History — Chapter 1 (Part 1) — বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
Question
[অতি চমু উত্তৰ] বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল?
Answer
লৰ্ড কাৰ্জনৰ শাসনকালত।
Question
[অতি চমু উত্তৰ] ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
Answer
১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল।
Question
[অতি চমু উত্তৰ] বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
Answer
১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ লোৱা হৈছিল।
Question
[অতি চমু উত্তৰ] স্বদেশী আন্দোলনৰ সময়ছোৱাত 'যুগান্তৰ' নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল?
Answer
ভূপেন্দ্ৰ নাথ দত্ত।
Question
[অতি চমু উত্তৰ] বংগদেশত 'জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
Answer
১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চত।
Question
[অতি চমু উত্তৰ] ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল?
Answer
আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়।
Question
[অতি চমু উত্তৰ] কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে "স্বৰাজ" বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
Answer
ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে "স্বৰাজ" দাবী প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
Question
[অতি চমু উত্তৰ] বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
Answer
১৯১১ চনৰ ১২ ডিচেম্বৰত।
Question
[চমু উত্তৰ] বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
Answer
বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগ দেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে 一 ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী।
Question
[চমু উত্তৰ] বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
Answer
লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ কাৰণে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। ব্ৰিটিছ চৰকাৰৰ দ্ৱাৰা বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য়সমূহ চমুকৈ তলত উল্লেখ কৰা হ'ল 一
ঐক্যবদ্ধ বংগ শক্তিক দ্বি-খণ্ডিত কৰা। ব্ৰিটিছ সাম্ৰাজ্য়ৰ সুস্থিৰতাৰ ভাবুকিৰ অৱতাৰণাৰ পৰা হিন্দু-মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা। ব্ৰিটিছে বংগ ভংগ আঁচনিৰ জৰিয়তে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বি-খণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। কংগ্ৰছ দলৰ ব্ৰিটিছ বিৰোধী চৰম পন্থীসকলক নিয়ন্ত্ৰণ কৰা।

[চমু উত্তৰ] বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
Answer
১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰত বংগ ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাইত প্ৰস্তাৱটো চৰকাৰীভাৱে কাৰ্যকৰী কৰালৈকে; এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলত প্ৰতিবাদী সভাৰ জৰিয়তে জাতি, বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগ ভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জন সভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনটো ‘স্বদেশী আন্দোলন’ নামেৰে জনাজাত হৈছিল।
Question
[চমু উত্তৰ] স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
Answer
স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল।
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত ‘এন্টি-চাৰ্কুলাৰ ছ’চাইটি’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত "The Dawn" কাকতখনে কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই Society য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল।
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে 一
➤ বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট, ১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
➤ জাতীয় বিদ্যালয়, ৰংপুৰ (৮ নৱেম্বৰ, ১৯০৫ চন)
➤ জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬) অধ্যক্ষ ৰাসবিহাৰী বসু
➤ বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
➤ Banga Technical Institute (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত "বিহাৰ বিদ্যাপীঠ", মহাৰাষ্ট্ৰত "সমৰ্থ বিদ্যালয়", আৰু গুজৰাটত "গুজৰাট বিদ্যালয়" প্ৰতিষ্ঠা হৈছি স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল।

[চমু উত্তৰ] স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
Answer
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনী, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানস্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 一
(i) ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা "স্বদেশী ভাণ্ডাৰ",
(ii) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা "ইণ্ডিয়ান ষ্টোৰচ",
(iii) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা "লক্ষী ভাণ্ডাৰ",
(iv) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা "ইউনাইটেড বেংগল ষ্টোৰচ"।
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল ǀস্বদেশী আন্দোলনৰ সময়তে নীলৰতন চৰকাৰৰ উদ্যোগত (১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্বাৱধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল।
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ. চি. দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন "ভাৰতীয় উদ্যোগ সন্মিলন" অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যৱদ্ধ হৈছিল।

[চমু উত্তৰ] স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল?
