Loading
Book contents

Geography — Chapter 7 (Part 2) — পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Activity 1 · Question and answer

Question

[অনুশীলনী] পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

Answer

পৰিৱেশ (Environment) শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে সকলো আৱশ্যকীয় উপাদানক সামৰি লয়। আন কথাত, পৰিৱেশত জৈৱিক আৰু অজৈৱিক দুয়োটা উপাদানেই অন্তৰ্ভুক্ত হৈ থাকে।
Activity 2 · Question and answer

Question

[অনুশীলনী] পৰিৱেশৰ কেইটামান জৈৱিক আৰু কেইটামান অজৈৱিক উপাদানৰ কথা উল্লেখ কৰা।

Answer

জৈৱিক উপাদানসমূহ হ'ল 一 প্ৰাণ থকা বিভিন্ন প্ৰজাতিৰ অণুজীৱ, উদ্ভিদ, সৰু-বৰ বিভিন্ন প্ৰজাতিৰ পশু-পক্ষী ইত্যাদি।

অজৈৱিক উপাদানসমূহ হ'ল 一 প্ৰাণ নথকা অৰ্থাৎ মাটি, পানী, বায়ু, পোহৰ, তাপ ইত্যাদি।
Activity 3 · Question and answer

Question

[অনুশীলনী] স্থলমণ্ডল বুলিলে কি বুজায় লিখা।

Answer

শিল, মাটি, বালি, মাণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে।স্থলমণ্ডলতে আমি পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ পাঁও।
Activity 4 · Question and answer

Question

[অনুশীলনী] জলমণ্ডলৰ ভিতৰত কি কি পৰে ?

Answer

সাগৰ, মহাসাগৰ, নদ, নদী, হ্ৰদ, জলাশয় ইত্যাদি জলমণ্ডলৰ ভিতৰত পৰে।
Activity 5 · Question and answer

Question

[অনুশীলনী] বায়ুমণ্ডল কিহেৰে গঠিত লিখা ?

Answer

নাইট্ৰ'জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, হাইড্ৰ'জেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত।
Activity 6 · Question and answer

Question

[অনুশীলনী] জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।

Answer

জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ, উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰ সামৰি লয় ।পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে - স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই- চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।
Activity 7 · Question and answer

Question

[অনুশীলনী] পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখা।

Answer

পৃথিৱীৰ পৰিৱেশৰ প্ৰধান চাৰিটা মণ্ডল হৈছে – স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। পৃথিৱীৰ পৰিৱেশৰ এই চাৰিটা মণ্ডলৰ মাজত নিবিড় সম্পৰ্ক আছে।

উদাহৰণস্বৰূপে 一

জীৱমণ্ডলৰ আৱাসস্থান হ'ল - স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডল। জীৱ-জন্তু আৰু উদ্ভিদসমূহ জীয়াই থাকিবলৈ বায়ু আৰু পানীৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে স্থলমণ্ডলভাগত জীৱ বৰ্তি থাকিবলৈ হ'লে তাত পানী উপলব্ধ হোৱাটো জৰুৰী।

উক্ত মণ্ডলকেইটাৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে।মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপণ কৰিছে।
Activity 8 · Question and answer

Question

[অনুশীলনী] পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

Answer

পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ হৈছে ―

জনসংখ্যা বৃদ্ধি

উদ্যোগীকৰণ

নগৰীকৰণ

যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তন

বনাঞ্চল ধ্বংস
Activity 9 · Question and answer

Question

[অনুশীলনী] পৰিৱেশৰ সমস্যা মানে কি ব্য়াখ্যা কৰা।

Answer

এসময়ত যেতিয়া পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য অটুত আছিল, তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক জুৰুলা কৰা নাছিল। পিছে যোৱা তিনিটা দশকৰ পৰা জনসংখ্যা বৃদ্ধি আৰু তাৰ ফলত সম্পদৰ প্ৰয়োজন ইমানেই হ'ল যে পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক স্বাভাৱিক হৈ নাথাকিল।পৃথিৱীৰ প্ৰতিটো মণ্ডলতে মানুহৰ ক্ৰিয়া-কলাপৰ চাপ পৰিল। এহাতে অৰণ্যভূমি হ্ৰাস পালে আনহাতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে। পৰিণতিস্বৰূপে ন ন সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। পৰিৱেশৰ লগত জড়িত এই সমস্যাসমূহক পাৰিৱেশিক সমস্যা বা পৰিৱেশৰ সমস্যা বোলে।
Activity 10 · Question and answer

