Loading
Book contents

History — Chapter 2 (Part 1) — মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Activity 1 · Question and answer

Question

[অতি চমু উত্তৰ] মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?

Answer

১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত।
Activity 2 · Question and answer

Question

[অতি চমু উত্তৰ] সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল?

Answer

দক্ষিণ আফ্ৰিকাত।
Activity 3 · Question and answer

Question

[অতি চমু উত্তৰ] ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট' উপাধি ত্যাগ কৰিছিল?

Answer

জালিৱানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে 'নাইট' উপাধি ত্য়াগ কৰিছিল।
Activity 4 · Question and answer

Question

[অতি চমু উত্তৰ] কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?

Answer

মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত।
Activity 5 · Question and answer

Question

[অতি চমু উত্তৰ] চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?

Answer

১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।
Activity 6 · Question and answer

Question

[অতি চমু উত্তৰ] কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?

Answer

লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্দয়ভাৱে লাঠী চালনা কৰে, য'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে।
Activity 7 · Question and answer

Question

[অতি চমু উত্তৰ] কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?

Answer

১৯২৯ চনত লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত।
Activity 8 · Question and answer

Question

[অতি চমু উত্তৰ] গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?

Answer

৩৮৫ কিলোমিটাৰ দূৰত্ব।
Activity 9 · Question and answer

Question

[অতি চমু উত্তৰ] সীমান্ত গান্ধী নামেৰে কাক জনা যায়?

Answer

খান আব্দুল গফৰ খান।
Activity 10 · Question and answer

Question

[অতি চমু উত্তৰ] লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল?

Answer

মহাত্মা গান্ধীয়ে।
Activity 11 · Question and answer

Question

[অতি চমু উত্তৰ] ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল?

Answer

ৰামছে মেকডোনাল্ড।
Activity 12 · Question and answer

Question

[অতি চমু উত্তৰ] কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল?

Answer

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত।
Activity 13 · Question and answer

Question

[অতি চমু উত্তৰ] আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন?

Answer

ৰাসবিহাৰী বসু (পোন প্ৰথমে ধাৰণাটো পোষণ কৰিছিল কেপ্টেইন মোহন সিঙে)।
Activity 14 · Question and answer

Question

[অতি চমু উত্তৰ] "মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম" এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?

Answer

নেতাজী সুভাষ চন্দ্ৰ বসু।
Activity 15 · Question and answer

Question

[অতি চমু উত্তৰ] ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?

Answer

ৰেডক্লিফ ৰেখা।
Activity 16 · Question and answer

Question

[দীঘল উত্তৰ] সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।

Answer

সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চতকৰণ প্ৰক্ৰিয়া। ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰৱৰ্তী সময়ত তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্য়াগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল 一

(i) চম্পাৰণ (উত্তৰ বিহাৰ) বিবাদঃ- চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল।

(ii) খেড়া (গুজৰাট) বিবাদঃ- খেড়াত, কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰাৰ বিপক্ষে মাত মাতিছিল।

(iii) আহমেদাবাদ (গুজৰাট) বিবাদঃ- আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিল।

উল্লেখযোগ্য যে, উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ "সত্যাগ্ৰহ"ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা।
Activity 17 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?

Answer

২৮ জুন ১৯১৪ চনত প্ৰথম বিশ্ব যুদ্ধৰ সূচনা হৈছিল। এই যুদ্ধত বিশ্বৰ দেশসমূহ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশ গ্ৰহণ কৰিছিল। তাৰে এটা পক্ষত আছিল মিত্ৰ শক্তি য'ত অংশগ্ৰহণকাৰী দেশবোৰ আছিল ব্ৰিটেইন, ফ্ৰান্স, ৰুচিয়া, জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি 一জাৰ্মানী, অষ্ট্ৰীয়া, হাংগেৰী, ইটালী, বুলগেৰিয়া আৰু অটোমান সাম্ৰাজ্য।অটোমান সম্ৰাজ্য হ'ল তুৰ্কীসকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰৰ (ইৰাক, ইজিপ্ত, লেবেনান, পেলেষ্টাইন ইত্যাদি) গোট। ১২৯৯ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য ১৪শ, ১৫শ আৰু ১৬শ শতিকাত প্ৰৱল প্ৰতাপী হৈ উঠিছিল। অটোমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মালম্বী লোকৰ কেইবাখনো প্ৰবিত্ৰ স্থান অন্তৰ্ভুক্ত হৈ আছিল। খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল। প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয়। শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰ শক্তিৰ অধীনত থকা অটোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফৰ স্থিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে। সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফৎ আন্দোলন গঢ়ি তুলিছিল। মৌলানা মহম্মদ আলি আৰু মৌলানা চৌকত আলিয়ে ১৯১৯ চনত "সদৌ ভাৰত মুছলিম সমাবৰ্তন আহ্বান" কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। পৰৱৰ্তী সময়ত মহাত্মা গান্ধীকে ধৰি দেশৰ ইছলাম ধৰ্মালম্বী লোকে এই আন্দোলনলৈ সমৰ্থন আগবঢ়ায়।
Activity 18 · Question and answer

