Loading
Book contents

Geography — Chapter 6 (Part 2) — অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ

Activity 1 · Question and answer

Question

[অনুশীলনী] অর্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা।

Answer

ভূগোল বিষয়টো প্রধানকৈ প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তর্গত এটা অন্যতম প্রধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্য-কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়। তাকে অর্থনৈতিক ভূগোল বোলে।

ভূ-প্রকৃতি আৰু ভূ-তাত্ত্বিক গঠনৰ পার্থক্যকে ধৰি জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূ-পৃষ্ঠৰ প্রাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, ভূ-পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমি, আন কোনো ঠাই সাৰুৱা সমভূমি, সাগৰ-মহাসাগৰীয় উপকূল ভূমি, কোনো ঠাই আকৌ জলবায়বীয়ভাৱে অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ। তদুপৰি কিছুমান অঞ্চল অৰণ্যৰে ভৰা বা আন কিছুমান অঞ্চল গৰাখহনীয়া আৰু বানপানীৰ দৰে প্রাকৃতিক দুর্যোগেৰে দুর্দশাগ্রস্ত। লগতে গছ-গছনি, পানী, খনিজ সম্পদ আদিৰ দৰে প্রাকৃতিক সম্পদৰো প্রাচুর্য, বিতৰণ আৰু গুণাগুণৰ ক্ষেত্রতো যথেষ্ট পার্থক্য দেখা যায়।সাৰুৱা সমভূমি অঞ্চল কৃষি, উপকূলীয় অঞ্চল মাছ ধৰা কার্য আৰু যাতায়াত- ব্যৱসায়, খনিজ সম্পদত চহকী উদ্যোগ অঞ্চল। আনহাতে, ঘাঁহনিৰ প্রাচুর্য থকা অঞ্চল পশু-পালনৰ ক্ষেত্রত বিশেষভাৱে আগবঢ়া হয়। প্রাকৃতিক পৰিৱেশৰ এনে পার্থক্যৰ ফলত মানুহ আৰু পৰিৱেশৰ সম্পর্কও পৃথিৱীৰ সকলো ঠাইত একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ পৰিৱেশো বেলেগ বেলেগ হয়।

দৰাচলতে ভূ-পৃষ্ঠত বিৰাজ কৰা প্রাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে মানুহৰ জীৱন-প্রণালী আৰু অর্থনৈতিক কার্য-কলাপো সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে পার্থক্য়ৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কার্যত উন্নত হয়, আন এখন ঠাই ব্যৱসায়-বাণিজ্য, ঔদ্যোগিক বা মৎস্য উৎপাদন কার্যত চহকী হয়। এনে কাৰণতে পৃথিৱীৰ সকলোবোৰ ঠায়েই ইখনে-সিখনৰ ওপৰত নির্ভৰ কৰি এক সম্পর্ক ৰক্ষা কৰি চলি থাকে। অর্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত এনে ধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়।

অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ হৈছে 一

কৃষি ভূগোল

ঔদ্যোগিক ভূগোল

সম্পদ ভূগোল

পৰিবহন ভূগোল

বজাৰ ভূগোল

পৰিকল্পনা আৰু উন্নয়ন ভূগোল

পৰ্যটন ভূগোল
Activity 2 · Question and answer

Question

[অনুশীলনী] অর্থনৈতিক ভূগোলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।

Answer

অর্থনৈতিক ভূগোলত প্রধানকৈ মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্রক্রিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত 一

(i) অর্থনৈতিক কার্যটো ক'ত অৱস্থিত? (অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্থান, পৰিৱেশ, পৰিস্থিতিবোৰৰ সম্পৰ্কে বিশদভাৱে আলোচনা ইয়াত অন্তৰ্ভুক্ত হৈ থাকে।)

(ii) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যবোৰ কি কি? (আৰ্থিক কাম-কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াবোৰ অন্তৰ্ভুক্ত হৈ থাকে।)

(iii) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? (ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰক। )

(iv) অর্থনৈতিক কার্যটো য’ত আছে তাতে কিয় হৈছে? (অনুকূল আৰু প্ৰতিকূল ভৌগোলিক পৰিৱেশৰ কাৰক বিলাকৰ বিৱৰণ।)

(v) অর্থনৈতিক কার্যটো য'ত আছে তাৰ পৰিৱর্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি? (সুবিধাজনক স্থান আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ।)
Activity 3 · Question and answer

Question

[অনুশীলনী] মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবোৰ কি কি?