Answer
স্বদেশী আন্দোলনৰ সময়ত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা ব্ৰিটিছে সহযোগিতাৰ আশা কৰিছিল। সেই উদ্দেশ্যে লৰ্ড কাৰ্জনে এই নেতাসকলক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰৰ আৰোপিত উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল।কংগ্ৰেছৰ উদাৰপন্থী সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰ পতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্ৰাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সহযোগিতা আশা কৰিছিল।তাৰ বিপৰীতে কংগ্ৰেছৰ কিছুসংখ্যক শীৰ্ষ নেতা যেনে 一 সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলেৰ বংগ ভংগ বিৰোধী অটল স্থিতিয়ে চৰকাৰক শলঠেকত পেলাইছিল। বিপিন চন্দ্ৰ পালে সকলো নেতাক ব্ৰিটিছ পদত্ত উপাধি, পদ, পদবী বৰ্জন কৰিবলৈ অনুৰোধ জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপাল কৃষ্ণ গোখলেই পোন প্ৰথমে "নাইটহুদ" উপাধি চৰকাৰক ঘূৰাই দিছিল।
Question
[চমু উত্তৰ] স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
Answer
স্বদেশী আন্দোলনে ভাৰতৰ জাতীয় সাহিত্য, জাতীয় শিক্ষাৰ বিকাশ ঘটোৱাৰ লগতে মহিলাসকলৰ সাহসী ভূমিকাক দেশৰ প্ৰেক্ষাপটত সবলভাৱে দাঙি ধৰিছিল।
(ক) জাতীয় শিক্ষাৰ বিকাশঃ- স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য় ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ চনৰ ১০ অক্টোবৰৰ দিনা এখন জাননী জাৰী কৰি তেওঁলোকক আন্দোলনত অংশ গ্ৰহণ নকৰিবলৈ সকিয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল।
১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত "এন্টি ছাৰ্কুলাৰ ছ’চাইটি" গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰচুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।
সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত "The Dawn" কাকতখনত কলিকতা বিশ্ববিদ্যালয়ক গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা উলিয়াই জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই "Society" য়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪) আৰু কাৰ্লাইল জাননী (১৯০৫)ৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল।
স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান-প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে 一
➤ বংগ জাতীয় বিদ্যালয় (৬ আগষ্ট, ১৯০৫ চন) ৰবীন্দ্ৰনাথ ঠাকুৰ
➤ জাতীয় বিদ্যালয়, ৰংপুৰ (৮ নৱেম্বৰ, ১৯০৫ চন)
➤ জাতীয় শিক্ষা পৰিষদ (১১ মাৰ্চ, ১৯০৬ চন) অধ্যক্ষ ৰাসবিহাৰী বসু
➤ বংগ জাতীয় মহাবিদ্যালয় (১৫ আগষ্ট, ১৯০৬ চন)
➤ Banga Technical Institute (পিছলৈ যাদৱপুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়)
জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত "বিহাৰ বিদ্যাপীঠ", মহাৰাষ্ট্ৰত "সমৰ্থ বিদ্যালয়", আৰু গুজৰাটত "গুজৰাট বিদ্যালয়" প্ৰতিষ্ঠা হৈছিল।দেশী আন্দোলনৰ সময়ত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল।
(খ) জাতীয় শিল্পৰ বিকাশঃ- স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগ দেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াৰ লগতে সেই সময়ত স্বদেশী দ্ৰব্য আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাও স্বদেশী উদ্যোগ প্ৰতিষ্ঠাত উদগণি যোগাইছিল। সেই উদ্যোগ আছিল বিশেষকৈ সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাত শাল উদ্যোগ, সৰিয়হ, তেল, চাবোন, চেনী, জুইশলা, বিস্কুট ইত্যাদি। ইয়াৰ লগতে গঢ়ি উঠিছিল কেইবাটাও জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী।
স্বদেশী আন্দোলনৰ সময়ত গঢ়ি উঠা কেতবোৰ উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে 一
(i) ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা "স্বদেশী ভাণ্ডাৰ"
(ii) ১৯০৫ চনত যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠা "ইণ্ডিয়ান ষ্টোৰচ"
(iii) ১৯০৩ চনত ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে প্ৰতিষ্ঠা কৰা "লক্ষী ভাণ্ডাৰ"
(iv) ১৯০৬ চনত আব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰা "ইউনাইটেড বেংগল ষ্টোৰচ"