Question

[দীঘল উত্তৰ] ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?

Answer

"অসহযোগ আন্দোলন" আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন য'ত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছিল। অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰধান কাৰকসমূহ আছিল 一

(i) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সকলৰ অসন্তুষ্টি,

(ii) ৰাওলাট আইনৰ দমনমূলক নীতি,

(iii) ১৯১৯ চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড,

(iv) ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ,

(v) খিলাফৎ আন্দোলনৰ প্ৰতি সমৰ্থন।

উক্ত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়।

ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল 一

(i) বিদেশী বয়-বস্তু, বস্ত্ৰ, সুৰা আদি বৰ্জন কৰা।

(ii) ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিদ্যালয়-মহাবিদ্যালয় ত্যাগ।

(iii) দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন।

(iv) স্বেচ্ছাসেৱকক সদস্য ভৰ্তি কৰোৱা।

(v) দেশত যঁতৰ প্ৰস্তুত কৰা।

(vi) জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী।

(vii) আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা।

সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সহাৰি লাভ কৰাৰ সময়তে ১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়। এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২ জন পুলিচক হত্যা কৰে। এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয়। অৱশেষত ১৯২২ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে।
Activity 19 · Question and answer

Question

[দীঘল উত্তৰ] আইন অমান্য অন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?

Answer

ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছনৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল। এই কমিছনখনত ভাৰতীয় লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবে ১৯২৭ চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিছন বুলি অভিহিত কৰিছিল। ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনখনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে 一 ভাৰতত ডমিনিয়নৰ ব্যৱহাৰ নকৰিলে, দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব। ১৯৩১ চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয় 一

(i) মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা।

(ii) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা।

(iii) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা।

(iv) লোণ কৰ বন্ধ কৰা।

(v) সৈন্য বাহিনীৰ ব্যয় কমোৱা।

(vi) প্রশাসনীয় ব্যয় সংকোচন কৰা।

(vii) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা।

(viii) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা।

(ix) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা।

(x) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া।

(xi) আত্ম ৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা।

পত্ৰত উল্লেখ কৰা এই ১১ টা দাবীকে আন্দোলনৰ লক্ষ্য চিহ্নিত কৰিব পাৰি।

এই আন্দোলনৰ বৈশিষ্ট্যসমূহ হৈছে ―

(i) আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) আৰম্ভ কৰিছিল। ১৯৩০ চনৰ ২২ মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ ঠাই টুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল। উক্ত ঠাইত উপস্থিত হৈ গান্ধীজীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল। পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্তটো লোণ আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল।

(ii) উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খানৰ নেতৃত্বত "ৰেড চাৰ্টছ" হিচাপে জনপ্ৰিয় "খুদাই খিদমতগাৰ" সকলে আন্দোলনটো চলাই নিছিল।

(iii) আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অংশ গ্ৰহণ কৰা নাছিল।
Activity 20 · Question and answer

Question

[দীঘল উত্তৰ] কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া।

Answer

১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধী আছিল। কিন্তু ভাৰতৰ ক্ষেত্ৰত "সম্পূৰ্ণ স্বাধীনতাৰ" প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে। প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে ১৯৩৯ চনত মন্ত্ৰিত্ব ত্যাগ কৰে।