Answer

মানুহৰ সকলো ধৰণৰ অৰ্থনৈতিক কাম-কাজ আৰু সেইবোৰৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত জীৱিকা আহৰণৰ সম্বলসমূহক একেলগে অৰ্থনৈতিক বৃত্তি বুলিব পাৰ।মানুহৰ প্ৰধান অর্থনৈতিক বৃত্তিবোৰ হৈছে 一

(i) প্রাথমিক বৃত্তি:- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বোলে। যেনে - মাছ ধৰা কার্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

(ii) দ্বিতীয়ক বৃত্তি:- যি কার্যৰ দ্বাৰা মানুহে প্রকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে।যেনে - শিল্পোৎপাদন প্রক্রিয়া, বিভিন্ন কৃষি কার্য, মাছ নির্মাণ তথা, পুনৰ নির্মাণ কার্য ইত্যাদি।

(iii) তৃতীয়ক বৃত্তি:- যি কার্যৰ দ্বাৰা প্রাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্রীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে -যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্রী, পর্যটন, যোগাযোগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

(iv) চতুর্থক বৃত্তি:- যিবোৰ কার্যই দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তোলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বোলে। যেনে - বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।
Activity 4 · Question and answer

Question

[অনুশীলনী] অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

Answer

অর্থনৈতিক ভূগোলৰ প্রধান শাখাসমূহৰ বিষয়বস্তুসমূহ হৈছে 一

(i) কৃষি ভূগোলঃ- অর্থনৈতিক ভূগোলৰ এটি অন্যতম প্রধান শাখা হৈছে কৃষি ভূগোল।ইয়াত কৃষি কার্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্রকাৰ, কৃষি কার্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(ii) ঔদ্যোগিক ভূগোলঃ- ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্য়োগৰ প্রকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্রীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্রীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(iii) সম্পদ ভূগোলঃ- ইয়াত সম্পদৰ প্রকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

(iv)পৰিবহণ ভূগোলঃ- ইয়াত পৰিবহণ ব্যৱস্থাৰ প্রকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন যেনে - ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্রৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

(v) বজাৰ ভূগোলঃ- ইয়াত বজাৰ স্থাপনৰ প্রয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্রকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।

(vi)পৰিকল্পনা আৰু উন্নয়ন ভূগোলঃ- ইয়াত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।

(vii)পর্যটন ভূগোলঃ ইয়াত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্রকাৰ, পর্যটনৰ ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।
Activity 5 · Question and answer

Question

[অনুশীলনী] সম্পদ ভূগোলক কিয় অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বোলা হয়?

Answer

সম্পদ ভূগোল অর্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা। সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ ব্য়াখ্যা সম্ভৱ নহয়। সম্পদৰ প্রকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়।অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক এৰাই চলিব নোৱাৰি।কেৱল সেইয়াই নহয়, দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে।
Activity 6 · Question and answer

Question

[অনুশীলনী] সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

Answer

সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ, যোগান বা সহায়ক সম্পদ বোলে। মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্য়ৰ প্ৰয়োজন হয়। মানুহৰ এই প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য় বা সামগ্ৰীয় হৈছে সম্পদ।

সম্পদৰ তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায় 一

(ক) কাৰ্যকাৰিতাঃ- মানুহে বস্তু বা সামগ্ৰীটোক যেতিয়া নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পাৰে তেতিয়া তাৰ কাৰ্যকাৰিতা গুণটো প্ৰকাশ পায়।

(খ) উপকাৰিতাঃ- সম্পদ হ'বলৈ হ'লে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব লাগিব।

(গ) পৰিৱৰ্তনশীলতাঃ- সম্পদৰ সদায় পৰিৱৰ্তন হৈ থাকে। নিষ্ক্ৰিয় বা নিৰপেক্ষ সামগ্ৰী (যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে) আৰু প্ৰতিৰোধক (অপকাৰী সামগ্ৰী বা পৰিঘটনা) সমূহো মানুহৰ চিন্তা-চৰ্চা, কৌশল, কাৰিকৰী জ্ঞান, দক্ষতা আৰু প্ৰযুক্তিৰ সহায়ত সম্পদ হিচাপে মান্যতা পায়।
Activity 7 · Question and answer

Question

[অনুশীলনী] "সম্পদ পৰিৱর্তনশীল" 一 ব্যাখ্যা কৰা।

Answer

সম্পদ পৰিৱর্তনশীল। আজি কোনো এটা সামগ্রী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্য়তে সেই একেটা সামগ্রীয়েই মানৱ কল্যাণৰ বাবে ব্যৱহৃত হ'ব পাৰে। এনে সামগ্রীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্রীহে আছিল। আনহাতে, যিবোৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্রতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে, অনুৰ্বৰ মাটি, বানপানী জর্জৰিত অঞ্চল আদি একো একোটা প্রতিৰোধক। এইখিনিতে উল্লেখযোগ্য যে, পশ্চিমবংগত সঘনে বানপানী সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নির্মাণ কৰি জলবিদ্যুৎ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা নকৰালৈকে দামোদৰ নদীক প্রতিৰোধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্রসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্রতিৰোধক সামগ্রী মানুহৰ সু-প্রচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱর্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্রী বা পৰিঘটনা সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় সামগ্রীলৈ ৰূপান্তৰিত হ'ব পাৰে। অর্থাৎ, সামাজিক পৰিৱর্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱর্তন ঘটে।
Activity 8 · Question and answer

