম ( কেৰেলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী ( অন্ধ্ৰপ্ৰদেশ), অডিশি (উৰিষ্যা),কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম) আৰু মণিপুৰী (মণিপুৰ) ǀ
Activity 78 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ ভাস্কৰ্য শিল্প ।

Answer

অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি মাত্ৰিক বা পূৰ্ণাঙ্গ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিস্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল ǀ এই মূৰ্তিসমূহৰ ভিতৰত দেৱীমূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য, মগৰ, ঘোঁৰা, হাতী, সিংহ আদি ǀ ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিস্কৃত হোৱা ঠাই কিছুমান হ’ল- তেজপুৰৰ দ’ পৰ্বতীয়া, বামুণী পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগঙ্গা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি। কলা নিপুণতাৰ দিশৰ পৰা দ’-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাসপূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। তোৰণখনত অন্য মূৰ্তি কিছুমানো খোদিত কৰা হৈছে ǀ এই ভাস্কাৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্ট্ৰীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছে বুলি ঠাৱৰ কৰা হয় ǀ মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰে ǀ নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগীমাৰে পুৰুষ নাৰী,বিভিন্ন জীৱ জন্তু আৰু ভৈৰৱ, সূৰ্য আৰু বিষ্ণুৰ মূৰ্তি ইয়াত দেখিবলৈ পোৱা যায় ǀ
Activity 79 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ স্থাপত্য-শিল্প

Answer

অসমত স্থাপত্য শিল্পৰ বর্তমান যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোঁচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল । শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্রমে ৰপুৰৰ ৰংঘৰ, কাৰেঙঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে । এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ হল -কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ,উমানন্দ মন্দিৰ, নবগ্রহ মন্দিৰ, শিবদ’ল, জয়দ’ল, দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ হয়গ্রীব মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিব আদি । মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত । মন্দিৰবোৰত সাধাবণতে দুটা অংশ দেখা যায় গর্ভগৃহ আৰু মণ্ডপ । মন্দিবৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া । শিৱসাগবৰ শিৱদ’ল, বিষ্ণুদ’লত এনে শিখৰ দেখিবলৈ পোৱা যায় । এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলেৰে নির্মাণ কৰা ।

তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই ǀ কেইবা মহলীয়া এই প্ৰসাদটোৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আকু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে নির্মাণ কার্য সমাপ্ত কৰিছিল । বৰঘৰটো নির্মাণ কৰা হৈছিল দুমহলীয়াকৈ, সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ । বংঘবটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল । আহোম ৰাজত্ব কালত ভালেমান শিলৰ দলং নির্মাণ কৰা হৈছিল। এইবোৰৰ ভিতবত নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যবহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে 'কৰাল' তৈয়াৰ কৰা হৈছিল ǀ আহোম শাসন ব্যবস্থাত মঠ-মন্দিৰ, ৰাস্তা ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নির্মাণ কার্য জোখ-মাখ আদি চোৱা চিতা কবিবলৈ চাংৰুঙ ফুকন নামৰ এগৰাকী বিষয়া নিয়োগ কৰা হৈছে । চাংৰুঙ ফুকনৰ কার্যাৱলী লিপিবদ্ধ থকা। বুবঞ্জীসমূহক চাংৰুঙ ফুকনৰ বুবঞ্জী বুলি কোৱা হয় ।
Activity 80 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ বৈষ্ণৱী সাহিত্য ।