১৯৪২ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনস্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ. ষ্টফাৰ্ড. ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে। উদ্দেশ্য আছিল – ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন কৰা। ক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থা কৰা, লগতে এখন সংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয়।

ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল 一 জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি।

ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদী নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱ ধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যান্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। স্বাধীনতাৰ বাবে আপোচবিহীনভাৱে কৰা এই সংগ্ৰামত জাতি, ধৰ্ম নিৰ্বিশেষে ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক সকলো জপিয়াই পৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। সকলো দিশৰ পৰা চালি-জাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰি।
Activity 21 · Question and answer

Question

[দীঘল উত্তৰ] ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টোকা লিখা।

Answer

ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে।

১৯৪২ চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বেংকত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়। জাপানত অনুস্থিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰা হয়।

১৯৪৩ চনৰ অক্টোবৰত, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ (আজাদ হিন্দ চৰকাৰ) গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয়। ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হয়। যুদ্ধ বন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তৰ্ভুক্তিৰ বাবে ব্যৱস্থা কৰা হয়। যুদ্ধৰ বাবে আৱশ্যকীয় পুজি গঠনৰ ব্যৱস্থা হাতত লয়। "ঝান্সি ৰাণী ৰেজিমেন্ট" নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয়।

ভাৰতীয় জাতীয়সেনাৰ মূল শ্লোগান আছিল "জয় হিন্দ"। ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগলাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ জয় কৰিছিল। বসুৰ বিখ্যাত "মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম" উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল। কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।
Activity 22 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মহাত্মা গান্ধীৰ উত্থান কেতিয়াৰ পৰা আৰম্ভ হয়?

Answer

১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ পিছত মহাত্মা গান্ধীৰ উত্থান আৰম্ভ হয়।
Activity 23 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মিত্রশক্তিয়ে ভাৰতীয় জাতীয়তাবাদীসকলক কি প্ৰতিশ্রুতি দিছিল?

Answer

মিত্রশক্তিয়ে প্ৰতিশ্রুতি দিছিল যে যদি ভাৰতীয় জাতীয়তাবাদীসকলে যুদ্ধত সমর্থন জনায়, তেন্তে যুদ্ধৰ শেষত ভাৰতক স্বাধীনতা আৰু জাতীয় স্ব-নিয়ন্ত্রণ প্ৰদান কৰা হ'ব।
Activity 24 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ১৯১৮ চনত কি ঘটিছিল?

Answer

১৯১৮ চনত মিত্রশক্তি জয়যুক্ত হৈছিল, কিন্তু তেওঁলোকে ভাৰতীয়ৰ বাবে প্ৰতিশ্রুতি পূৰণ কৰা নাছিল।
Activity 25 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] বংগ বিভাজন কেনেকৈ ভাৰতীয় জাতীয়তাবাদক ক্ষতি কৰিছিল?

Answer

বংগ বিভাজনে সাম্প্রদায়িক ভেদাভেদ সৃষ্টি কৰি ভাৰতীয় জাতীয়তাবাদক নিশকতীয়া কৰিছিল।
Activity 26 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] লর্ড মিন্টোৰ ঘোষণাৰ দ্বাৰা কি উদ্দেশ্যে ৰাজনৈতিক সুবিধা প্ৰদান কৰা হৈছিল?

Answer

লর্ড মিন্টোৰ ঘোষণাই মুছলমান জনগণক সুকীয়া ৰাজনৈতিক সা-সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে দিছিল।
Activity 27 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] গান্ধীজীয়ে কোন বিষয়ত সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল?

Answer

গান্ধীজীয়ে ভাৰতীয়সকলৰ বাধ্যতামূলক বিয়া পঞ্জীয়ন আৰু খৃষ্টধর্মীয় বিধানৰ বিরুদ্ধে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল।
Activity 28 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] 'সত্যাগ্রহ' শব্দটোৰ অৰ্থ কি?

Answer

'সত্যাগ্রহ' শব্দটো 'সত্য' আৰু 'আগ্রহ' শব্দৰ মিলন, অৰ্থাৎ 'সত্যৰ প্রতি আগ্রহ' বা সত্যনিষ্ঠ হৈ কাম কৰা।
Activity 29 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] দক্ষিণ আফ্রিকাত গান্ধীজীৰ কাৰ্যকলাপৰ ফল কি হৈছিল?