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰ অৰ্থে জগদীশ চন্দ্ৰ বসু, প্ৰফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদিৰ দৰে ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ কথা চিন্তা কৰিছিল। স্বদেশী আন্দোলনৰ সময়তে নীল ৰতন চৰকাৰৰ উদ্যোগত (১ আগষ্ট, ১৯০৬ চনত) বংগলক্ষী কটন মিল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ তত্ত্বাৱধানত (২৫ জুলাই ১৯০৬ চনত) বেংগল কেমিকেলছ আৰু জামসেটজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭ চনত) গঢ়লৈ উঠিছিল।
বংগদেশৰ দৰে ভাৰতৰ অন্যান্য প্ৰান্তটো বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান জন্ম হৈছিল। ১৯০৫ চনৰ ৭ ডিচেম্বৰত আৰ. চি. দত্তৰ পৌৰহিত্যত বাৰাণসীত প্ৰথমখন "ভাৰতীয় উদ্যোগ সন্মিলন" অনুষ্ঠিত হৈছিল। এই সন্মিলনত স্বদেশী শিল্পৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ লগতে দেশীয় শিল্প উদ্যোগসমূহ পুনৰ জীৱিত কৰাৰ কাৰণে ৰাইজ ঐক্যৱদ্ধ হৈছিল।
(গ) স্বদেশী আন্দোলনত মহিলাসকলৰ সৱল ভূমিকাঃ-
➤ ভাৰতবৰ্ষৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত মহিলাসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। পুৰুষৰ সমানে মহিলাসকলেও বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। সৰলা দেৱী চৌধাৰীণীয়ে মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত পশ্চিম বংগত বীৰ অষ্টমী ব্ৰত, প্ৰজ্ঞাপাদিত্য উৎসৱ আৰু ব্যায়াম সমিতি আদিৰ আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠিখেল, কুস্তি আদিৰ প্ৰশিক্ষণ দিছিল।
➤ সৰলা দেৱী চৌধাৰীণীয়ে "ভাৰতী" নামৰ এখন পত্ৰিকা সম্পাদনা কৰি বংগদেশৰ যুৱ শক্তিক আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনাইছিল।
➤ ভগিনী নিবেদিতাই কলিকতাত ইয়ং মেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল।
➤ স্বদেশী আন্দোলনত বংগদেশৰ মহিলাসকলৰ সাহসিকতাৰ কথা লণ্ডনৰ পৰা ওলোৱা “ডেইলি টেলিগ্ৰাফ’’ত (১৯০৭ চনৰ ১১ অক্টোৱৰত) প্ৰকাশ পাইছিল।

[চমু উত্তৰ] স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।
Answer
স্বদেশী আন্দোলনৰ অৱদানসমূহ হৈছে 一
(i) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হয়। দেশৰ সমূহ জনগণ একগোট হৈ শক্তিশালী ইংৰাজৰ বিৰুদ্ধে থিয় হ'লে গণ আন্দোলনত যে বিজয় নিশ্চিত, সেই শিক্ষা স্বদেশী আন্দোলনৰ যোগদানৰ জৰিয়তে জানিব পাৰিছিল।
(ii) স্বদেশী আন্দোলনৰ যোগেদি ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰহিত্যত ১৯০৬ চনত কলিকতাত বহা অধিৱেশনত পোন প্ৰথমবাৰৰ বাবে স্বৰাজ দাবী প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।
(iii) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উঠিছিল।

[চমু টোকা] চমু টোকা লিখা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
Answer
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতবৰ্ষৰ শিল্প সংস্কৃতি জগতৰ এক উজ্জ্বল নক্ষত্ৰ বুলিব পাৰি। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে নিজৰ সৃষ্টিৰাজীৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক এক সুকীয়া মাত্ৰা প্ৰদান কৰি গৈছে।
স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে সেই সময়ত যি ২৩ টা গীত ৰচনা কৰিছিল সেইকেইটাক আজিও ভাৰতীয় সংস্কৃতিৰ সম্পদৰূপে গণ্য কৰা হয়। "আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি" শীৰ্ষক গীতটি ১৯৭২ চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰূপে মান্যতা দিয়া হয়। "যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে.." ৰ দৰে গীতে দেশবাসীৰ মাজত প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। "জন-গণ-মন" অধিনায়ক শীৰ্ষক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ পটভূমিত "ভাই ভাই এক ঠাই" নামৰ এটা বিখ্যাত প্ৰৱন্ধও ৰচনা কৰিছিল।
স্বদেশী আন্দোলনৰ সময়ত আত্ম বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানাবোৰ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল। তাৰে পৰিপ্ৰেক্ষিতত ১৮৯৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে "স্বদেশী ভাণ্ডাৰ" নামৰ এটা বস্ত্ৰ প্ৰতিষ্ঠান জন্ম দিছিল।
ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱেও সক্ৰিয় ভূমিকা পালন কৰিছিল। স্বদেশী শিক্ষাৰ বিকাশৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্টত বংগ জাতীয় বিদ্যালয় প্ৰতিষ্ঠা কৰে। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R. W. Carlyle য়ে ১৯০৫ চনত এক জাননী জাৰি কৰিছিল। যাৰ বিৰুদ্ধে বংগত প্ৰৱল প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। ১৯০৫ চনৰ ৪ নৱেম্বৰৰ দিনা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ মল্লিকবাৰীত অনুষ্ঠিত বিশাল ছাত্ৰসভাত "এন্টি ছাৰ্কুলাৰ ছ’চাইটি" গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