Question

[অনুশীলনী] ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

Answer

ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ তিনিটা ভাগত ভগাব পাৰি –

স্থানীয় সমস্যা,

আঞ্চলিক সমস্যা,

গোলকীয় সমস্যা।
Activity 11 · Question and answer

Question

[অনুশীলনী] পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

Answer

উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেতিয়াবা কিছুমান পাৰিৱেশিক সমস্যা একো একোটা ক্ষুদ্ৰ এলেকাত সীমাবদ্ধ হৈ থাকে। তাকে পৰিৱেশৰ স্থানীয় সমস্যা বোলে। যেনে - এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ। নগৰৰ কোনো এটা ক্ষুদ্ৰ এলেকাৰ নলা-নৰ্দমাৰ সমস্যা।
Activity 12 · Question and answer

Question

[অনুশীলনী] পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।

Answer

(i) অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা।

(ii) মহানগৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ নাটনিজনিত সমস্যা।
Activity 13 · Question and answer

Question

[অনুশীলনী] কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।

Answer

যিবিলাক পৰিৱেশৰ সমস্যাই সমগ্ৰ পৃথিৱীকে সামৰি লয় সেইয়াই গোলকীয় পৰিৱেশ সমস্যা। যেনে - গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা।
Activity 14 · Question and answer

Question

[অনুশীলনী] পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।

Answer

পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হৈছে 一

প্ৰদূষণ

মৰুকৰণ

ভূমিস্খলন

ভূমিক্ষয়

গোলকীয় উত্তাপ বৃদ্ধি

কৃত্ৰিম বান

সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি
Activity 15 · Question and answer

Question

[অনুশীলনী] প্ৰদূষণৰ অৰ্থ লিখা।

Answer

অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে প্ৰদূষণ বোলা হয়।
Activity 16 · Question and answer

Question

[অনুশীলনী] পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

Answer

পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, অণুজীৱ, বিকিৰণ, গেলা-পচা দ্ৰব্য মিহলি হৈ থাকিলে পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটে। ইয়াকে পানী প্ৰদূষণ বোলে।

1) পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা ওলোৱা অপদ্ৰব্য পানীত মিহলি হৈ পানী প্ৰদূষণ হয়।

2) উদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰৰ মাজেদি বা কাষেদি বৈ যোৱা নদ-নদীৰ পানী প্ৰদূষিত কৰে।

3) কৃষিভূমিত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগৰ ফলত সেইবোৰে এসময়ত ওচৰ-পাজৰ অঞ্চলৰ পানী প্ৰদূষিত কৰে।
Activity 17 · Question and answer

Question

[অনুশীলনী] মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।

Answer

মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি হ'লে মাটিৰ স্বাভাৱিক গুণ নষ্ট হয় আৰু লগতে ইয়াৰ উৰ্বৰতা হ্ৰাস পায়। ইয়াকে মাটি প্ৰদূষণ বোলে।

মাটি প্ৰদূষণৰ কাৰকসমূহ হৈছে 一

আধুনিক কৃষিকাৰ্যঃ- জলসিঞ্চন, ৰাসায়নিক সাৰ, অপতৃণনাশক আৰু কীটনাশকৰ অত্যাধিক প্ৰয়োগ।

উদ্যোগৰ প্ৰসাৰঃ- ঔদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থই মাটি প্ৰদূষিত কৰে। ভূ-গৰ্ভৰ পৰা খনিজ সম্পদবোৰ আহৰণ কৰোতে ওচৰৰ মাটি প্ৰদূষিত হয়।

বনাঞ্চল ধ্বংসঃ- খেতি পথাৰ, উদ্যোগ, ৰাস্তাঘাট আদি নিৰ্মাণৰ বাবে অত্যাধিক হাৰত বনাঞ্চলসমূহ ধ্বংস কৰি থকা হৈছে। বহু সময়ত ইয়াৰ ফলত মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হৈ পৰে।
Activity 18 · Question and answer

Question

[অনুশীলনী] বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।

Answer

বায়ুত কিছুমান বিশেষ গেছ - নাইট্ৰ'জেন, অক্সিজেন, কাৰ্বন-ডাই- অক্সাইড, মিথেন, আৰ্গন নিৰ্দিষ্ট অনুপাতত থাকে। এই নিৰ্দিষ্ট অনুপাতত থকা গেছবোৰে বায়ুমণ্ডলৰ ভাৰসাম্যতা বজায় ৰাখিছে। কিবা কাৰণত এই ভাৰসাম্যতা নষ্ট হ'লে বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। এনে পৰিৱৰ্তনে জীৱ আৰু জড়ৰ ক্ষতি সাধন কৰিলে তাক বায়ু প্ৰদূষণ বোলে।