Answer

শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্রভাৱিত কৰিছিল । এই ধর্মীয় আন্দোলনৰ প্রভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয় । সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধর্মৰ তত্ত্বকথা আদি । শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ কীর্তন আৰু মাধৱদেৱৰ নামঘোষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয় । শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ ঝুমুৰা চোৰধৰা আৰু পিম্পৰা গুচোৱা' আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্র আদি ঠাইত প্রদর্শন কৰা হয়। শংকৰদেৱৰ প্রথম নাট ‘চিহ্নযাত্রা’ শ্বেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল । এই নাটত ব্যবহৃত বৃন্দাৱনী বস্ত্র অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল । এই বস্ত্রভাগি বর্তমান ব্রিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্রহালয়ত সংৰক্ষিত হৈ আছে। শংকবদেৱ মাধবদেৱৰ পিছত ভট্টদেৱ, অনন্ত কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী কথা ৰচনা কবি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে । শংকৰী সাহিত্যৰ প্রভাৱৰ বাহিৰত থাকি পীতাম্বৰ কবি, দুর্গাবৰ কায়স্থ, সুকবি নাৰায়ণদেৱ, মনকৰ আদিয়ে দেৱী, মনসা, পদ্মা, সতী বেউলা আদি কাহিনী ভিত্তিক গীতি কাব্য ৰচনা কৰিছিল । ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোবিন্দ মিশ্রৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ।
Activity 81 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ লোকসংগীত

Answer

অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে। কিছুমান লোক সংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰৱলভাৱে প্ৰবাহিত হৈ আছে। কেঁচুৱা টোপনি নিওঁৱা নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্রচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম, কামৰূপী লোকগীত, আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্রিয়তা আছে। বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশস্তি আদি প্রকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ে ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োবা বিশেষ অবদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাবা বটা প্রদানেৰে সন্মানিত হোৱা কেইগবাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে- প্রয়াত খগেন মহস্ত, ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্মশ্ৰী উপাধিৰে সন্মানিত হৈছিল ।
Activity 82 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ ধৰ্মীয় সংহতি

Answer

অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমৰ অধিকাংশ লোক হিন্দু। ইয়াৰ পিছতে আছে- ইছলাম, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক ǀ

হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায় ǀ অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত ǀ নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল ǀ

খ্ৰীষ্টিয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ǀ হাজোৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই ǀ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত ǀ

মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰৰ্মে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছু লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰসকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে।

অসমৰ পূৱ অংশত বাস কৰা টাইফাকে, তুৰুং, আইতন, খামটি, খাময়াং, শ্যামসকল বৌদ্ধ ধৰ্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনা স্থলী আদি নিৰ্মাণ কৰাই দান-দক্ষিণাও প্ৰদান কৰিছিল ǀ
Activity 83 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ বুৰঞ্জী সাহিত্য

Answer

মধ্যযুগত আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ ǀ ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনা সমূহ প্ৰথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল ǀ ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয় ǀ ব্ৰিটিছশাসন কালত এনে বহুতো বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয় ǀ এনে কেতবোৰ বুৰঞ্জী হৈছে- দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী আৰু পাদশ্যাহ বুৰঞ্জী আদি।
Activity 84 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: অসমৰ বিহু উৎসৱ

Answer

বিহু অসমৰ এক অতি আদৰৰ উৎসৱ । বহাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়।

ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয় ǀ চ’ত মাহৰ শেষৰ দিনটোক সংক্রান্তি বা দোমাহী বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। কৃষিজীৱী অসমীয়া সমাজত হালবোৱাকে আদি কৰি বিভিন্ন ক্ষেত্রত গৰুৰ ব্যৱহাৰ হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গাই গৰুৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা ৰাতিপুৱাই খাল দোং, নদী আদিলৈ গৰু-গাইবোৰ নি তেল হালধি সানি গা-ধুউৱা হয়, নতুন পঘা দিয়া হয়; গোহালি ঘৰ পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ধুপ-ধুনা, জাগ আদি দিয়া হয়। বহাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃ আৰু পৰিয়ালৰ বয়োজেষ্ঠ সকলব চৰণ চুই কনিষ্ঠ সকলে শ্ৰদ্ধা নিবেদন কৰে ǀ ৰাজহৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। এই কেইদিনৰ ভিতৰতে বয়স্থ লোকৰ হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য-গীত আদি কৰি গৃহস্থক আশীর্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলে নির্জন স্থানত পুৰষ মানুহে নেদেখাকৈ জেং বিহু পাতে। পথাৰৰ মাজৰ গছৰ তলত ডেকা-গাভৰুৱে প্রেম আৰু যৌৱনৰ অনুভূতি প্রকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয় । জনজাতিৰ লোকসকলে নিজা ৰীতিনীতি, গীত-মাত, বেশ-ভূষাৰে ভিন ভিন নামেৰে বিহু উৎসৱৰ আয়োজন কৰে। বড়ো, ৰাভা,কার্বি, মিচিং, দেউৰী, তিৱা আদি লোকসকলে নিজা গীত-মাত, সাজ-পোছাক আৰু পৰম্পৰাৰে বিহু উৎসৱ পালন কৰে। এই সকলো বাবেৰহণীয়া কৃষ্টিৰে বিশাল অসমীয়া সংস্কৃতি গঢ় লৈছে। ৰঙালী বিহৰ সাতদিনক ক্রমে গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। ঠাই ভেদে এই নামবোৰৰ তাৰতম্য হোৱা দেখা যায়। বহাগ বিহুৰ সমধর্মী হিচাপে উদযাপন কৰা দৰং জিলাৰ দেউল, পুৰণি কামৰূপৰ ভঠেলি, স’ৰি বা সুৱেঁৰি, দহৰ ফুৰোৱা, বাৰ গোপাল উলিওৱা আৰু পুৰণি গোৱালপাৰা জিলাৰ বাঁসপূজা আদি উল্লেখনীয়।

আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্রতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পবিত্ৰ ভাৱেৰে সিজু গছৰ তলত চাকি জ্বলায় ǀ কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায় ǀ এই ৰীতি নীতি বোৰৰ সৈতে কিছুমান ধর্মীয় বিশ্বাস জড়িত হৈ আছে।

মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকাল’ৰাহতে বা ৰাইজে দল বান্ধি পথাৰত মাজন গছৰ তলত খেৰ, নৰা আদিৰে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচা্বাহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে ǀ ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন বাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা-ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয় ǀ আলহীক দৈ, সান্দহ, চিৰা, পিঠা, জলপান আদিৰে আপ্যায়িত কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্রী উভেনদী হয় আৰু খোৱা-বোৱাৰ প্রাধান্য থকা বাবে মাঘ বিহুক ‘ভোগালী বিহু’ বুলি কোৱা হয়। ভাৰতবর্ষৰ বিভিন্ন প্রান্তত অসমৰ বহাগ বিহ, কাতি বিহ আৰু মাঘ বিহুৰ লেখীয়াকৈ ভিন ভিন নামেৰে ভিন ভিন ৰীতি নীতিৰে উৎসৱ পালন কৰা দেখা যায় ǀ
Activity 85 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ চিত্রকলা সম্পর্কে এটি টোকা লিখা। [HSLC '22]

Answer

অসমৰ চিত্রকলা বহুতো ঐতিহ্যবাহী আৰু সমৃদ্ধ। ইয়াত বিভিন্ন শৈলী আৰু প্ৰকাৰৰ চিত্রৰ সৃষ্টি হৈছে। অসমীয়া চিত্রকলাৰ ভিতৰত 'মাকুৰা', 'পাথৰীৰ', আৰু 'মিথুন' চিত্র খুবেই জনপ্রিয়। এই চিত্রকলাবোৰ সাধাৰণতে স্থানীয় পৰিৱেশ, সংস্কৃতি আৰু দৈনন্দিন জীৱনক প্ৰতিফলিত কৰে। অসমৰ চিত্রকলাৰ এক উল্লেখযোগ্য দিশ হৈছে ইয়াৰ কাহিনী আৰু আধ্যাত্মিকতা, যি আধ্যাত্মিক আৰু সামাজিক সাংস্কৃতিক অৰ্থ বহন কৰে। অসমৰ বিভিন্ন উৎসৱ আৰু সমাৰোহৰ সময়ত এই চিত্রকলা বিশেষকৈ প্ৰদৰ্শিত হয়।
Activity 86 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষত কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল?
[HSLC '10] |