ৰবীন্দ্ৰনাথ ঠাকুৰে, সতীশচন্দ্ৰ মুখোপাধ্যায় আৰু চাৰুদাস বন্দোপাধ্যায়ৰ লগত লগ লাগি "The Dawn Society" নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধৰ ভাৱ জগাবলৈ চেষ্টা কৰিছিল।

[চমু টোকা] চমু টোকা লিখা: মাৰ্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা )
Answer
ভগিনী নিবেদিতা যাৰ অন্য এটা নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবোল। তেওঁৰ জন্ম হৈছিল ১৮৬৪ চনত আয়াৰলেণ্ডত। স্বদেশী আন্দোলনৰ সময়ত তেওঁ, নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত এক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ভগিনী নিবেদিতাই কলিকতাত ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতি আদিৰ সৈতে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল। এইগৰাকী মহিয়সী নাৰীয়ে ১৯১১ চনত মৃত্যুবৰণ কৰে।
Question
[চমু টোকা] চমু টোকা লিখা: নবাব ছলিমউল্লা
Answer
স্বদেশী আন্দোলনৰ সময়ছোৱাত ঢাকাৰ নবাব আছিল ছলিমউল্লা। লৰ্ড কাৰ্জনে ছলিমউল্লাৰ জৰিয়তে পূৰ্ব বংগৰ জনতাক একগোট কৰি ব্ৰিটিছৰ অধীন কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ছলিমউল্লাক নগণ্য সুদৰ বিনিময়ত ১৪ লাখ টকাৰ ধাৰো দিয়া হৈছিল।
১৯০৬ চনত ৩০ ডিচেম্বৰত নবাব ছলিমউল্লাৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান লগলাগি "সৰ্বভাৰতীয় মুছলিম লীগ" গঠন কৰিছিল। "মুছলিম লীগ" গঠন হোৱাৰ দিনাই ছলিমউল্লাই ইয়াৰ উদ্দেশ্য আৰু লক্ষ্য ঘোষণা কৰি কৈছিল যে মুছলমান ৰাইজৰ মনৰ পৰা ভয়, শংকা আৰু পাৰস্পৰিক বিদ্বেষ ভাৱ আতৰাব লাগিব। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ প্ৰতি থকা আনুগত্য প্ৰসাৰ কৰিব লাগিব আৰু ব্ৰিটিছ চৰকাৰেও মুছলমান ৰাইজৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদায়ে সচেতন হ'ব লাগিব।

[অতিৰিক্ত — চমু উত্তৰ] কোন সময়ছোৱাত বংগ বিভাজন হৈছিল?
Answer
বংগ বিভাজন 1905 চনত হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ সময়ত কোন বিধায়ক গৱৰ্ণৰ পদত আছিল?
Answer
লর্ড কাজন সেই সময়ত ভাইচৰয় আছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] কেতিয়া 'বংগ প্ৰদেশ'ৰ গঠন হৈছিল?
Answer
1773 খ্ৰীষ্টাব্দত ।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ পিছত কোনটো আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হৈছিল?
Answer
বংগ ভংগ বিৰোধী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ, বিহাৰ আৰু উৰিষ্যা কেনেকৈ একত্ৰিত হৈছিল?
Answer
এলাহাবাদ সন্ধিৰ (1765) যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰাৰ দ্বাৰা এই তিনিওটা অঞ্চল একত্ৰিত হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] অসম নামৰ প্ৰদেশখন কেতিয়াৰ তাৰিখে গঠন কৰা হৈছিল?
Answer
১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে।
Question
[অতিৰিক্ত — চমু উত্তৰ] নৱগঠিত অসম প্ৰদেশৰ প্ৰথম মুখ্য আযুক্ত কোন আছিল?
Answer
কৰ্ণেল আৰ এইচ কীটিঞ্জক।
Question
[অতিৰিক্ত — চমু উত্তৰ] ১৮৬৬ খ্ৰীষ্টাব্দৰ উৰিষ্যাত কিমান মানুহে মৃত্যুক সাবটি ল'ব লগা হৈছিল?
Answer
প্ৰায় দহ হেজাৰ মানুহে মৃত্যুক সাবটি ল'ব লগা হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল?
Answer
ভাইচৰয় লর্ড নর্থব্রুক ।
Question
[অতিৰিক্ত — চমু উত্তৰ] ১৮৭৪ খ্ৰীষ্টাব্দলৈকে অসম এলেকাৰ শাসন কোনে কৰা হৈছিল?
Answer
অসম এলেকাৰ শাসন বংগ প্ৰদেশৰ লেফটেনেন্ট গৱৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] পূর্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা কেনেকুৱা আছিল?
Answer
পূর্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল ৩ কোটি ১০ লাখ, ইয়াৰে ১ কোটি ৮০ লাখ মুছলমান আৰু ১ কোটি ২০ লাখ হিন্দু।
Question
[অতিৰিক্ত — চমু উত্তৰ] লর্ড কাৰ্জনে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ কি যুক্তি দাঙি ধৰিছিল?
Answer
লর্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু বুলি যুক্তি দাঙি ধৰিছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল?
Answer
বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া আৰু ভাৰতীয় জাতীয়তাবাদক দুর্বল কৰা।
Question
[অতিৰিক্ত — চমু উত্তৰ] হাবার্ট ৰিজলীয়ে কাক কি লিখা চিঠিত বংগ বিভাজনৰ বিষয়ে উল্লেখ কৰিছিল?