প্ৰাকৃতিক কাৰক 一 আগ্নেয়গিৰি উদ্গীৰণ (ধোৱা, ধূলি, ছাই আৰু ছালফাৰ-ডাই- অক্সাইড গেছনিৰ্গত হয়।)

বনজুই দহনৰ ফলতো বায়ুমণ্ডলৰ অনিষ্ট সাধন হয়।

মানৱ সৃষ্ট কাৰক 一শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ, জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰ ইত্যাদি।
Activity 19 · Question and answer

Question

[অনুশীলনী] মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া।

Answer

মৰুভূমি এটা শুকান এলেকা য'ত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি।মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে।

১৯৭৭ চনত আফ্ৰিকা মহাদেশৰ নাইৰবিত ৰাষ্ট্ৰসংঘৰ এক বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল। এই সন্মিলনতে মৰুকৰণ সম্পৰ্কীয় সংজ্ঞা দিয়া হৈছিল। সেই সংজ্ঞাটো আছিল - “মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।”
Activity 20 · Question and answer

Question

[অনুশীলনী] মৰুকৰণৰ কাৰণ দৰ্শোৱা।

Answer

প্ৰাকৃতিক কাৰক 一 খৰাং বতৰ, গোলকীয় উত্তাপ বৃদ্ধি

মানৱ-সৃষ্ট কাৰক 一 অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, অত্যাধিক হাৰত বনাঞ্চল ধ্বংস।
Activity 21 · Question and answer

Question

[অনুশীলনী] মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?

Answer

মৰুকৰণ সমস্যা সমাধান কৰিব পৰা যায়। অৱশ্যে তাৰ বাবে আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজন হ'ব। মৰুকৰণৰ বাবে বিশেষকৈ মানুহৰ কাৰ্যকলাপেই দায়ী। সময় থাকোতে চৰকাৰী কঠোৰ আইন প্ৰণয়ন কৰি হ'লেও মৰুভূমি কাষৰীয়া বনাঞ্চল ৰক্ষাৰ ব্যৱস্থা কৰা উচিত। পশুবোৰৰ বাবে অনুমোদিত চৰণীয়া অঞ্চল ৰখাৰ ব্যৱস্থা কৰিব লাগে।ইয়াৰ লগতে সেইবোৰ অঞ্চলৰ আশে-পাশে থকা লোকসকল সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, যাতে সেইসকল লোকে জীৱিকা বা অৰ্থৰ বাবে বনাঞ্চল ধ্বংসৰ দৰে কাৰ্যত লিপ্ত নহয়।গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ বাবে মৰুকৰণৰ সমস্যা ক্ৰমে অধিক জটিল হৈ পৰিছে। মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হ'লে সমস্যাই জটিল ৰূপ পাব। সেয়েহে সময় থাকোতে আমি ব্যক্তিগত পৰ্যায়ত যিমান পাৰো এই সমস্যাটোৰ প্ৰতি সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন আছে।
Activity 22 · Question and answer

Question

[অনুশীলনী] গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।

Answer

প্ৰাকৃতিক বা মানৱ-সৃষ্ট কাৰকৰ প্ৰভাৱত ভূ-পৃষ্ঠৰ উপৰিভাগত থকা জলবায়ুৰ উষ্ণতা দিনক দিনে বৃদ্ধি পাইছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।

প্ৰাকৃতিক কাৰকঃ- সৌৰশক্তি ভূ-পৃষ্ঠলৈ অহা সৌৰশক্তিৰ এটা অংশ বায়ুমণ্ডলে শুহি লয় আৰু বাকী অংশ বায়ুমণ্ডলত তাপ হিচাপে এৰি দিয়ে। এই প্ৰক্ৰিয়াত সহায়ক হ'বলৈ বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ অনুপাতৰ ভাৰসাম্যতা ৰক্ষা হৈ থাকিব লাগে। অন্যথা কিছু সাল-সলনি ঘটিলে উত্তাপৰ তাৰতম্য ঘটে।

বায়ুমণ্ডলৰ কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত তাপ বা সৌৰশক্তি শোষণ কৰিব পাৰে। এইবোৰৰ ভিতৰত – কাৰ্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প আদিয়ে প্ৰধান। বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰণত সহায় কৰা এনেবোৰ গেছক সেউজগৃহ গেছ বোলে। বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