Question

[অনুশীলনী] সম্পদৰ প্রয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা।

Answer

মানুহৰ জীৱন-ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হৈছে সম্পদ। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰা বিভিন্ন উপায়েৰে আহৰণ কৰে। সম্পদৰ জৰিয়তে মানুহৰ মৌলিক প্ৰয়োজনসমূহকে ধৰি অন্য বহুতো চাহিদা পূৰণ হৈছে আৰু লগতে ই জীৱন- ধাৰণৰ মানদণ্ডৰ উন্নয়নৰ সহায়ক হিচাপেও পৰিগণিত হৈছে। কেৱল ব্যক্তিগত পৰ্যায়তে নহয়, সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু সামগ্ৰিকভাৱে মানৱ জীৱনৰ আৰ্থ- সামাজিক দিশৰো উন্নয়ন ঘটিছে।
Activity 9 · Question and answer

Question

[অনুশীলনী] সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্কৰ বিষয়ে চমুকৈ লিখা।

Answer

সম্পদ আৰু মানুহৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহে সম্পদক গঢ় দিয়ে।সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ কল্যাণৰ লগত জড়িত হৈ আছে। মানুহেই হ’ল সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা। মানুহৰ প্ৰয়োজনীয় বেছিভাগ সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়।মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে।প্ৰাকৃতিকভাৱে সম্পদবোৰৰ উপৰিও মানুহে নিজে সম্পদৰ সৃষ্টি কৰিছে। যিবোৰক আমি মানৱসৃষ্ট সম্পদ বুলি কওঁ। যেনে ― ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি।
Activity 10 · Question and answer

Question

[অনুশীলনী] সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।

Answer

বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে প্ৰকৃতিত উপলব্ধ বস্তু বা সামগ্ৰীসমূহক সম্পদলৈ ৰূপান্তৰিত কৰে আৰু যাৰ ফলত সেইবোৰৰ দ্বাৰা মানুহৰ উপকাৰ সাধন হয়।অৰ্থাৎ, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ মাধ্যমেৰে সম্পদে পূৰ্ণতা পায়।

আকৌ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰাকৃতিক সম্পদসমূহক ন ন ৰূপ প্ৰদান কৰি আহিছে। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, চাবোন, মম, ৰৱৰ; গছ- গছনিৰ পৰা খাদ্য, ঔষধ, কাঠ, গৃহ আদি সামগ্ৰী আহৰণ কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত প্ৰযুক্তি বিদ্যাৰ লগতে মানুহ জ্ঞান, কৌশল আৰু দক্ষতাও অন্যতম দৰকাৰী উপাদান।

বিজ্ঞান আৰু প্ৰযুক্তিৰ জৰিয়তে মানুহে ভৱিষ্যতে সম্পদৰ ক্ষেত্ৰত আহিব পৰা আহুকালৰ বিষয়ে আগতীয়া তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত সম্পদ সংৰক্ষণৰ দৰে পদ্ধতিসমূহে আজিৰ দিনত গুৰুত্ব লাভ কৰিছে।
Activity 11 · Question and answer

Question

[অনুশীলনী] উদাহৰণসহ সম্পদৰ শ্রেণীবিভাজন সম্পর্কে লিখা।

Answer

(ক) সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভগাব পাৰি 一

(i) প্ৰাকৃতিক সম্পদঃ- যিবোৰ সম্পদ (যেনে - সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ-পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

(ii) মানৱ সৃষ্ট সম্পদঃ- মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ সৃষ্ট সম্পদ বোলে।যেনে 一 ৰাস্তা-ঘাট, অট্টালিকা, দলং ইত্যাদি।

(iii) মানৱ সম্পদঃ- প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে 一 কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি।

(খ) প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি 一

(i) জীৱীয় সম্পদঃ- প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰ হৈছে জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

(ii) অজীৱীয় সম্পদঃ- যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে। মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।

(গ) উপলব্ধতা আৰু স্থায়িত্বৰ ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভগাব পাৰি 一

(i) নৱীকৰণযোগ্য সম্পদঃ- পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

(ii) অনৱীকৰণযোগ্য সম্পদঃ- যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।