Answer

ভাৰতবৰ্ষত ২২টা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।
Activity 87 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো কি? [HSLC '14] |

Answer

বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ জনপ্রিয় নামটো হৈছে "ভাগৱতদেৱ"।
Activity 88 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? [HSLC '15]

Answer

আজান ফকীৰৰ প্ৰকৃত নাম আছিল "আজানউদ্দিন"
Activity 89 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] 'অর্থশাস্ত্র' কোনে ৰচনা কৰিছিল? [HSLC '23]

Answer

'অর্থশাস্ত্র' ৰচনা কৰিছিল কৌটিল্য, যাক চাণক্য বুলি জানা যায় ।
Activity 90 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] লোকসংস্কৃতি কি? অসমৰ লোকসংস্কৃতিৰ দুটা উদাহৰণ দিয়া।

Answer

লোকসংস্কৃতি হৈছে জনতাৰ দৈনন্দিন জীৱন, অভ্যাস, ৰীতি-নীতি, কৃষ্টি আৰু পৰম্পৰাৰ সমষ্টি। এই সংস্কৃতি প্ৰায়েই মৌখিক আৰু স্থায়ী পৰম্পৰাৰ জৰিয়তে প্ৰজন্মে প্ৰজন্মলৈ প্ৰবাহিত হয়।

অসমৰ লোকসংস্কৃতিৰ দুটা উদাহৰণ:

বিহু: বিহু হৈছে অসমৰ আটাইতকৈ জনপ্রিয় লোকনৃত্য আৰু উৎসৱ। এই উৎসৱত কৃষি, শ্ৰমিক আৰু সামাজিক জীৱনৰ দিশবোৰক সন্মান জনোৱা হয় আৰু ইয়াৰ সৈতে গীত, নৃত্য আৰু খাওন-দাবলৈ এক বিশেষ স্থান থাকে।

মঙ্গল দিৱস: এই উৎসৱ অসমত অনুষ্ঠিত হোৱা এক ধৰণৰ লোকসংস্কৃতিক অনুষ্ঠান। ইয়াত বিভিন্ন আচাৰ, গীত আৰু নৃত্যৰ মাধ্যমে শান্তি আৰু সমৃদ্ধিৰ প্ৰার্থনা কৰা হয়।
Activity 91 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মধ্যযুগৰ অসমীয়া সাহিত্য সম্পর্কে এটি চমু টোকা লিখা। [HSLC '11]

Answer

মধ্যযুগৰ অসমীয়া সাহিত্য হৈছে প্ৰায় ১২ শতিকাৰ পৰা ১৭ শতিকাৰ মাজৰ সাহিত্যিক অভিব্যক্তি। এই সময়ত ধৰ্মীয় আৰু সাংস্কৃতিক উন্নয়ন ঘটিছিল। অসমীয়া ভাষাৰ কাব্য, নাটক, গীত আৰু দৰ্শনশাস্ত্ৰৰ প্ৰতিভাস ঘটিছিল। বিশেষকৈ, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য আৰু মাধৱ দেৱৰ দৰে লেখকসকলে ধৰ্মীয় আৰু সামাজিক বিষয়বস্তুৰ ওপৰত কাজ কৰিছিল।

মধ্যযুগৰ অসমীয়া সাহিত্যত চাৰা, ৰসৰূপ আৰু ভক্তিগীতিৰ দৰে ধৰণৰ সাহিত্যিক শৈলী প্ৰচলিত আছিল, যি লোকসংস্কৃতি আৰু ধৰ্মীয় আস্থা দুয়োকে সজাগ কৰি ৰাখে।
Activity 92 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পর্কে চমুকৈ আলোচনা কৰা। [HSLC '13]