Answer

দক্ষিণ আফ্রিকাত গান্ধীজীৰ ৰাজনৈতিক কর্মবাজীয়ে তেওঁক এজন কর্মঠ আৰু আদর্শবাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছিল।
Activity 30 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] গান্ধীজীয়ে কোন কাৰ্যসূচীত 'সত্যাগ্ৰহ' ব্যৱহাৰ কৰিছিল?

Answer

গান্ধীজীয়ে চম্পাৰণ, খেড়া আৰু আহমেদাবাদত কৃষকসকলৰ আৰু মিল শ্রমিকসকলৰ অধিকাৰ সমৰ্থন কৰিবলৈ 'সত্যাগ্ৰহ' ব্যৱহাৰ কৰিছিল।
Activity 31 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ১৯১৪-১৮ চনৰ যুদ্ধৰ পাছত ভাৰতীয় জাতীয়তাবাদীসকলে কি আশা কৰিছিল?

Answer

ভাৰতীয় জাতীয়তাবাদীসকলে যুদ্ধৰ পাছত ৰাজনৈতিক লাভৰ আশা কৰিছিল, কিন্তু সেই আশাবোৰ পূৰ্ণ নহ'ল আৰু আৰ্থিক দুৰৱস্থাই দেখা দিলে।
Activity 32 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] গান্ধী-আৰউইন চুক্তি' কি আছিল ? [ HSLC 11 ]

Answer

গান্ধী-আৰউইন চুক্তি ১৯৩১ চনত মহাত্মা গান্ধী আৰু লর্ড আৰউইনৰ মাজত হোৱা এক সমঝোতা, য'ত স্বাধীনতা আন্দোলনৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা হৈছিল।
Activity 33 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] "গান্ধী-আৰউইন চুক্তি"ৰ মুখ্য উদ্দেশ্য কি আছিল ? [ HSLC 13 ]

Answer

"গান্ধী-আৰউইন চুক্তি"ৰ মুখ্য উদ্দেশ্য আছিল স্বাধীনতা আন্দোলনৰ বিষয়ে আলোচনা কৰা আৰু বন্দী থকা নেতাসকলৰ মুক্তিৰ দাবী জানিবলৈ।
Activity 34 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতৰ স্বাধীনতা সংগ্রামত মহাত্মা গান্ধীৰ ভূমিকা আলোচনা কৰা।[ HSLC 10]

Answer

"মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্রামত এক অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। তেওঁ ১৯১৫ চনত ভাৰতলৈ আহিছিল আৰু শীঘ্ৰেই স্বাধীনতা আন্দোলনত যুক্ত হয়। তেওঁৰ অহিংসা আৰু অসহযোগিতাৰ নীতিৰ দ্বাৰা তেওঁ জনতাক উত্সাহিত কৰি এক বৃহৎ গণআন্দোলনৰ সৃষ্টি কৰে।

অহিংসা আৰু সত্যাগ্রহ:

গান্ধী অহিংসা আৰু সত্যাগ্রহৰ মাধ্যমে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। তেওঁ ১৯১৭ চনত চাম্পাৰণ আৰু ১৯১৮ চনত কেদাৰী বেদনাৰ ক্ষেত্ৰত আন্দোলন চলাই।

অসহযোগ আন্দোলন:

১৯২০ চনত "অসহযোগ আন্দোলন"ৰ আহ্বান জনাই, গান্ধী ইংৰাজী চৰকাৰৰ সকলো সহযোগিতা ৰোধ কৰিবলৈ জনতাক উৎসাহিত কৰিছিল। এই আন্দোলনই জাতীয়তা চেতনাক বঢ়াইছিল।

সুৰাট সন্মিলন:

১৯২০ চনৰ সুৰাট সন্মিলনত কংগ্ৰেছৰ নেতৃত্বৰ বাবে তেওঁৰ প্ৰতি সমৰ্থন আৰু বিপক্ষত থকা নেতাসকলৰ সৈতে সংঘাতত তেওঁ এক নেতৃত্ব দিছিল।

দীৰ্ঘকালীন আন্দোলন:

গান্ধী ১৯৩০ চনত "ডাঙৰ দুধ" (দান্তি মার্চ)ৰ নেতৃত্ব দিয়ে সোণালী বাঢ়ি উঠা বুলি ঘোষণা কৰিছিল, যাৰ ফলত জনসাধাৰণৰ মাজত এক বিশেষ চেতনাৰ সৃষ্টি হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়:

যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময় ভাৰতীয়সকলক স্বাধীনতা দিবৰ কথা কোৱা নহ'ল, তেতিয়া গান্ধীয়ে "বাৰ দ্যা ইণ্ডিয়া" আন্দোলন আৰম্ভ কৰে।

গান্ধীৰ এই আন্দোলনসমূহে ভাৰতৰ স্বাধীনতা সংগ্রামক এক নতুন মাৰ্গ প্ৰদান কৰিছিল আৰু তেওঁক দেশৰ লোকসকলৰ মাজত এক অত্যন্ত সন্মানিত নেতা হিচাপে প্ৰতিস্থাপন কৰে। ১৫ আগষ্ট ১৯৪৭ ত স্বাধীনতা লাভৰ পিছতেও তেওঁৰ আদৰ্শ আৰু নীতি ভাৰতৰ সমাজ আৰু ৰাজনীতিৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাইছে।
Activity 35 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] স্বাধীনতা সংগ্রামৰ সময়ছোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত। পৰিচালিত অসহযোগ আন্দোলনৰ বিষয়ে এটি বর্ণনা দিয়া। [HSCL 11 ]

Answer

অসহযোগ আন্দোলন, যি মহাত্মা গান্ধীৰ নেতৃত্বত ১৯২০ চনত আৰম্ভ হৈছিল, ভাৰতৰ স্বাধীনতা সংগ্রামৰ এক গুৰুত্বপূর্ণ পৰ্যায়। এই আন্দোলন ভাৰতীয় জনগণৰ মাজত জাতীয়তাবাদৰ জাগৰণ ঘটাইছিল। গান্ধীয়ে আহ্বান জনাইছিল যে জনগণে ব্রিটিশ ৰাজত্বৰ বিপক্ষে অহিংস বিপ্লৱৰ মাধ্যমে নিজেদেৰ অসন্তোষ প্ৰকাশ কৰিব।

উক্ত আন্দোলনক লৈ গান্ধীয়ে বৃটিশ বাণিজ্য, শিক্ষা আৰু আইন ব্যৱস্থাৰ বিপক্ষে বিৰোধিতা ঘোষণা কৰিছিল। তেওঁ কোৱাত, "এটি একাধিক ৰাজনৈতিক অধিকারৰ বাবে অচলাবস্থা সৃষ্টি কৰা উচিত।" আন্দোলনৰ অংশ হিচাপে, অনেকেই শিক্ষাৰ প্ৰতিষ্ঠান, আইনজীবী পেশা আৰু বৃটিশ সমিতিসমূহৰ সৈতে সম্পর্ক কটাৰ সিদ্ধান্ত লৈছিল।

এটি বৃহৎ জনগণৰ আন্দোলন আছিল, য'ত বিভিন্ন সমাজৰ লোকসকলে অংশগ্ৰহণ কৰিছিল। যদিও ১৯২২ চনত চৌৰিচৌৰাৰ দুঘৰ্টনাৰ পিছত গান্ধী অসন্তুষ্ট হৈ আন্দোলন বন্ধ কৰিবলৈ বাধ্য হৈছিল, তথাপি এই আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
Activity 36 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতৰ স্বাধীনতা সংগ্রামত আজাদ হিন্দ ফৌজৰ অবদান। আলোচনা কৰা ।
[11 HSLC ]

Answer

আজাদ হিন্দ ফৌজ, যাক নেতাজী সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন কৰা হৈছিল, ভাৰতৰ স্বাধীনতা সংগ্রামত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। এই সৈন্যদল ১৯৪৩ চনত সিঙ্গাপুৰত প্রতিষ্ঠা পায় আৰু ভাৰতৰ স্বাধীনতাৰ বাবে সশস্ত্ৰ সংগ্রামৰ উদ্দেশ্যে গঠন কৰা হৈছিল।