Answer
হাবার্ট ৰিজলীয়ে লর্ড কাৰ্জনক লিখা চিঠিত বংগ বিভাজনৰ বিষয়ে উল্লেখ কৰিছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ ভংগৰ আঁচনীৰ দ্বাৰা ইংৰাজ শাসনৰ কোনটো লক্ষ্য সিদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল?
Answer
বংগ ভংগৰ আঁচনীৰ দ্বাৰা ইংৰাজ শাসনৰ উদ্দেশ্য আছিল ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক সংখ্যালঘুত পৰিণত কৰি সাম্প্রদায়িক মনোভাবৰ বিস্তাৰ ঘটোৱা।
Question
[অতিৰিক্ত — চমু উত্তৰ] পূর্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কি হব?
Answer
পূর্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী হব ঢাকা।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ কাৰ্যসূচী কেতিয়াৰ পৰা কাৰ্যকৰী হব বুলি ঘোষণা কৰা হৈছিল?
Answer
বংগ বিভাজনৰ কাৰ্যসূচী ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত কাৰ্যকৰী হব বুলি ঘোষণা কৰা হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তোলাৰ কাৰণে কোন কেইজন চিন্তানায়ক সক্ৰিয় হৈছিল?
Answer
সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিনচন্দ্র পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, আৰু বামেন্দ্ৰ সুন্দৰ ত্রিবেদী আদি চিন্তানায়ক সক্ৰিয় হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ উদ্দেশ্য কি আছিল?
Answer
ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি ভাৰতীয় জাতীয়তাবাদক দুর্বল কৰা।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ বিৰুদ্ধে প্রতিবাদৰ বাবে কিমান সংখ্যক স্বাক্ষৰ সংগ্ৰহ কৰা হৈছিল?
Answer
প্রায় সত্তৰ হাজাৰ স্বাক্ষৰ সম্বলিত প্রতিবাদপত্ৰ সংগ্ৰহ কৰা হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] প্রথম প্রতিবাদী সভা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
Answer
১৪ জুলাই, ১৯০৫ খ্ৰীষ্টাব্দত।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলনক কি নাম দিয়া হৈছিল?
Answer
স্বদেশী আন্দোলন।
Question
[অতিৰিক্ত — চমু উত্তৰ] সঞ্জীবনী পত্রিকাত কোনটো নিবন্ধ প্ৰকাশিত হৈছিল যি তীব্র আলোড়ন সৃষ্টি কৰিছিল?
Answer
'বংগৰ সৰ্বনাশ'।
Question
[অতিৰিক্ত — চমু উত্তৰ] ৰিপন কলেজৰ ছাত্রসকলে আন্দোলনত কেতিয়াৰ পৰা অংশ লোৱা আৰম্ভ কৰিছিল?
Answer
১৮ জুলাই, ১৯০৫ খ্ৰীষ্টাব্দত।
Question
[অতিৰিক্ত — চমু উত্তৰ] কলিকতাৰ কাছিম বজাৰৰ টাউন হলে কেতিয়া আৰু কাকৰ অধ্যক্ষত জনসভা অনুষ্ঠিত হৈছিল?
Answer
৭ আগষ্ট, ১৯০৫ খ্ৰীষ্টাব্দত, মহাৰাজা মণীন্দ্ৰচন্দ্ৰ নন্দীৰ অধ্যক্ষত।
Question
[অতিৰিক্ত — চমু উত্তৰ] কবিগুৰে বংগবাসীলৈ কি আহ্বান জনাইছিল?
Answer
সাম্প্রদায়িক ঐক্য বজাই ৰাখিবলৈ।
Question
[অতিৰিক্ত — চমু উত্তৰ] ১৬ অক্টোবৰ, ১৯০৫ তাৰিখে কি বিশেষ দিৱস পালিত হৈছিল?
Answer
'জাতীয় শোক দিৱস'।
Question
[অতিৰিক্ত — চমু উত্তৰ] কোনটো সংগীত গাই হিন্দু-মুছলমানৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰা হৈছিল?
Answer
ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'বাঙালিৰ প্ৰাণ, বাঙালিৰ মন'।
Question
[অতিৰিক্ত — চমু উত্তৰ] বংগ ভংগৰ বিৰুদ্ধে ১৬ অক্টোবৰত কি আয়োজন কৰা হৈছিল?
Answer
সমগ্র কলিকতাত হৰতাল পালন কৰা হৈছিল।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনৰ আৰম্ভণিতে কি দিশত সীমাবদ্ধ আছিল?
Answer
বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজতে।
Question
[অতিৰিক্ত — চমু উত্তৰ] অৰবিন্দ ঘোষৰ মতে, বৰ্জনৰ অৰ্থ কি আছিল?
Answer
স্বদেশীকতা আৰু ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি কোনটো আছিল?