Answer

বিহুৰ অৱদান অসমীয়া সমাজলৈ বহুতো গুৰুত্বপূর্ণ। এই উৎসৱটোৱে একতা আৰু সম্প্রীতিৰ বোধ বৃদ্ধি কৰে, যিয়ে সমাজৰ সকলো পৰ্যায়ৰ মানুহক একসাথে আনিবলৈ সহায় কৰে।বিহুৰ সময়ত লোকসঙ্গীত, নৃত্য আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপৰ মাধ্যমে, অসমীয়া সংস্কৃতিৰ পৰা সমাজৰ মূল্যবোধ আৰু পৰম্পৰা জনপ্ৰিয় হয়। এই উৎসৱই কৃষিজীৱনৰ উৎসাহ দিয়া আৰু উদ্যম সৃষ্টিত সহায় কৰে, যাতে কৃষকসকলৰ জীৱন উন্নতিৰ পথত আগবঢ়ায়।মুঠতে, বিহু হৈছে অসমীয়া সমাজৰ এক অভিন্ন মঞ্চ, যি সাংস্কৃতিক ঐক্য আৰু সামাজিক সম্পৰ্কৰ বাবে এক অপূৰ্ণীয় অৱদান ৰাখে।
Activity 93 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমত কিদৰে মুছলমান লোকসকলৰ বসবাসৰ সূচনা হৈছিল? [HSLC '14]

Answer

অসমত মুছলমান লোকসকলৰ বসবাসৰ সূচনা ১৩শ শতিকাৰ পৰা আৰম্ভ হৈছিল। এই সময়ত বিভিন্ন মুসলিম শাসক আৰু বাণিজ্যিক দলসমূহ অসমত আগমন কৰে। বিশেষকৈ, ১৫শ আৰু ১৬শ শতিকাত বকৰিৰ শাসনকালত মুছলমান জনসংখ্যা বৃদ্ধি পায়। ইয়াৰ ফলস্বৰূপে, অসমৰ সমাজ আৰু সংস্কৃতিত মুছলমানসকলৰ এক গুৰুত্বপূর্ণ ভূমিকা সৃষ্টি হয়, যিয়ে পৰবর্তীকালে স্থানীয় জনতাৰ সৈতে সম্পৰ্ক স্থাপন কৰে।

এইদৰে, মুছলমান লোকসকলৰ আগমন আৰু বসবাসে অসমত এক নতুন সাংস্কৃতিক আৰু সামাজিক পৰিৱেশৰ সৃষ্টি কৰে।
Activity 94 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমৰ যি কোনো তিনিটা প্রধান জনজাতীয়ে 'বিহু'। উৎসৱক কি কি বোলে লিখা। [HSLC '15]

Answer

অসমৰ তিনিটা প্রধান জনজাতীয়ে 'বিহু' উৎসৱক বিভিন্ন নামৰে উল্লেখ কৰে :

আহোম: আহোম জনগণ বিহুক 'ৰঙালী বিহু' বা 'বহাগ বিহু' হিচাপে পৰিচিত কৰে, যি বতৰৰ পৰা নতুন শস্যৰ আহৰণ আৰু নতুন বৰ্ষৰ আৰম্ভণিৰ প্ৰতীক।

মিঞা: মিঞা জনগণেও বিহুক 'বিহু' নামেৰে জনাইছে, যিয়ে ঐতিহ্য আৰু সংস্কৃতিৰ অংশ হিচাপে পালন কৰে।

কচাৰী: কচাৰী জনগণৰ বাবে বিহু উৎসৱ বিশেষ মহৎ, আৰু তেওঁলোকে ইয়াক 'বহাগ বিহু' হিচাপে পালন কৰে, যি সোৱাদ আৰু আনন্দৰ অৱসৰ হিচাপে দেখা যায়।
Search books