আজাদ হিন্দ ফৌজে ভাৰতৰ মুক্তিৰ বাবে সৈন্যৰূপে যুঁজ দিছে আৰু নানা সামৰিক অভিযান চলাইছে। নেতাজীৰ নেতৃত্বত, ফৌজে "জয় হিন্দ"ৰ স্লোগানে দেশপ্ৰেমিক জনগণক অনুপ্ৰাণিত কৰে। তেওঁলোকে ভাৰতীয় সৈন্যসকলক একত্ৰিত কৰি সংগঠিত কৰে, যাৰ ফলত ভাৰতৰ মুক্তিৰ আন্দোলনত নতুন উদ্যম আৰু শক্তি বৃদ্ধি পায়।

আজাদ হিন্দ ফৌজৰ উদ্দেশ্য আছিল বৃটিশ ৰাজত্বৰ বিপক্ষে সশস্ত্ৰ বিপ্লৱৰ মাধ্যমে দেশ স্বাধীন কৰা। যদিও ১৯৪৫ চনত এই ফৌজৰ পৰাজয় ঘটে, তথাপি সেয়া ভাৰতৰ স্বাধীনতা সংগ্রামৰ এক অনস্বীকাৰ্য অংশ হিচাপে চিহ্নিত হয় আৰু দেশবাসীৰ মনত মুক্তিৰ আশা আৰু আত্মবিশ্বাস সৃজন কৰে।
Activity 37 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল চমুকৈ ব্যাখ্যা কৰা। [HSLC '12]

Answer

গান্ধী-আৰউইন চুক্তি ১৯৩১ চনত স্বাক্ষৰিত হৈছিল, যিটো বিশেষ ৰাজনৈতিক পৰিস্থিতিত ঘটিছিল। তৎকালীন ভাৰতত বৃটিশ শাসনৰ বিৰোধিতাৰ বাবে গণআন্দোলন বৃদ্ধি পাইছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলন আৰু চুলাই আন্দোলনৰ ফলত দেশজুৰি ব্যাপক জনপ্ৰতিবাদ আৰু অসন্তোষ দেখা গৈছিল।

গান্ধী আৰু বৃটিশ চৰকাৰৰ মাজত আলোচনাৰ বাবে আবশ্যক হৈ পৰিছিল, বিশেষকৈ ভাৰতৰ স্বাধীনতা লাভৰ বাবে এক বৃহত্তৰ সঠিক পথ বিচাৰি উলিয়াবলৈ। অৰ্থনৈতিক সমস্যাবোৰ আৰু সমাজৰ বিভিন্ন স্তৰৰ মাজত অস্থিৰতা উপলব্ধি কৰি, বৃটিশ চৰকাৰ চুক্তি স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লয়।

এই চুক্তিত, বৃটিশ চৰকাৰে কিছু নীতি সংশোধন কৰাৰ প্রতিশ্ৰুতি দিলে, আৰু গান্ধীভাৱে আন্দোলনৰ সাময়িক অৱসানৰ বাবে এক সন্ধি ৰূপে দেখা যায়। এই ঘটনাই ৰাজনৈতিক পৰিস্থিতিত এক নতুন মাৰ্গ প্ৰদান কৰে, যাৰ ফলত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অধিক শক্তিশালী হয়।
Activity 38 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] অসমত অসহযোগ আন্দোলন কেনেকৈ আৰম্ভ হৈছিল আলোচনা কৰা। [HSLC '12]

Answer

অসমত অসহযোগ আন্দোলন ১৯২০ চনত আৰম্ভ হৈছিল, যেতিয়া মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে এই আন্দোলনৰ আৱাহন কৰে। এই আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল বৃটিশ শাসনৰ বিৰুদ্ধে জনসাধাৰণৰ বিৰোধিতা কৰা আৰু ভাৰতৰ ৰাষ্ট্ৰীয় একতা গঢ়ি তোলা।

অসমত এই আন্দোলন শুরু হোৱা সময়ত বিভিন্ন সংগঠন আৰু নেতাসকলৰ সহযোগিতাৰ সৈতে, বিশেষকৈ অসমীয়া সাহিত্যিক আৰু বুদ্ধিজীৱীসকলে অধিকাৰ আৰু স্বাধীনতাৰ বাবে আগবাঢ়িবলৈ প্রচেষ্টা অব্যাহত ৰাখে। স্থানীয় লোকসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰিছিল, যিয়ে অসমৰ কৃষক, শিক্ষিত সমাজ, আৰু অন্যান্য জনগণক ঐক্যবদ্ধ কৰি তোলাৰ কাজ কৰিছিল।