মানৱ-সৃষ্ট কাৰকঃ- বায়ুমণ্ডলত উত্তাপ বৃদ্ধিত সহায়ক হোৱা সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধিৰ প্ৰধান কাৰক মানুহৰ কামকাজ। উদ্যোগ, কল-কাৰখানা, যান- বাহন, ৰেফ্ৰিজাৰেটাৰ, এ. চি.ৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে ধৰি বিভিন্ন সেউজগৃহ গেছৰ পৰিমাণ নিতৌ বাঢ়িছে। যিয়ে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰিছে।
Activity 23 · Question and answer

Question

[অনুশীলনী] গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।

Answer

গোলকীয় উত্তাপ বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব 一

(i) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন

(ii) সাগৰ পৃষ্ঠৰ উত্থান

(iii) উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন

(iv) শস্য উৎপাদন হ্ৰাস

(v) মৰুকৰণ প্ৰক্ৰিয়া বৃদ্ধি পাব
Activity 24 · Question and answer

Question

[অনুশীলনী] গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?

Answer

গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায়বোৰ হ'ল 一

(i) অত্যাধিক হাৰত গছ-গছনি ৰোপণ

(ii) এ.চি., ৰেফ্ৰিজাৰেটৰ আদি প্ৰয়োজননুসাৰে সীমিত পৰিমাণে ব্যৱহাৰ কৰা

(iii) জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা

(iv) যান-বাহনত উন্নত মানদণ্ডৰ ইন্ধন ব্যৱহাৰ কৰা

(v) পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা বৃদ্ধি কৰা

(vi) সেউজগৃহ গেছৰ নিৰ্গমণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মৰুকৰণ কি? মৰকৰণৰ দুটা কাৰণ লিখা ? [HSLC '17,'22]

Answer

মৰুকৰণ হৈছে ভূমিৰ প্ৰক্ৰিয়া যাৰ ফলত স্থলভাগ মকভূমিত পৰিণত হয়।

মৰুকৰণৰ দুটা কাৰণ হৈছে:

খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি।

অত্যাধিক পশুচাৰণ আৰু কৃষিৰ প্ৰসাৰ।
Activity 26 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] প্রদূষণ কি? বায়ু কেনেকৈ প্রদূষিত হয় লিখা।[HSLC '17]

Answer

প্ৰদূষণ হৈছে প্ৰাকৃতিক পৰিৱেশৰ গুণগত মানৰ হ্ৰাস।

বায়ু প্ৰধানকৈ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ, শিল্প-বিপ্লৱ, আৰু আগ্নেয় উদ্‌গৰণৰ দ্বাৰা প্ৰদূষিত হয়। এই কাৰণবোৰে বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি কৰে।
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] গোলকীয় উত্তাপ বৃদ্ধি কি? গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি, লিখা।
[HSLC '18]

Answer

গোলকীয় উত্তাপ বৃদ্ধি হৈছে পৃথিৱীৰ বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ উত্তাপৰ বৃদ্ধি, যি মূলতঃ মানৱসৃষ্ট কাৰ্য্যকলাপৰ ফল।

গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰিবলৈ, পৃথিৱীৰ ৰাষ্ট্ৰসমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেইবোৰৰ ভিতৰত আছে:

১.জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা।

২.সেউজগৃহ গেছৰ নিঃসৰণ কমোৱা।

৩.বিভিন্ন উদ্ভিদ ৰোপণ আৰু বন সংৰক্ষণ কৰা।

৪.ৰাষ্ট্ৰসংঘৰ দ্বাৰা কৰা আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু উদ্যোগ।
Activity 28 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা [HSLC '18]

Answer

পৰিৱেশ পৰিৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ হৈছে :

প্ৰাকৃতিক কাৰণ, যেনে জলবায়ু চক্র।

মানৱসৃষ্ট কাৰণ, যেনে শিল্প-বিপ্লৱ আৰু জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ।

বননি ধ্বংস আৰু কৃষিৰ প্ৰসাৰ।
Activity 29 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] প্রদূষণ মানে কি বুজায়? মাটি কিদৰে প্ৰদূষিত হয়, লিখা।