Answer
অবিভক্ত বংগদেশ।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনে কোন কোন প্ৰদেশলৈ প্ৰসাৰিত হৈছিল?
Answer
দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ-পূব ভাৰত।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনৰ কিমান বছৰ সময়কাল আছিল?
Answer
১৯০৫-১১।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনৰ ফলস্বৰূপ সাহিত্যত কি ধৰনেৰ সৃষ্টি হৈছিল?
Answer
সংবাদপত্র, আলোচনী, গ্ৰন্থ, গীত, নাটক, প্রবন্ধ ইত্যাদি।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহৰ নাম কি?
Answer
ক্ষীবোদ প্ৰসাদৰ 'পলাশীৰ প্রায়শ্চিত্ত', গিৰীশ ঘোষৰ 'চিৰাজউদ্দৌলা' আৰু 'মিৰ কাছিম', অমৃতলাল বসুৰ 'চাব্বাস বাঙালী', অমৰেন্দ্ৰ নাথ দত্তৰ 'বংগৰ অংগচ্ছেদ'।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্রনাথ ঠাকুৰে কিমানটি গীত ৰচনা কৰিছিল?
Answer
২৩টি গীত।
Question
[অতিৰিক্ত — চমু উত্তৰ] 'বংগীয় কলা সংসদ' কেতিয়াৰ পৰা গঢ়ি উঠিছিল?
Answer
১৯০৭।
Question
[অতিৰিক্ত — চমু উত্তৰ] 'ডন ছ'চাইটি' কেতিয়াৰ পৰা গঠন কৰা হৈছিল?
Answer
১৯০৫।
Question
[অতিৰিক্ত — চমু উত্তৰ] স্বদেশী আন্দোলনৰ সময়ছোৱাত কত খন মাধ্যমিক আৰু কিমান খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?
Answer
৬২খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয়।
Question
[অতিৰিক্ত — দীঘল উত্তৰ] বংগ বিভাজনৰ প্ৰতিবাদৰ প্ৰধান কাৰণসমূহ আলোচনা কৰক আৰু বিভিন্ন সমাজৰ অংশ, বিশেষকৈ ছাত্ৰ আৰু নেতাসকল, কেনেকৈ আন্দোলনলৈ আগবঢ়াইছে বৰ্ণনা কৰক।
Answer
বংগ বিভাজনৰ প্ৰতিবাদবোৰ ব্ৰিটিছ উপনিবেশৰ নীতিৰ সৈতে গুৰুতৰ অসন্তোষৰ ফলস্বৰূপ আছিল, যিয়ে বংগক ধৰ্মীয় ভিত্তিত বিভক্ত কৰিবলৈ চেষ্টা কৰিছিল। এই পৰিকল্পনাটো জাতীয়তাবাদী আন্দোলনক দুর্বল কৰিবলৈ কৰা এক কূটনীতি হিচাপে ধৰা হৈছিল। ১৯০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে বিভাজনৰ ঘোষণা কৰাৰ পিছত পৰা বিক্ষোভৰ ঢৌ আৰম্ভ হৈছিল আৰু ১৯০৫ চনৰ ১৯ জুলাইৰ পৰা আনুষ্ঠানিক প্ৰকাশৰ পৰ্যন্ত বংগৰ বিভিন্ন ঠাইত তীব্ৰ প্রতিবাদ চলি আছিল।
এই আন্দোলনত নেতাসকলৰ ভিতৰত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, আৰু দ্বিজেন্দ্রলাল মিত্রৰ দৰে প্ৰসিদ্ধ ব্যক্তিত্বসকল সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰিছিল। তেওঁলোকে সকলোজনক একত্ৰিত হ'বলৈ আহ্বান জনাইছিল। ছাত্ৰসমাজ বিশেষকৈ ৰিপন কলেজৰ ছাত্ৰসকলে প্ৰতিবাদত আগবঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৩১ জুলাই, ১৯০৫ তাৰিখে কলিকতাত অনুষ্ঠিত এক বিশাল সমাৰোহত ছাত্ৰসকলে বিভাজনৰ প্ৰতিবাদ কৰিছিল।
দিনাজপুৰৰ সমাবেশত নতুন কৌশলৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বর্জনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সমগ্ৰ আন্দোলন 'স্বদেশী আন্দোলন' নামে জনাজাত হৈছিল। বিভিন্ন ঠাইত সভা-সমিতি আয়োজন কৰি আন্দোলনক তলৰ পৰা গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। শিক্ষাৰ্থীসকলে খালী ভৰি বিদ্যালয়লৈ যাওঁতে সংকল্প প্ৰকাশ কৰিছিল, আৰু এইদৰে তেওঁলোকে আন্দোলনলৈ আগবঢ়াইছিল।