অসহযোগ আন্দোলনৰ সময়ত গান্ধীজীৰ আহ্বানত বৃটিশ চৰকাৰৰ প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা বন্ধ কৰাৰ উপায় গ্ৰহণ কৰা হৈছিল। এই আন্দোলনটোৱে অসমত অসন্তোষৰ সৈতে নতুন চেতনাৰ সূচনা কৰে, যি ভাৰতৰ বৃহৎ স্বাধীনতা আন্দোলনৰ অংশ হিচাপে গণ্য হয়।

সার্বিকভাৱে, অসমত অসহযোগ আন্দোলন আৰম্ভ হোৱা ঘটনাই সেখানৰ জনসাধাৰণক স্বজাতীয় অধিকার আৰু স্বাধীনতা অৰ্জনৰ বাবে একত্ৰিত কৰিছিল।
Activity 39 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

Answer

মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক অন্যতম মুখ্য নেতা আছিল। তেওঁৰ অহিংস আৰু অহিংসপ্ৰসূ আন্দোলন ব্ৰিটিশ শাসনৰ বিৰুদ্ধে ব্যাপক জনসাধাৰণৰ সমৰ্থন লাভ কৰে।

গান্ধীজীৰ আন্দোলন বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰিত কৰিছিল:

সত্যাগ্ৰহ: গান্ধীজীয়ে অহিংস প্ৰতিবাদৰ ৰূপ হিচাপে 'সত্যাগ্ৰহ' প্ৰবর্তন কৰে। ১৯১৯ চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ পাছত, তেওঁৰ নেতৃত্বত 'সত্যাগ্ৰহ আন্দোলন' গঢ়ি তোলা হৈছিল।

ছাত্ৰ আন্দোলন: ১৯২০ চনত গান্ধীজীয়ে অসহযোগ আন্দোলনৰ আহ্বান জনায়। শিক্ষিত সমাজ, কৃষক আৰু কৰ্মচাৰীসকলক এই আন্দোলনত একত্ৰিত কৰাৰ বাবে তেওঁ জোৰ দিয়ে।

মহান চুডা আন্দোলন: ১৯৩০ চনৰ 'ড্ৰিফট চুডা'ৰ মাধ্যমে দেশী সমগ্ৰতাহে খাদ্য ও অন্যান্য সামগ্ৰীৰ উৎপাদন আৰু ব্যৱহাৰ কৰা আহ্বান জনায়। এই আন্দোলনে দেশীয় সামগ্ৰীৰ প্ৰচাৰ কৰিছিল।

মহাত্মা গান্ধীৰ নেতৃত্ব: গান্ধীজী শুধু এজন নেতা নহয়, তেওঁ একটি সমাজ গঠনাৰ ক্ষেত্ৰত শক্তিশালী স্নেহবদ্ধতাকো সৃষ্টি কৰিছিল। তেওঁৰ নেতৃত্বত কংগ্ৰেছ দলে ব্ৰিটিশ শাসনৰ বিৰুদ্ধে অধিক আগ্ৰহী হৈছে।

আন্তর্জাতিক সমৰ্থন: গান্ধীজী পৰিসৰ আৰু শাস্ত্ৰীয় পন্থাৰে আন্তর্জাতিক সমাজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, যিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনক বিশ্বমঞ্চত প্ৰসিদ্ধ কৰে।

গান্ধীজীৰ অবদানস্বৰূপে, ভাৰতৰ স্বাধীনতা আন্দোলন এক মহান ঐতিহাসিক ঘটনাৰ ৰূপ লৈছিল। তেওঁৰ চিন্তাধাৰা আৰু দৰ্শন আজিও জনতাৰ মাজত প্ৰভাৱিত হৈ আছে। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীনতা লাভ কৰাৰ পিচত, গান্ধীজীৰ ক্ৰমাগত ধৰ্ম, সত্য আৰু অহিংসাৰ বুলি গণ্য কৰা যুঁজৰ ফলাফল স্বৰূপে এই ইতিহাস সৃষ্টিত সহায়ক হৈছিল।
Search books