Answer

প্রদূষণ মানে হৈছে পৰিৱেশৰ উপাদানবোৰৰ গুণগত মান হ্ৰাস পোৱা। মাটি প্ৰদূষিত হয় বিশেষকৈ ৰাসায়নিক সামগ্ৰীৰ, শিল্পৰ আবর্জনা, আৰু কৃষিত ব্যৱহাৰ কৰা পেষ্টিচাইড আৰু ৰাসায়নিক সারৰ পৰা। এইসকলৰ কাৰণে মাটিৰ গুণমান আৰু উৎপাদন ক্ষমতা হ্ৰাস পায়।
Activity 30 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মৰুকৰণৰ প্ৰধান কাৰণসমূহ চমুকৈ লিখা। [HSLC '19]

Answer

মৰুকৰণৰ প্ৰধান কাৰণসমূহ হৈছে:

প্ৰাকৃতিক কাৰক: খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধি।

মানৱসৃষ্ট কাৰক: অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, আৰু বননি ধ্বংস।
Activity 31 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] পানী প্রদূষণ কেনেকৈ হয়? [ HSLC '20]

Answer

পানী প্ৰদূষণ হয় বিভিন্ন কাৰণৰ বাবে, যেনে:

1.জীৱাশ্ম জ্বালানি আৰু শিল্পৰ কাৰ্য্যকলাপৰ ফলত উত্পন্ন বর্জ্য পানীত মিশ্ৰিত হোৱা।

2. কৃষিৰ বাবে ব্যৱহাৰ কৰা কীটনাশক আৰু ৰাসায়নিক পদাৰ্থবোৰ পানীত সোমাই যোৱা।
Activity 32 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল লিখা।

Answer

গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল হৈছে:

মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন।

সাগৰপৃষ্ঠৰ উত্থান।

উদ্ভিদ আৰু প্রাণীজগতৰ জন্ম, বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন।
Activity 33 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মাটি কেনেকৈ প্ৰদূষিত হয় ? [HSLC '22]

Answer

মাটি প্ৰদূষিত হয় বিভিন্ন কাৰণৰ বাবে। মূলতঃ কৃষি ৰাসায়নিক (যেন, কীটনাশক আৰু সাৰ) ব্যৱহাৰ, শিল্প উৎপাদনৰ বর্জ্য, প্লাষ্টিক আদি আবর্জনা, আৰু চহৰাঞ্চলৰ ময়লাৰ বাবে মাটি প্ৰদূষিত হয়। এইসকল কাৰণে মাটিৰ গুণাগুণ হ্ৰাস পায় আৰু ফল-ফলাদিৰ উৎপাদন ক্ষমতা কমে যায়।
Activity 34 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "গোলকীয় উষ্ণায়ন” মানে কি? গোলকীয় উষ্ণায়ন ভাগবোৰ ব্যাখ্যা কৰা।

Answer

"গোলকীয় উষ্ণায়ন" মানে হৈছে পৃথিৱীৰ বায়ুমণ্ডল আৰু ভূ-পৃষ্ঠৰ তাপমাত্রাৰ বৃদ্ধি, যি বিশেষকৈ গ্ৰীণহাউচ গেছৰ (যেনে, কাৰ্বন-ডাই-অক্সাইড, মিথেন) বৃদ্ধি আৰু মানৱীয় কার্যকলাপৰ ফলত হয়।

গোলকীয় উষ্ণায়নৰ ভাগবোৰৰ ব্যাখ্যা:

প্রাকৃতিক কাৰণ: প্ৰাকৃতিক ৰূপে সৌৰশক্তিৰ পৰিৱর্তন আৰু অন্যান্য পৰিৱেশগত কাৰকবোৰে এই উষ্ণায়নৰ গতি নিয়ন্ত্ৰণ কৰে।

মানৱসৃষ্ট কাৰণ: শিল্প-বিপ্লৱৰ পৰাই জীৱাশ্ম ইন্ধনৰ অধিক ব্যৱহাৰ, বননি ধ্বংস, আৰু কৃষিৰ ৰাসায়নিক ব্যৱহাৰে গ্ৰীণহাউচ গেছৰ পৰিমাণ বঢ়াইছে।

ভৱিষ্যত পৰিণাম: গোলকীয় উষ্ণায়নে সাগৰপৃষ্ঠৰ উত্থান, বৰফস্তূপৰ গলন, আৰু উদ্ভিদ আৰু প্রাণীজগতৰ বণ্টন তথা বৃদ্ধি পৰিৱর্তিত কৰে, যাৰ ফলত বিশ্বজীৱন বিপন্ন হয়।

এইবোৰৰ মাধ্যমে পৃথিৱীৰ জলবায়ুৰ সুৰক্ষা আৰু স্থিতিশীলতা সংকটত পৰিছে।
Search books