[অতিৰিক্ত — দীঘল উত্তৰ] স্বদেশী আন্দোলনৰ প্ৰভাৱ বংগৰ সমাজ-ৰাজনৈতিক পৰিৱেশত কেনেকৈ পৰিবর্তন সাধন কৰিলে আৰু ভাৰতীয় জাতীয়তাবাদৰ বৃহত্তৰ পৰিপ্ৰেক্ষিতত ইয়াৰ গুৰুত্ব আলোচনা কৰক।
Answer
স্বদেশী আন্দোলনে ১৯০৫ চনৰ বংগ বিভাজনৰ প্ৰতিক্ৰিয়া হিচাপে জন্মগ্ৰহণ কৰা এটি গুৰুত্বপূর্ণ আন্দোলন আছিল, যিয়ে বংগৰ সমাজ-রাজনৈতিক পৰিৱেশত এক মহান প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ কেন্দ্ৰবিন্দু আছিল বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ আহ্বান, যিয়ে ভাৰতীয় জনগণৰ মাজত আত্মনির্ভৰশীলতাৰ অনুভূতি জন্ম দিছিল। এই আহ্বানটোৱে বিভিন্ন সম্প্রদায়ৰ মাজত একতা আনিবলৈ সক্ষম হৈছিল আৰু এক জাতীয় পৰিচয়ৰ অনুভূতি প্ৰতিষ্ঠা কৰিছিল।
ছাত্ৰ, মহিলা, আৰু কৰ্মীশ্রেণীৰ অন্তর্ভুক্তি স্বদেশী আন্দোলনৰ বৃহৎ সফলতাৰ কাৰণ হৈছিল। ছাত্ৰসকলে সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰিছিল, যেনে ৰিপন কলেজৰ ছাত্ৰসকলে প্ৰথমে প্ৰতিবাদত অংশগ্ৰহণ কৰি আন্দোলনক এক শক্তিশালী গতি প্ৰদান কৰিছিল। সংস্কৃতিক ক্ষেত্ৰতো, আন্দোলনে শিল্প, সাহিত্য আৰু সংগীতৰ পুনৰজাগৰণ ঘটায়। ৰবীন্দ্ৰনাথ ঠাকুৰে জাতীয়তাবাদী চেতনা প্ৰসাৰিত কৰিবলৈ নিজৰ গানসমূহৰ জৰিয়তে সমাজৰ মাজত একতা আৰু ভাতৃত্ববোধক সৃজন কৰা।
স্বদেশী আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে ধৰা হয়। ইয়াৰ মূল উদ্দেশ্য আছিল একতাৰ অনুভূতিৰ সৃষ্টিৰ লগত লগত অৰ্থনৈতিক শক্তি লাভ কৰা, যিয়ে সমগ্ৰ দেশত কল্যাণকাৰী একতাৰ চিনহ হিচাপে প্ৰতিষ্ঠা পালে। এইদৰে, স্বদেশী আন্দোলনে ভাৰতীয় জাতীয়তাবাদক এক নতুন দিশ প্ৰদান কৰিলে আৰু উপনিবেশৰ বিৰুদ্ধে সংগঠিত প্ৰতিবাদৰ ভিত্তি স্থাপন কৰিলে।

[অতিৰিক্ত — দীঘল উত্তৰ] ১৬ অক্টোবৰৰ হৰতালৰ পিছত বংগ ভংগৰ বিৰুদ্ধে আন্দোলন কেনেকৈ আগবঢ়া হৈছিল আৰু কিমান লোকৰ অংশগ্ৰহণ ঘটিছিল?
Answer
১৬ অক্টোবৰত কলিকতাত অনুষ্ঠিত হরতাল বংগ ভংগৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদ হিচাপে পৰিগণিত হৈছিল। সেইদিনা দোকান-পোহাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান, বাছ আৰু স্ট্ৰাম সকলো বন্ধ হৈ পৰিছিল। আনন্দমোহন বসুৱে 'ফেডাৰেল হল'ৰ আধাৰশিলা স্থাপন কৰি জনতাক বংগ ভংগবিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। বংকিমচন্দ্র চট্টোপাধ্যায়ৰ 'বন্দে মাতৰম' গীতেৰে পূৰ্ণ কলিকতাত দেশপ্ৰেমৰ শ্লোগান আৰু কবিতাৰ লগতে সমগ্র জনতা একত্ৰিত হৈ আকাশ-বতাহ কঁপাই তোলে। সেইদিনাৰ পৰা বংগদেশৰ জনতাই শোক দিৱস হিচাপে বাৰ্ষিকভাৱে পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। এই হৰতালৰ সৈতে বিভিন্ন সমাজৰ লোক, বিশেষকৈ শিক্ষিত যুবক-যুবতী আৰু সাংস্কৃতিক ব্যক্তিত্বসকলৰ এক বিস্তৃত অংশগ্ৰহণ ঘটে, যিয়ে বংগভংগৰ বিৰুদ্ধে এক শক্তিশালী প্ৰতিক্ৰিয়া গঢ়ি তোলে।
Question
[অতিৰিক্ত — দীঘল উত্তৰ] স্বদেশী আন্দোলনৰ পটভূমিত সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত কেনেকৈ বিশেষ প্ৰভাৱ সৃষ্টি হৈছিল?