(ঘ) পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত তিনিটা ভাগত বিভক্ত কৰিব পাৰি 一

(i) ব্যক্তিগত সম্পদঃ- মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি। যেনে ─ ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

(ii) জাতীয় সম্পদঃ- এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে ─ ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।উদাহৰণস্বৰূপে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।

(iii) আন্তৰ্জাতিক সম্পদঃ- দেশৰ জাতীয় সম্পদ আৰু সমগ্র বিশ্বৰ অধীনত থকা সম্পদ। যেনে 一সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল আদিক একেলগে আন্তর্জাতিক বা বিশ্ব সম্পদ বোলে।আন্তর্জাতিক সংস্থা ৰাষ্ট্রসংঘই ইয়াৰ নির্ধাৰিত নীতি-নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে। যেনে 一চীনৰ সুদৈৰ্ঘ্য প্ৰাচীৰ, ফ্ৰান্সৰ আইফেল টাৱাৰ ইত্যাদি।
Activity 12 · Question and answer

Question

[অনুশীলনী] প্রাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।

Answer

যিবোৰ সম্পদ (যেনে ー সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি) প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে।

প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰকৃতিক সম্পদৰ বেছি সংখ্যকেই কল-কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰো।
Activity 13 · Question and answer

Question

[অনুশীলনী] মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।

Answer

মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। যেনে - ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ; কপাহৰ পৰা কাপোৰ; খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবোন, প্লাষ্টিক, কৃত্রিম ৰৱৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্রীবোৰকে মানৱ-সৃষ্ট সম্পদ বোলা হয়।
Activity 14 · Question and answer

Question

[অনুশীলনী] নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।

Answer

পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযাগ্য সম্পদ।
Activity 15 · Question and answer

Question

[অনুশীলনী] সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্রয়োজনীয়তা কি?

Answer

কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। উদাহৰণস্বৰূপে, খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।

যদিও সম্পদ সংৰক্ষণ অনৱীকৰণযোগ্য সম্পদৰ লগত বেছিকৈ জড়িত, আচলতে সংৰক্ষণৰ ধাৰণাবোৰ সকলো ধৰণৰ সম্পদৰ বাবেই সমানে প্রযোজ্য। উল্লেখযোগ্য যে, অৰণ্য (নৱীকৰণযোগ্য সম্পদ) ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ-বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সেয়ে সমগ্র বিশ্বজুৰি কিছুমান আপুৰুগীয়া জৈৱিক সম্পদ যেনে - বাঘ, হাতী, গঁড়, ভালুক, ডলফিন, সিংহ আদিৰ সংৰক্ষণৰ বাবে বহু আঁচনি বা প্রকল্প হাতত লোৱা হৈছে। তদুপৰি অসমৰ কেইবাবিধো মূল্যবান উদ্ভিদ যেনে - সর্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অর্জুন, অগক, চিৰতা, জাইফল, শতমূল, শুকলতি আদি প্রায় নোহোৱা হ'ব ধৰিছে। বিলুপ্ত হ'ব ধৰা প্রাণীৰ ক্ষেত্রত সোনালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া ম'হ, নল-গাহৰি, শিহু, দেওহাঁহ, ধনেশ পক্ষী, বৰটোকোলা আদি বিশেষভাৱে উল্লেখযোগ্য। লগতে শক্তিৰ উৎস হিচাপে ব্যৱহৃত খনিজ তেল, কয়লা আদি আৰু কৃষি কার্যত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক ৰাসায়নিক দ্রব্য আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পোৱাৰ ফলত এইবোৰ প্রাকৃতিক সম্পদৰ ভাণ্ডাৰ ক্রমান্বয়ে নিঃশেষ হৈ যোৱাৰ উপৰি বায়ু, পানী আৰু মাটিৰ প্রদূষণ ঘটি এক ভয়াৱহ পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমাৰ উন্নয়ন প্রক্রিয়াটো যাতে ক্ষণস্থায়ী নহয় তাৰ বাবে আমি সম্পদৰ মিতব্যয়ী ব্যৱহাৰৰ লগতে প্রয়োজনীয় সংৰক্ষণ ব্যৱস্থা হাতত ল'ব লাগিব। উদাহৰণস্বৰূপে, মাটি সংৰক্ষণৰ ক্ষেত্রত আমি কৃষিকার্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উর্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকো।
Activity 16 · Question and answer

Question

[অনুশীলনী] সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

Answer

সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল 一

(ক) বিকল্প সম্পদৰ সন্ধানঃ- কোনো এটা বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে; কপাহী সূতাৰ পৰিৱর্তে কৃত্রিম আঁহ, প্রাকৃতিক ৰবৰৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। অনৱীকৰণযোগ্য সম্পদ যেনে 一 কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ ব্যৱহাৰ হ্রাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।