Answer
স্বদেশী আন্দোলনে ভাৰতৰ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল। আন্দোলনৰ আবহে সাহিত্যৰ ক্ষেত্ৰত স্বদেশী অনুভূতিৰ জোৱাৰে নতুন নতুন ৰচনা সৃষ্টিত আগবঢ়াইছিল। বিভিন্ন সংবাদপত্র, আলোচনী, নাটক আৰু কবিতাত জাতীয়তাবাদী ভাবনাসমূহ প্ৰকাশিত হৈছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ 'বেংগলী', কৃষ্ণকুমাৰ মিত্ৰৰ 'সঞ্জীৱনী', আৰু অৰবিন্দ ঘোষৰ 'বন্দে মাতৰম' আদি সাহিত্যিক কৰ্মত দেশপ্ৰেমৰ ভাবনা প্ৰকাশ পাইছিল।
সেইবিলাকৰ লগতে স্বদেশী আন্দোলনে শিক্ষাৰ ক্ষেত্ৰতো উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল। আন্দোলন চলাকালত, বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল, যিয়ে বিদেশী শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে জনতাক উদ্ভাৱনী শক্তিৰে দেশাত্মবোধৰ প্ৰতিফলন ঘটাইছিল। ৰবীন্দ্রনাথ ঠাকুৰে 'বংগ জাতীয় বিদ্যালয়' স্থাপন কৰি নতুন শিক্ষা পদ্ধতিৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছিল। এইদৰে, স্বদেশী আন্দোলনে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত জাতীয়তাবাদৰ জাগৰণ ঘটাইছিল, যিয়ে ভাৰতীয় সমাজৰ সামগ্ৰিক বিকাশত এক বিশেষ ভূমিকা পালন কৰিছিল।

[অতিৰিক্ত — দীঘল উত্তৰ] স্বদেশী আন্দোলনৰ পৰিপ্ৰেক্ষিতত বংগদেশত শিল্প উদ্যোগ কেনেকৈ বিকাশ লাভ কৰিছিল আৰু মুছলিম লীগৰ প্ৰতিষ্ঠাৰ পিছনে কি কাৰণ আছিল?
Answer
স্বদেশী আন্দোলনৰ পটভূমিত, বংগদেশত আত্মশক্তি আৰু আত্মনির্ভশীলতাৰ মনোভাৱৰ বিকাশ হৈছিল, যাৰ ফলত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি হয়। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন কুটিৰ শিল্প আৰু ডাঙৰ শিল্প প্রতিষ্ঠানসমূহ গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্র আৰু মজলীয়া তাঁত শাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, আৰু বিস্কুটৰ কাৰখানা স্থাপন কৰা হৈছিল। ৰবীন্দ্রনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ, যোগেশচন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্রচেষ্টাত 'ইণ্ডিয়ান ষ্টোৰ্ছ'ৰ দৰে প্রতিষ্ঠানসমূহ গঢ়ি উঠিছিল। এইদৰে, দেশীয় উদ্যোগসমূহৰ পুনৰুজ্জীৱনৰ মাজেৰে স্বদেশী আন্দোলনে ভাৰতৰ শিল্প ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছিল।
অন্যপক্ষত, মুছলিম লীগৰ প্ৰতিষ্ঠাৰ বাবে এক অন্যতম কাৰণ আছিল ব্রিটিছ শাসনৰ পক্ষৰ পৰা মুছলমান জনগণক বিশেষ সা-সুবিধা প্ৰদান কৰাৰ চেষ্টা। লর্ড কাৰ্জনে বংগ বিভাজনৰ মাধ্যমে হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। ১৯০৪ চনত বংগ ভংগৰ সমৰ্থনে মুছলমান নেতাসকলক চৰকাৰৰ সমৰ্থনৰ আশা দি মুছলিম লীগের প্ৰতিষ্ঠাৰ প্ৰয়াস চলাইছিল। লর্ড মিন্টোৰ ঘোষণাই মুছলমান জনগণক ৰাষ্ট্ৰীয় পৰ্যায়ত সুকীয়া সা-সুবিধা প্ৰদান কৰাৰ আশ্বাস দিছিল, যিয়ে তেওঁলোকৰ আত্মপ্রতিষ্ঠা লাভৰ ইচ্ছাক বৃদ্ধি কৰিছিল। এইদৰে, বংগ বিভাজন আৰু রাজনৈতিক চেতনা গঢ়ি তোলাৰ চেষ্টা স্বদেশী আন্দোলনৰ প্ৰেক্ষাপটত মুছলিম লীগৰ প্ৰতিষ্ঠাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।