(খ) পুনৰাৱর্তন ও সীমিতঃ- সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়।

(গ) অভিযোজন বা নবপ্রচলনঃ- অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নবপ্রচলন প্রক্রিয়াৰ প্রয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আদি প্রয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্রভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্রয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাসঃ- কেঁচা সামগ্রীৰ পৰা প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰ পুনৰাৱর্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ'ব পাৰে। উদাহৰণস্বৰূপে, গছ কাটি কাঠৰ সামগ্রী তৈয়াৰ কৰোঁতে সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্রস্তুত কৰিব পৰা আন লঘু বা কুটিৰ উদ্যোগৰ ব্যৱস্থা কৰিলে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্রাস হ'ব।কাগজ কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়, সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ পৰিৱর্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক সম্পদৰ ওপৰত হেঁচা কমিব।

(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণঃ- সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্রসাৰণ অতি প্রয়োজন।সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাতো দৰকাৰী।

(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কার্যকৰীকৰণঃ- সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পর্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ন হ'ব লাগে।

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়নঃ- সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

(জ) সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণঃ- সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদ উদঘাটনতো সহায়ক হ'ব।
Activity 17 · Question and answer

Question

[অনুশীলনী] সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

Answer

সমগ্র বিশ্বজুৰি দেখা দিয়া দ্রুত জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সমগ্র বিশ্বতে বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্রীয়, ৰাষ্ট্রীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্রত ৰাষ্ট্রসংঘৰ অন্তর্গত "International Union for Conservation of Nature" চমুকৈ (IUCN) বিশেষভাৱে উল্লেখযোগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ, ৰাষ্ট্রসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱ বিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত "IUCN" প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে - সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCN ৰ নেতৃত্বতে "WWF for Nature" (World Wide Fund for Nature) আৰু (World Conservation Monitoring Centre) স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাৱে প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্রীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। ভাৰতবর্ষত এনে কার্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন নামেৰে এটি মন্ত্রণালয় (Ministry of Environment, Forests and Climate Change) গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইনো প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তর্গত স্বতন্ত্রভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education) গঠন কৰা হৈছে।

ইয়াৰ উপৰিও বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment), গ্ৰীনপীচ ইণ্ডিয়া (Greenpeace India), ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wild Life Trust of India) আদিৰ দৰে অনুষ্ঠানসমূহে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে। আমাৰ অসমতো অসম বিজ্ঞান সমিতি, অৰণ্যক আদি বেচৰকাৰী অনুষ্ঠানে পৰিৱেশ সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে কাম-কাজ কৰি আহিছে।
Activity 18 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: সম্পদ

Answer

মানুহৰ জীৱন-ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। সম্পদৰ কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা এই তিনিটা বৈশিষ্ট্য লক্ষ্য কৰা যায়।
Activity 19 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: মানৱ সম্পদ

Answer

প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্য-দক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে- কৃষক, ডাক্তৰ ,শ্ৰমিক, শিক্ষক ইত্যাদি।
Activity 20 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: সম্পত্তি

Answer

যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে। সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। যেনে 一 ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে। সেয়েহে এইবোৰ সম্পত্তি। সকলো সম্পত্তিয়েই সম্পদ।
Activity 21 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: নৱীকৰণযোগ্য সম্পদ

Answer

পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে 一 সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।
Activity 22 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: ব্যক্তিগত সম্পদ

Answer

মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে - ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।
Activity 23 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: জাতীয় সম্পদ

Answer

এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে - ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ- জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।উদাহৰণস্বৰূপে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।
Activity 24 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: জীৱীয় সম্পদ

Answer

প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।
Activity 25 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: সম্পদ সংৰক্ষণ

Answer

কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ।উদাহৰণস্বৰূপে, খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনো ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়।
Activity 26 · Question and answer

Question

[চমু টোকা] চমু টোকা লিখা: সম্পদৰ পুনৰাৱর্তন

Answer

সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে।উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিকৰ বটল, কাগজ, লোৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়।
Activity 27 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: সম্পদ আৰু সম্পত্তি।

Answer

মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়।পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূর্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ-পদার্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ।

আনহাতে, যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে। সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। যেনে - ঘৰ, টেলিভিছন, মোবাইল ফোন, মাটি, গাড়ী ইত্যাদিবোৰৰ বিনিময় মূল্য আছে, সেয়েহে এইবোৰ সম্পত্তি। সকলো সম্পত্তিয়েই সম্পদ।
Activity 28 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল।

Answer

অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তর্গত এটা অন্যতম প্রধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্য-কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

আনহাতে, সম্পদ ভূগোল হৈছে অর্থনৈতিক ভূগোলৰ এটা শাখা। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।
Activity 29 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: জীৱীয় আৰু অজীৱীয় সম্পদ।

Answer

প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে। উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ।

আনহাতে, যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে।মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ-পদার্থ, কয়লা আদি অজীৱীয় সম্পদ।
Activity 30 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ।

Answer

পৃথিৱীত উপলব্ধ প্রাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃপূর্ণীকৃত সম্পদ বোলে। যেনে - সূর্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ।

আনহাতে, যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে।উদাহৰণস্বৰূপে; কয়লা, খনিজ তেল, খনিজ-পদার্থ (যেনে 一 তাম, সোণ, চূণশিল, লো আদি), প্রাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ।
Activity 31 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ

Answer

পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদৰ মালিকীস্বত্বৰ ভিত্তিত ব্যক্তিগত আৰু জাতীয় সম্পদ হিচাপে শ্রেণী বিভক্ত কৰিব পাৰি। মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে 一 ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

আনহাতে, এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদ যেনে 一 ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয়।উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।
Activity 32 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: মানৱ-সৃষ্ট সম্পদ আৰু মানৱ সম্পদ

Answer

মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱ-সৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগ মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰ উপযোগী কৰি লয়। যেনে 一 ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ-কাৰখানা, স্কুল-কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টিৰো বাট মুকলি হৈছে।

আনহাতে, প্রাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কার্যদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয়। যেনে - কৃষক, ডাক্তৰ, শ্ৰমিক, শিক্ষক ইত্যাদি।
Activity 33 · Question and answer

Question

[পার্থক্য] পাৰ্থক্য লিখা: সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন

Answer

সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱর্তন বোলে। উদাহৰণস্বৰূপে; পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰা হয়।

আনহাতে, অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব লাগে।উদাহৰণস্বৰূপে; ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।
Activity 34 · Question and answer

Question

[শুদ্ধ উত্তৰ বাছনি] শুদ্ধ উত্তৰ বাছি উলিওৱা: তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?
(১) নদ-নদী (২) খনিজ তেল
(৩) জলসিঞ্চন নলা (৪) অৰণ্য

Answer

জলসিঞ্চন নলা।
Activity 35 · Question and answer

Question

[শুদ্ধ উত্তৰ বাছনি] শুদ্ধ উত্তৰ বাছি উলিওৱা: তলৰ কোনটো অজীৱীয় সম্পদ?
(১) বায়ু (২) গছ-গছনি
(৩) জীৱ-জন্তু (৪) ভেঁকুৰ

Answer

বায়ু।
Activity 36 · Question and answer

Question

[শুদ্ধ উত্তৰ বাছনি] শুদ্ধ উত্তৰ বাছি উলিওৱা: তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(১) বায়ু (২) পানী
(৩) শস্য (৪) কয়লা

Answer

কয়লা।
Activity 37 · Question and answer

Question

[শুদ্ধ উত্তৰ বাছনি] শুদ্ধ উত্তৰ বাছি উলিওৱা: তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(১) এশিঙিয়া গঁড় (২) নল গাহৰি
(৩) জিৰাফ (৪) মিথুন

Answer

নল গাহৰি।
Activity 38 · Question and answer

Question

[শুদ্ধ উত্তৰ বাছনি] শুদ্ধ উত্তৰ বাছি উলিওৱা: IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তর্গত ?
(১) UNESCO (২) UNO
(৩) WWF (8) UNEP

Answer

UNESCO.
Activity 39 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] 'সম্পদৰ সংৰক্ষণ' মানে কি?

Answer

সম্পদৰ সংৰক্ষণ' মানে হৈছে প্ৰাকৃতিক সম্পদবোৰৰ সুৰক্ষা, সঠিক ব্যৱহাৰ আৰু পুনৰ ব্যৱহাৰৰ মাধ্যমে সিহঁতৰ অবিহিত হ্ৰাসৰ পৰা ৰক্ষা কৰা।
Activity 40 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] সম্পদৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা। [HSLC '11]

Answer

সম্পদৰ দুটা প্রধান বৈশিষ্ট্য হ'ল:

সীমিত পৰিমাণ: বহু সম্পদ সীমিত আৰু সেহেতু সঠিকভাবে ব্যৱহাৰ নকৰিলে সিহঁত নিঃশেষ হ'ব পাৰে।

পুনৰ ব্যৱহাৰযোগ্যতা: কিছু সম্পদ পুনৰ ব্যৱহাৰ আৰু পুনৰাৱৰ্তনৰ যোগ্য, যাৰ দ্বাৰা সিহঁতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা যায়।
Activity 41 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] মানুহক কিয় মানৰ সম্পদ বোলা হয়?

Answer

মানুহক "মানৰ সম্পদ" বোলা হয় কাৰণ । মানুহৰ বিচাৰ, জ্ঞান, আৰু দক্ষতা সম্পদৰ উৎপাদন আৰু ব্যৱহাৰৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশেষ গুৰুত্ব সহকাৰে কাম কৰে। সেয়ে, তেওঁলোকে সম্পদৰ কার্যক্ষমতা আৰু উন্নতিৰ বাবে এটি অত্যন্ত মূল্যবান উৎস।
Activity 42 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। [HSLC '12]

Answer

নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ পাৰ্থক্য:

নবীকৰণযোগ্য সম্পদ:

এই সম্পদসমূহ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ জৰিয়তে পুনৰুজ্জীৱিত বা পুনৰ সৃষ্টি কৰিব পৰা যায়।

উদাহৰণ: সৌৰ শক্তি, বতাহ শক্তি, জলবিদ্যুৎ, জৈৱ শক্তি।

অনবীকৰণযোগ্য সম্পদ:

এই সম্পদসমূহ একবাৰ নিঃশেষ হ'লে পুনৰ সৃষ্টি নহ'ব পাৰে।উদাহৰণ: কয়লা, খনিজ তেল, প্রাকৃতিক গেছ।

সেয়ে, নবীকৰণযোগ্য সম্পদ সময়ৰ লগে লগে পুনৰ লাভ কৰিব পৰা যায়, কিন্তু অনবীকৰণযোগ্য সম্পদ সীমিত আৰু একবাৰ ব্যৱহাৰ হ'লে সেয়া শেষ হ'ব।
Activity 43 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] জীবীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পার্থক্য লিখা।

Answer

জীবীয় আৰু অজীৰৱীয় সম্পদৰ মাজত থকা পাৰ্থক্য হৈছে:

জীবীয় সম্পদ: এই সম্পদবোৰ প্ৰাকৃতিক আৰু জীবজগতৰ দ্বাৰা সৃষ্টি হয়। উদাহৰণস্বৰূপে গছপুলি, পশু-পাখি, আৰু অন্যান্য প্ৰাণী আৰু উদ্ভিদ অন্তর্ভুক্ত।

অজীৰৱীয় সম্পদ: এই সম্পদবোৰ অজীবীয় উপাদানৰ পৰা আহৰণ কৰা হয়। ইয়াৰ অন্তৰ্গত খনিজ, জল, বায়ু, মাটি, আৰু অন্যান্য পদাৰ্থ।

সাধাৰণতে, জীবীয় সম্পদৰ জীৱন আৰু পৰ্যাপ্ততা সৃষ্টিৰ দ্বাৰা যুক্ত থাকে, যিদৰে অজীৰৱীয় সম্পদ স্থায়ী আৰু পুনৰায় সৃষ্টি নহয়।
Activity 44 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] সম্পদ সংৰক্ষণ কেনেদৰে সফল কৰি তুলিব পাৰি?

Answer

সম্পদ সংৰক্ষণ সফল কৰিবলৈ তলত উল্লেখিত পদ্ধতি আৰু ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি:

বিকল্প সম্পদৰ সন্ধান: অধিক ব্যবহৃত সম্পদৰ বিকল্প বিচাৰি কল্পনা আৰু গৱেষণা কৰা।

পুনৰাৱৰ্তন: বর্জিত সামগ্ৰীৰ পুনৰ ব্যৱহাৰ তথা পুনৰাৱৰ্তন কৰা।

অভিযোজন বা নবপ্রচলন: সম্পদ ব্যৱহাৰ উপযোগী ৰূপলৈ ৰূপান্তৰিত কৰা।

বর্জিত দ্রব্যৰ পৰিমাণ হ্ৰাস: উৎপাদনৰ সময়ত বর্জন হ্ৰাস কৰি পুনৰাৱৰ্তনৰ ব্যৱস্থা কৰা।

জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ: জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰা।
Activity 45 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] প্রাকৃতিক আৰু মানব সম্পদৰ উদাহৰণসহ সংজ্ঞা লিখা।। [HSLC '17]

Answer

প্রাকৃতিক সম্পদ: প্ৰাকৃতিকভাৱে প্ৰাপ্ত সম্পদ, যিবোৰ ব্যৱহাৰযোগ্য আৰু মানব জীৱনৰ বাবে অত্যাৱশ্যক। উদাহৰণ: জল, বায়ু, বন, খনিজ (যেনে কয়লা, তেল)। মানব সম্পদ: মানুহৰ দক্ষতা, জ্ঞান, স্বাস্থ্য আৰু প্ৰতিভা, যিবোৰে অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন সৃষ্টি কৰে। উদাহৰণ: শ্ৰমিক, চিকিৎসক, শিক্ষক, বিজ্ঞানী।
Activity 46 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহৰ যি কোনো এটা উল্লেখ কৰা।

Answer

সম্পদ বুলিলে সেই সকলোবোৰ বস্তুক বুজা হয় যিবোৰে মানুহৰ চাহিদা পূৰণ কৰে আৰু জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয়।

প্ৰধান বৈশিষ্ট্য:

অৱস্থান: সম্পদৰ আৱাস আৰু গ্ৰহণযোগ্যতা।

এই বৈশিষ্ট্য সম্পদৰ ব্যবহাৰ আৰু মূল্যৰ ওপৰত প্ৰভাৱিত কৰে।
Activity 47 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ লিখা । [HSLC '19]

Answer

সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক হৈছে যে বিজ্ঞান আৰু প্রযুক্তিৰ উন্নতি সম্পদৰ উৎপাদন, ব্যৱহাৰ আৰু সংৰক্ষণত বিশেষ ভূমিকা পালন কৰে। বিজ্ঞানী আৰু প্রযুক্তিবিদৰ উদ্ভাৱন আৰু গৱেষণাৰ জৰিয়তে সম্পদৰ নতুন নতুন প্ৰযুক্তি সৃষ্টি হয়, যাৰ ফলত সম্পদৰ দক্ষতা বৃদ্ধি হয় আৰু সেয়া সংৰক্ষণ কৰিব পৰা যায়।

সেইদৰে, সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্রযুক্তিৰ সহায়ত নতুন কৌশল উদ্ভাৱন কৰা হয়, যাৰ দ্বাৰা সম্পদৰ অপচয় ৰোধ কৰিব পাৰি।
Activity 48 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] 'অর্থনৈতিক ভূগোল'ৰ সংজ্ঞা লিখা। ইয়াৰ বিষয়বস্তু কি?

Answer

'অর্থনৈতিক ভূগোল' হৈছে ভূগোলৰ এটি শাখা যি মানৱ সমাজৰ আৰ্থিক কার্যকলাপ আৰু সম্পদৰ ব্যৱহাৰ আৰু বিতৰণৰ স্থানিক দিশ অধ্যয়ন কৰে। ইয়াৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত হৈছে: ভূমিৰ ব্যৱহাৰ, সম্পদৰ বিতৰণ, উৎপাদন, বাণিজ্য, আৰু বিভিন্ন সমাজৰ আৰ্থিক প্ৰকৃতি আৰু গঠন।
Activity 49 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ দিয়া। [HSLC '11]

Answer

প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনাৰ এটা উদাহৰণ হৈছে—প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰ। এইদৰে সম্পদৰ অপব্যৱহাৰ কৰিলে পৰিৱেশত নেতিবাচক প্ৰভাৱ পৰে, যাৰ ফলত প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্র্যৰ ক্ষতি হয়।
Activity 50 · Question and answer

Question

[অতিৰিক্ত / প্ৰশ্ন বেংক] পৃথিৱীৰ স্থলভাগৰ ভূ-অবয়বসমূহৰ বিষয়ে উপৰিভাগত থকা চমুকৈ লিখা।

Answer

পৃথিৱীৰ স্থলভাগৰ ভূ-অবয়বসমূহত পৰ্বত, মালভূমি, উপত্যকা, নদী, পৰ্বতৰ শৃঙ্গ, সমূদ্ৰ আৰু জলাশয় অন্তর্ভুক্ত।

পৰ্বত: উচ্চ ভূমি, যাৰ শৃঙ্গ সমূহ আকাশৰ দিশে উঠি যায়। উদাহৰণ স্বৰূপে, হিমালয় পৰ্বত।

মালভূমি: সমতল বা কিছুটা উচু ভূমি, য'ত সাধাৰণতে পৰিসৰ বৃহৎ। উদাহৰণ স্বৰূপে, ডেকান মালভূমি।

উপত্যকা: পৰ্বতৰ মাজত থকা সমতল ভূমি, য'ত নদী বহে। উদাহৰণ স্বৰূপে, কাশ্মীৰ উপত্যকা।

নদী: ব'লৰ দৰে সৰু আৰু দীঘল নদেৰ পৰ্যায়।

জলাশয়: বাওঁ বা সোঁতলীয়া মিঠা পানী বা নোনীয়া পানীৰ সঞ্চয়।

এই ভূ-অবয়বসমূহ পৃথিৱীৰ স্বাভাবিক বৈচিত্র্য আৰু পৰিৱেশৰ গঠন প্ৰক্ৰিয়াৰ উল্লেখ কৰে।
Search books